ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক
ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক (ইংৰাজী: State Emblem of India) সাৰনাথৰ অশোক স্তম্ভৰ ওপৰত থকা প্ৰতীকটোক ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকৰ মৰ্যাদা দিয়া হৈছে। এই প্ৰতীক ভাৰতীয় গণৰাজ্যৰ কেন্দ্ৰীয় চৰকাৰ, বহু ৰাজ্য চৰকাৰ আৰু অন্যান্য চৰকাৰী সংস্থাসমূহে ব্যৱহাৰ কৰে। এই প্ৰতীকটো মৌৰ্য সাম্ৰাজ্যৰ সময়ত খ্ৰীষ্টপূৰ্ব ২৮০ পৰা আৰম্ভ হোৱা প্ৰাচীন ভাস্কৰ্য সম্ৰাট অশোকৰ পৃষ্ঠপোষকতাত নিৰ্মিত অশোক স্তম্ভৰ পৰা লোৱা হৈছে। এই প্ৰতিমূৰ্তিটো চাৰিটা সিংহৰ ত্ৰিমাত্ৰিক প্ৰতীক। ১৯৪৭ চনৰ ডিচেম্বৰ মাহত ই ভাৰতীয় অধিৰাজ্যৰ প্ৰতীক হিচাপে পৰিগণিত হয়[1] আৰু পিছলৈ ভাৰতীয় গণৰাজ্যৰ প্ৰতীক হিচাপে পৰিগণিত হয়। ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক ভাৰত চৰকাৰৰ অধিকাৰীক ছীল। ইয়াক চৰকাৰী নথি-পত্ৰ, মুদ্ৰা আৰু পাছপ'ৰ্টত ব্যৱহাৰ কৰা হয়। এই প্ৰতীকটোৰ ওপৰৰ অংশত তিনিটা মুখমেলি থকী সিংহ (চতুৰ্থ সিংহটো সন্মুখৰ ফালৰ পৰা দেখা নাযায়), তাৰ তলত সোঁমাজত ই চক্ৰ (অশোক চক্ৰ); চক্ৰটোৰ সোঁফালে এটা ষাঁড় গৰু আৰু বাওঁফালে এটা ঘোঁৰা আছে। জন্তু দুটাৰ কাষত আৰু দুটা চক্ৰৰ আধা আধা অংশ দেখা যায়।
ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক | |
---|---|
সামন্ত | ভাৰত |
গৃহীত হয় | ২৬ জানুৱাৰী ১৯৫০ |
কুল চিহ্ন | অশোক স্তম্ভ |
নীতিবাক্য | सत्यमेव जयते (সত্যমেৱ জয়তে): মুণ্ডক উপনিষদৰ পৰা |
ভাৰত গণতন্ত্ৰ হিচাপে পৰিগণিত হোৱাৰ দিনা অৰ্থাৎ ১৯৫০ চনৰ ২৬ জানুৱাৰীত ভাৰত চৰকাৰে এই প্ৰতীকটো আনুষ্ঠানিকভাৱে গ্ৰহণ কৰে। গৌতম বুদ্ধই পোনপ্ৰথমে ধৰ্মৰ বাণী প্ৰচাৰ কৰা ঠাই উত্তৰ প্ৰদেশৰ সাৰনাথত সম্ৰাট অশোকে স্থাপন কৰা অশোক স্তম্ভৰ আৰ্হিক ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক হিচাপে মান্যতা দিয়া হৈছে। এই প্ৰতীকত চাৰিটা এছিয়ান সিংহ চাৰিওদিশে ইটোৱে সিটোৰ ফালে পিঠি দি থকা অৱস্থাত আছে। এই সিংহ কেইটা ক্ষমতা, সাহস, আত্মবিশ্বাস আৰু বিশ্বাসৰ প্ৰতীক। সিংহকেইটাক বৃত্তাকাৰ বেদী আৰু পদুমৰ ওপৰত স্থাপন কৰা আছে। বেদীৰ সোঁমাজত ধৰ্মচক্ৰ বা অশোক চক্ৰ আছে। এই চকাটোত ২৪টা দণ্ড আছে আৰু ই মানৱ সভ্যতাৰ অগ্ৰগতি আৰু বিৱৰ্তনৰ প্ৰতীক।
প্ৰতীকৰ তলত "সত্যমেৱ জয়তে" ("সত্যই সদায় জয়লাভ কৰে") মূলমন্ত্ৰটো দেৱনাগৰী লিপিত লিখা আছে। প্ৰতীকটোৰ ব্যৱহাৰ ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক (অনুচিত ব্যৱহাৰৰ নিষেধাজ্ঞা) আইন, ২০০৫ আৰু ভাৰতীয় ৰাষ্ট্ৰীয় প্ৰতীক (ব্যৱহাৰ নিয়ন্ত্ৰণ) নিয়ম, ২০০৭ৰ দ্বাৰা পৰিচালিত হয়।
ভাৰতৰ ৰাজ্যিক প্ৰতীক ভাৰত চৰকাৰ আৰু ইয়াৰ সংস্থাসমূহৰ লগতে ভাৰতৰ সকলো ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চল প্ৰশাসনে ব্যৱহাৰ কৰে। ভাৰতৰ নাগৰিকে ব্যক্তিগত চিঠিপত্ৰ, জাননী, দস্তাৱেজ, বিজনেছ কাৰ্ড আৰু অন্যান্য ব্যক্তিগত ব্যৱহাৰতো ইয়াক ব্যৱহাৰ কৰাত নিষেধ। ভাৰতীয় প্ৰতীক আইনৰ অধীনত এই প্ৰতীক সুৰক্ষিত আৰু উপযুক্ত কৰ্তৃত্ব অবিহনে ইয়াৰ ব্যৱহাৰ আইনৰ অধীনত শাস্তিযোগ্য।
ইতিহাস
সম্পাদনা কৰক১৯৪৭ চনৰ ১৫ আগষ্টত ব্ৰিটিছ শাসনৰ অন্ত পৰাৰ পিছত ১৯৪৭ চনৰ ৩০ ডিচেম্বৰত নতুনকৈ স্বাধীনতা লাভ কৰা ভাৰতীয় অধিৰাজ্য চৰকাৰে প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় প্ৰতীক গ্ৰহণ কৰে। ভাৰতীয় সংবিধানৰ মূল পাণ্ডুলিপিখন সৌন্দৰ্য্যবৰ্ধন কৰাৰ কাম ভাৰতীয় জাতীয় কংগ্ৰেছে কলা ভৱন শান্তি নিকেতন বা শান্তি নিকেতনৰ অধ্যক্ষ নন্দলাল বসুক প্ৰদান কৰিছিল।[2][3] বসুৱে তেওঁৰ ছাত্ৰ-ছাত্ৰীসকলৰ সহায়ত এই কাম সম্পূৰ্ণ কৰিবলৈ আৰম্ভ কৰে।[4] বসুৱে সাৰনাথৰ অশোক স্তম্ভক সংবিধানৰ আৰম্ভণিৰ পৃষ্ঠাত অন্তৰ্ভুক্ত কৰিবলৈ আগ্ৰহী আছিল। সিংহবোৰক বাস্তৱিকভাৱে চিত্ৰিত কৰিবলৈ তেওঁ কলকাতা চিৰিয়াখানাত সিংহৰ আচৰণ অধ্যয়ন কৰা তেওঁৰ ছাত্ৰ দীননাথ ভাৰ্গৱক বাছি লৈছিল।[5]
১৯৫০ চনৰ ২৬ জানুৱাৰীত দেৱনাগেৰী লিপিৰে লিখিত ভাৰতৰ নীতিবাক্য সত্যমেৱ জয়তেৰ ওপৰত অশোকৰ স্তম্ভক প্ৰতিনিধিত্ব কৰা আৰ্হিক ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক হিচাপে গ্ৰহণ কৰা হয়।[6]
বৰ্ণনা
সম্পাদনা কৰকভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকত এছিয়ান চাৰিটা সিংহ পিঠিয়া-পিঠিকৈ আছে যদিও এটা সিংহ পিছফালে থকা বাবে যিকোনো ফালৰ পৰা তিনিটা সিংহহে চকুত পৰে। একেডোখৰ শিলতে কাটি উলিওৱা অশোক স্তম্ভৰ শীৰ্ষত সিংহ চাৰিটা এখন বেদীৰ ওপৰত পিঠিয়া-পিঠিকৈ থিয় হৈ আছে।[7] এপাহ ঘণ্টাকৃতি পদুম ফুলৰ ওপৰত প্ৰতিষ্ঠিত স্তম্ভটোৰ বেদীৰ গাত খোদিত কৰা আছে এটা হাতী, এটা দৌৰি থকা ঘোঁৰা, এটা ষাঁড় গৰু আৰু এটা সিংহ। চাৰিটা চক্ৰই জন্তুকেইটাক পৰস্পৰৰ লগত পৃথক কৰি ৰাখিছে। এই চক্ৰৰ নাম অশোক চক্ৰ বা ধৰ্ম চক্ৰ। ২৪ ডাল দণ্ড থকা অশোক চক্ৰই ভাৰতৰ জাতীয় পতাকাতো ঠাই পাইছে। ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাৰ বগা অংশত নীলাৰে অংকিত এই অশোক চক্ৰৰ ২৪ ডাল দাণ্ডিয়ে বৌদ্ধ দৰ্শনৰ ২৪টা আদৰ্শক বুজায়।
প্ৰতীকত থকা বলধটোৱে কঠোৰ পৰিশ্ৰম আৰু অটলতাক প্ৰতিনিধিত্ব কৰে, আনহাতে ঘোঁৰাটোৱে আনুগত্য, গতি আৰু শক্তিক প্ৰতিনিধিত্ব কৰে। মূল অশোক স্তম্ভৰ বেদীৰ তলত থকা ঘণ্টা আকৃতিৰ পদুমটো ৰাষ্ট্ৰীয় প্ৰতীকত বাদ দিয়া হৈছে।[8] ৰাষ্ট্ৰীয় প্ৰতীকটোত মূল স্তম্ভৰ তলত থকা পদুমপাহ বাদদি তাৰ ঠাইত মুণ্ডক উপনিষদৰ পৰা লোৱা "সত্যমেৱ জয়তে" (সত্যৰ সদায় জয়) কথাফাঁকি দেৱনাগৰী লিপিত লিখা হৈছে।[9][10]
ব্যৱহাৰ
সম্পাদনা কৰকএই প্ৰতীকটো ভাৰত চৰকাৰৰ চৰকাৰী চিঠিপত্ৰ, জাননী আৰু চৰকাৰী দস্তাৱেজত ব্যৱহাৰ কৰা হয়। সকলো ভাৰতীয় মুদ্ৰাতো ইয়াক দেখা যায়। ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক হিচাপে ইয়াক ভাৰতীয় পাছপ’ৰ্টত বিশিষ্টভাৱে দেখা যায়। প্ৰতীকটোৰ ব্যৱহাৰ ভাৰতীয় ৰাজ্যিক প্ৰতীক (অনুচিত ব্যৱহাৰৰ নিষেধাজ্ঞা) আইন, ২০০৫ৰ অধীনত নিয়ন্ত্ৰিত আৰু নিষিদ্ধ কৰা হৈছে। এই আইনৰ অধীনত কোনো ব্যক্তি বা ব্যক্তিগত সংস্থাই চৰকাৰী চিঠিপত্ৰৰ বাবে প্ৰতীকটো ব্যৱহাৰ কৰাৰ অনুমতি নাই। ইয়াত অন্তৰ্ভুক্ত অশোক চক্ৰ ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাৰ কেন্দ্ৰত দেখা যায়। ভাৰতৰ কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰ আৰু অন্যান্য চৰকাৰী কাৰ্যলয়ে অধিকাৰীক ছিল হিচাপে ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতিকক ব্যৱহাৰ কৰে।
চৰকাৰী প্ৰতিষ্ঠানৰ প্ৰতীক
সম্পাদনা কৰক-
ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰতীক
-
কেন্দ্ৰীয় অনুসন্ধান সংস্থাৰ প্ৰতীক
চৰকাৰী ভৱনত ব্যৱহাৰ
সম্পাদনা কৰক-
কৰ্ণাটকৰ ৰাজ্যিক বিধানসভাৰ আসন বিধান সৌধৰ গম্বুজৰ ওপৰত থকা ৰাষ্ট্ৰীয় প্ৰতীক
ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰতীক
সম্পাদনা কৰকভাৰতৰ অধিকাংশ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলে নিজাকৈ ৰাজ্যিক প্ৰতীক বা ছীল গ্ৰহণ কৰিছে। এইবোৰক ৰাজ্য চৰকাৰৰ চৰকাৰী প্ৰতীক হিচাপে ব্যৱহাৰ কৰা হয়। আনহাতে ছখন ৰাজ্য আৰু পাঁচখন কেন্দ্ৰীয় শাসিত অঞ্চলে ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকক নিজ চৰকাৰৰ নামৰ সৈতে চৰকাৰী প্ৰতীক বা ছিল হিচাপে ব্যৱহাৰ কৰে।
ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ দ্বাৰা স্থাপিত একাংশ স্বায়ত্তশাসিত জিলা পৰিষদেও চৰকাৰী প্ৰতীক গ্ৰহণ কৰিছে।
ঐতিহাসিক ছীল আৰু প্ৰতীক
সম্পাদনা কৰকভাৰতত মধ্যযুগীয় যুগ
সম্পাদনা কৰকপাণ্ড্য ৰাজবংশ
সম্পাদনা কৰক-
পাণ্ড্য ৰাজবংশৰ মধ্যযুগীয় ৰাজকীয় চিহ্ন
বিজয়নগৰ সাম্ৰাজ্য
সম্পাদনা কৰক-
বিজয়নগৰ সাম্ৰাজ্যৰ প্ৰতীক
আহোম ৰাজ্য
সম্পাদনা কৰক-
আহোম ৰাজ্যৰ প্ৰতীক
প্ৰাক আধুনিক যুগ
সম্পাদনা কৰকমোগল সাম্ৰাজ্য
সম্পাদনা কৰক-
মোগল সম্ৰাজ্যৰ ছিল
মাৰাঠা সাম্ৰাজ্য
সম্পাদনা কৰক-
মাৰাঠা সাম্ৰাজ্যৰ প্ৰথম ছত্ৰপতি শিৱাজী ৰাজে ভোছলেৰ ছীল
-
মাৰাঠা সাম্ৰাজ্যৰ অষ্টম আৰু অন্তিম ছাত্ৰপতি প্ৰতাপ সিং ভোছলেৰ ৰাজকীয় ছিল (বাওঁফালে) আৰু এণ্ডস্ক্ৰিপ্ট ছীল (সোঁফালে)
ঔপনিৱেশিক ভাৰত
সম্পাদনা কৰকভাৰতত ব্ৰিটিছ শাসন
সম্পাদনা কৰক-
ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰতীক, কোম্পানী ৰাজ (১৭৫৭–১৮৫৮)ৰ সময়ত ব্যৱহৃত
-
ব্ৰিটিছ ৰাজ (১৮৫৮–১৯৪৭)ৰ সময়ত যুক্তৰাজ্যৰ সংসদৰ পৰা চৰকাৰী নথিপত্ৰ, প্ৰকাশন আৰু চিঠিপত্ৰৰ বাবে ব্যৱহাৰ কৰা যুক্তৰাজ্যৰ জাতীয় প্ৰতীক
-
ষ্টাৰ অৱ ইণ্ডিয়া, ব্ৰিটিছ ৰাজৰ সময়ত ভাৰতত ব্যৱহাৰ কৰা প্ৰতীক
পৰ্তুগীজ ভাৰত
সম্পাদনা কৰক-
পৰ্তুগীজ ভাৰতৰ জাতীয় প্ৰতীক (১৬০০–১৯৩৫)
-
পৰ্তুগীজ ভাৰতৰ কোট অৱ আৰ্মছ (১৯৩৫–১৯৬১)
-
পৰ্তুগীজ ভাৰতৰ গ্ৰেটাৰ কোট অৱ আৰ্মছ (১৯৫১–১৯৬১)
ফৰাছী ভাৰত
সম্পাদনা কৰক-
ফৰাচী ভাৰতত ব্যৱহৃত ফ্ৰান্সৰ প্ৰতীক (১৯১২–১৯৫৪)
আজাদ হিন্দ
সম্পাদনা কৰক-
আজাদ হিন্দৰ প্ৰতীক (১৯৪৩–১৯৪৫)
-
আজাদ হিন্দৰ কথিত ছীল (১৯৪৩–১৯৪৫)
ভাৰত অধিৰাজ্য
সম্পাদনা কৰকতথ্য উৎস
সম্পাদনা কৰক- ↑ 1.0 1.1 "Press Communique' - State Emblem". Press Information Bureau of India - Archive. http://pib.nic.in/archive/docs/DVD_38/ACC%20NO%20804-BR/HOM-1947-12-30_116.pdf.
- ↑ "Celebrating Nandalal Bose, artist who rejected everything British & designed India's constitution.". The Print. 3 December 2018. https://theprint.in/features/celebrating-nandalal-bose-artist-who-rejected-everything-british-designed-indias-constitution/156874/.
- ↑ Pathak, Yamini (31 March 2016). "Bringing out the kala" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. https://www.thehindu.com/features/kids/read-on-to-find-out-how-nandalal-bose-played-an-important-part-in-promoting-modern-indian-art/article8413791.ece.
- ↑ "We Know Very Little About The Man Who Designed Our National Emblem. Here Are Some Facts Him." (en ভাষাত). The Times of India. 26 December 2016. http://www.indiatimes.com/news/india/we-know-very-little-about-the-man-who-designed-our-national-emblem-here-are-some-fact-about-his-remarkable-life-268185.html। আহৰণ কৰা হৈছে: 4 September 2019.
- ↑ "A Tribute to the Artist who Sketched and Illuminated India's National Emblem" (en-US ভাষাত). The Better India. 26 December 2016. https://www.thebetterindia.com/79658/dinanath-bhargava-india-national-emblem/। আহৰণ কৰা হৈছে: 4 September 2019.
- ↑ "A Tribute to the Artist who Sketched and Illuminated India's National Emblem" (en-US ভাষাত). The Better India. 26 December 2016. https://www.thebetterindia.com/79658/dinanath-bhargava-india-national-emblem/। আহৰণ কৰা হৈছে: 15 September 2019.
- ↑ "The State Emblem Of India (Prohibition Of Improper Use) Act, 2005" (PDF). 2005-12-20. পৃষ্ঠা: 4. http://mha.nic.in/pdfs/STATE_EMBLEM_ACT2005.pdf। আহৰণ কৰা হৈছে: 2012-04-15.
- ↑ "The State Emblem Of India (Prohibition Of Improper Use) Act, 2005". 20 December 2005. পৃষ্ঠা: 4. http://mha.nic.in/pdfs/STATE_EMBLEM_ACT2005.pdf। আহৰণ কৰা হৈছে: 15 April 2012.
- ↑ Kamal Dey v. Union of India and State of West Bengal (Calcutta High Court 14 July 2011). Text
- ↑ "Rajya Sabha Parliamentary Standing Committee On Home Affairs: 116th Report on The State Emblem Of India (Prohibition Of Improper Use) Bill, 2004". http://rajyasabha.nic.in/rsnew/resume/193/scp.html.pdf.
- ↑ "Kashmir Accession document side 2". https://upload.wikimedia.org/wikipedia/commons/c/c1/Kashmir_Accession_document_side_2.jpg.