মঞ্চৰূপা থিয়েটাৰ ১৯৬৯ চনত প্ৰতিষ্ঠা হোৱা এটা ভ্ৰাম্যমাণ থিয়েটাৰ-ৰ দল। নটৰাজ থিয়েটাৰ প্ৰতিষ্ঠাৰ ছয় বছৰ পিছত পাঠশালা নগৰত এই নাট্যদলটি গঠিত হয়। পাঠশালাৰ নিকটৱৰ্তী মুগুৰীয়া গাঁৱত শ্ৰীহেমকান্ত তালুকদাৰৰ নেতৃত্বত এই থিয়েটাৰ দলটোৰ প্ৰতিষ্ঠা হয়[1][2] মঞ্চৰূপা থিয়েটাৰেই প্ৰথমে 'টু ডাইমেনছনেল মঞ্চ' বা 'স্থিতিশীল যুৰীয়া মঞ্চ'-ৰ প্ৰচলন কৰিছিল। এই ধৰণৰ মঞ্চই বৰ্তমান ভ্ৰাম্যমাণ থিয়েটাৰত সচৰাচৰ ব্যৱহাৰ কৰা হয়। দুটা বছৰৰ নাট্য পৰিবেশনাৰ পাছত ঘাইকৈ আৰ্থিক কাৰণত নাট্যদলটো বন্ধ হৈ যায়।

মঞ্চৰূপা থিয়েটাৰ
ঠিকনা মুগুৰীয়া. পাঠশালা, বৰপেটা জিলা, অসম
চহৰ বৰপেটা
দেশ ভাৰত
স্বতাধিকাৰী হেমকান্ত তালুকদাৰ
মুঠ সক্ৰিয় সময় ১৯৬৯ চন - ১৯৭১ চন
বন্ধ ১৯৭১ চন

জন্ম-কাহিনীসম্পাদনা কৰক

১৯৬৯ চনত পাঠশালাত হেমকান্ত তালুকদাৰে নেতৃত্ব লৈ এটি ভ্ৰাম্যমান নাট্যদল গঠন কৰিছিল। তালুকদাৰৰ মূল অনুপ্ৰেৰণা আছিল অচ্যুত লহকৰৰ প্ৰযোজিত নটৰাজ থিয়েটাৰ। হেমকান্ত তালুকদাৰ সৰুৰে পৰাই নৃত্য-গীতৰ প্ৰতি আগ্ৰহী আছিল আৰু ভ্ৰাম্যমান নাট্যদল খোলাৰ তেওঁৰ এই পৰিকল্পনাত মানসিক আৰু আন আন দিশেৰে সহায় কৰিছিল শ্ৰী বসন্ত তালুকদাৰ, ৺কৃষ্ণ বৰুৱা, ৺কেশৱ বৰুৱা, ৺শুকোৰাম গাঁওবুঢ়া, শ্ৰীচক্ৰধৰ দাস, ৺অকণ দত্ত, ৺ভোলা দৰ্জি, শ্ৰী সুৰেন পাটগিৰী, ৺জিতেন পাল, ৺বিমল তালুকদাৰ, ৺বংশী দাস আদি লোকসকলে। মঞ্চৰূপা থিয়েটাৰৰ গঠন সম্পৰ্কত সকলো কৌশল নটৰাজ থিয়েটাৰৰ পৰাই লোৱা হৈছিল [1]। মঞ্চৰূপা থিয়েটাৰ নাট্যদলটিক আগবঢ়াই নিবলৈ ৺শুকোৰাম গাঁওবুঢ়াই ইয়াৰ আৰ্থিক দিশটো চোৱাচিতা কৰাৰ লগতে মূলধনো বিনিয়োগ কৰিছিল[1]

নাট্য পৰিক্ৰমাসম্পাদনা কৰক

প্ৰথম বৰ্ষসম্পাদনা কৰক

মঞ্চৰূপা থিয়েটাৰে ইয়াৰ প্ৰথম বৰ্ষত চাৰিখন নাট মঞ্চস্থ কৰে। এই নাটকসমূহ আছিল 'বিজয় বসন্ত', 'শেষ আফগান', 'শ্ৰী বৎসচিন্তা' আৰু 'কাৰবালা'। ইয়াৰে 'বিজয় বসন্ত' আৰু 'শেষ আফগান' নাটক দুখন পৰিচালনা কৰিছিল প্ৰয়াত ধৰণীধৰ গোস্বামীয়ে আৰু 'শ্ৰী বৎসচিন্তা' আৰু 'কাৰবালা' নাটক দুখন পৰিচালনা কৰিছিল মঞ্চসম্ৰাট প্ৰয়াত চন্দ্ৰ চৌধুৰীয়ে। প্ৰথম বৰ্ষৰ এই সকলোবোৰ নাটক বাংলা নাটকৰ অনুবাদহে আছিল। মঞ্চৰূপা থিয়েটাৰৰ প্ৰথম বৰ্ষৰ সংগীত পৰিচালনা কৰিছিল নন্দ বেনাৰ্জীয়ে।[1] দুখন নৃত্য-নাটিকা 'কংস বধ' (ৰচক: সত্ৰাধিকাৰ, পৰিচালক: শ্ৰী যতীন গোস্বামী) আৰু 'ভৰত মিলন' (পৰিচালক: ৰবীন দাস)।[2]

দ্বিতীয় বৰ্ষসম্পাদনা কৰক

মঞ্চৰূপা থিয়েটাৰৰ দ্বিতীয় নাট্যবৰ্ষৰ নাটকসমূহো অনুবাদ নাটকেই আছিল। এই বৰ্ষৰ নাটসমূহ আছিল 'শ্ৰী ৰামচন্দ্ৰ', 'বিজয় বসন্ত', 'কৃষ্ক সন্তান' আৰু 'হৰিশ্চন্দ্ৰ'। নাটসমূহ পৰিচালনা কৰিছিল প্ৰয়াত জীতেন পাল আৰু ধৰণীধৰ গোস্বামীয়ে। চাৰিখন নাটকৰ উপৰিও এই নাট্যবৰ্ষত চাৰিখন নৃত্য-নাটিকাও মঞ্চস্থ কৰা হৈছিল। এইসমূহ আছিল-'সাৱিত্ৰী-সত্যবান', 'মীৰাবাই', 'কংসবধ' আৰু 'ভৰত-মিলন'। আটাইকেইখন নৃত্য-নাটিকা পৰিচালনা কৰিছিল নৰেন দাসে।[1][2]

লুপ্তিসম্পাদনা কৰক

দুটা বছৰ নাট পৰিবেশনা কৰাৰ পাছত মঞ্চৰূপা থিয়েটাৰ বন্ধ হৈ যায়। প্ৰযোজক হেমন্ত তালুকদাৰে ঘাইকৈ আৰ্থিক কাৰণতে নাট্যদলটি বন্ধ হৈ যোৱা বুলি কয়। মঞ্চৰূপা থিয়েটাৰৰ প্ৰতীকি চিহ্ন আছিল নটৰাজ।[1][2]

অৱদানসম্পাদনা কৰক

মঞ্চৰূপা থিয়েটাৰে পোন প্ৰথমবাৰৰ বাবে টু ডাইমেনচনেল মঞ্চৰ ব্যৱস্থা কৰিছিল। এই মঞ্চক স্থিতিশীল যুৰীয়া মঞ্চ বুলিও কোৱা হয়। এই যুৰীয়া মঞ্চৰ পৰিকল্পনা কৰিছিল মহানন্দ শৰ্মা আৰু ভবেন বৰুৱাই। বৰ্তমানৰ ভ্ৰাম্যমাণ থিয়েটাৰ সমূহে যুৰীয়া মঞ্চকেই বহুল ভাৱে ব্যৱহাৰ কৰে।[2]

লগতে চাওকসম্পাদনা কৰক

তথ্য সংগ্ৰহসম্পাদনা কৰক

  1. 1.0 1.1 1.2 1.3 1.4 1.5 কিশোৰ কুমাৰ কলিতা (লেখক), পাঠশালা, (স: কিশোৰ কুমাৰ কলিতা আৰু ড° ৰনজিৎ ডেকা) আনন্দৰাম বৰুৱা একাডেমী প্ৰকাশন, পাঠশালা, ডিচেম্বৰ, ২০১১, পৃষ্ঠা ১৬৪
  2. 2.0 2.1 2.2 2.3 2.4 কিশোৰ কুমাৰ কলিতা (লেখক-সংকলক), ভ্ৰাম্যমাণ থিয়েটাৰৰ ইতিহাস (প্ৰথম খণ্ড), সদৌ অসম ভ্ৰাম্যমাণ থিয়েটাৰ প্ৰযোজক সংস্থা, ফেব্ৰুৱাৰী, ২০১১, পৃ: ৫৭-৫৮