অৱনী লেখাৰা

ভাৰতীয় পেৰা-ক্ৰীড়া ৰাইফল শ্বুটাৰ

অৱনী লেখাৰা (ইংৰাজী: Avani Lekhara; জন্ম ৮ নৱেম্বৰ ২০০১) এগৰাকী ভাৰতীয় পেৰালিম্পিয়ান আৰু ক্ৰীড়া ৰাইফল শ্বুটাৰ। তেওঁ টকিঅ' ২০২০ পেৰালিম্পিকত মহিলাৰ আৰ২ ১০ মিটাৰ এয়াৰ ৰাইফল এছএইচ১ শাখাত স্বৰ্ণ পদক[1] আৰু আৰ৮ ৫০ মিটাৰ এয়াৰ ৩ পজিচন এছএইচ১ শাখাত ব্ৰঞ্জৰ পদক অৰ্জন কৰে।[2] লেখাৰা ২০১৮ এছিয়ান পেৰা গেমছত অংশগ্ৰহণ কৰিছিল আৰু আগষ্ট ২০২১ৰ অনুসৰি মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফল ষ্টেণ্ডিং এছএইচ১ শাখাত ৱৰ্ল্ড শ্বুটিং পেৰা স্পোৰ্ট ৰেংকিংত বিশ্বৰ ৫ নম্বৰ[3] স্থানত আছে।[4][5][6][7]

অৱনী লেখাৰা

২০২২ চনত লেখাৰা
ব্যক্তিগত তথ্যাৱলী
জন্ম ৮ নৱেম্বৰ, ২০০১ (২২ বছৰ)
জয়পুৰ, ৰাজস্থান, ভাৰত
ক্ৰীড়া
দেশ  ভাৰত
ক্ৰীড়া শ্বুটিং
শিতান এয়াৰ ৰাইফল
প্ৰশিক্ষক সুমা সিদ্ধাৰ্থ শিৰুৰ

ব্যক্তিগত জীৱন সম্পাদনা কৰক

২০১২ চনত ১১ বছৰ বয়সত হোৱা এক পথ দুৰ্ঘটনাত তেওঁৰ কঁকালৰ তলৰ অংশ পক্ষাঘাতগ্ৰস্ত হৈ পৰিছিল। তেওঁৰ দেউতাকে তেওঁক ক্ৰীড়াত যোগদান কৰিবলৈ উৎসাহিত কৰিছিল। প্ৰথমে তেওঁ আৰ্চাৰীৰ প্ৰশিক্ষণ লৈছিল কিন্তু পাছলৈ শ্বুটিংলৈ সলনি কৰিছিল। তেওঁ প্ৰাক্তন অলিম্পিক চেম্পিয়ন অভিনৱ বিন্দ্ৰাৰ দ্বাৰা অনুপ্ৰাণিত হৈ ২০১৫ চনত শ্বুটিং আৰম্ভ কৰিছিল।[8] তেওঁ বৰ্তমান ভাৰতৰ ৰাজস্থানত আইনৰ শিক্ষা গ্ৰহণ কৰি আছে।[9]

কেৰিয়াৰ সম্পাদনা কৰক

২০২১ চনত জাপানৰ টকিঅ'ত অনুষ্ঠিত গ্ৰীষ্মকালীন অলিম্পিকত অৱনী লেখাৰাই মহিলাৰ আৰ২ ১০ মিটাৰ এয়াৰ ৰাইফল এছএইচ১ শাখাৰ চূড়ান্ত ইভেণ্টত ২৪৯.৬ পইণ্টৰ স্ক'ৰৰ সৈতে তেওঁ পেৰালিম্পিক অভিলেখ গঢ়ি বিশ্ব অভিলেখৰ সৈতে সমকক্ষ কৰি স্বৰ্ণ পদক জয় কৰে।[10] তেওঁ টকিঅ'ত ভাৰতৰ হৈ প্ৰথমটো স্বৰ্ণ পদক জয় কৰে। তেওঁ হৈছে পেৰালিম্পিক স্বৰ্ণ পদক অৰ্জন কৰা ভাৰতৰ প্ৰথম গৰাকী মহিলা খেলুৱৈ।[11] তেওঁ একেখন সমাৰোহতে মহিলাৰ আৰ৮ ৫০ মিটাৰ এয়াৰ ৩ পজিচন এছএইচ১ শাখাতো ব্ৰঞ্জৰ পদক অৰ্জন কৰে।[2] ইয়াৰ ফলত তেওঁ একেখন পেৰালিম্পিকত একাধিক পদক জয় কৰা প্ৰথম ভাৰতীয় মহিলাৰূপে পৰিগণিত হয়।[2] ২০২১ চনত তেওঁ ভাৰতৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটা [12] লাভ কৰে।[13][14]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. Tokyo Paralympics: Avani Lekhara wins gold medal in shooting event Hindustan Times. Retrieved 30 August 2021
  2. 2.0 2.1 2.2 "Avani Lekhara becomes first Indian woman to win multiple medals at Paralympics" (en ভাষাত). ESPN. 2021-09-03. https://www.espn.in/olympics/story/_/id/32137873/avani-lekhara-wins-50m-rifle-3-positions-sh1-bronze-second-medal-tokyo-paralympics। আহৰণ কৰা হৈছে: 2021-09-03. 
  3. "World Shooting Para Sport Rankings / Official World Rankings 2021". World Shooting Para Sport. https://db.ipc-services.org/sdms/web/ranking/sh/pdf/type/WR/list/464. 
  4. "Para shooter Avani Lekhara clinches silver; India stay in top three". Indian Express News. https://indianexpress.com/article/sports/sport-others/para-shooter-avani-lekhara-clinches-silver-india-stay-in-top-three-7240271/. 
  5. "Avani Lekhara". The Bridge News. https://thebridge.in/tags/Avani-Lekhara. 
  6. "Para World Cup: Teenage shooter Avani Lekhara wins 10m air rifle silver". Time of India News. https://timesofindia.indiatimes.com/sports/more-sports/shooting/para-world-cup-teenage-shooter-avani-lekhara-wins-10m-air-rifle-silver/articleshow/70399906.cms. 
  7. "Avani Lekhara wins women's 10m air rifle silver medal at World Shooting Para Sport World Cup". Firstpost News. https://www.firstpost.com/sports/avani-lekhara-wins-womens-10m-air-rifle-silver-medal-at-world-shooting-para-sport-world-cup-9449931.html. 
  8. "Avani Lekhara becomes first Indian woman to win gold at Paralympics, She has also won many medals". 31 August 2021. Archived from the original on 30 August 2021. https://web.archive.org/web/20210830090927/http://h2omissions.org/paralympics-winner-avani-lakhera/. 
  9. "Tokyo Paralympic 2020: Avani Lekhara wins historic gold for India in shooting" (en-GB ভাষাত). BBC News. 2021-08-30. https://www.bbc.com/news/world-asia-india-58339652. 
  10. "Truly special moment: India celebrates Avani Lekhara, the golden girl at Tokyo Paralympics". India Today. 30 August 2021. https://www.indiatoday.in/sports/other-sports/story/tokyo-paralympics-avani-lekhara-19-years-shooting-gold-medal-pm-modi-abhinav-bindra-1846937-2021-08-30. 
  11. "Shooter Avani Lekhara becomes first Indian woman to win gold at Paralympics". The Hindu. Press Trust of India. 30 August 2021. https://www.thehindu.com/sport/shooter-avani-lekhara-becomes-first-indian-woman-to-win-gold-at-paralympics/article36173838.ece. 
  12. https://dainikasam.assamtribune.com/full-page-pdf/epaper/pdf/2021/10/28/dainik-asam/2999?infinitescroll=1
  13. https://www.indiatoday.in/sports/other-sports/story/neeraj-chopra-mithali-raj-among-11-nominated-for-khel-ratna-shikhar-dhawan-recommended-for-arjuna-award-1870118-2021-10-27
  14. https://navbharattimes.indiatimes.com/sports/other-sports/khel-ratna-award-for-year-2021-olympic-champion-neeraj-chopra-wrestler-ravi-dahiya-among-11-athletes-noninated/articleshow/87310545.cms