আতহাৰ আলী (বঙালী: আতহার আলী; ১৮৯১-১৯৭৬) এজন বাংলাদেশী ইছলামিক কৰ্মী, লেখক, শিক্ষক আৰু ৰাজনীতিবিদ। তেওঁ ভাৰতীয় স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰিছিল আৰু নিজাম-ই-ইছলাম পাৰ্টিৰ প্ৰাক্তন সভাপতি আছিল। আলী দেওবন্দী আন্দোলনৰ অন্যতম প্ৰতিষ্ঠাপক আশ্ৰফ আলী থানৱীৰ খলিফাও আছিল।[1][2]

মৌলানা

আতহাৰ আলি
Athar Ali
আতহার আলী
ব্যক্তিগত
জন্ম ১৮৯১
মৃত্যু ৬ অক্টোবৰ, ১৯৭৬ (৮৫ বছৰ)
ডাৰুল উলুম মাদ্ৰাছা, মৈমনসিং, বাংলাদেশ
ৰাজনৈতিক দল নিজাম-ই- ইছলাম
শিক্ষা ঝিংগাবাৰী আলিয়া মাদ্ৰাছা, ব্ৰহ্মনবৰীয়াৰ জামিয়া ইছলামিয়া ইউনুছিয়া আৰু কমিলাৰ জামিয়া মিলিয়া
জ্যেষ্ঠ বিষয়বাব
শিক্ষক আশ্ৰফ আলী থানভী, আনৱাৰ শ্বাহ কাশ্মিৰী আৰু শাব্বীৰ আহমেদ উছমানি
বিদ্যাৰ্থী
  • মৌলানা আহমেদ আলী খান
প্ৰভাৱিত কৰে
  • ৱালিউৰ ৰহমান

প্ৰাৰম্ভিক জীৱন

সম্পাদনা কৰক

ব্ৰিটিছ ভাৰতৰ বংগ প্ৰেচিডেন্সিৰ চিলেট জিলাৰ বেনীবজাৰৰ ঘুংগদিয়া নৱাংগাও গাঁৱত বঙালী মুছলমান পৰিয়ালত আতহাৰ আলীৰ জন্ম হৈছিল। তেওঁৰ পিতৃ আজিম খান আছিল মৌলৱী। আলীয়ে ঝিংগাবাৰী আলিয়া মাদ্ৰাছাত প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা সমাপ্ত কৰে।

ইয়াৰ পিছত তেওঁ উত্তৰ ভাৰতলৈ গুচি যায় আৰু মৰাদাবাদৰ জামিয়া কাছমিয়া মাদ্ৰাছা শ্বাহী, ৰামপুৰ ৰাজ্যৰ মাদ্ৰাছা আলিয়া আৰু তাৰ পিছত চাহাৰানপুৰৰ মাজাহিৰ উলুমত ইছলামিক বিজ্ঞান অধ্যয়ন কৰে।[3] ইয়াৰ পিছত তেওঁ আনোৱাৰ শ্বাহ কাশ্মীৰী আৰু শ্বাব্বিৰ আহমদ উছমানীৰ অধীনত দাৰুল উলুম দেওবন্দত হাদীছ অধ্যয়ন কৰে আৰু তাৰ পৰা তেওঁ ১৩৩৮ হিজৰী (১৯১৯-১৯২০ খ্ৰীষ্টাব্দ)ত স্নাতক ডিগ্ৰী লাভ কৰে।[1] ইয়াৰ পিছত আলীয়ে আশ্ৰাফ আলী থানৱীৰ অধীনত কাৰ্যনিৰ্বাহ কৰে, যাৰ পৰা তেওঁ তিনি বছৰ বাটিন অধ্যয়ন কৰে আৰু তাৰ পৰা খিলাফত লাভ কৰে।[4]

কৰ্মজীৱন

সম্পাদনা কৰক
 
আতহাৰ আলীৰ দ্বাৰা প্ৰতিষ্ঠিত আল-জামিয়া আল-এমদাদিয়া মাদ্ৰাছা

বংগৰ মাদ্ৰাছা যেনে: চিলেটৰ ঝিংগাবাৰী আলিয়া মাদ্ৰাছা, ব্ৰহ্মনবৰীয়াৰ জামিয়া ইছলামিয়া ইউনুছিয়া আৰু কমিলাৰ জামিয়া মিলিয়াত শিক্ষকতাৰ জৰিয়তে আলীৰ কৰ্মজীৱন আৰম্ভ হৈছিল । ১৯০৯ চনলৈকে তেওঁ কিশোৰগঞ্জৰ শ্বাহিদী মছজিদৰ ইমাম হিচাপে কাম কৰিছিল। ১৯৪৫ চনত আলীয়ে কিশোৰগঞ্জত মছজিদ চৌহদত জামিয়া এমদাদিয়া মাদ্ৰাছা প্ৰতিষ্ঠা কৰে। পিছলৈ তেওঁ মৈইমনছিঙত দাৰুল উলুম মাদ্ৰাছাও প্ৰতিষ্ঠা কৰে।[1]

ৰাজনীতিত তেওঁৰ অংশগ্ৰহণ আৰম্ভ হৈছিল ১৯৪৭ চনৰ চিলেট গণভোটৰ অভিযানৰ পৰা৷ ইয়াৰ ফলত চিলেটক পাকিস্তানত অন্তৰ্ভুক্ত কৰা হয়। তেওঁ প্ৰথমে জমিয়ত উলেমা-ই-ইছলাম দলৰ সদস্য আছিল। ১৯৫২ চনত তেওঁ নিজাম-ই-ইছলাম পাৰ্টিৰ সভাপতি হিচাপে নিৰ্বাচিত হয়। ইউনাইটেড ফ্ৰণ্টৰ অধীনত মিত্ৰজোঁট গঠন কৰা আলীৰ দলটোৱে ১৯৫৪ চনৰ পূব বংগ বিধানসভাৰ নিৰ্বাচনৰ সময়ত সফলতা লাভ কৰি ৰাষ্ট্ৰীয় বিধানসভাৰ মুঠ ৩৬খন আসন লাভ কৰে। আলী কিশোৰগঞ্জ পশ্চিম সমষ্টিৰ (পাকিস্তানৰ দ্বিতীয় ৰাষ্ট্ৰীয় বিধানসভাৰ) সংসদৰ সদস্য আছিল।[5] তেওঁ ইছলামক আইনী ব্যৱস্থাত অন্তৰ্ভুক্ত কৰাৰ বাবে কাম কৰিছিল।[6]আয়ুব খানৰ ৰাষ্ট্ৰপতিত্বৰ সময়ত তেওঁ গণতান্ত্ৰিক অধিকাৰ পুনৰুদ্ধাৰৰ পোষকতা কৰিছিল আৰু পৰৱৰ্তী সময়ত কাৰাগাৰত ভৰ্তি হৈছিল।[3]

১৯৬৫ চনৰ ভাৰত-পাকিস্তানী যুদ্ধ আৰম্ভ হোৱাৰ আগতেই তেওঁক মুকলি কৰি দিয়া হৈছিল, আৰু ইয়াৰ পিছত তেওঁ ৰাজনীতিৰ পৰা আঁতৰি গৈছিল। তেওঁ ৰাজহুৱা বক্তৃতাৰ জৰিয়তে বঙালী মুছলমান জনসাধাৰণৰ মাজত ইছলামিক শিক্ষাৰ প্ৰচাৰত অধিক মনোনিৱেশ কৰিবলৈ আৰম্ভ কৰে।[3]

১৯৭৬ চনৰ ৬ অক্টোবৰত আতহাৰ আলীয়ে প্ৰতিষ্ঠা কৰা মাদ্ৰাছা জামিয়া আল ইছলামিয়া, চোৰপাৰা চৌহদত তেওঁৰ মৃত্যু হয়। তেওঁ পক্ষাগাতগ্ৰস্ততাত আক্ৰান্ত হৈছিল৷[1]

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. 1.0 1.1 1.2 1.3 "Memoir of the Graduates of the Dar al-Ulum, Deoband: Maulana Athar Ali Bengali". History of the Dar Al-Ulum Deoband. 2. Idara-e Ihtemam. 1980. পৃষ্ঠা. 101–102. https://archive.org/details/DUDbook_64/DudVolTwo-Pg001-329/page/n101/mode/. 
  2. Tariq bin Mujib (5 July 2019). "জামিয়া ইমদাদিয়া কিশোরগঞ্জ: সমৃদ্ধ ইতিহাসের এক বৈচিত্র্যময় প্রতিষ্ঠান" (bn ভাষাত). https://www.islamtime24.com/2019/07/05/জামিয়া-ইমদাদিয়া-কিশোরগঞ্/. [সংযোগবিহীন উৎস]
  3. 3.0 3.1 3.2 Siddiqi, ABM Saiful Islam (2012). "Ali, Maulana Ataher". In ছিৰাজুল ইছলাম; মিয়া, শ্বাহজাহান; খানম, মাহফুজা; আহমেদ, শ্বব্বীৰ. বাংলাপিডিয়া: বাংলাদেশৰ ৰাষ্ট্ৰীয় বিশ্বকোষ (অনলাইন ed.). ঢাকা, বাংলাদেশ: বাংলাপিডিয়া ট্ৰাষ্ট, এছিয়াটিক চচাইটি অফ বাংলাদেশ. ISBN 984-32-0576-6. OCLC 52727562. Retrieved 31 October 2024. 
  4. Mawlana Nur Muhammad Azmi. "2.2 বঙ্গে এলমে হাদীছ" (bn ভাষাত). Emdadia Library. পৃষ্ঠা. 26. 
  5. Assembly, Pakistan National (1958) (en ভাষাত). Parliamentary Debates. Official Report. পৃষ্ঠা. 104. https://books.google.com/books?id=qXIdAAAAIAAJ&q=Moulana+Athar+Ali. 
  6. Binder, Leonard (1963) (en ভাষাত). Religion and Politics in Pakistan. University of California Press. পৃষ্ঠা. 372. https://books.google.com/books?id=yzn850u5-r0C&q=Moulana+Athar+Ali&pg=PA372.