আদালত (চলচ্চিত্ৰ)
আদালত (ইংৰাজী: Adalat) ১৯৭৬ চনত মুক্তি পোৱা এখন ক’লা-বগা অসমীয়া চলচ্চিত্ৰ। লাচিত চিত্ৰমৰ বেনাৰত নিৰ্মাণ কৰা ছবিখনৰ পৰিচালক, প্ৰযোজক, কাহিনী, চিত্ৰনাট্য আৰু সংলাপ দিলীপ ডেকাৰ। সঙ্গীত জীতু-তপনৰ। মূল ভূমিকাত অভিনয় কৰিছে জৰ্জ বেকাৰ দীনেশ দাস, অনুপমা ভট্টাচাৰ্য আদিয়ে। ডকাইতৰ জীৱনৰ আধাৰত ছবিখনৰ কাহিনী ৰচনা কৰা হৈছে। এনে বিষয়ত নিৰ্মিত এইখন প্ৰথম অসমীয়া ছবি। ইয়াত যথেষ্ট পৰিমাণৰ হিন্দী সংলাপ সংযোজন কৰা হৈছে। হিন্দী সংলাপ সংযোজন কৰাৰ দিশেৰেও আদালত প্ৰথম অসমীয়া ছবি।[1][2]
আদালত Adalat | |
---|---|
আদালতৰ এটা দৃশ্যত জৰ্জ বেকাৰ | |
পৰিচালক | দিলীপ ডেকা |
প্ৰযোজক | দিলীপ ডেকা |
অভিনয়ত | জৰ্জ বেকাৰ অনুপমা ভট্টাচাৰ্য কৃষ্ণা দাস |
চিত্ৰগ্ৰহণকাৰী | দীনদয়াল বাজৰীয়া |
সম্পাদনা | ৰবীন বেনাৰ্জী |
সংগীত পৰিচালক | জীতু-তপন |
মুক্তি |
১০ ডিচেম্বৰ ১৯৭৬ |
দেশ | ভাৰত |
ভাষা | অসমীয়া |
কাহিনীৰ সাৰাংশ
সম্পাদনা কৰকএদিন নিশা ডকাইত বাদলে সত্য দুৱৰাৰ ঘৰত সোমায় তেওঁক হত্যা কৰিবলৈ। কিন্তু এটা শিশুক দেখি দুৱৰাক হত্যা নকৰিলে আৰু শিশুটোক অপহৰণ কৰি লৈ গুচি আহিল। শিশুটোক বন্দুক মৰা, ঘোঁৰাত উঠা আদি সকলো শিকোৱা হ’ল। ডাঙৰ হৈ এই শিশুটোৱে হ’ল ইন্দ্ৰজিত, দুখীয়া-নিছলাৰ ত্ৰাণকৰ্তা।[1]
এদিন হঠাৎ ভূপেন্দ্ৰ চৌধুৰীৰ সৈতে বাদলৰ দেখা-সাক্ষাৎ হয়। পূৰ্বৰ শত্ৰুতা থকা চৌধুৰীক দেখি বাদলৰ মনত প্ৰতিশোধৰ অগনি জ্বলি উঠে। চৌধুৰীৰ একমাত্ৰ ছোৱালী ৰূপা। বাদলে ভাবিলে, এই ৰূপাই চৌধুৰীক বশ কৰাৰ একমাত্ৰ উপায়।[1]
পিছলৈ সত্য দুৱৰাৰ এজনী ছোৱালী হয়- ৰীতা। ৰূপা তাইৰ কলেজীয়া বান্ধৱী। বেৰিষ্টাৰ হাজৰিকাৰ তোলনীয়া পুতেক তথা ওকালতিৰ সহযোগী বিমললৈ ৰীতাক বোৱাৰী কৰি নিম বুলি আঙুঠি পিন্ধাই থলে।[1]
কিন্তু আঙুঠি পিন্ধোৱাৰ ৰাতি ৰীতা ঘৰত আছিলনে, ৰীতা আৰু বিমলৰ বিয়াখন হৈ উঠিল নে, বাদলৰ প্ৰকৃত পৰিচয় কি, কিয় তেওঁ সত্য দুৱৰাক হত্যা কৰিবলৈ গৈ শিশুটিক অপহৰণ কৰি আনিলে, ভূপেন্দ্ৰ চৌধুৰীৰ সৈতে তেওঁৰ সম্পৰ্ক কি- এনেবোৰ ৰহস্যঘন বিষয়েৰে আদালত ছবিখনৰ কাহিনীভাগ গঢ় লৈছে।[1]
অভিনয় শিল্পী
সম্পাদনা কৰক
|
|
সংগীত
সম্পাদনা কৰকসঙ্গীত পৰিচালনা জীতু-তপনৰ। গীতৰ সংখ্যা ৬টা। গীত লিখিছে নুৰুল হক, দৰ্পনাথ শৰ্মা আৰু নৱকান্ত বৰুৱাই।[3]
গীতৰ শীৰ্ষ | ||||||||||
---|---|---|---|---|---|---|---|---|---|---|
নং | শিৰোনাম | গীতিকাৰ | কণ্ঠশিল্পী | দৈৰ্ঘ্য | ||||||
1. | "ৰূপ জ্বলে জলমল মন চগা চঞ্চল মায়াৱী এই ৰাতি জলমল কৰে জলমল" | নুৰুল হক | বনশ্ৰী সেনগুপ্ত | |||||||
2. | "দেৱতা কোৱা মোৰ মন মন্দিৰত জ্বলোৱা চাকিটি কোনেনো নুমালে" | দৰ্পনাথ শৰ্মা | বনশ্ৰী সেনগুপ্ত | |||||||
3. | "আঘোণে আনিলে হাঁহি আনিলে সোণালী পথাৰে আজি হাঁহিলে" | নুৰুল হক | দ্বীপেন বৰুৱা | |||||||
4. | "মাটিৰ প্ৰদীপ হৈ জ্বলি ৰম মই তোমাৰ মিলনৰ মহানিশা" | দৰ্পনাথ শৰ্মা | দ্বীপেন বৰুৱা | |||||||
5. | "ফাগুণে আনিলে ফুলৰ শৰাই মন যে পখিলা উৰাদি উৰিয়ে যায়" | নুৰুল হক | বনশ্ৰী সেনগুপ্ত, দ্বীপেন বৰুৱা | |||||||
6. | "মন কিয় সপোন ৰঙীন তুমি জানা নেকি, এই মধুৰ স্বপ্ন খেলা আমাৰ চিনাকি" | নৱকান্ত বৰুৱা | দ্বীপেন বৰুৱা |
তথ্য উৎস
সম্পাদনা কৰক- ↑ 1.0 1.1 1.2 1.3 1.4 1.5 Das Arunlochan (2013). ১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত. Shashi Shisu Prakashan, Guwahati. পৃষ্ঠা. 243.
- ↑ "Adalat (1976)". www.moviebuff.com/. https://www.moviebuff.com/adalat-1976-assamese। আহৰণ কৰা হৈছে: 30 July 2020.
- ↑ Babul Das (1985). অসমীয়া বোলছবিৰ গীতৰ সংকলন. Bani Mandir, Dibrugarh. পৃষ্ঠা. 245.