দীনেশ দাস

অসমীয়া চলচ্চিত্ৰ অভিনেতা

দীনেশ দাস (ইংৰাজী: Dinesh Das, ১৯৪১-বৰ্তমান) অসমৰ এজন অভিনেতা। তেওঁ বহুকেইখন অসমীয়া চলচ্চিত্ৰ, মঞ্চ নাটক, অনাতাঁৰ নাটক, দূৰদৰ্শন ধাৰাবাহিক, টেলিফিল্ম, চুটি ছবি আৰু ভিডিঅ' ছবিত অভিনয় কৰিছে। চলচ্চিত্ৰত তেওঁ প্ৰধানকৈ খলনায়কৰ চৰিত্ৰত অভিনয় কৰিছে। অভিনয়ৰ উপৰি তেওঁ কাকতে-পত্ৰই লিখা-মেলা কৰে আৰু তেওঁৰ গ্ৰন্থও প্ৰকাশ হৈছে। অসম চৰকাৰে তেওঁক শিল্পী পেন্সন প্ৰদান কৰি আহিছে।[1]

দীনেশ দাস

দীনেশ দাস, ২০১৫ চন
জন্ম ৫ অক্টোবৰ ১৯৪১
ৰাষ্ট্ৰীয়তা ভাৰত ভাৰতীয়
পেচা অভিনয়
দাম্পত্যসঙ্গী ডালিমী দাস

জন্ম আৰু শিক্ষা সম্পাদনা কৰক

দীনেশ দাসৰ জন্ম হয় ১৯৪২ চনৰ ৫ অক্টোবৰত। তেওঁৰ পিতৃৰ নাম কেশৱ দাস আৰু মাতৃৰ নাম আইকণ বালা দাস। পিতৃ পেছাত এজন আৰক্ষী বিষয়া আছিল। পিতৃৰ কৰ্মস্থলী সঘনাই বদলি হৈ থকা হেতুকে তেওঁ আনুষ্ঠানিক শিক্ষা জীৱন অসমৰ ভিন ভিন প্ৰান্তৰ বিদ্যালয়ৰপৰা লাভ কৰে। ১৯৪৭ চনত নগাঁও ৰ মাদ্ৰাছাত তেওঁ শিক্ষাৰম্ভ কৰি ১৯৫৯ চনত নগাঁও হাইস্কুলৰ পৰা তেওঁ উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয়। তাৰ পাছত তেওঁ নগাঁও কলেজৰ পৰা আই এ আৰু ১৯৬৪ চনত কলা শাখাৰ স্নাতক ডিগ্ৰী লাভ কৰে।[1]

চাকৰি জীৱন সম্পাদনা কৰক

১৯৬৭ চনত তেওঁ এলবাৰ্ট ডেভিদ মেডিকেল কোম্পানীৰ মেডিকেল ৰিপ্ৰেজেণ্টেটিভ হিচাপে চাকৰি জীৱন আৰম্ভ কৰে। ১৯৭৫ চনত তেওঁ নেচনেল টেক্সটাইল কৰ্প'ৰেচনৰ মেনেজাৰৰ দায়িত্ব গ্ৰহণ কৰে। ১৯৯৫ চনত তেওঁ চাকৰিৰপৰা স্বেচ্ছাই অৱসৰ গ্ৰহণ কৰে।[1]

অভিনয় জীৱন সম্পাদনা কৰক

মঞ্চ নাটক সম্পাদনা কৰক

১৯৫২ চনত নগাঁৱৰ ৰূপহী হাইস্কুলত পঞ্চম শ্ৰেণীত পঢ়ি থকা কালত তুলসী দাসৰ পৰিচালনাত পিয়লি ফুকন নাটকত এক বাটৰুৱাৰ চৰিত্ৰত অভিনয় কৰি তেওঁ অভিনয় জীৱনৰ পাতনি মেলে। শিক্ষাজীৱনৰ সমান্তৰালকৈ তেওঁ নিজৰ অভিনয় আগুৱাই লৈ যায় আৰু বহুকেইখন নাটকত অভিনয় কৰে। প্ৰতিষ্ঠিত নাট্যকাৰ-পৰিচালক সাৰদাকান্ত বৰদলৈ, চন্দ্ৰ ফুকন আৰু তচদ্দুক ইউচুফৰ পৰিচালনাত বহুকেইখন নাটকত অভিনয় কৰি তেওঁ বহু প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰে। তেওঁ অভিনয় কৰা কেইখনমান নাটক হ'ল একলব্য, শোণিত কুঁৱৰী, সভাপতি আদি।[1]

চলচ্চিত্ৰ সম্পাদনা কৰক

নাটকত পোৱা সফলতাৰ বাবে তেওঁ চলচ্চিত্ৰত অভিনয়ৰ প্ৰস্তাৱ লাভ কৰে। ১৯৬৮ চনত মুক্তিপ্ৰাপ্ত, আব্দুল মজিদ পৰিচালিত মৰম তৃষ্ণা চলচ্চিত্ৰত শিলৰ কোৱেৰীত কাম কৰা এগৰাকী কৰ্মীৰ চৰিত্ৰৰে তেওঁ চলচ্চিত্ৰত অভিনয় আৰম্ভ কৰে। ইয়াৰ পিছত তেওঁ মানৱ আৰু দানৱ, শেষ বিচাৰ, অনুতাপ, মেঘমুক্তি ইত্যাদি বহুতো চলচ্চিত্ৰত অভিনয় কৰি বৰ্তমানেও তেওঁ চলচ্চিত্ৰজগতত সক্ৰিয় হৈ আছে। চলচ্চিত্ৰত প্ৰধানকৈ তেওঁ খলনায়কৰ চৰিত্ৰত অভিনয় কৰে।[1]

অন্যান্য কৰ্মৰাজী সম্পাদনা কৰক

মঞ্চ আৰু চলচ্চিত্ৰৰ উপৰিও তেওঁ বহুকেইখন দূৰদৰ্শন ধাৰাবাহিক, টেলিফিল্ম, চুটি ছবি, ভিডিঅ' ছবি আৰু চাৰিশতকৈও অধিক অনাতাঁৰ নাটকত অভিনয় কৰিছে। তদুপৰি তেওঁ বহুবাৰ ইংলেণ্ডৰঙালী বিহু উদ্‌যাপন কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। তেওঁ আনুষ্ঠানিকভাৱে নতুন পুৰুষ শিল্পীক অভিনয়ৰ দিহা পৰামৰ্শ প্ৰদান কৰে। অসম শিল্পী সাহায্য নিধিৰ তেওঁ কোষাধ্যক্ষ। তেওঁ বাতৰি কাকতত লিখা-মেলা কৰাৰ উপৰি তেওঁৰ একাধিক খণ্ডৰ গ্ৰন্থও প্ৰকাশ হৈছে।[1]

ব্যক্তিগত জীৱন সম্পাদনা কৰক

তেওঁৰ পত্নীৰ নাম ডালিমী দাস। তেওঁলোকৰ দুটি সন্তান।[1]

সন্মান সম্পাদনা কৰক

  • শিল্পী পেন্সন, অসম চৰকাৰ
  • সামাজিক-সাংস্কৃতিক অনুষ্ঠান জ্যোতিৰূপাৰ বিশেষ সন্মান।[1]

অভিনীত চলচ্চিত্ৰ সম্পাদনা কৰক

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. 1.0 1.1 1.2 1.3 1.4 1.5 1.6 1.7 1.8 ভূবন লহকৰ (১৫ মে', ২০১৫). "শিল্পী, অভিনেতা দীনেশ দাস". দৈনিক অসম. পৃষ্ঠা ৫. http://www.assamtribune.com/scripts/dainik.asp?id=may1515%2FPage5। আহৰণ কৰা হৈছে: ১০ জুন ২০১৫. [সংযোগবিহীন উৎস]