আধুনিক অসমীয়া সাহিত্যৰ ইতিহাস

আধুনিক অসমীয়া সাহিত্যৰ ইতিহাস এখন অসমীয়া গ্ৰন্থ। গ্ৰন্থখন আধুনিক অসমীয়া সাহিত্যৰ ইতিহাস অধ্যয়নৰ ক্ষেত্ৰত এখন গুৰুত্বপূৰ্ণ অসমীয়া গ্ৰন্থ। গ্ৰন্থখনৰ লেখক গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত প্ৰাধ্যাপক ড° শৈলেন ভৰালী। গ্ৰন্থখনত আধুনিক অসমীয়া সাহিত্যৰ ইতিহাসক দুটা ভাগত বিভক্ত কৰি আলোচনা কৰিছে- জোনাকী যুগৰ সাহিত্য আৰু যুদ্ধোত্তৰ যুগৰ সাহিত্য। গ্ৰন্থখনৰ পৃষ্ঠাৰ সংখ্যা ১৮০।[1]

আধুনিক অসমীয়া সাহিত্যৰ ইতিহাস  
লেখক শৈলেন ভৰালী
দেশ ভাৰতভাৰত
ভাষা অসমীয়া
বিষয় অসমীয়া সাহিত্যৰ ঐতিহাসিক বিশ্লেষণ
প্ৰকাৰ ইতিহাস
প্ৰকাশক চন্দ্ৰ প্ৰকাশন
প্ৰকাশ ১৯৯২ (দ্বিতীয় প্ৰকাশ)
মিডিয়া প্ৰকাৰ মুদ্ৰণ
পৃষ্ঠা সংখ্যা ১৮০

গ্ৰন্থকাৰৰ চমু পৰিচয়

সম্পাদনা কৰক

শৈলেন ভৰালী একবিংশ শতাব্দীৰ অসমৰ এগৰাকী লেখক, সমালোচক আৰু অধ্যাপক।[2] উপন্যাস আৰু নাট্য সমালোচক ৰূপে তেওঁৰ বিশেষ পৰিচিতি আছে। অসমৰ অংকীয়া নাটকে ধৰি বিভিন্ন দেশী-বিদেশী নাটক সম্পৰ্কে তেওঁ ঐতিহাসিক সমালোচনা আগবঢ়াইছে। ‘গডোৰ প্ৰতীক্ষাত’ নাম দি ছেমুৱেল বেকেটৰ বিখ্যাত নাটক ৱেইটিং ফৰ গ’ড’ ৰ তেওঁ অসমীয়া ভাঙনি কৰিছে। ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বহুকেইখন সন্মিলনত ভৰালীয়ে অসমৰ হৈ যোগাদান কৰিছে।

গ্ৰন্থখনৰ দ্বিতীয় প্ৰকাশ হয় জানুৱাৰী ১৯৯২ ত। প্ৰকাশক আছিল চন্দ্ৰ প্ৰকাশ। গ্ৰন্থখনৰ প্ৰকাশ সম্পৰ্কত মুখবন্ধত গ্ৰন্থকাৰে এনেদৰে লিখিছে:[1]

"গ্ৰন্থখন পোনতে প্ৰকাশ কৰা হৈছিল আধুনিক অসমীয়া সাহিত্যঃ দুটি তৰংগ এই নামেৰে। ১৮৮৯ ৰ পৰা ১৯৭৩ লৈকে অসমীয়া সাহিত্যৰ আলোচনাই তাত ঠাই পাইিছল। আৰ্হিকাকত নিজেই চাব নোৱাৰাৰ বাবে অমাৰ্জনীয় ভুল-ভ্ৰান্তিৰে পুথিখন ওলাই আহিছিল। সেইবোৰ ইয়াত আঁতৰাবলৈ চেষ্টা কৰা হৈছে।"

জোনাকী যুগৰ সাহিত্য

সম্পাদনা কৰক

প্ৰসংগক্ৰমে এই অধ্যায়ত আধুনিক অসমীয়া সাহিত্যৰ পটভূমি সম্পৰ্কে আলোচনা কৰিছে। তদুপৰি জোনাকী যুগৰ সাহিত্য সম্পৰ্কে আলোচনা কৰোঁতে জোনাকী যুগৰ সাহিত্যক তলত উল্লেখ কৰা ধৰণে ভাগ কৰিছে-[1]

  1. কবিতা
  2. নাটক
  3. উপন্যাস
  4. চুটিগল্প
  5. প্ৰবন্ধ আৰু সমালোচনা
  6. জীৱনী সাহিত্য

যুদ্ধোত্তৰ যুগৰ সাহিত্য

সম্পাদনা কৰক

এই ভাগটিত দ্বিতীয় বিশ্বযুদ্ধৰ পিছৰ পৰা বিংশ শতিকাৰ প্ৰায় নব্বৈ দশকলৈকে ৰচিত অসমীয়া সাহিত্যৰ বিষয়ে আলোচনা কৰিছে। গ্ৰন্থকাৰে এই সময়ছোৱাৰ সাহিত্যক আলোচনা কৰিবৰ বাবে তলত উল্লেখ কৰা ধৰণে ভাগ কৰিছে-[1]

  1. কবিতা
  2. নাটক
  3. উপন্যাস
  4. চুটিগল্প
  5. সমালোচনা আৰু প্ৰবন্ধ
  6. জীৱনী আৰু ভ্ৰমণ সাহিত্য

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. 1.0 1.1 1.2 1.3 ড° শৈলেন ভৰালী (১৯৯২). আধুনিক অসমীয়া সাহিত্যৰ ইতিহাস. চন্দ্ৰ প্ৰকাশন. 
  2. শোণিত বিজয় দাস, মুনীন বায়ন (২০০৬). কথা বৰণ্য ১০০. প্ৰকাশক গুৱাহাটী: কথা. ISBN 81-89148-14-1.