আন্ধাৰত নিজৰ মুখ
আন্ধাৰত নিজৰ মুখ (ইংৰাজী: Andharot Nijor Mukh) হৈছে অসমৰ সাহিত্যিক, ভাষাবিদ, সমালোচক, ড॰ নগেন শইকীয়াৰ গল্প সংকলন। সংকলনখনে ১৯৯৭ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।[1][2]
আন্ধাৰত নিজৰ মুখ | |
---|---|
লেখক | নগেন শইকীয়া |
দেশ | অসম, ভাৰত |
ভাষা | অসমীয়া |
প্ৰকাৰ | গল্প সংকলন |
প্ৰকাশ | ১৯৯৫ |
মিডিয়া প্ৰকাৰ | মুদ্ৰণ |
গ্ৰন্থকাৰৰ চমু পৰিচিতি
সম্পাদনা কৰকনগেন শইকীয়া (জন্ম:১৯৩৯ -) হৈছে এগৰাকী অসমীয়া বিশিষ্ট গল্পকাৰ, ঔপন্যাসিক, শিক্ষাবিদ, তথা সমালোচক। 'মিত-ভাষ' নামৰ এক শ্ৰেণীৰ নতুন ৰচনাশৈলীৰে তেওঁ অসমীয়া সাহিত্যক নতুনত্ব প্ৰদান কৰে। তেখেতে অসম সাহিত্য সভাৰ ১৯৯৭ চনৰ বিলাসীপাৰা অধিবেশন আৰু ১৯৯৮ চনৰ হাওৰাঘাট অধিবেশনত সভাপতিত্ব কৰিছিল। তেখেত সাহিত্য অকাডেমিৰ অসমীয়া ভাষা উপদেষ্টা পৰিষদৰ সদস্য (১৯৭৫-৮৫, ১৯৯৩-৯৮, ২০০৩-০৮), ভাৰতীয় লেখক সংঘৰ সদস্য (১৯৭৪), ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কাৰ্যবাহী পৰিষদৰ সদস্য (১৯৮৬-৯১), নাটকমৰ সভাপতি (১৯৬৬-৬৮), ৰাজ্যিক সংহতি পৰিষদৰ সভাপতি (১৯৮৭-৯০), শিশু ভাৰতীৰ সভাপতি (১৯৮৭-২০০১), শংকৰী সংগীত বিদ্যাপীঠৰ সভাপতি (১৯৯৭)।
গ্ৰন্থৰ চমু বিৱৰণ
সম্পাদনা কৰকবিশেষ গ্ৰন্থখনত বিশটা ভিন্নধৰ্মী চুটি গল্প সন্নিৱিষ্ট হৈছে। গল্পসমূহক চাৰিটা ভাগত ভাগ কৰা হৈছে। প্ৰথম খণ্ডত ছটা, দ্বিতীয়তে চাৰিটা, তৃতীয় আৰু চতুৰ্থ খণ্ডত পাঁচটা গল্প অন্তৰ্ভুক্ত হৈছে। আন্ধাৰত নিজৰ মুখ হৈছে গল্প সংকলনখনৰ অন্তিমটো গল্প। গল্পকেইটা হৈছে- মজিদ ছাৰ ঢুকাল, কেৰ' চাহাবৰ মেম, মাখনী নহয়তো, মুখাৰ পিছফালে, মৃত্যুৰ উত্তাপ, অসময়, কুঁৱলী আৰু জোন, লাজ লাগি গ'ল, জোনাকীৰ জুই, গলব্ৰেইখ চাহাবৰ ফিতা, কাঠ-সংস্কাৰ, চহৰৰ মন, ষ্টাফ ফটোগ্ৰাফাৰৰ ছবি, বিমূঢ়-বিমূঢ়, যৌৱন, অন্তিম অপেক্ষা, এটা আকাংক্ষিত শব্দৰ প্ৰতীক্ষাত, বিভ্ৰান্ত সংলাপ, মোক শুবলৈ দিয়া, আৰু অন্ধাৰত নিজৰ মুখ।[2]
বঁটা-সন্মান
সম্পাদনা কৰকগল্প-সংকলনখনে ১৯৯৭ চনত সাহিত্য অকাডেমিৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।[2]
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ শান্তনু কৌশিক বৰুৱা. "কেইখনমান গ্ৰন্থৰ চমু পৰিচিতি". অসম ইয়াৰ বুক ২০২১. জ্যোতি প্ৰকাশন. পৃষ্ঠা. ৫৯৬. ISBN ৯৭৮-৯৩-৮১৪৮৫-৮২-৮.
- ↑ 2.0 2.1 2.2 Andharat Nijor Mukh ( আন্ধাৰত নিজৰ মুখ ). http://blogasom.blogspot.com/2015/06/andharat-nijor-mukh-academy-award.html.