আলু পিটিকা হৈছে সিজাই বা পুৰি কোমল কৰা আলুৰ সৈতে মিঠাতেল, পিয়াঁজ, জলকীয়া, নিমখ, ধনিয়া আদি মিহলাই পিটিকা কৰি তৈয়াৰ কৰা এবিধ খাদ্য। আলু পিটিকা অসমীয়া খাদ্যৰ অভিন্ন অংশ। সাধাৰণতে ইয়াক ৰাতিপুৱাৰ আহাৰ হিচাপে ভাতৰ লগত খোৱা হয়। কম খৰচী আৰু প্ৰস্তুত কৰা সময় কম বাবে ই অসমীয়া মানুহৰ অন্যতম প্ৰিয় খাদ্য। বহুতে আলুৰ লগতে কণী, বেঙেনা, কাচকল, তিল আদি মিহলাই ইয়াক প্ৰস্তুত কৰে। আলু পিটিকা বিশ্বৰ ভিন ভিন অঞ্চলত ভিন ভিন ৰন্ধন প্ৰণালী আৰু সামগ্ৰীৰে বেলেগ বেলেগ নামেৰে জনাজাত।[1]

আলু পিটিকা
Meshed potato (alu bharta).jpg
উৎপত্তিৰ স্থান  ভাৰত,  বাংলাদেশ
মুখ্য উপাদান আলু, মিঠাতেল, পিয়াঁজ, জলকীয়া, নিমখ, ধনিয়া

নামসম্পাদনা কৰক

সিজাই বা পুৰি লোৱা পাচলি বা পকা ফল হাতেৰে মোহাৰি মিহি কৰি প্ৰস্তুত কৰা খাদ্যক পিটিকা বুলি কোৱা হয়। সাধাৰণতে আলু সিজাই বা পুৰি পিটিকা কৰা হয়।[2] আলু ইয়াৰ মুখ্য উপাদান হোৱা বাবে ইয়াক আলু পিটিকা বোলা হয়। অসমত ঠাই বিশেষে ইয়াক আলু ভৰ্তা, আলু ভট্টা বা আলু চাটনি বুলিও কোৱা হয়। পৃথিৱীৰ বেলেগ বেলেগ অঞ্চলত ইয়াক বেলেগ বেলেগ নামেৰে জনাজাত।

 
নিমখ-তেল ভাত আৰু আলু পিটিকা

উপকৰণসমূহসম্পাদনা কৰক

অসমীয়া শৈলীৰ আলু পিটিকাত ব্যৱহৃত উপকৰণসমূহ হ'ল:[3]

  • আলু
  • মিঠাতেল
  • পিয়াঁজ
  • নিমখ
  • জলকীয়া
  • ধনিয়া

প্ৰস্তুত প্ৰণালীসম্পাদনা কৰক

পাৰম্পৰিক অসমীয়া শৈলীৰ আলু পিটিকা প্ৰস্তুত কৰিবলৈ আলুখিনি জুইৰ আঙঠাত পুৰি বা ভাতত দি সিজাই লোৱা হয়। সিজোৱা পদ্ধতিত আলুখিনি বাকলি গুচাই গোটাকৈ বা কাটি টুকুৰা কৰি ভাত বা ডাইলত দি সিজোৱা হয়। কিছুমানে বাকলিৰে সৈতে আলুখিনি উতলা পানীত দি সিজাই লোৱাৰ পিছত বাকলি গুচাই লোৱা হয়। বাকলিৰ সৈতে আলুখিনি জুইৰ আঙঠাত দি পুৰি লোৱা পিছত বাকলিখিনি এৰুৱাই লোৱা হয়। তাৰপিছত সিজাই বা পুৰি কোমল কৰা আলুখিনি এটা পাত্ৰত ৰখা হয়। তাত কটা পিয়াঁজ, কেঁচা জলকীয়া, ধনিয়া, সোৱাদ অনুসৰি নিমখ আৰু মিঠাতেল মিহলাই ভালকৈ হাতেৰে পিটিকি লোৱা হয়। তাৰপিছত গৰমে গৰমে ভাতৰ লগত পৰিবেশন কৰা হয়। [3][4]

ব্যক্তিগত ৰুচি অনুসৰি কিছুমানে আলুৰ লগতে সিজোৱা বা পুৰা বেঙেনা, কণী, কাচকল, গাজৰ আদি পাচলি মিহলাই পিটিকা তৈয়াৰ কৰে। সেইদৰে বিশেষ গোন্ধৰ বাবে মান ধনিয়া, পুৰা জলকীয়া, ভজা তিলৰ গুৰিও ব্যৱহাৰ কৰা হয়। বহুতে ভোট জলকীয়া আচাৰৰ তেলো ব্যৱহাৰ কৰে। মিঠাতেলৰ সলনি বহুতে ঘি ব্যৱহাৰ কৰে। কেঁচা পিয়াঁজৰ গোন্ধ ভাল নোপোৱা সকলে পিয়াঁজখিনি ভাজিও ব্যৱহাৰ কৰে।

ভাৰতৰ অন্যান্য ঠাইত আলু পিটিকাখিনি ভাজি লৈ পৰিবেশন কৰা হয়। তেতিয়া ইয়াক আলু চৌখা বুলি কোৱা হয়।[4]

 
বাংলাদেশত পৰম্পৰাগত ভাৱে সজোৱা পঁইতা ভাতৰ সৈতে আলু পিটিকা এখন থালি

পৰিবেশনসম্পাদনা কৰক

আলু পিটিকা গৰমে গৰমে পৰিবেশন কৰা হয়। সাধাৰণতে ৰাতিপুৱা ভাতৰ সৈতে আলু পিটিকা খোৱা হয় যদিও দুপৰীয়া বা নিশাৰ আহাৰতো ইয়াক খোৱা হয়।[3] পঁইতা ভাত আৰু কোমল চাউলৰ লগতো ইয়াক খোৱা হয়। লঘু আহাৰত অন্তৰ্গত বাবে ৰুগীয়া মানুহকো আলু পিটিকা ভাত খাবলৈ দিয়া হয়।[5]

বিভিন্নতাসম্পাদনা কৰক

আলু পিটিকাত বিভিন্ন উপাদানৰ সমাহাৰে ইয়ালৈ বিভিন্নতা আনিছে। যেনে:

  • সিজোৱা আলু আৰু কণীৰ পিটিকা
  • সিজোৱা বা পোৰা আলু আৰু বেঙেনাৰ পিটিকা (ভজা তিলৰ গুৰিৰ সৈতে)
  • আলু আৰু কাচকলৰ পিটিকা
  • আলু আৰু গাজৰৰ পিটিকা ইত্যাদি

চিত্ৰমালাসম্পাদনা কৰক

তথ্য উৎসসম্পাদনা কৰক