জলকীয়া

কেপচিকাম গণৰ কেইবাটাও প্ৰজাতিৰ অন্তৰ্গত জলকীয়াৰ জাত

জলকীয়া (ইংৰাজী: Chilli) এবিধ গুল্মজাতীয় গছত লগা জ্বলাগুণবিশিষ্ট পাচলি। খাদ্যবস্তু অধিক ৰুচিকৰ কৰে বাবে বহুতে ইয়াক মছলা হিচাপেও ব্যৱহাৰ কৰে। আদিতে প্ৰাকৃতিকভাৱে উৎপাদিত জলকীয়া পৃথিৱীৰ সকলো দেশৰ মানুহে কেঁচা, পকা আৰু শুকান- এই তিনিৰূপত খায়। জলকীয়াৰ উৎপত্তি বলিভিয়াত হৈছিল[3][4] আৰু ইয়াৰ প্ৰথম খেতি কৰা হৈছিল মেক্সিকোত।[5] কলম্বিয়ান এক্সচেঞ্জৰ পিছত জলকীয়াৰ বহু জাত বিশ্বজুৰি বিয়পি পৰে যিবোৰ খাদ্য আৰু পৰম্পৰাগত ঔষধ দুয়োটাতে ব্যৱহাৰ কৰা হয়। ইয়াৰ ফলত এনুয়াম প্ৰজাতিকে ধৰি বহু ধৰণৰ প্ৰজাতি যেনে গ্লেব্ৰিয়স্কুলাম, নিউ মেক্সিকোৰ বেকেটাম, চাইনেন্স, ফ্ৰুটেচেন্স, আৰু পিউবেচেন্স আদিৰ সৃষ্টি হয়।

জলকীয়া
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Plantae
(অশ্ৰেণীকৃত): Tracheophytes
(অশ্ৰেণীকৃত): Angiosperms
(অশ্ৰেণীকৃত): Eudicots
(অশ্ৰেণীকৃত): Asterids
বৰ্গ: Solanales
পৰিয়াল: Solanaceae
গোত্ৰ: Capsiceae

L.

গণ: Capsicum

L.

প্ৰকাৰ আৰু গোটসমূহ
সমাৰ্থক[2]
সমাৰ্থক
  • Capsicum buforum Salisb.
জলকীয়া গছৰ পুলি

উত্তৰ আমেৰিকা আৰু ইউৰোপত উৎপাদিত জাতবোৰ কেপচিকাম এনুয়ামৰ পৰা উদ্ভৱ হোৱা বুলি বিশ্বাস কৰা হয় আৰু ইয়াৰ ফল সাধাৰণতে বগা, হালধীয়া, ৰঙা বা বেঙুনীয়াৰ আৰু ক’লা ৰঙৰ হয়। ২০১৯ চনত বিশ্বৰ কেঁচা সেউজীয়া জলকীয়াৰ উৎপাদন ৩৮ মিলিয়ন টন হৈছিল ইয়াৰে আধা অংশৰ উৎপাদক দেশ আছিল চীন।[6]

ইতিহাস সম্পাদনা কৰক

জলকীয়াৰ আদিভূমি বলিভিয়া। পৰিব্ৰাজক কলম্বাছে ইয়াক ইউৰোপলৈ আনিছিল। তাৰপাছত পশ্চিম ব্ৰাজিলৰ পৰা পৰ্তুগীজসকলে আফ্ৰিকালৈ আৰু আফ্ৰিকাৰ পৰা উত্তমাশা অন্তৰীপ হৈ ভাৰতলৈ জলকীয়াৰ আগমন হয়। ভাৰতত জলকীয়াৰ খেতি প্ৰথম গোৱাত কৰা হয়। American Botanical Councilৰ ২০০০ চনত প্ৰকাশ কৰা তথ্য অনুসৰি ৭০০০-৭৫০০ বছৰ আগৰেপৰাই উত্তৰ আৰু মধ্য আমেৰিকাত ঔষধ আৰু খাদ্য হিচাপে জলকীয়া খাইছিল।[3][7] জলকীয়াৰ খেতিৰ উৎপত্তি প্ৰায় ৬,০০০ বছৰ আগতে পূব-মধ্য মেক্সিকোৰ পৰা আৰম্ভহোৱা বুলি অনুসন্ধান কৰা হৈছে,[5][8] যদিও ২০১৪ চনত নিউয়ৰ্ক উদ্ভিদ উদ্যান প্ৰেছৰ গৱেষণা অনুসৰি, প্ৰথমবাৰৰ বাবে আমেৰিকাকে ধৰি বিভিন্ন স্থানত জলকীয়া গছৰ খেতি স্বতন্ত্ৰভাৱে কৰা হৈছিল হাইলেণ্ড বলিভিয়া, মধ্য মেক্সিকো আৰু আমাজনত।[4] মেক্সিকো, মধ্য আমেৰিকা [9] আৰু দক্ষিণ আমেৰিকাৰ কিছু অংশত খেতি কৰা প্ৰথম স্ব-পৰগাছা শস্যৰ ভিতৰত জলকীয়া আছিল অন্যতম।[7] পেৰুত খেতি কৰা কেপচিকামৰ সৰ্বাধিক বৈচিত্ৰ্যৰ জাত উপলব্ধ, কাৰণ পেৰু হৈছে এই বৈচিত্ৰ্যৰ কেন্দ্ৰ য'ত প্ৰাক-কলম্বিয়ান যুগতে পাঁচোটা প্ৰজাতি প্ৰৱৰ্তন কৰা হৈছিল, খেতি কৰা হৈছিল আৰু খোৱা হৈছিল।[10] ভাৰতত জলকীয়াৰ প্ৰচলন ১৬শ শতিকাৰ পৰাহে হয়। ইয়াৰ আগৰ কোনো ভাৰতীয় সাহিত্যত জলকীয়াৰ উল্লেখ নাই। বেদত জলকীয়াৰ উল্লেখ নাই। আবুল ফজলআইন ই আকবৰীতো জলকীয়া নামৰ পাচলিবিধৰ উল্লেখ নাই। সংস্কৃতত ’মৰিছিকা’ শব্দটো জ্বলাগুণবিশিষ্ট জালুক বুজাবলৈ ব্যৱহাৰ কৰা হৈছিল।[11]

নাম আৰু প্ৰকাৰ সম্পাদনা কৰক

 
ভোটজলকীয়াৰ সৈতে কেইটামান কেঁচা জলকীয়া

পৃথিৱীজুৰি থকা জলকীয়াক বিভিন্ন ঠাইত বিভিন্ন নামেৰে জনা যায়। ভাৰততো জলকীয়াৰ নানা নাম আছে। জলকীয়াৰ বৈজ্ঞানিক নাম Capsicum Frutescens আৰু ই Solanaceae গোত্ৰৰ অন্তৰ্গত। এই গোত্ৰৰ ৫০ বিধতকৈ অধিক প্ৰজাতি আৰু অসংখ্য প্ৰকাৰৰ পোৱা যায়। যিবিলাক জলকীয়া জ্বলা নহয় বা জ্বলা কম থাকে, তেনে জলকীয়াক Capsicum আৰু যিবোৰত জ্বলাগুণ বেছি থাকে, তাক Chilli বুলি কোৱা হয়। বিশ্বত সৰ্বাধিক খেতি কৰা জলকীয়া হ’ল পাঁচবিধ। সেইবোৰ হ’ল, Capsicum annuum, C frutescens, C Chinese, Cpubescens আৰু C baccatum, ইয়াৰে প্ৰথম দুবিধৰ খেতিহে ভাৰতত হয়। ভাৰতত জলকীয়াক নানা নামেৰে জনা যায়। মৰিচ, ভজলুক, ভূঁই জালুক, লংকা, ভোজন ঠেলা আদিৰ উপৰিও স্থানীয় প্ৰকাৰভেদেও বেলেগ বেলেগ নাম আছে। কণ জলকীয়া, ফিৰিঙি জলকীয়া, আখি জলকীয়া, কৰ্দৈসিৰীয়া জলকীয়া, খুদ জলকীয়া, ধান জলকীয়া, মেম জলকীয়া, কৃষ্ণ জলকীয়া, ঘিঁউ জলকীয়া, সূৰ্যমুখী জলকীয়া, আম জলকীয়া, কুনকুনী জলকীয়া, মৈমনসিঙীয়া জলকীয়া, গাৰু জলকীয়া, ভোট জলকীয়া বা বিহ জলকীয়া বা ৰজা মৰিচ আদি।[11]

খাদ্যপ্ৰাণ সম্পাদনা কৰক

জলকীয়া ভিটামিন ‘চি’ আৰু ভিটামিন ‘এ’ৰ উৎস। মানৱ শৰীৰৰ বাবে প্ৰয়োজনীয় খনিজ লৱণ যেনে শৰ্কৰা, চৰ্বী, পানী, বিটা কেৰোটিন, পটাছিয়াম, ভিটামিন বি, ছডিয়াম, কপাৰ, ক্লৰিণ, ছালফাৰ আদিও জলকীয়াত পোৱা যায়। কেঁচা জলকীয়াৰ পৰা ভিটামিন “ছি’’ আহৰণ কৰি হাংগেৰীয়ান বিজ্ঞানী এলবাৰ্ট ছেণ্ট জৰ্জএ ১৯৩৭ চনত ন’বেল পুৰস্কাৰ পাইছিল৷ [12] ১০০ গ্ৰাম জলকীয়াত পোৱা পুষ্টিকৰ উপাদানসমূহ হ’ল,

ভিটামিন এ -- ২৯২ আই ইউ
ভিটামিন চি -- ১১.১ মিলিগ্ৰাম
মেগনেছিয়াম -- ২৪ মিলিগ্ৰাম
আইৰণ -- ১.২ মিলিগ্ৰাম
আঁহ -- ৬৮ গ্ৰাম
কেলচিয়াম -- ৩০ মিলিগ্ৰাম
ফছফৰাছ -- ৮০ মিলিগ্ৰাম
প্ৰ’টিন -- ২.৯ মিলিগ্ৰাম
কাৰ্বোহাইড্ৰেট সামান্য পৰিমাণ।[11]

ব্যৱহাৰ সম্পাদনা কৰক

 
ইণ্ডোনেছিয়ান, মালয়েছিয়ান আৰু ছিংগাপুৰৰ খাদ্যত ছাম্বাল নামৰ চিলি পেষ্ট।

খাদ্য সোৱাদযুক্ত কৰাত ব্যৱহাৰ কৰাৰ উপৰি জলকীয়াক ঔষধ আৰু সৌন্দৰ্যবৰ্ধক হিচাপেও ব্যৱহাৰ কৰা হয়। জলকীয়াৰ বেক্টেৰিয়াৰ শক্তি আছে আৰু ই মুখৰ লালটি নিঃসৰণত সহায় কৰে। সেয়ে ই হজমকাৰক। ই বিষনাশক, বায়ুনাশক হিচাপে ব্যৱহৃত হোৱাৰ উপৰি অৰ্শ, ডায়েৰিয়া আদিৰ চিকিৎসাতো ব্যৱহৃত হৈ আহিছে। জলকীয়াই কফ নিষ্কাশক হিচাপে কাম কৰে। জলকীয়াক কীটনাশক, যৌন উত্তেজক আৰু মেধাশক্তিবৰ্ধক হিচাপে প্ৰয়োগ কৰা হয়। পকা জলকীয়াই ছালৰ খজুৱতি ৰোগ নিৰাময় কৰাত সহায় কৰে। জলকীয়াৰ পৰা প্ৰস্তুত কৰা Smoke bomb Pepper spray ভাৰতৰ প্ৰতিৰক্ষা বিভাগে শত্ৰু উলিয়াই অনাত ব্যৱহাৰ কৰাৰ উপৰি পেপাৰ স্প্ৰে’ মহিলাসকলৰ আত্মৰক্ষাৰ সঁজুলি হিচাপে ব্যৱহৃত হৈ আহিছে।[11]

জ্বলাৰ মাপ সম্পাদনা কৰক

জলকীয়াত থকা Capsaicinoids নামৰ যৌগবিধে জলকীয়াৰ জ্বলাগুণ নিৰ্ধাৰণ কৰে।[12] জলকীয়াৰ জ্বলাগুণ জুখিবলৈ উইলবাৰ এল স্কেভিল নামৰ ব্যক্তি এজনে এক পদ্ধতি আৱিষ্কাৰ কৰে। তেওঁৰ নামানুসৰি এই পদ্ধতিটোক “স্কেভিল হিট ইউনিট’’ (SHU) নামে জনা যায় যদিও এই পদ্ধতিত কিছুমান দোষ থকাৰ বাবে বৰ্তমান High Pressure Liquid Chromatography (HPLC) পদ্ধতিৰে জলকীয়াৰ জ্বলাগুণ জোখা হয়। স্কেভিল হিট ইউনিটত জোখা বিভিন্ন জলকীয়াৰ জ্বলাগুণ এনেধৰণৰ:-

আমেৰিকান পেপাৰিকাৰ ২৫০০- ৮০০০, মেক্সিকোৰ ৰেড ছেভিনা হাবানিৰ ৩৫০০০০-৫৭৫০০০, ছিৰান- ৮০০০-২২০০০, কেইনি ৩০০০০-৫০০০০, থাই জলকীয়া ৫০০০০- ১০০০০০, বাৰ্ডছ আই ১০০০০০-২২৫০০০, স্কটচ্ বনেট ১৫০০০০- ৩২৫০০০, ভোট জলকীয়া ১০০১৩০৪।[11] এই জোখমতে ২০০৭ চনত অসমৰ ভোট জলকীয়াই বিশ্বৰ সৰ্বাধিক জ্বলাগুণ বিশিষ্ট জলকীয়াৰ নাম পাইছিল যদিও ২০১১ চনত মেক্সিকৰ Trinidad Scorpion Butch T-Pepper নামৰ জলকীয়াবিধে ১৪৬৩৭০০ স্কেভিল হিট ইউনিট লৈ পুনৰ গীনিজ বুকত শ্ৰেষ্ঠ জ্বলাগুণবিশিষ্ট জলকীয়াৰ ঠাই অধিকাৰ কৰে।[12][11]

লোকসাহিত্যত জলকীয়া সম্পাদনা কৰক

জলকীয়াই অকল খাদ্য জুতি লগোৱাই নহয়, ই সাহিত্যতো অলংকাৰ হিচাপে ব্যৱহৃত হৈছে। আমাৰ ফকৰা-যোজনা, ডাকৰ বচন, বিহুগীত আদিত জলকীয়াৰ সঘন উল্লেখ পোৱা যায়। ডাকৰ বচনত আছে, “কাৱৈ মাছক কচি কুটিয়া, হালধি মৰিচ দি তেলে ভাজিয়া, ওলট-পালট কৰিয়া পিঠি, খাই পাইবা তেবেসে মিষ্টি’’। আকৌ, “যেবে নাহি মছলা ভাল। তেবে দিবা বিস্তৰ জাল’’। [13] “জলা, জোল আৰু জাল, আই তিনি নহ’লে নহয় আঞ্জা ভাল’’, “মগুৰ দালিত ঘৃত চেনি চূড়া দিল, আতি ভাল কৰি তাক মসুৰে ৰান্ধিল, আদা লোণ যনী মৰিচক দিল’’।[11] ফকৰা-যোজনা আদিত আছে, “জলকীয়াৰ জালেই সোৱাদ’’, “জলকীয়া বোলে মই প্ৰাণৰ বৈৰী, নোখোৱা ভাতকো চাৰিগাল গিলাওঁ, থাক উস্ আস্ কৰি’’, “মাক জুতুলী পুতুলী, পুতেক চোকা টেকেলি’’(সাঁথৰ)[11]। বিহুগীততো জলকীয়াৰ উল্লেখ আছে; “ক’লা চোলা কুৰুতা, গুদাম আছে চাৰিটা, চাৰিও চাৰিকে চৰে। এইজনীৰ চকুলৈ চাবকে নোৱাৰি, জালুক জলকীয়াই পোৰে’’।[13] “জালুকো বাটিলোঁ, জলকীয়াও বাটিলোঁ, তোমালৈ ভাত ৰান্ধোঁ বুলি’’, “শুকান জলকীয়াৰ কাকে সমনীয়া, শুকান জলকীয়াৰ কাক; বিহু থাকে মানে, বিহুকে বিনাবি, বিহু গ’লে বিনাকি কাক’’[11]

লোক বিশ্বাসত জলকীয়া সম্পাদনা কৰক

 
নেমু-জলকীয়াৰ নজৰ বট্টু

লোক সাহিত্যৰ দৰে লোক পৰম্পৰা আৰু লোক বিশ্বাসতো জলকীয়াই স্থান দখল কৰি আছে। প্ৰসূতি নাৰীক জালুক-জলকীয়াৰে মাগুৰ মাছৰ জোল খুওৱাটো অসমৰ প্ৰায়বো ঠাইৰে পৰম্পৰা। নামনি অসমত সন্তান জন্ম হ’লে পাঁচ দিনৰ দিনা বা এঘাৰ দিনৰ দিনা “জলাবটা’’ বিলোৱা নিয়ম।[14] আমাৰ দেশত নানা ঠাইত নিজৰ ঘৰ বা দোকানৰ সম্মুখৰ দুৱাৰত নেমুৰ লগত জলকীয়া মালাৰ দৰে গাঁঠি ওলোমাই থোৱা দেখা যায়। ইয়াক নজৰ বট্টু বুলি কোৱা হয়। বহুতৰ মতে ই অন্ধবিশ্বাস হ’লেও এই কাৰ্য এক লোকবিশ্বাসত পৰিণত হৈছে।[15] কেতিয়াবা নতুনকৈ কিনা সৰু বাহনতো জলকীয়া ওলোমাই থোৱা দেখা যায়।

সৰ্বাধিক জলাৰ উল্লেযোগ্য জলকীয়া সম্পাদনা কৰক

দেশ অনুসৰি বিশ্বৰ ভিতৰত সৰ্বাধিক জলাথকা ৮ বিধ জলকীয়া হৈছে:

দেশ ধৰণ জলা
  United States পিপাৰ এক্স ৩.১৮ M SHU(*)[16]
  Wales ড্ৰেগনচ্ ব্ৰেথ ২.৪৮ M SHU(*)[17]
  United States কেৰ'লিনা ৰিপাৰ ২.২ M SHU[18]
  Trinidad and Tobago ট্ৰিনিদাদ মৰুগা স্কৰপিয়ন ২.০ M SHU(*)[19]
  India ভোট জলকীয়া (বিহ জলকীয়া) ১.৫৮ M SHU[20]
  Trinidad and Tobago ট্ৰিনিদাদ স্কৰপিয়ন বুচ টি ১.৪৬৩ M SHU[21]
  England নাগা ভাইপাৰ ১.৪ M SHU[22]
  England ইনফিনিতি চিলি ১.২ M SHU[23]

বিঃদ্ৰ: SHU(*) হিচাপে উল্লেখকৰা জলকীয়া সমূহৰ জলাৰ উল্লেখযোগ্যতা গিনিজ বুক অৱ ৰেকৰ্ডত উল্লেখ হোৱা নাই[24]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. USDA, ARS, Germplasm Resources Information Network. জলকীয়া in the Germplasm Resources Information Network (GRIN), U.S. Department of Agriculture Agricultural Research Service.
  2. "Capsicum annuum L. — The Plant List". www.theplantlist.org. Archived from the original on 2021-11-02. https://web.archive.org/web/20211102165401/http://www.theplantlist.org/tpl/record/kew-2698415। আহৰণ কৰা হৈছে: 2022-09-13. 
  3. 3.0 3.1 "Relationships Between Weedy and Cultivated Forms in Some Species of Chili Peppers (Genus Capsicum)". Evolution; International Journal of Organic Evolution খণ্ড 25 (4): 683–691. December 1971. doi:10.1111/j.1558-5646.1971.tb01926.x. PMID 28564789. 
  4. 4.0 4.1 "A Systematic Approach to Species-Level Identification of Chile Pepper (Capsicum spp.) Seeds: Establishing the Groundwork for Tracking the Domestication and Movement of Chile Peppers through the Americas and Beyond". Economic Botany (New York Botanical Garden Press) খণ্ড 68 (3): 316–336. 16 December 2014. doi:10.1007/s12231-014-9279-2. https://www.jstor.org/stable/43305668। আহৰণ কৰা হৈছে: 11 February 2022. 
  5. 5.0 5.1 "Multiple lines of evidence for the origin of domesticated chili pepper, Capsicum annuum, in Mexico". Proceedings of the National Academy of Sciences of the United States of America খণ্ড 111 (17): 6165–6170. April 2014. doi:10.1073/pnas.1308933111. PMID 24753581. 
  6. "Green chili production in 2019; Crops/World Regions/Production Quantity/Green Chillies and Peppers from pick lists". UN Food and Agriculture Organization, Statistics Division (FAOSTAT). 2021. http://www.fao.org/faostat/en/#data/QC। আহৰণ কৰা হৈছে: 12 December 2021. 
  7. 7.0 7.1 "Capsicums: Innovative uses of an ancient crop". Progress in New Crops. প্ৰকাশক Arlington, VA: ASHS Press. 1998. পৃষ্ঠা. 479–487. http://www.hort.purdue.edu/newcrop/proceedings1996/V3-479.html। আহৰণ কৰা হৈছে: 23 December 2010. 
  8. "Birthplace of the domesticated chili pepper identified in Mexico". EurekaAlert, American Association for the Advancement of Science. 21 April 2014. http://www.eurekalert.org/pub_releases/2014-04/uoc--bot041614.php. 
  9. Carrizo García, Carolina; Barfuss, Michael H. J.; Sehr, Eva M.; Barboza, Gloria E.; Samuel, Rosabelle; Moscone, Eduardo A.; Ehrendorfer, Friedrich (July 2016). "Phylogenetic relationships, diversification and expansion of chili peppers ( Capsicum, Solanaceae)" (en ভাষাত). Annals of Botany খণ্ড 118 (1): 35–51. doi:10.1093/aob/mcw079. ISSN 0305-7364. PMID 27245634. 
  10. "Screening Genetic Resources of Capsicum Peppers in Their Primary Center of Diversity in Bolivia and Peru". PLOS ONE খণ্ড 10 (9): e0134663. 2015. doi:10.1371/journal.pone.0134663. PMID 26402618. 
  11. 11.0 11.1 11.2 11.3 11.4 11.5 11.6 11.7 11.8 ফুকন, ড° মৃদুস্মিতা (ডিছেম্বৰ ২০১৩). "জুতুলী পুতুলী মাকৰ চোকা টেকেলা পুতেক". প্ৰান্তিক. 
  12. 12.0 12.1 12.2 দাস, ড° ৰমেশ (ডিছেম্বৰ ২০১৩). "জলকীয়া- বিচিত্ৰ গুণৰ সমাহাৰ". প্ৰান্তিক. 
  13. 13.0 13.1 গগৈ। ড° লীলা (২০০১). অসমীয়া লোক সাহিত্যৰ ৰূপৰেখা. বনলতা. পৃষ্ঠা. ২৪, ২৫. ISBN 81-7339-327-3. 
  14. বৰদলৈ, ড° নিৰ্মলপ্ৰভা (১৯৮৭). অসমৰ লোক সংস্কৃতি. বীণা লাইব্ৰেৰী. পৃষ্ঠা. ১৪. 
  15. "ঘৰৰ বাহিৰত নেমু জলকীয়া ওলোমাই ৰখাটো অন্ধ বিশ্বাস নহয়". জনমভূমি. Archived from the original on 2022-09-13. https://web.archive.org/web/20220913174905/https://janambhumi.in/VG1wUk1rMTZXWHBQVVQwOQ==/%E0%A6%98%E0%A7%B0%E0%A7%B0-%E0%A6%AC%E0%A6%BE%E0%A6%B9%E0%A6%BF%E0%A7%B0%E0%A6%A4-%E0%A6%A8%E0%A7%87%E0%A6%AE%E0%A7%81-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A6%9C%E0%A6%B2%E0%A6%95%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A6%BE-%E0%A6%93%E0%A6%B2%E0%A6%AE%E0%A6%BE%E0%A6%87-%E0%A7%B0%E0%A6%96%E0%A6%BE%E0%A6%9F%E0%A7%8B-%E0%A6%85%E0%A6%A8%E0%A7%8D%E0%A6%A7%E0%A6%AC%E0%A6%BF%E0%A6%B6%E0%A7%8D%E0%A6%AC%E0%A6%BE%E0%A6%B8-%E0%A6%A8%E0%A6%B9%E0%A6%AF%E0%A6%BC!-%E0%A6%87%E0%A6%AF%E0%A6%BC%E0%A6%BE%E0%A7%B0-%E0%A6%86%E0%A6%81%E0%A7%B0%E0%A6%A4-%E0%A6%86%E0%A6%9B%E0%A7%87-%E0%A6%AC%E0%A7%88%E0%A6%9C%E0%A7%8D%E0%A6%9E%E0%A6%BE%E0%A6%A8%E0%A6%BF%E0%A6%95-%E0%A6%95%E0%A6%BE%E0%A7%B0%E0%A6%A3.html। আহৰণ কৰা হৈছে: 2022-09-13. 
  16. "Pepper X is the new hottest pepper in the world". Los Angeles Times. 23 September 2017. https://www.latimes.com/sns-dailymeal-1812885-pepper-x-worlds-hottest-pepper-hot-sauce-92317-20170923-story.html. 
  17. "The Hottest Chilli in the World was Created in Wales Accidentally". National Geographic. 22 January 2018. http://www.nationalgeographic.com.au/nature/the-hottest-chilli-in-the-world-was-created-in-wales-accidentally.aspx। আহৰণ কৰা হৈছে: 17 February 2018. 
  18. "Confirmed: Smokin Ed's Carolina Reaper sets new record for hottest chilli". Guinness World Records. 19 November 2013. http://www.guinnessworldrecords.com/news/2013/11/confirmed-smokin-eds-carolina-reaper-sets-new-record-for-hottest-chilli-53033/। আহৰণ কৰা হৈছে: 8 November 2014. 
  19. "Trinidad Moruga Scorpion wins hottest pepper title". Yahoo! News. 16 February 2012. http://news.yahoo.com/trinidad-moruga-scorpion-wins-hottest-pepper-title-015457622.html। আহৰণ কৰা হৈছে: 11 May 2013. 
  20. "Chile Pepper Institute studies what's hot". Your life (USA Today). 11 March 2012. http://yourlife.usatoday.com/fitness-food/story/2012-03-11/Chile-Pepper-Institute-studies-whats-hot/53490214/1. 
  21. "Aussies grow world's hottest chilli". Australian Geographic. 12 April 2011. Archived from the original on 28 October 2011. https://web.archive.org/web/20111028152226/http://www.australiangeographic.com.au/journal/aussies-grow-worlds-hottest-chilli.htm। আহৰণ কৰা হৈছে: 12 April 2011. 
  22. "Title of world's hottest chili pepper stolen – again". The Independent (London). 25 February 2011. https://www.independent.co.uk/life-style/food-and-drink/title-of-worlds-hottest-chili-pepper-stolen--again-2225925.html. 
  23. ""Record-breaking" chilli is hot news". BBC News. 19 February 2011. https://www.bbc.co.uk/news/uk-12505344. 
  24. "Home". Guinness World Records. https://www.guinnessworldrecords.com/.