ফ্ৰালুং ধৰ্ম (ফুৰালুং বুলি উচ্চাৰণ কৰা হয়,চীনা ভাষা:傣 阿洪 宗教 ,থাই ভাষা:ศาสนา ไทอาหม ইংৰাজী ভাষা:Phura-Lueng / Phra-Lueng) বা বানফি ধৰ্ম আহোম সকলৰ পৰম্পৰাগত ধৰ্ম যি প্ৰাচীন পূব এছীয় ধৰ্মৰ এটা ঠাল। আহোম সকলে ১২২৮ ত চাওলুং চুকাফাৰ লগত অসমলৈ আহোঁতে লগত তিনি শ্ৰেণীৰ পণ্ডিত ,বহুতো ধৰ্মপুথি আৰু ধৰ্মীয় পৰম্পৰা লৈ আহিছিল। আহোম ধৰ্মটো মূলতঃ পূৰ্বপুৰুষ উপাসনা ভিত্তিক। ইয়াত কিছু ক্ষেত্ৰত জীৱ উৎসৰ্গা কৰা হয় যাক বান-ফি বোলা হয়। পূৰ্বপুৰুষ উপাসনা আৰু খ্বন বিশ্বাস এই দুটা বস্তু অইন টাই সকলৰ পৰম্পৰাত দেখা যায়। আহোম ধৰ্মত সাধাৰণতে মূৰ্তিপূজা দেখা নাযায় মাত্ৰ এজন বিশেষ দেৱতাৰ বাহিৰে যাক কেৱল আহোম চাওফা সকলেহে অৰ্চনা কৰে। ধৰ্মটোত এখন স্বৰ্গীয় ঠাইৰ কথা উল্লেখ পোৱা যায় যাক মৌং-ফি বুলি কোৱা হয় আৰু ই চীনৰ টিয়েন নামৰ অংশত অৱস্থিত অৱশ্যে এই ধৰ্মত নৰকৰ দৰে ঠাইৰ কোনো উল্লেখ পোৱা নাযায়। এই ধৰ্মটো আহোম ৰাজ্যৰ ৰাজধৰ্ম আছিল। তেওঁলোকৰ তিনিপুৰোহিত শ্ৰেণী হ'ল- ম'চাম,ম'হুং,ম'প্লং।

ফ্ৰালুং ধৰ্ম
বানফি ধৰ্ম
সৰ্বাধিক জনসংখ্যা বিশিষ্ট অঞ্চল
অসম আৰু অৰুণাচল
ধৰ্মগ্ৰন্থ
লিট্ লাই পেঞ কা কা
ভাষা
আহোম ভাষা
আহোম সকলৰ পৰম্পৰাগত টাই জনগোষ্ঠীয় ধৰ্ম

বিৱৰণসম্পাদনা কৰক

আহোম ধৰ্ম প্ৰাথমিকভাৱে ফি আৰু দাম (পূৰ্বপুৰুষ আত্মা) নামৰ দেৱতা পূজা ওপৰত ভিত্তি কৰে। পূৰ্বপুৰুষৰ উপাসনা আৰু খনৰ ধাৰণা অন্য তাই লোক ধৰ্মৰ সৈতে একেই সাদৃশ্য থকা দুটি উপাদান। যদিও হান (ফু) আৰু পুঃ সম্ভৱত তাও ধৰ্মৰ, যিন আৰু ইয়াং ধাৰণাৰ পৰা আহিছে। কুকুৰা আৰু লাও ,পানী দিয়া (নাম লাও) আৰু চেপা (লুক লাও) প্ৰসাদ ৰূপে দিয়া অন্যান্য টাইসকলৰ ধৰ্মতো যায়। আহোম ধৰ্মৰ পুৰোহিতক ম'-লৌঙ বোলা হয়। আহোম ধৰ্মৰ পৰম্পৰাগত দেওশালক ৰু'এন চাও ছেঙ আৰু বৰদেওশাল হ'-ফী নামেৰে পৰিচিত। ধৰ্মটো আহোমৰ পুৰোহিত শ্ৰেণীৰ দ্বাৰা সংৰক্ষিত কৰা আছিল।আহোমৰ ধৰ্ম সংস্কৃতিৰ পুনৰ উদ্ধাৰ অভিযানত তেওঁলোকে ধৰ্মটো প্ৰসাৰিত কৰিছিল আৰু সদৌ ফুৰালুং সংঘ নামে পৰিচিত এখন সমাজ গঠন কৰেছিল। বৰ্তমান সময়ত অসমৰ বিভিন্ন অংশত ফুৰালুং সমাজৰ শাখা খুলি তাৰ দ্বাৰা যথেষ্ট হ'-ফী নিৰ্মিত হৈছে।

লগতে চাওকসম্পাদনা কৰক

তথ্যসূত্ৰসম্পাদনা কৰক

উৎস প্ৰসংগসম্পাদনা কৰক

বাহ্যিক সংযোগসম্পাদনা কৰক