আহোম বগৰী

ফলৰ গছৰ প্ৰকাৰ, বা ইয়াৰ ফল

আহোম বগৰী (ইংৰাজী: peach, বৈজ্ঞানিক নাম: Prunus persica) এবিধ পৰ্ণপাতী উদ্ভিদ। পূব চীনৰ ঝেজিয়াং প্ৰদেশত পোনপ্ৰথমবাৰৰ বাবে এইবিধ গছৰ ঘৰচীয়াকৰণ কৰা এই ফলৰ প্ৰজাতিৰ সঁচ অসমলৈ চ্যু-কা-ফা আৰু টাই-আহোম গোটে চীনৰ পৰা প্ৰবজন কৰি আহোঁতে লৈ আনিছিল।[3] [4]আহোম বগৰীৰ ফলসমূহ খাদ্য হিচাপে গ্ৰহণ কৰা হয়। একেই প্ৰুনাছ (Prunus) গণৰ নৰা বগৰী নামৰ এবিধ ফলো অসমত পোৱা যায়।

আহোম বগৰী
ফলৰ ভিতৰৰ অংশ
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Plantae
বিভাগ: Angiosperms
শ্ৰেণী: Eudicots
বৰ্গ: Rosales
পৰিয়াল: Rosaceae
গণ: Prunus
প্ৰজাতি: P. persica
বৈজ্ঞানিক নাম
Prunus persica
(L.) Batsch 1801 not Stokes 1812 nor (L.) Siebold & Zucc. 1845[1]
সমাৰ্থক[2]
Synonymy
  • Amygdalus persica L. 1753
  • Amygdalus persica var. aganonucipersica (Schübl. & G.Martens) T.T.Yu & L.T.Lu
  • Amygdalus persica var. compressa (Loudon) T.T.Yu & L.T.Lu
  • Amygdalus persica var. scleronucipersica (Schübl. & G.Martens) T.T.Yu & L.T.Lu
  • Amygdalus persica var. scleropersica (Rchb.) T.T.Yu & L.T.Lu
  • Persica platycarpa Decne.
  • Persica vulgaris Mill.
  • Persica vulgaris var. compressa Loudon
  • Prunus daemonifuga H.Lév. & Vaniot
  • Prunus persica (L.) Stokes
  • Prunus persica (L.) Siebold & Zucc.
  • Prunus persica f. aganonucipersica (Schübl. & G.Martens) Rehder
  • Prunus persica var. compressa (Loudon) Bean
  • Prunus persica var. lasiocalyx H.Lév. & Vaniot
  • Prunus persica var. platycarpa (Decne.) L.H.Bailey
  • Prunus persica subsp. platycarpa (Decne.) D. Rivera, Obón, S. Ríos, Selma, F. Mendez, Verde & F.Cano
  • Prunus persica f. scleropersica (Rchb.) Voss
  • Amygdalus nucipersica (L.) Rchb.
  • Persica nucipersica (L.) Borkh.
  • Amygdalus potanini (Batalin) T.T.Yu
  • Persica potaninii (Batalin) Kovalev & Kostina

persica নামটোৱে পাৰ্ছিয়া অৰ্থাৎ বৰ্তমানৰ ইৰাণত ফলবিধৰ ব্যপক পৰিসৰৰ খেতিক সূচায়। সেই ঠাইৰপৰা ইয়াক ইউৰোপলৈ নিয়া হৈছিল। ই Rosaceae পৰিয়ালৰ Prunus গণৰ অন্তৰ্গত য'ত চেৰীফল, এপ্ৰিকোট, আলমণ্ড আৰু প্লাম অন্তৰ্ভুক্ত।[5] আলমণ্ডৰ সৈতে আহোম বগৰীৰ শাহটোৰ সোৱাদৰ সাদৃশ্য আছে।[6]

আহোম বগৰীৰ 'নেকট্ৰাইন' (বগা আহোম বগৰী) বোলা এটা ভিন্ন প্ৰকাৰো পোৱা যায়। বাণিজ্যিকভাৱে দুয়োবিধ ভিন্ন ফল হ'লেও ইহঁ‌ত একেই প্ৰজাতিৰ। ইহঁ‌তৰ মূল পাৰ্থক্যটো হৈছে যে আহোম বগৰীৰ গাত সৰু সৰু শুং থাকে। আনহাতে নেকট্ৰাইন নিমজ। MYB25 নামৰ জিনৰ উৎপৰিৱৰ্তন বা মিউটেচনৰ বাবে এই পাৰ্থক্য দেখা যায়।[7][8]

২০১৮ চনত চীনদেশে অকলেই বিশ্বৰ আহোম বগৰী আৰু বগা আহোম বগৰীৰ মুঠ ৬২% উৎপাদন কৰিছিল।[9]

 
ফুল
 
নেকট্ৰাইন বা বগা আহোম বগৰী

আহোম বগৰীৰ গছ ৫–১০ মিটাৰ পৰ্যন্ত ওখ হয়। ইয়াৰ পাতবোৰ দীঘলীয়া আৰু খাঁ‌জকটা। এইসমূহ ৭–১৫ চে.মি. দীঘল (৩–৬ ইঞ্চি), ২–৩ চে.মি. বহল হয়। পাত ওলোৱাৰ আগতে বসন্তৰ আৰম্ভণিতে ফুল ফুলে। ফুলবোৰ একক বা থোপাকৈ ফুলে আৰু ই ২.৫–৩ চে.মি. ব্যাসৰ। ফুলৰ ৰঙ গোলাপী আৰু ইয়াত পাঁচোটাকৈ পাহি থাকে। ফলৰ শাহ হালধীয়া বা বগা ৰঙৰ আৰু সুগন্ধি। আহোম বগৰীৰ ফল শুংযুক্ত আৰু আহোম বগৰীৰ ফল মসৃণ। কিছুমান জাতৰ শাহ অতি কোমল। কিন্তু কিছুমান জাতৰ বিশেষকৈ সেউজীয়া ৰঙৰ হ’লে ই মোটামুটি দৃঢ় হয়। এই গশহৰ ফল এগুটীয়া। বীজটো ৰঙা-বাদামী ৰঙৰ, ডিম্বাকৃতিৰ, প্ৰায় ১.৩–২ চে.মি. দীঘল আৰু ইয়াৰ চাৰিওফালে কাঠৰ দৰে খোলা থাকে।

আহোম বগৰী আৰু আহোম বগৰীৰ উৎপাদন, ২০২০
দেশ উৎপাদন
(লাখ টন)
  চীন ১৫.০০
  স্পেইন ১.৩১
  ইটালী ১.০২
  তুৰস্ক ০.৮৯
  গ্ৰীচ ০.৮৯
  ইৰান ০.৬৬
  আমেৰিকা যুক্তৰাষ্ট্ৰ ০.৫৬
  ইজিপ্ত ০.৩৪
  চিলি ০.৩১
  ভাৰত ০.২৭
বিশ্ব ২৪.৫৭
Source: United Nations, FAOSTAT[9]

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. "IPNI Plant name Query Results". ipni.org. http://www.ipni.org/ipni/advPlantNameSearch.do?find_genus=Prunus&find_species=persica&find_rankToReturn=spec. 
  2. The Plant List, Prunus persica (L.) Batsch
  3. Yang, Xiaoyan; Zheng, Yunfei; Crawford, Gary W.; Chen, Xugao (2014). "Archaeological Evidence for Peach (Prunus persica) Cultivation and Domestication in China". PLOS ONE খণ্ড 9 (9): e106595. doi:10.1371/journal.pone.0106595. ISSN 1932-6203. PMID 25192436. 
  4. টাই আহোমসকলৰ কৃষি পদ্ধতি :
  5. "Almond Tree - Learn About Nature" (en-US ভাষাত). 2016-07-27. https://www.learnaboutnature.com/plants/trees/almond-tree/। আহৰণ কৰা হৈছে: 2022-04-08. 
  6. Haase, Ilka; Brüning, Philipp; Matissek, Reinhard; Fischer, Markus (2013-04-10). "Real-time PCR assays for the quantitation of rDNA from apricot and other plant species in marzipan". Journal of Agricultural and Food Chemistry খণ্ড 61 (14): 3414–3418. doi:10.1021/jf3052175. ISSN 1520-5118. PMID 23495652. 
  7. "Frequently Asked Questions". Oregon State University. Archived from the original on 14 July 2008. https://web.archive.org/web/20080714065820/http://food.oregonstate.edu/faq/uffva/nectarine2.html। আহৰণ কৰা হৈছে: 14 August 2022. 
  8. Vendramin, Elisa; Pea, Giorgio; Dondini, Luca; Pacheco, Igor; Dettori, Maria Teresa; Gazza, Laura; Scalabrin, Simone; Strozzi, Francesco et al. (2014-03-03). "A Unique Mutation in a MYB Gene Cosegregates with the Nectarine Phenotype in Peach" (en ভাষাত). PLOS ONE খণ্ড 9 (3): e90574. doi:10.1371/journal.pone.0090574. ISSN 1932-6203. PMID 24595269. 
  9. 9.0 9.1 "Production of peaches and nectarines in 2018; Crops/Regions/World/Production Quantity (from pick lists)". United Nations, Food and Agricultural Organization, Statistics Division (FAOSTAT). 2019. http://www.fao.org/faostat/en/#data/QC। আহৰণ কৰা হৈছে: 11 April 2020.