দেৱবৰ্ণিনী

বিশ্ৰবাৰ প্ৰথমগৰাকী পত্নী
(ইড়াৱিদাৰ পৰা পুনঃনিৰ্দেশিত)

দেৱবৰ্ণিনী বা ইলৱিড়া বা ইড়াৱিদা (ইংৰাজী: Devavarnini) লংকাৰ ৰজা ৰাৱণৰ মাহীমাক আছিল৷ ভৰদ্বাজ মুনি ঋষি বিশ্ৰবাৰ প্ৰতি আকৃষ্ট হৈ স্ত্ৰী স্বৰূপ নিজ কন্যা দেৱবৰ্ণিনীক অৰ্পণ কৰিছিল৷ তেওঁ গৰ্গ মুণি আৰু গুৰু দ্ৰোণাচাৰ্যৰ ভনী আছিল৷ দেৱবৰ্ণিনী বিশ্ৰবাৰ প্ৰথমগৰাকী পত্নী আছিল। বিশ্ৰবা পুলস্ত্যৰ পুত্ৰ আৰু সৃষ্টিকৰ্তা ব্ৰহ্মাৰ নাতি আছিল।[1][2] দেৱবৰ্ণিনীৰ ঔৰসত কুবেৰৰ জন্ম হয়।[3] যি স্বৰ্ণলংকাৰ (লংকা) প্ৰকৃত ৰজা তথা ধন ঐশ্বৰ্যৰ ৰজা আছিল।[4][5]

ভাগৱত পুৰাণৰ মতে, তেওঁ বৈৱস্তৱ মনু আৰু আলম্বুশাৰ বংশধৰ ৰজা ট্ৰনাবিন্দু (King Trnabindu) -ৰ কন্যা। তেওঁৰ ভাই-ভনীসকলৰ ভিতৰত আছে- বিশাল, ধুম্ৰাকেটু আৰু শূন্যবন্ধু।

বিশ্ৰবাই দেৱবৰ্ণিনী এৰিছিল যেতিয়া ৰজা সুমালী আৰু ৰাণী কেতুমতীৰ জীয়ৰী অসুৰ ৰাজকুমাৰী কৈকেষীৰ প্ৰেমত পৰে। ৰাৱণ আৰু কুম্ভকৰ্ণ কৈকেষী আৰু বিশ্ৰবাৰ সন্তান আছিল৷

যেতিয়া ৰাৱণে লংকা আক্ৰমণ কৰি ডাঙৰ ভায়েক কুবেৰৰ সিংহাসন দখল কৰে, তেতিয়া বিষাদগ্ৰস্ত হৈ বিশ্ৰবাই কৈকেষীসহ পৈশাচিক পৰিয়াল এৰি দেৱবৰ্ণিনীৰ ওচৰলৈ ঘূৰি যায়৷ কুবেৰো দেৱলোক (স্বৰ্গ) লৈ পলাই যায় য’ত দেৱৰাজ ইন্দ্ৰই তেওঁক কোষাগাৰ পৰিচালনা কৰিবলৈ কয়। সেয়েহে হিন্দুসকলে কুবেৰক পূৰ্বৰ লংকাৰ ৰজা হিচাপে নলৈ এগৰাকী ধন ঐশ্বৰ্যৰ দেৱতা হিচাপে লয়৷

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. Encyclopedia for Epics of Ancient India Quote: VISRAVAS. [Source: Dowson's Classical Dictionary of Hindu Mythology] Son of Prajapati Pulastya, or, according to a statement of the Mahabharata, a reproduction of half Pulastya himself. By a Brahmani wife, daughter of the sage Bharadwaja, named Idavida or Ilavida, he had a son, Kubera, the god of wealth.
  2. Vishrava
  3. "ঋষি বিশ্ৰবা". https://m.bharatdiscovery.org/india/%E0%A4%B5%E0%A4%BF%E0%A4%B6%E0%A5%8D%E0%A4%B0%E0%A4%B5%E0%A4%BE। আহৰণ কৰা হৈছে: ১৫ মে ২০২০. 
  4. "Encyclopedia for Epics of Ancient India". http://www.mythfolklore.net/india/encyclopedia/visravas.htm। আহৰণ কৰা হৈছে: ১৫ মে ২০২০. 
  5. "Sage Vishrava Pulastya". https://www.geni.com/people/Sage-Vishrava-Pulastya/6000000008023564660। আহৰণ কৰা হৈছে: ১৫ মে ২০২০.