ইৰেবাছ

গ্ৰীকৰ আদি দেৱতা

গ্ৰীক আখ্যান অনুসৰি ইৰেবাছ ("গভীৰ অন্ধকাৰ, ছাঁ[1] বা "আৱৰি থকা"[2]) বা ইৰেবোছ হৈছে আদি দেৱতাসকলৰ অন্যতম যি অন্ধকাৰক প্ৰতিনিধিত্ব কৰে। উদাহৰণ স্বৰূপে, হেচিঅ'ডৰ থিঅ'গনিয়ে তেওঁক মহাশূন্যৰ পৰা জন্মলাভ কৰা সৃষ্টিৰ আদি অৱস্থাৰ প্ৰথম পাঁচটা সত্তাৰ ভিতৰত এজন বুলি চিনাক্ত কৰে। [3]

ইৰেবাছ
অন্ধকাৰৰ দেৱতা
সঙ্গী নাইক্স
পিতৃ-মাতৃ মহাশূন্য
সহোদৰ নাইক্স টাৰ্টাৰাছ গেইয়া ইৰ'চ
সন্তান থানাট'ছ, এপাটে, ইথাৰ, হেমেৰা, হিপ্নোছ আদি
ৰোমান সমাৰ্থক স্ক'টাছ

আখ্যান সম্পাদনা কৰক

গ্ৰীক কবি হেচিঅ'ডৰ থিঅ'গনিৰ মতে ইৰেবাছ হৈছে কেঅ'ছ বা মহাশূন্যৰ সন্তান আৰু নাইক্সৰ ভ্ৰাতৃ।[3]

পৌৰাণিক গ্ৰীক পৰম্পৰা আৰু সাহিত্যত ইৰেবাছৰ বিশেষত্ব কম যদিও তেওঁক নাইক্সৰ লগতে আন কেইবাগৰাকীও দেৱ-দেৱীৰ পিতৃ আছিল বুলি কোৱা হয়। পৌৰাণিক কাহিনীৰ উৎসসমূহৰ মতে তেওঁলোক হৈছে ইথাৰ, হেমেৰা, হেচপেৰাইডচ, হিপ্নোছ, মইৰাই, গেৰাছ, ষ্টাইক্স, চাৰন, নেমেচিছ আৰু থানাটোছ।[4]

গ্ৰীক সাহিত্যত ইৰেবাছ নামটো পাতালপুৰীৰ এক অঞ্চল হিচাপেও ব্যৱহাৰ কৰা হয় য'ত মৃত ব্যক্তিসকলৰ প্ৰৱেশ ঘটে। কেতিয়াবা টাৰ্টাৰাছৰ সলনিও ইৰেবাছৰ নাম ব্যৱহাৰ কৰা হয়।[5][6][7][8][9]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. Ἔρεβος. Liddell, Henry George; Scott, Robert; A Greek–English Lexicon at the Perseus Project.
  2. Graves, Robert (2017). The Greek Myths - The Complete and Definitive Edition. Penguin Books Limited. পৃষ্ঠা. 124. ISBN 9780241983386. 
  3. 3.0 3.1 Hesiod. Theogony, 116– 124.
  4. Hyginus. Fabulae, 1-49
  5. Elizabeth, Alice (1896). The Sources of Spenser's Classical Mythology. প্ৰকাশক New York: Silver, Burdett and Company. পৃষ্ঠা. 52, 55. https://books.google.com/books?id=5g1LAAAAIAAJ. 
  6. Morford, Mark P. O. (1999). Classical Mythology: Sixth Edition. প্ৰকাশক New York: Oxford University Press US. পৃষ্ঠা. 36, 84, 253, 263, 271. ISBN 0-19-514338-8. , আই.এচ.বি.এন. 9780195143386
  7. Peck, Harry Thurston (1897). Harper's Dictionary of Classical Literature and Antiquities, Volume 1. প্ৰকাশক New York: Harper. পৃষ্ঠা. 620. https://books.google.com/books?id=RacKAAAAIAAJ. 
  8. Rengel, Marian (2009). Greek and Roman Mythology A to Z. Infobase Publishing. পৃষ্ঠা. 51. ISBN 978-1-60413-412-4. , আই.এচ.বি.এন. 9781604134124
  9. Turner, Patricia (2001). Dictionary of Ancient Deities. Oxford University Press. পৃষ্ঠা. 170. ISBN 0-19-514504-6. , আই.এচ.বি.এন. 9780195145045