উইলিয়াম কেৰি(ইংৰাজী: William Carey; ১৭৬১ – ১৮৩৪) এজন বৃটিছ মিছনেৰি৷ তেওঁ বাংলা ভাষাৰ গদ্যৰ পাঠ্যপুথিৰ প্ৰচাৰক, অসমীয়া ছপা পুথিৰ প্ৰথম উদ্যোগগ্ৰহণকাৰী ব্যক্তি, অনুবাদক, সমাজ সংস্কাৰক আৰু সাংস্কৃতিক নৃতত্ত্ববিদ৷ তেওঁ বেপ্টিষ্ট মিছনেৰী ছ’চাইট প্ৰতিষ্ঠা কৰাৰ লগতে শ্ৰীৰামপুৰ কলেজৰ অন্যতম প্ৰতিষ্ঠাপক আছিল। তেওঁ ১৮১৩ চনত শ্ৰীৰামপুৰ মিছনেৰি প্ৰেছৰ পৰা প্ৰকাশিত প্ৰথম অসমীয়া ছপা পুথি ‘ধৰ্ম্মপুস্তক’ৰ প্ৰকাশৰ আঁৰৰ মূল ব্যক্তি আছিল৷ তেওঁৰ উদ্যোগতেই নগাঁৱৰ আত্মাৰাম শৰ্মাই ‘ধৰ্ম্মপুস্তক’ পুথিখন অনুবাদ কৰি অসমীয়া ভাষাত প্ৰকাশ কৰিছিল৷[1]

উইলিয়াম কেৰি

১৮৮৭ চনত জন ব্ৰাউন মায়াৰ্চৰ দ্বাৰা অংকন কৰা উইলিয়াম কেৰিৰ আলোকচিত্ৰ।
জন্ম ১৭ আগষ্ট, ১৭৬১
পলাৰ্চপ্যুৰি, ইংলেণ্ড
মৃত্যু ০৯ জুন, ১৮৩৪ (৭২ বছৰ)
শ্ৰীৰামপুৰ, পশ্চিমবঙ্গ
সহযোগী প্ৰথম (ডৰোথী প্লাকেট)

দ্বিতীয় (সাৰ্ল্ট ৰুউমোৰক)

তৃতীয় (গেৰ্স হগ্সক)
সন্তান ফেলিক্স কেৰী

জন্ম আৰু বাল্যকাল

সম্পাদনা কৰক

১৭৬১ চনৰ ১৭ আগষ্টত ইংলেণ্ডৰ নৰ্থিংটনশ্বাইৰৰ পালাইপুৰী গাঁৱৰ এটা দৰিদ্ৰ পৰিয়ালত উইলিয়াম কেৰিৰ জন্ম হয়। এলিজাবেথ আৰু এডমাণ্ড কেৰিৰ পাঁচটা সন্তানৰ ভিতৰত উইলিয়াম কেৰি আছিল ডাঙৰ। ছয় বছৰ বয়সত তেওঁৰ পিতৃয়ে তেওঁক স্থানীয় গীৰ্জা সম্প্ৰদায়ৰ কেৰাণী আৰু গাঁৱৰ স্কুল মাষ্টৰ হিচাপে নিযুক্তি দিয়ে। সৰুৰে পৰাই কেৰিৰ কৌতুহল মন এটা আছিল। উদ্ভিদ বিজ্ঞানৰ প্ৰতি কেৰিৰ তীব্ৰ আগ্ৰহ আছিল৷ ভাষা শিক্ষণৰ ক্ষেত্ৰতো তেওঁৰ আগ্ৰহ আছিল৷ তেওঁ সৰুৰে পৰা নিজাববীয়াকৈ লেটিন ভাষা শিকিবলৈ সক্ষম হৈছিল।[2]

১৭৭৭ চনত তেওঁ ক্লাৰ্ক নিকোলাছ নামৰ এজন ব্যক্তিৰ অধীনত নিজৰ বিদ্যায়তনিক শিক্ষা আৰম্ভ কৰে। তেওঁ স্থানীয় কলেজত পঢ়া গাঁৱৰ এজন মানুহৰ সহায়ত স্বেচ্ছাই গ্ৰীক ভাষা শিকিছিল। ১৭৭৯ চনত যেতিয়া তেওঁৰ প্ৰথম শিক্ষক নিকোলাছৰ মৃত্যু হয়, তেতিয়া কেৰিয়ে অন্য এজন ব্যক্তি থমাছ অল্ডৰ সৈতে কাম কৰিবলৈ যায়। ১৭৮১ চনত থমাছে অল্ডৰ ভনীয়েক ড’ৰথী প্লেকেটক বিয়া কৰায়। চেণ্ট জন দ্য বেপ্টিষ্ট চাৰ্চত তেওঁলোকৰ বিবাহ হয়। ড’ৰথী নিৰক্ষৰ আছিল। তেওঁলোকৰ মুঠ ৪ জন পুত্ৰ আৰু ২ গৰাকী কন্যা সন্তান আছিল। দুগৰাকী কন্যাৰ ডেকা অৱস্থাতে মৃত্যু হয়। তেওঁলোকৰ পুত্ৰ পিটাৰৰো পাঁচ বছৰ বয়সত মৃত্যু হয়। কেইদিনমানৰ ভিতৰতে যেতিয়া থমাছ অল্ডৰ মৃত্যু হয়, তেতিয়া কেৰিয়ে নিজৰ ব্যৱসায়ৰ সকলো দায়িত্ব ল’লে। এই সময়ছোৱাত তেওঁ হিব্ৰু, ইটালীয়, ডাচ আৰু ফৰাচী ভাষা শিকিছিল ৷[3]

বেপ্টিষ্ট মিছনেৰী ছ’চাইটি স্থাপন

সম্পাদনা কৰক

স্ব-শিক্ষিত কেৰিয়ে স্থানীয় মিছনেৰীসকলৰ সৈতে সম্পৰ্ক গঢ়ি তুলিছিল, আৰু মাজে মাজে স্থানীয় গীৰ্জাসমূহত ভাষণ দিবলৈ তেওঁক আমন্ত্ৰণ জনোৱা হৈছিল। সেই সময়ত কেৰি নতুনকৈ গঠিত স্থানীয় সংস্থা ষ্ট্ৰিক্ট বেপ্টিষ্টৰ কাৰ্য্যকলাপৰ সৈতে জড়িত হৈ পৰে। সেই সংঘত তেওঁ জন ৰিলেণ্ড, জন ছাটক্লিফ আৰু এণ্ড্ৰু ফিলাৰৰ দৰে মানুহক লগ পোৱাৰ সুযোগ পাইছিল। পিছলৈ কেৰিৰ লগত তেওঁলোকৰ ঘনিষ্ঠ বন্ধুত্ব গঢ় লৈ উঠিছিল। প্ৰায়ে দেওবাৰে তেওঁলোকে কেৰিক ওচৰৰ বাৰ্টন গাঁৱৰ গীৰ্জাত ধৰ্ম প্ৰচাৰ কৰিবলৈ মাতিছিল।<ref

১৭৮৫ চনত তেওঁ মল্টন স্কুলত শিক্ষকতাৰ চাকৰি লাভ কৰে।[5] এই চাকৰিৰ উপৰিও তেওঁ গীৰ্জাত বেপ্টিষ্ট প্ৰচাৰক হিচাপেও কাম কৰিছিল। এই সময়ছোৱাত তেওঁ গীৰ্জা আৰু বিদ্যালয়ৰ উৎসৰ পৰা বিভিন্ন কিতাপ পঢ়াৰ সুযোগ পাইছিল। এই সময়তে কেৰিয়ে সমগ্ৰ বিশ্বতে খ্ৰীষ্টান শুভবাৰ্তা প্ৰচাৰৰ বিষয়েও সচেতন হৈ উঠিছিল।[6] ১৭৮৯ চনত কেৰিক লেষ্টাৰৰ এটা সৰু বেপ্টিষ্ট গীৰ্জাৰ পূৰ্ণকালীন পাষ্টৰ হিচাপে নিযুক্তি দিয়া হয়। এই সময়ত তেওঁ জোতা বনোৱাৰ চাকৰি এৰি পূৰ্ণকালীনভাৱে মিছনেৰী কাম আৰম্ভ কৰে। ইয়াৰ তিনি বছৰৰ পাছত ১৭৯২ চনত তেওঁ ‘এন ইনকুৱাৰী ইনটু দ্য অবলিগেচনছ অৱ খ্ৰীষ্টানছ টু ইউজ মিন্স ফৰ দ্য কনভাৰ্চন অৱ দ্য হেথেনছ’ নামৰ এখন ঐতিহাসিক মিছনেৰী ইস্তাহাৰ প্ৰকাশ কৰে।[7] এই চুটি গ্ৰন্থখন পাঁচটা খণ্ডত বিভক্ত কৰা হৈছিল। ১৭৯২ চনৰ অক্টোবৰ মাহত কেৰিয়ে এণ্ড্ৰু ফিলাৰ, জন ৰাইলেণ্ড, জন ছাটক্লিফক চাৰ্টাৰ আদিক সদস্য হিচাপে লৈ পাৰ্টিকুলাৰ বেপ্টিষ্ট ছ'চাইটি ফৰ প্ৰপাগেটিং দ্য গছপেল এমং দ্য হেথেনছ (বৰ্তমান বিএমএছ ৱৰ্ল্ড মিছন) গঠন কৰে৷[8]

ভাৰতলৈ আগমন

সম্পাদনা কৰক

১৭৯৩ চনৰ ১৩ জুন তাৰিখে কেৰিয়ে ভাৰতলৈ আহিবলৈ যাত্ৰা আৰম্ভ কৰে। ইংৰাজী জাহাজত উঠি ডাঙৰ পুত্ৰ ফেলিক্স, পত্নী আৰু কন্যা থমাছক লৈ কেৰীয়ে লণ্ডন এৰি থৈ ভাৰতলৈ আহে। ড’ৰথী কেৰিয়ে প্ৰথমে তেওঁলোকৰ লগত যাবলৈ অস্বীকাৰ কৰিছিল। কাৰণ সেই সময়ত কেৰীৰ চতুৰ্থ পুত্ৰ ড’ৰথীৰ গৰ্ভত আছিল। মাত্ৰ ৩১ বছৰ বয়সত উইলিয়াম কেৰি ভাৰতলৈ আহিছিল। তেওঁ কলিকতাত উপস্থিত হৈ স্থানীয় ৰাইজৰ সৈতে পোনপটীয়াকৈ যোগাযোগৰ স্বাৰ্থত ৰাম ৰাম বসুৰ পৰা বাংলা শিকিবলৈ আৰম্ভ কৰিলে। এই সময়ছোৱাতে তেওঁ বাংলা ভাষাত বাইবেলৰ নতুন নিয়ম অনুবাদৰ প্ৰথম সংস্কৰণৰ কাম সম্পূৰ্ণ কৰে।[9]

১৭৯৬ চনত তেওঁৰ ৫ বছৰীয়া পুত্ৰ পিটাৰৰ ডিচেণ্ট্ৰি ৰোগত আক্ৰান্ত হৈ মৃত্যু হয়। ইয়াৰ বাবেই তেওঁৰ পত্নীৰ স্নায়ু বিকাৰৰ সৃষ্টি হয় আৰু অৱশেষত ১৮০৭ খ্ৰীষ্টাব্দত এই ৰোগত আক্ৰান্ত হৈ পত্নীৰো মৃত্যু হয়। একেটা বছৰতে তেওঁ এছিয়াটিক ছ’চাইটি অৱ বেংগলৰ সদস্য হৈ পৰে।উদ্ধৃতি ত্ৰুটি: </ref> বন্ধ কৰা হৈছে; <ref> টেগৰ বাবে পোৱা নাই

১৮০৯ চনত তেওঁ বাংলা ভাষালৈ বাইবেলৰ সম্পূৰ্ণ অনুবাদ সম্পূৰ্ণ কৰে। আৰু ১৮১১ চনত তেওঁৰ নতুন নিয়মৰ মাৰাঠী অনুবাদ প্ৰকাশ কৰে। ১৮১২ চনৰ ১১ মাৰ্চৰ সন্ধিয়া তেওঁৰ দ্বাৰা প্ৰতিষ্ঠিত শ্ৰীৰামপুৰ ছপাশালত অগ্নিকাণ্ড সংঘটিত হয়। এই অগ্নিকাণ্ডত টাইপৰাইটাৰ, কপি, কিতাপকে ধৰি বহুতো মূল্যৱান সম্পদ সম্পূৰ্ণৰূপে ধ্বংস হয়। লোকচানৰ পৰিমাণ আছিল প্ৰায় ১ লাখ ৩৩ হাজাৰ টকা। এই বছৰতে প্ৰথমবাৰৰ বাবে কেৰিৰ "ইতিহাছ মালা" নামৰ গ্ৰন্থখন প্ৰকাশ পাইছিল। এই গ্ৰন্থখনত বিভিন্ন স্থানৰ ১৪৮টা গল্পৰ প্ৰায় ১৫০ টা শিৰোনাম ছপা কৰা হৈছে।

১৮১৪ চনত তেওঁ ভাৰতৰ জনসাধাৰণৰ বাবে বিজ্ঞান শিক্ষাৰ প্ৰস্তাৱ (Plan for instructing native inhabitants of India in European Sciences) চৰকাৰৰ ওচৰত দাখিল কৰে। আৰু ১৮১৫ চনত তেওঁৰ পাঞ্জাবী ভাষালৈ অনুবাদ নতুন নিয়ম প্ৰকাশ পায়। আৰু ১৮১৭ চনত থলুৱা ছাত্ৰ-ছাত্ৰীৰ মাজত গ্ৰন্থৰ অভাৱ পূৰণৰ বাবে কলিকতা স্কুল বুক ছ’চাইটি প্ৰতিষ্ঠা কৰে৷ তেওঁৰ নেতৃত্বতে ১৮১৮ চনত "দিকদৰ্শন" নামৰ এখন মাহেকীয়া আলোচনী, "সমাচৰ দৰ্পন" নামৰ সাপ্তাহিক বাংলা কাকত আৰু ১৮২১ চনত "ভাৰতৰ বন্ধু" নামৰ ইংৰাজী সাপ্তাহিক কাকত প্ৰকাশ পায়। ১৮১৮ চনত শ্ৰীৰামপুৰ মহাবিদ্যালয় স্থাপিত হয়।

কেৰিয়ে বিদ্যালয়-মহাবিদ্যালয়ৰ বাবে পাঠ্যপুথি প্ৰস্তুত কৰাৰ কামো সমাপন কৰে। ভাৰতত নাৰী শিক্ষাৰ প্ৰৱৰ্তনৰ বাবে ইংলেণ্ডত জনসাধাৰণৰ দৃষ্টি আকৰ্ষণ কৰাত আৰু সতী জ্বলোৱাৰ প্ৰথাৰ বিৰুদ্ধে তেওঁ বিশেষভাৱে সক্ৰিয় আছিল। ১৮২০ চনত এই বছৰ কেৰিৰ দ্বিতীয় পত্নী চাৰ্লটৰ মৃত্যু হয়। ১৮২২ চনত তেওঁৰ জীৱনত দুটা ডাঙৰ ঘটনা সংঘটিত হয়। এইটো বছৰতে তেওঁৰ পুত্ৰ ফেলিক্স কেৰিক হেৰুৱাইছিল আৰু তেওঁৰ প্ৰস্তুত কৰি থকা ১৩টা প্ৰধান ভাৰতীয় ভাষাৰ ইউনিভাৰ্চেল ডিকচনেৰীখন জুইত সম্পূৰ্ণৰূপে ধ্বংস হৈছিল। ১৮২৫ খ্ৰীষ্টাব্দত তেওঁ বাংলা-ইংৰাজী অভিধান প্ৰস্তুত কৰে।

১৮৩৪ চনৰ ৯ জুন তাৰিখে ৭৩ বছৰ বয়সত উইলিয়াম কেৰিৰ মৃত্যু হয়। তেওঁক শ্ৰীৰামপুৰ বেপ্টিষ্ট মিছনেৰী কবৰস্থানত সমাধিস্থ কৰা হৈছে।

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. The Legacy of William Carey: A Model for the Transformation of a Culture. 1999. ISBN 978-1-58134-112-6. https://archive.org/details/legacyofwilliamc0000mang. 
  2. Beck, James R. Dorothy Carey: The Tragic and Untold Story of Mrs. William Carey. Grand Rapids: Baker Book House, 1992.
  3. "Glimpses #45: William Carey's Amazing Mission". Christian History Institute. Archived from the original on 4 April 2005. https://archive.today/20050404040813/http://chi.gospelcom.net/GLIMPSEF/Glimpses/glmps045.shtml। আহৰণ কৰা হৈছে: 14 October 2024. 
  4. Carey, William. An Enquiry into the Obligations of Christians to Use Means for the Conversion of the Heathens. Leicester: A. Ireland, 1791.
  5. Murray, Iain. The Puritan Hope: Revival and the Interpretation of Prophecy. Edinburgh: Banner of Truth Trust, 1971.
  6. F. Deaville Walker, William Carey. Missionary Pioneer and Statesman (1925 ed.; repr. Chicago: Moody Press, n.d.), 54, n.1. See the recent discussion of this event by Brian Stanley, The History of the Baptist Missionary Society 1792–1992 (Edinburgh: T & T Clark, 1992), 6-7.
  7. Marshman, Joshua Clark. Life and Times of Carey, Marshman and Ward Embracing the History of the Serampore Mission. 2 vols. London: Longman, 1859.
  8. Nicholls, Bruce J. "The Theology of William Carey." In Evangelical Review of Theology 17 (1993): 372.
  9. Potts, E. Daniels. British Baptist Missionaries in India 1793–1837: The History of Serampore and its Missions. Cambridge: University Press, 1967.

প্ৰসঙ্গ পুথি

সম্পাদনা কৰক