উকাহ
উকাহ[1] (ইংৰাজী: Grey-headed Fish Eagle, বৈজ্ঞানিক নাম-Ichthyophaga ichthyaetus) এবিধ ঈগল জাতীয় মাংসভোজী চৰাইৰ প্ৰজাতি। অন্যান্য ঈগলৰ প্ৰজাতি সমূহৰ দৰেই ইয়ো Accipitridae পৰিয়ালৰ অন্তৰ্ভুক্ত।
উকাহ (Grey-headed Fish Eagle) | |
---|---|
![]() | |
অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এটা উকাহ | |
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Aves |
বৰ্গ: | Accipitriformes |
পৰিয়াল: | Accipitridae |
গণ: | Ichthyophaga |
প্ৰজাতি: | I. ichthyaetus |
বৈজ্ঞানিক নাম | |
Ichthyophaga ichthyaetus (Horsfield, 1821) |
বিৱৰণসম্পাদনা কৰক
উকাহৰ দেহৰ আকাৰ তুলনামূলকভাৱে ডাঙৰ। ইয়াৰ দৈৰ্ঘ্য প্ৰায় ৭০-৭৫ ছে:মি: হোৱা দেখা যায়। পূৰ্ণবয়স্ক উকাহৰ ডেউকা গাঢ় মটীয়া, মূৰ অংশ মুগা আৰু বুকু মাখন বৰণীয়া হয়। তলৰ পেট আৰু নেজ বগা আৰু নেজত দীঘলীয়া আঁচ থাকে।
উকাহৰ মতা-মাইকী উভয়ে দেখাত একে। অৱশ্যে পোৱালি অৱস্থাত ইয়াৰ মূৰ শেঁতা বগা আৰু পেট অংশ গাঢ় হোৱা দেখা যায়।
বিতৰণসম্পাদনা কৰক
উকাহে সাধাৰণতে ভাৰত উপমহাদেশ আৰু দক্ষিণ-পূব এছিয়াত প্ৰজনন কৰে। ইয়াক প্ৰধানকৈ ভাৰত, নেপাল, শ্ৰীলংকা, বাংলাদেশ, ম্যানমাৰ, ফিলিপাইনছ, থাইলেণ্ড,লাওছ, ভিয়েটনাম, কম্বোডিয়া,মালয়েছিয়া, চিংগাপুৰ, ব্ৰুনেই, ইণ্ডোনেছিয়া আদি দেশত দেখা পোৱা যায়। [2]
বাসস্থানসম্পাদনা কৰক
সোঁত কম থকা নৈ-বিল, জান-জুৰি, হ্ৰদ আদিৰ কাষৰীয়া বনাঞ্চলত উকাহ দেখা পোৱা যায়।
আচৰণসম্পাদনা কৰক
খাদ্যসম্পাদনা কৰক
ই প্ৰধানকৈ জলাশয় সমূহৰ পৰা মাছ চিকাৰ কৰি খাই জীয়াই থাকে। [3]
প্ৰজননসম্পাদনা কৰক
উকাহে সাধাৰণতে বনাঞ্চলৰ আশে পাশে বাস কৰে। ই জলাশয়ৰ পাৰৰ গছৰ ওখ ডালত ডালি আৰু পাত আদিৰে বাহ সাজে। এবাৰত ই চাৰিটাকৈ কণী পাৰে বুলি জনা যায়।
স্থিতি তথা সংৰক্ষণসম্পাদনা কৰক
উকাহ সমগ্ৰ বিশ্বৰ বিভিন দেশত বহুলভাৱে বিস্তৃত যদিও স্থানীয় ভাৱে ইয়াৰ জনসংখ্যা ক্ৰমাৎ হ্ৰাস পাই আহিব ধৰিছে। ইয়াৰ প্ৰধান কাৰণ হ'ল ইয়াৰ বাসস্থান ধ্বংস, প্ৰদূষণ তথা অত্যধিক মাছ ধৰা কাৰ্য্য। সেয়েহে ইয়াৰ বৰ্তমানৰ স্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ইয়াক আই. ইউ. চি. এন. এ সংকট আসন্ন (Near Threatened) প্ৰজাতিৰ অন্তৰ্ভুক্ত কৰিছে।
তথ্যসূত্ৰসম্পাদনা কৰক
- ↑ ↑ N.N. Dutta et al, Annals of Biological Research, 2011, 2 (5):374-384
- ↑ BirdLife International (2013) Species factsheet: Ichthyophaga ichthyaetus. Downloaded from http://www.birdlife.org on 11/05/2013.
- ↑ BirdLife International (2013) Species factsheet: Ichthyophaga ichthyaetus. Downloaded from http://www.birdlife.org on 11/05/2013.
- BirdLife International (2004). Ichthyophaga ichthyaetus. 2006. IUCN Red List of Threatened Species. "IUCN" 2006. www.iucnredlist.org. Retrieved on 11 May 2006. Database entry includes a brief justification of why this species is near threatened
- Grimmett, Richard; Inskipp, Carol, Inskipp, Tim & Byers, Clive (1999): Birds of India, Pakistan, Nepal, Bangladesh, Bhutan, Sri Lanka, and the Maldives. Princeton University Press, Princeton, N.J.. ISBN 0-691-04910-6