উত্তৰ লখিমপুৰ মহাবিদ্যালয় (স্বায়ত্বশাসিত)
উত্তৰ লখিমপুৰ মহাবিদ্যালয় (স্বায়ত্ত্বশাসিত) (ইংৰাজী: North Lakhimpur College (Autonomous)) লখিমপুৰ (পূৰ্বৰ লক্ষ্মীমপুৰ) জিলাৰ সদৰৰ সমীপৱৰ্তী খেলমাটিত অৱস্থিত এখনি স্বায়ত্ত-শাসিত মহাবিদ্যালয়। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনস্থ, মহাবিদ্যালয়খনি ১৯৫২ চনত স্থাপিত হৈছিল। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ এক বিস্তীৰ্ণ অঞ্চলত উচ্চশিক্ষাৰ ধাৰাৰ সূচনাত এই মহাবিদ্যালয়ৰ বৰঙণি অনস্বীকাৰ্য। মহাবিদ্যালয়খন ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যাপন পৰিষদ (National Assessment and Accreditation Council)ৰ মূল্যাংকনত ৩.০৮ মানেৰে "এ" শ্ৰেণীৰ মহাবিদ্যালয় ৰূপে স্বীকৃত।[1][2]২০১৩ চনৰ ৩০ মে'ত উত্তৰ লখিমপুৰ মহাবিদ্যালয়ক বিশ্ববিদ্যালয় অনুদান আয়োগৰ পৰা স্বায়ত্ত-শাসিত মহাবিদ্যালয়ৰ স্বীকৃতি প্ৰদান কৰা হয়। উল্লেখনীয় যে, এই মহাবিদ্যালয়েই বিশ্ববিদ্যালয় অনুদান আয়োগৰ দ্বাৰা স্বায়ত্ত-শাসিত মহাবিদ্যালয়ৰ স্বীকৃতি প্ৰাপ্ত অসমৰ প্ৰথমখন মহাবিদ্যালয়।[3][4]
নৰ্থ লখিমপুৰ কলেজ (স্বায়ত্ত্বশাসিত) | |
---|---|
উত্তৰ লখিমপুৰ মহাবিদ্যালয় (স্বায়ত্ত্বশাসিত) | |
![]() নৰ্থ লখিমপুৰ কলেজৰ প্ৰতীক | |
মূলমন্ত্ৰ | आऩो भद्रा: क्रतवो यन्तु बिश्वत: |
স্থাপিত | ১৯৫২ |
অধ্যক্ষ | ড॰ বিমান চন্দ্ৰ চেতিয়া |
স্থান | উত্তৰ লখিমপুৰ, অসম, ভাৰত |
উপনাম | NL COLLEGE |
ৱেবছাইট | http://www.nlc.ac.in/ |

ইতিহাস সম্পাদনা কৰক
নৰ্থ লখিমপুৰ কলেজ উজনি অসমৰ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰবৃহত্তৰ অঞ্চলৰ সকলোতকৈ পুৰণি আৰু অগ্ৰণী উচ্চ শিক্ষা অনুষ্ঠান। অসমৰ এক অন্যতম পিছপৰা আৰু ভিতৰুৱা অঞ্চল হিচাপে পৰিচিত উত্তৰ লখিমপুৰত ১৯৫২ চনৰ ৩ জুলাই তাৰিখে নৰ্থ লখিমপুৰ কলেজ স্থাপিত হৈছিল। এই বিশাল অঞ্চলৰ কেইবাজনো দূৰদৰ্শী আৰু সমাজহিতৈষী ব্যক্তিৰ সপোন আৰু প্ৰচেষ্টাৰ ফচল হ'ল নৰ্থ লখিমপুৰ কলেজ।
দৰ্শন সম্পাদনা কৰক
মহাবিদ্যালয়খনৰ মূল মন্ত্ৰ আৰু উদ্দেশ্য হৈছে আধুনিক শিক্ষা আৰু জ্ঞানৰ আলোকেৰে মানৱ সম্পদৰ বিকাশ সাধন। শিক্ষাৰ্থীক প্ৰতিযোগিতামূলক পৃথিৱীত আগবাঢ়ি যাব পৰাকৈ সময়োপযোগী উচ্চ মানসম্পন্ন শিক্ষা প্ৰদানৰ সমান্তৰাল ভাৱে সমাজ জীৱনৰ সকলো স্তৰতে শিক্ষাৰ্থীসকলক সামাজিক কৰ্তব্য আৰু দায়িত্ববোধ সম্পন্ন মানৱ সম্পদ হিচাপে গঢ়ি তুলিবলৈ প্ৰচেষ্টা চলোৱা হয়। ছাত্ৰ-ছাত্ৰীৰ সৰ্বাঙ্গীণ শৈক্ষিক আৰু বৌদ্ধিক বিকাশৰ প্ৰতি মহাবিদ্যালয়খনি দায়বদ্ধ। বহু সীমাবদ্ধতাৰ মাজতো সেয়ে মহাবিদ্যালয়খনি শিক্ষাৰ্থী আৰু শিক্ষকৰ সমন্বয়েৰে সম্ভৱপৰ সকলো উপাদানেৰে বিকাশৰ আৰু উন্নত ভৱিষ্যতৰ মূলনীতিৰে পৰিচালিত হৈ আহিছে।
শৈক্ষিক সম্পাদনা কৰক
পাঠ্যক্ৰমসমূহ সম্পাদনা কৰক
মহাবিদ্যালয় খনে কলা আৰু বিজ্ঞান বিভাগত উচ্চতৰ মাধ্যমিক আৰু স্নাতক পৰ্যায়ৰ পাঠ্যক্ৰমৰ শিক্ষা প্ৰদান কৰে। ইয়াৰ উপৰিও মহাবিদ্যালয় খনত আন কিছুমান বৃত্তিমুখী পাঠ্যক্ৰমৰো ব্যৱস্থা আছে, বৰ্তমান মহাবিদ্যালয়খনত তলত দিয়া পাঠ্যক্ৰমসমূহৰ শিক্ষা প্ৰদান কৰা হয়
- উচ্চতৰ মাধ্যমিক (কলা আৰু বিজ্ঞান)
- স্নাতক (কলা আৰু বিজ্ঞান)
- স্নাতকোত্তৰ ( অসমীয়া, ৰাজনীতি বিজ্ঞান, অনুবিদুৎ বিভাগ, ৰাসায়নিক বিজ্ঞান )
- কম্পিউটাৰ বিজ্ঞানৰ স্নাতক (বি.চি.এ.)
- পি জি ডিপ্লমা পাঠ্যক্ৰম
- ইউ জি ডিপ্লমা পাঠ্যক্ৰম
- চাৰ্টিফিকেট পাঠ্যক্ৰম
- মানৱ অধিকাৰ পাঠ্যক্ৰমৰ ডিপ্লমা
- ইলেকট্ৰনিকচ সামগ্ৰীৰ মেৰামতিৰ ডিপ্লমা
- হাৰবেল প্লেনটেচনৰ ডিপ্লমা
- কম্পিউটাৰত অসমীয়া ভাষাৰ প্ৰয়োগ সম্পৰ্কীয় ছমহীয়া পাঠ্যক্ৰম
- ফাউণ্ডেশ্যন পাঠ্যক্ৰম
- ইউ জি চি কেৰিয়াৰমুখী পাঠ্যক্ৰম[5]
এইসমূহৰ উপৰিও মহাবিদ্যালয় খনত ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় আৰু কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ যোগেদি আগবঢ়োৱা বিভিন্ন পাঠ্যক্ৰমৰো শিক্ষা গ্ৰহণ কৰাৰ সুবিধা আছে।
শৈক্ষিক বিভাগসমূহ সম্পাদনা কৰক
কলা:
|
বিজ্ঞান:
|
মহাবিদ্যালয়ৰ সুবিধাসমূহ সম্পাদনা কৰক
- গ্ৰন্থাগাৰ
- প্ৰকাশন
- কেৰিয়াৰ কাউন্সেলিং
- প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰশিক্ষণ
- ছাত্ৰাবাস
- নৱ ছাত্ৰাবাস
- সৌৰভ কুমাৰ চলিহা ছাত্ৰাবাস
- ছাত্ৰীনিবাস
- ইন্দিৰামিৰি ছাত্ৰীনিৱাস
- মামণি ৰয়ছম গোস্বামী ছাত্ৰীনিবাস
- শৰীৰ চৰ্চা কেন্দ্ৰ
- খেলপথাৰ
- অসমীয়া, ইংৰাজী, হিন্দী ভাষাত ডিটিপি শিকাৰ পাঠ্যক্ৰম
অধ্যক্ষসকল সম্পাদনা কৰক
বৰ্তমান অধ্যক্ষ সম্পাদনা কৰক
ড॰ বিমান চন্দ্ৰ চেতিয়া, এম.এচ.চি.,এম. ফিল, পি.এইচ.ডি.(ফেব্ৰুৱাৰী, ২০১২ৰ পৰা বৰ্তমানলৈ)
পূৰ্বৰ অধ্যক্ষসকল সম্পাদনা কৰক
- ম: নাচিম আলি হাজৰিকা, এম.এ., এল.এল.বি. (১৯৫২ - ১৯৫৪)
- ড॰বিশ্বনাৰায়ণ শাস্ত্ৰী, এম.এ., পি.এইচ.ডি. (১৯৫৪ - ১৯৫৮)
- যোগানন্দ বৰগোহাঞি, এম.এ. (১৯৫৮ - ১৯৮৫)
- লাৱণ্য চৰণ ডেকা, এম.এ., এল.এল.বি. (ভাৰপ্ৰাপ্ত) (১৯৮৫ - ১৯৮৬)
- হৰেন্দ্ৰ দেৱ গোস্বামী, এম.এ. (ভাৰপ্ৰাপ্ত) (১৯৮৬ - ১৯৮৯)
- হেমেন্দ্ৰ কুমাৰ গগৈ, এম.এচ.চি., এম.ফিল. (১৯৮৯ - ২০০১)
- দিব্যজ্যোতি ফুকন, এম.এ. (ভাৰপ্ৰাপ্ত) (মাৰ্চ,২০০১ - চেপ্তেম্বৰ,২০০১)
- তিলক চন্দ্ৰ বৰুৱা, এম.এচ.চি., এম.ফিল. (ভাৰপ্ৰাপ্ত) (অক্টোবৰ,২০০১ – জুলাই,২০০৪)
- ড॰ যোগদা ফুকন, এম.এ., পি.এইচ.ডি., (ভাৰপ্ৰাপ্ত) (আগষ্ট,২০০৪ - চেপ্তেম্বৰ,২০০৪)
- অচ্যুত চন্দ্ৰ মহন্ত, এম.এ. (ভাৰপ্ৰাপ্ত) (নবেম্বৰ,২০০৪ - জুলাই,২০০৫)
- ড॰ সূৰ্যভূষণ পাণ্ডু, এম.এচ.চি., পি.এইচ.ডি., FISPP (আগষ্ট,২০০৫ - ডিচেম্বৰ,২০০৫)
- ড॰ বুধীন বৰুৱা, এম.এচ.চি., পি.এইচ.ডি. (জানুৱাৰী,২০০৬ - ডিচেম্বৰ,২০১১)
কলেজ প্ৰকাশন সম্পাদনা কৰক
নৰ্থ লখিমপুৰ কলেজৰ নিজা প্ৰকাশন আছে। ২০০১ চনত এই প্ৰকাশনৰ শুভাৰম্ভ হয়। প্ৰথমখন প্ৰকাশিত কিতাপ আছিল অঞ্জন কুমাৰ ওজাৰ দ্বাৰা প্ৰকাশিত সাহিত্য সমালোচনা তত্ত্ব[6] বৰ্তমানলৈকে কলেজ প্ৰকাশনৰপৰা প্ৰকাশিত কিতাপবোৰ হ’ল- সাহিত্য সমালোচনা তত্ত্ব (২০০১), সোণালী চিন্তা (২০০২), সোণোৱালী দিনবোৰ যেন (২০০২), সমাজ-সাহিত্য-সংস্কৃিত (২০১১), মহাত্মা গান্ধীঃ জীৱন আৰু দৰ্শন (২০১২), গোলাপ শৰ্মা (২০১২), অসমীয়া চুটিগল্পৰ গতি-প্ৰকৃতি (২০১৩), মানৱ অধিকাৰ (২০১৩), নতুনৰ কবিতা (২০১৩), Germination of Seed of Entrepreneurship among College Students (২০১৩), কাৰাবন্দীৰ এজাক কুঠৰীৰ এজাক পোহৰ (২০১৩), বিশ্বাস, অবিশ্বাস, অন্ধবিশ্বাস (২০১৪), সময়ৰ সংশ্লেষ (২০১৪), অসমীয়া সাহিত্যৰ চানেকীঃ পাঠ আৰু আলোচনা (২০১৫), উত্তৰণত নাৰী (২০১৫), ৰজনীগন্ধা (২০১৫), লেখক (২০১৬), ৰমন্যাসবাদৰ পটভূমি (২০১৬), অসমীয়া বিয়ানাম (২০১৭), ভাৰতীয় ধৰ্মনিৰপেক্ষতা (২০১৭), লক্ষ্মীমপুৰৰ ভূগোল (২০১৮), সাহিত্য সমালোচনা (২০১৯), দৃষ্টিকোণঃ ভাষা সাহিত্য সংস্কৃতি (২০১৯) আদি।
লগতে চাওক সম্পাদনা কৰক
তথ্যসূত্ৰ সম্পাদনা কৰক
- ↑ "nlcollege.org: মহাবিদ্যালয়খনৰ ৱেবছাইট, আহৰণ কৰা তাৰিখঃ ২১-০২-২০১২". Archived from the original on 2018-07-08. https://web.archive.org/web/20180708115332/http://www.nlcollege.org/। আহৰণ কৰা হৈছে: 2012-01-21.
- ↑ http://web3.kar.nic.in/naac_accredit/NAAC_accreditationlist.aspx Archived 2012-01-30 at the Wayback Machine, search criteria: colleges, accredited colleges in: Assam, Cycle: 2, আহৰণ কৰা তাৰিখঃ ২২-০১-২০১২
- ↑ http://www.assamtribune.com/scripts/detailsnew.asp?id=jun2113/state06 Archived 2014-07-16 at the Wayback Machine বিশ্ববিদালয় অনুদান আয়োগৰ দ্বাৰা নৰ্থ লখিমপুৰ কলেজলৈ স্বায়ত্ত-শাসিত মহাবিদ্যালয়ৰ স্বীকৃতি; দ্য আসাম ট্ৰিবিউন, আহৰণৰ তাৰিখ: ২১-০৬-২০১৩
- ↑ http://www.amarasom.glpublications.in/Details.aspx?id=13662&boxid=114957921 Archived 2014-08-08 at the Wayback Machine বিশ্ববিদালয় অনুদান আয়োগৰ দ্বাৰা নৰ্থ লখিমপুৰ কলেজলৈ স্বায়ত্ত-শাসিত মহাবিদ্যালয়ৰ স্বীকৃতি; আমাৰ অসম, আহৰণৰ তাৰিখ: ০৩-০৬-২০১৩
- ↑ "nlcollege.org: মহাবিদ্যালয়খনৰ ৱেবছাইট, আহৰণ কৰা তাৰিখঃ ২১-০২-২০১২". Archived from the original on 2018-07-08. https://web.archive.org/web/20180708115332/http://www.nlcollege.org/। আহৰণ কৰা হৈছে: 2012-01-21.
- ↑ অৰবিন্দ ৰাজখোৱা (২০১৭). গ্ৰন্থ সৌৰভ. লখিমপুৰ গ্ৰন্থ উৎসৱ, ২০১৭. পৃষ্ঠা. ১০৭.
বাহ্যিক সংযোগ সম্পাদনা কৰক
ৱিকিমিডিয়া কমন্সত নৰ্থ লখিমপুৰ কলেজ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- আধিকাৰিক ৱেবছাইট
- মহাবিদ্যালয়ৰ ভৌগোলিক স্থানাংক (অক্ষাংশ আৰু দ্ৰাঘিমাংশ):
স্থানাংক: 27°13′50.12″N 94°05′25.06″E / 27.2305889°N 94.0902944°E