হেমেন্দ্ৰ কুমাৰ গগৈ
এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
হেমেন্দ্ৰ কুমাৰ গগৈ (১৯৪০-২০২০) একাধাৰে অধ্যাপক, গল্পকাৰ, ঔপন্যাসিক, প্ৰবন্ধ লেখক, সমালোচক আৰু নাট্যকাৰ। তেওঁ নৰ্থ লখিমপুৰ কলেজৰ অধ্যক্ষৰূপে কৰ্মজীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে। নৰ্থ লখিমপুৰ কলেজৰ বিজ্ঞান শাখাৰ প্ৰতিষ্ঠাপক হিচাপেও তেওঁৰ সুকীয়া পৰিচয় আছে। লখিমপুৰ জিলাৰ সাহিত্য-সংস্কৃতিৰ ক্ষেত্ৰখনক বৌদ্ধিক নেতৃত্ব প্ৰদান কৰি অহা ব্যক্তিসকলৰ ভিতৰত অন্যতম।[1] তেখেতৰ মৃত্যু হয় ২০২০ চনৰ ১ মাৰ্চ তাৰিখে।
হেমেন্দ্ৰ কুমাৰ গগৈ | |
---|---|
জন্ম | ১১ নৱেম্বৰ, ১৯৪০ ঢকুৱাখনা, কোঁৱৰ গাঁও |
মৃত্যু | ১ মাৰ্চ, ২০২০ (৭৯ বছৰ) লখিমপুৰ |
পেচা | অধ্যাপক, নাট্যকাৰ, গল্পকাৰ, ঔপন্যাসিক, সমালোচক |
ভাষা | অসমীয়া |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
নাগৰিকত্ব | ভাৰতীয় |
শিক্ষা | এম.এ, এম. ফিল, পি.এইচ.ডি |
ধৰণ | অসমীয়া সাহিত্য |
জন্ম
সম্পাদনা কৰকহেমেন্দ্ৰ কুমাৰ গগৈৰ জন্ম হয় ১৯৪০ চনত, ঢকুৱাখনা কোঁৱৰ গাঁৱত। পিতৃৰ নাম কুলনাথ গগৈ আৰু মাতৃৰ মান লক্ষ্যপ্ৰভা গগৈ।
শিক্ষা
সম্পাদনা কৰকহেমেন্দ্ৰ কুমাৰ গগৈয়ে প্ৰাথমিক শিক্ষা লাভ কৰে ঢকুৱাখনা চৰকাৰী মজলীয়া বিদ্যালয়ত। তেখেতে ১৯৪৯ চনত উত্তৰ লখিমপুৰ মহকুমাৰ পৰা প্ৰথম স্থান অধিকাৰ কৰি প্ৰাইমেৰী বৃত্তি লাভ কৰে। ১৯৫২ চনত এই মহাবিদ্যালয়ৰ পৰাই অসমৰ ভিতৰত প্ৰথম স্থান অধিকাৰ কৰি মজলীয়া পৰীক্ষাত উত্তীৰ্ণ হয়। তাৰ পাছত তেওঁ ১৯৫৯ চনত হায়াৰছেকেণ্ডৰী পঢ়িবলৈ যায় কটন কলেজলৈ।
বৈবাহিক জীৱন
সম্পাদনা কৰকতেওঁৰ পত্নীৰ নাম-চন্দ্ৰপ্ৰভা গগৈ। প্ৰথম সন্তানৰ নাম সংগীতা গগৈ। দ্বিতীয় সন্তানৰ নাম সৌৰভ কুমাৰ গগৈ (মৃত্যু-২০১১) আৰু তৃতীয় সন্তানৰ নাম লোপামুদ্ৰা গগৈ।[2]
কৰ্মজীৱন
সম্পাদনা কৰক১৯৬৬ চনৰ জুলাই মাহত নৰ্থ লখিমপুৰ কলেজৰ বিজ্ঞান শাখাৰ প্ৰতিষ্ঠাপক অধ্যাপক হিচাপে যোগদান কৰি ১৯৮৯ চন পৰ্যন্ত পদাৰ্থ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰে। তাৰ পাছত ১৯৮৯ চনৰ পৰা ২০০১ চনলৈকে নৰ্থ লখিমপুৰ কলেজৰ অধ্যক্ষৰ পদত অধিষ্ঠিত হয়।[3][4]
সাহিত্যৰাজি
সম্পাদনা কৰকউপন্যাস
সম্পাদনা কৰক- উৰিবৰ বাবে, ১৯৭১ চনত 'নীলাচল'ত প্ৰকাশিত
নাটক
সম্পাদনা কৰক- ভিতৰি নেৰিবা বেথা
- হেমি ল'জত ইলেকচন কেম্পেইন
- এক, দুই, তিনি
- দান
- বিহমেটেকা
- সোণৰ আঙঠি
- স্বৰ্গাৰোহণ
- স্বপ্নশেষ
- নেপথ্য সংলাপ
- চোৰ
- ঠিকনা
প্ৰবন্ধ সংকলন
সম্পাদনা কৰক- তাপ-বিজ্ঞান, পদাৰ্থ বিজ্ঞান বিষয়ক পাঠ্য-পুথি, ১৯৭৫
গল্পপুথি
সম্পাদনা কৰক- আবেলি (প্ৰথম প্ৰকাশ-১৯৯২)
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ হেমেন্দ্ৰ কুমাৰ গগৈ, সম্পাদক- অৰবিন্দ ৰাজখোৱা, উদয় গগৈ আৰু হেমন্ত শৰ্মা, দত্ত প্ৰকাশন, প্ৰথম প্ৰকাশ, ২০১১
- ↑ হেমেন্দ্ৰ কুমাৰ গগৈ, দত্ত প্ৰকাশন, প্ৰথম প্ৰকাশ, ২০১১
- ↑ the assam tribune, 11,03, 2020, page no 3
- ↑ হেমেন্দ্ৰ কুমাৰ গগৈ, দত্ত প্ৰকাশন, প্ৰথম প্ৰকাশ, ২০১১
প্ৰসঙ্গ পুথি
সম্পাদনা কৰক- হেমেন্দ্ৰ কুমাৰ গগৈ, সম্পাদক- অৰবিন্দ ৰাজখোৱা, উদয় গগৈ আৰু হেমন্ত শৰ্মা, দত্ত প্ৰকাশন, প্ৰথম প্ৰকাশ, ২০১১
- হেমেন্দ্ৰ কুমাৰ গগৈ ৰচনা সমগ্ৰ, নৰ্থ লখিমপুৰ কলেজ প্ৰকাশন, প্ৰথম প্ৰকাশ, ২০১৮, সম্পাদক-অৰবিন্দ ৰাজখোৱা, হেমন্ত শৰ্মা