উপেন্দ্ৰচন্দ্ৰ লেখাৰু (ইংৰাজী: Upendra Chandra Lekharu; ১৯০৫–১৯৭৯) এজন সাহিত্যিক, শিক্ষাবিদ, প্ৰবন্ধকাৰ আৰু অধ্যাপক আছিল। তেওঁ অসমীয়া সাহিত্য-সংস্কৃতিলৈ বিভিন্ন লিখনিৰ যোগেদি বৰঙণি আগবঢ়াই গৈছে। তেওঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ তথা বৈষ্ণৱ ধৰ্মৰ বহুল প্ৰচাৰ কৰিছিল। তেওঁ বৃন্দাবনত শ্ৰীমন্তশঙ্কৰদেৱ সেৱা সঙ্ঘৰ মন্দিৰ আৰু যাত্ৰী নিবাস স্থাপনত আগভাগ লৈছিল। তেওঁ উত্তৰ গুৱাহাটীত 'আনন্দ সমিতি' স্থাপন কৰিছিল। এই সমিতিৰ উল্লেখযোগ্য কাম আছিল এখন আলোচনা চক্ৰ আৰু আনন্দৰাম পুথিভঁৰাল স্থাপনৰ যোগেদি অসমীয়া ভাষা সাহিত্যৰ উন্নতি সাধন কৰা।[1]

উপেন্দ্ৰচন্দ্ৰ লেখাৰু
জন্ম ১৩ জানুৱাৰী, ১৯০৫ চন
ৰূদ্ৰেশ্বৰ, উত্তৰ গুৱাহাটী
মৃত্যু ৩ জুন, ১৯৭৯ চন
ৰূদ্ৰেশ্বৰ, উত্তৰ গুৱাহাটী
পেচা সাহিত্যিক, শিক্ষাবিদ, অধ্যাপক, প্ৰবন্ধকাৰ
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা  ভাৰত
নাগৰিকত্ব ভাৰত
শিক্ষা স্নাতক(আইন), স্নাতকোত্তৰ
বিষয় অসমীয়া, বঙালী

উপেন্দ্ৰচন্দ্ৰ লেখাৰুৰ ১৯০৫ চনৰ ১৩ জানুৱাৰীত উত্তৰ গুৱাহাটীৰ ৰূদ্ৰেশ্বৰত জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম নন্দৰাম লেখাৰু আৰু মাতৃৰ নাম আছিল সোণপাহী লেখাৰু।[1]

উপেন্দ্ৰচন্দ্ৰ লেখাৰুৱে তেওঁৰ পঢ়াশালীয়া জীৱন উত্তৰ গুৱাহাটীত আৰম্ভ কৰে। ১৯১৮ চনত তেওঁ উত্তৰ গুৱাহাটী মাইনৰ স্কুলৰ শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয়। ইয়াৰ পাছত তেওঁ গুৱাহাটীৰ কটন কলেজিয়েট স্কুলত নাম লগায় আৰু ১৯২২ চনত তাৰপৰা গণিত বিষয়ত লেটাৰ নম্বৰসহ প্ৰথম বিভাগত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। ইয়াৰ পাছত তেওঁ গুৱাহাটীৰ কটন কলেজত উচ্চ শিক্ষা আৰম্ভ কৰে আৰু তাৰপৰাই ১৯২৬ চনত দৰ্শনত সন্মানসহ স্নাতক উপাধি লাভ কৰে। লেখাৰুৱে কটন কলেজতে ইংৰাজীৰ স্নাতকোত্তৰ শ্ৰেণীত নামভৰ্তি কৰিছিল যদিও এম এ উপাধি লৈছিল বঙালীতহে। স্নাতকোত্তৰত অধ্যয়ন কৰি থকাৰ মাজতেই তেওঁ গুৱাহাটীৰ আৰ্ল ল কলেজৰ পৰা আইনৰ স্নাতক সন্মান লাভ কৰিছিল।[1]

কৰ্ম জীৱন

সম্পাদনা কৰক

উপেন্দ্ৰচন্দ্ৰ লেখাৰুৱে উত্তৰ গুৱাহাটীৰ কমলদেৱ উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষকতাৰে তেওঁৰ কৰ্ম জীৱন আৰম্ভ কৰি পিচত গুৱাহাটীত ওকালতি কৰিছিল। ১৯৩৮ চনৰ পৰা ১৯৫৯ চনৰ ডিচেম্বৰলৈ সুদীৰ্ঘ একুৰি দুবছৰ কাল কটন মহাবিদ্যালয়ত অসমীয়া বিভাগৰ অধ্যাপক হিচাপে নিজৰ দায়িত্ব পালন কৰিছিল। তেওঁ কটন মহাবিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পাছত ১৯৬০ চনত বৃন্দাবনৰ বৈষ্ণৱ পাৰমাৰ্থিক বিশ্ববিদ্যালয়ৰ শ্ৰীশংকৰদেৱ আসনৰ বাবে গৱেষণা অধ্যাপক হিচাপে নিযুক্তি লাভ কৰিছিল। মামণি ৰয়ছম গোস্বামীয়ে উপেন্দ্ৰচন্দ্ৰ লেখাৰুৰ অধীনতে ৰামায়ণী সাহিত্যৰ গৱেষণা কৰিছিল।[2] লেখাৰুৱে অসম সাহিত্য সভাৰ ধিং অধিৱেশনত (১৯৭০ চন) সভাপতিত্ব কৰিছিল। ১৯৭৪ চনত বৃন্দাবনৰপৰা আহি গুৱাহাটীৰ নিজা বাসভৱনত থাকিবলৈ লয়। কিছুকাল ‘জনশিক্ষা’ নামৰ আলোচনীৰ সম্পাদকৰূপে কাৰ্যনিৰ্বাহ কৰাৰ উপৰি লেখাৰু ‘অসম ছাত্ৰ সন্মিলন’ৰ মুখপাত্ৰ ‘মিলন’ৰ সম্পাদনা সমিতিৰ লগতো জড়িত আছিল।[1] তেখেত ‘আনন্দৰাম বৰুৱা পুথিভঁৰাল’, ‘শ্ৰীশ্ৰী শংকৰদেৱ সংঘ’ৰ অন্যতম প্ৰতিষ্ঠাপক আছিল।

সাহিত্য কৰ্ম

সম্পাদনা কৰক

লেখাৰুৱে প্ৰধানকৈ ধৰ্মীয় সাহিত্য চৰ্চা কৰিছিল। ছাত্ৰাৱস্থাৰেপৰা মিলন,চেতনা,আৱাহন আদি আলোচনীত প্ৰবন্ধ-পাতি লিখিবলৈ আৰম্ভ কৰা লেখাৰুৱে প্ৰৱেশিকা পৰীক্ষা দি উঠি শ্ৰীশ্ৰীৰামকৃষ্ণৰ উপদেশ পুথি এখন বঙালীৰপৰা অসমীয়ালৈ ভাঙনি কৰিছিল। তেখেতে ১৯৭০ চনত ধিঙত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ সপ্তত্ৰিংশ অধিৱেশনত সভাপতিত্ব কৰিছিল।

প্ৰবন্ধ সংকলন
  • মিলন
  • চেতনা
  • বাঁহী
  • আৱাহন
  • জয়ন্তী
  • এখনি পুৰণি পুথি
  • পুৰণি পুথি সংগ্ৰহ
  • শ্ৰীকৃষ্ণ প্ৰয়ানং নাম নাটক
  • অসমীয়া প্ৰাক শংকৰী যুগৰ বিষ্ণ আৰু বৈষ্ণৱ
  • মাধৱ কন্দলীৰ ৰামায়ণ
অনুবাদ
  • শ্ৰীশ্ৰীৰামকৃষ্ণ উপদেশ

গ্ৰন্থ সংকলন
  • কথা-গুৰু চৰিত (১৯৫২)
  • অসমীয়া ৰামায়ণী সাহিত্য (১৯৪৮)
  • অসমীয়া সাহিত্য সেৱক ৰজনীকান্ত বৰদলৈ (১৯৪৮)
  • কথা সাহিত্য (১৯৪০)
  • আদৰ্শ ৰচনাৱলী (১৯৪৯)
  • বিশ্ববিদ্যালয় ৰচনাৱলী
  • লক্ষ্মীনাথ বেজবৰুৱা (১৯৭৯)
  • এনক আৰ্ডেন (১৯৪৮)
  • ভক্তি বিবেক (১৯৫১) (ভাঙনি)
  • ধৰ্মপদ (১৯৪৭) (ভাঙনি)
প্ৰবন্ধ সংকলন (ইংৰাজী)
  • Religion in Assam throughout the ages,
  • Concept of Siba according to Shree Sankardev

উপেন্দ্ৰচন্দ্ৰ লেখাৰুৰ ১৯৭৯ চনৰ ৩ জুনত নিজা বাসভৱনত মৃত্যু হয়।[3]

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. 1.0 1.1 1.2 1.3 ত্ৰিদিপ গোস্বামী. পদ্মনাথ গোহাঞি বৰুৱাৰ পৰা ৰংবং তেৰাঙলৈ. অনন্ত হাজৰিকা, বনলতা প্ৰকাশন. পৃষ্ঠা. ১০৮, ১০৯. 
  2. মামণি ৰয়ছম গোস্বামী, আধা লেখা দস্তাবেজ, পৃষ্ঠা নং: ১০৯ (ঈশ্বৰৰ নগৰীত)
  3. চন্দ্ৰমা বৰকটকী (২০১৭). সাহিত্য মধুৰী সপ্তম ভাগ. এ বি এম পাব্লিছিং হাউচ্. পৃষ্ঠা. ২০.