উপেন ৰাভা হাকাচাম (জন্ম: ১৯৬১ - ) উপেন ৰাভা হাকাচাম একাধাৰে গৱেষক আৰু ৰাভা ভাষা-সাহিত্যৰ সাধক। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক হিচাপে কৰ্মৰত।[1]

উপেন ৰাভা হাকাচাম
জন্ম ১৯৬১ (বয়স ৬২–৬৩)
চাটাবাৰী, গোৱালপাৰা
পেচা অধ্যাপক, লেখক, ভাষাবিদ
ভাষা ৰাভা ভাষা, অসমীয়া ভাষা
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
শিক্ষা এম.এ, পি.এইচ.ডি
ধৰণ অসমৰ ভাষা-উপভাষা
দাম্পত্যসংগী মঞ্জুলা ৰাভা
সন্তান শাশ্বতী, অৰ্ণৱমণি, জাজ্বল্যমান

জন্ম সম্পাদনা কৰক

উপেন ৰাভা হাকাচামৰ জন্ম হয় ১৯৬১ চনৰ ২ জানুৱাৰীত। চাৰ্টিফিকেট মতে ৮-১-১৯৬৩। তেখেতৰ গাঁওখনৰ নাম- চাটাবাৰী। জিলা- গোৱালপাৰা। বৰ্তমান তেওঁ গুৱাহাটীৰ বাসিন্দা।

শিক্ষা সম্পাদনা কৰক

তেখেতে মেট্ৰিক পৰীক্ষা পাছ কৰে নেহেৰু বিদ্যাপীঠ হাইস্কুলৰ পৰা ১৯৭৮ চনত। ১৯৮১ চনত হায়াৰছেকেণ্ডৰী পৰীক্ষা পাছ কৰে গোৱালপাৰা কলেজৰ পৰা। সেইদৰে স্নাতক ডিগ্ৰী লাভ কৰে বিমলা প্ৰসাদ চলিহা মহাবিদ্যালয়, নগৰবেৰাৰ পৰা ১৯৮৪ চনত আৰু স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ১৯৮৮ চনত। তেওঁ পি.এইচ ডি ডিগ্ৰী লাভ কৰে ১৯৯৯ চনত। তেওঁৰ গৱেষণাৰ বিষয়- ৰাভা কথিত ভাষা আৰু অসমীয়া ভাষাঃ এটি তুলনামূলক অধ্যয়ন।[1]

কৰ্মজীৱন সম্পাদনা কৰক

তেওঁ প্ৰথমে Officer-in-charge, District Museums in the Directorate of Museums, Assam and posted to Hamren (1986-88), Diphu (1988-90) and Kokrajhar(1990-1992) ত কৰ্মজীৱনৰ আৰম্ভ কৰে। তাৰ পাছত ১৯৯২ চনত গুৱাহাটী বিশ্ববিদ্যালয়ত অসমীয়া বিভাগত অধ্যাপক হিচাপে যোগদান কৰে। অসমীয়া বিভাগৰ ৰীডাৰ আৰু বিভাগীয় মুৰব্বী হিচাপেও তেওঁ কাৰ্যনিৰ্বাহ কৰে।[1]

সাহিত্যৰাজি সম্পাদনা কৰক

  • ৰাভা ব্যাকৰণ দ্বিতীয় ভাগ, ১৯৮৩
  • Language in N.E.India (Rabha section),1997
  • ৰাভা ভাষা আৰু সাহিত্য, ১৯৯৭
  • অসমীয়া আৰু অসমৰ তিব্বত-বৰ্মীয় ভাষা,২০০০
  • ৰাভামিজ: ভাষা আৰু নিদৰ্শন, ২০০৫
  • ৰাভা ভাষা সাহিত্যৰ শেহতীয়া অগ্ৰগতিৰ সমীক্ষা, ২০০২
  • অসমৰ জনজাতীয় সংস্কৃতি, ২০০৫
  • ৰাভা লোক-সংস্কৃতি,অসম প্ৰকাশন পৰিষদ, ২০০৬
  • বৰ-অসমৰ বৰ্ণিল সংস্কৃতি, ২০০৮
  • শিকো-বুজো ৰাভা ভাষা, ২০০৮
  • অসমীয়া আৰু অসমৰ ভাষা-উপভাষা, ২০০৯
  • ৰাভা সমাজ আৰু সংস্কৃতি, ২০১০
  • বৰ অসমৰ বিহু সংস্কৃতি, ২০১১
  • ৰাভা লোক-সাহিত্য: ঐতিহ্য-পৰম্পৰা আৰু প্ৰণালীবদ্ধকৰণ, ২০১১
  • Focus on the Rabha : Language, Literature and Culture, Cambridge India, 2011.
  • অসমীয়া আৰু অসমৰ জাতি-জনগোষ্ঠী: প্ৰসংগ-অনুসংগ,২০১৩
  • ভাষা-সাহিত্যৰ স্ৰষ্টা দ্ৰষ্টা আৰু সমাজ নিৰ্মাতা, ২০১৩
  • অসমীয়া আৰু অসমৰ খিলঞ্জীয়া উপাধি, ২০১৩
  • ব্যৱহাৰিক অসমীয়া ব্যাকৰণ, ২০১৩
  • অন্য এক দৃষ্টিকোণৰ পৰা, ২০১৪
  • অসমীয়া ভাষাৰ গঠন: ঐতিহ্য আৰু ৰূপান্তৰ, ২০১৪
  • নাৰী-সংস্কৃতিৰ ডুখৰীয়া ছবি, ২০১৫
  • অসমীয়া ৰূপতত্ত্বৰ মৌলিক বিচাৰ, ২০১৫
  • লোকভাষাৰ প্ৰকৃতি বিচাৰ, ২০১৫
  • বৰ অসমৰ বৰ্ণ হিন্দু জাতি-জনগোষ্ঠী, ২০১৭
  • লক্ষ্মী (লখিমী): ধন-ধান-যশ-ঐশ্বৰ্যৰ দেৱী, ২০১৮
  • আধুনিক ৰাভা ব্যাকৰণ আৰু ৰচনা, ২০১৮
  • Clans and Surnames of the Indigenous People and Tribes Assam (coffee Table book),ABILAC,2017
  • বক্তৃতাত্ৰয় (তিনিটা স্মাৰক বক্তৃতাৰ একত্ৰ সংকলন), ২০১৮
  • উপেন ৰাভা হাকাচামৰ প্ৰবন্ধ চানেকী, ২০১৯

সৃষ্টিমূলক ৰচনা সম্পাদনা কৰক

  • সতী দ্যুমকচি (ৰাভা অসমীয়া দ্বিভাষিক নৃত্য নাটিকা), ১৯৮৭
  • ৰংগি'ৰ পৰশুৰাম (ৰাভা বুৰঞ্জী মূলক নাটক), ১৯৯৯
  • কথাৰ কথা আৰু অনৰ্থক কথা, ২০১০

সম্পাদনা সম্পাদনা কৰক

  • ৰূপালী জয়ন্তী, চাটাবাৰী এম. ই স্কুল, ১৯৯৫
  • Mamorangi Mayna Khurang (Rabha Nursery Rhymes): CIIL, Mysore, 1997.
  • শ্ৰদ্ধাঞ্জলি : ৰাজেন ৰাভা, ১৯৯৯
  • Song-Hasongini Khircha (Indian Folktales translated in Rabha Language) Sahitya Academy & ABILAC, 2000.
  • বাৰ্তা-পখিলী (গোৱালপাৰা জিলা বিশেষ সংখ্যা, অতিথি সম্পা), ২০০২
  • ৰাভা লোক-গীত, ২০০২
  • অসমৰ সংস্কৃতি, ২০০৬
  • অন্বেষণ (অষ্টম সংখ্যা), ২০০৭
  • অসম সাহিত্য সভা পত্ৰিকা (৮টা সংখ্যা), ২০০৯-২০১১
  • অসমৰ বাহ সংস্কৃতি, ২০১১ (যৌথ)
  • ৰাজেন ৰাভা ৰচনাৱলী, ২০১২
  • নামনি অসমৰ আঞ্চলিক শব্দকোষ, ২০১২ (যৌথ)
  • এহোৰা জনজাতীয় চুটিগল্প, ২০১২
  • খুৰাংমুক, Dictionary of Rabha -Assamese -English languages<ABILAC,2015
  • অলৌগুটি-টলৌগুটি, ২০১৬ (যৌথ)
  • হেনা-হুচাঃ১ অসমৰ জনজাতীয় লোকসাহিত্যৰ সংকলন,২০১৫
  • ভাষাবৈজ্ঞানিক অধ্যয়নত তুলনা প্ৰসংগ, ২০১৫ (যৌথ)
  • অসমৰ সামাজিক লোকাচাৰ, ২০১৭ (যৌথ)
  • শিবানন্দ শৰ্মা ৰচনা সমগ্ৰ, ২০১৭ (যৌথ)
  • সমকালীন অসমীয়া লোক-সাহিত্য, ২০১৭
  • ৰাভাসকলৰ লোক অসমীয়া গীত মাত, ২০১৮
  • হেনা-হুচা: ২ অসমৰ জনগোষ্ঠীয় লোকসাহিত্যৰ সংকলন,২০১৭
  • অসমৰ মুছলমান সম্প্ৰদায়: সমন্বয় আৰু সমাহৰণ, ২০১৮ (যৌথ)
  • বিহু থাকে মানে, ২০১৮ (যৌথ)
  • Dogo Rangsang Research Journal[2] (ISSN-2347-7180): Vol.-I, Issue-I, to Vol. VI, Issue-IX Dogo Rangsang Research Society, Guwahati, (২০১৩-২২)
  • Bibar-Badungdu'ppa-Birta (Janajatiya Alochani Samagra),Vol. I,Jointly with Biswanath Rabha Tara,Asom Prakashan Parisad, in press
  • Asamiya Loka-sahitya, Vol.V (Prabad-Prabachan,Phakara-Jojona ityadi),Co-ed.with Dr. Nabin Chandra Sarma and Dr. Pranita Barman, Asom Sahitya Sabha aru Guwahati Biswabidyalay, in press
  • Janajatiya Sisu Loka-Sahitya, KKHSOU, in press.
  • ভাষা সাহিত্য সংস্কৃতিৰ ধেঁতোৰ ক’লা, ২০২০
  • বুৰঞ্জীখ্যাত মৰাণঃ অসমৰ আদিম জনগোষ্ঠী, ২০২০
  • এক দেশৰ বুলি এক দেশৰ গালি, ২০২২
  • জনজাতীয় শিশু সাহিত্যৰ খণ্ড, অসম শিশু সাহিত্য কোষ, ২০২০
  • বিবাৰ-বাদুংডুপ্পা-বিৰতা, প্ৰথম খণ্ড, জনজাতীয় আলোচনী সমগ্ৰ, অসম প্ৰকাশন পৰিষদ, ২০২০

অনুবাদ সম্পাদনা কৰক

  • অসিমিন বাছং-গাবুৰ জ্যোতিপ্ৰসাদ আগৰৱালা, জ্যোতিপ্ৰসাদ আগৰৱালাৰ নিৰ্বাচিত গীত, কবিতা, ৰচনাৰ অনুবাদ, অসম সাহিত্য সভা, ২০০৩
  • ৰাভা, যুত্ৰায়িছিনি খুৰাংচি, ৰাভা অনুূবাদিত কবিতা, অসম প্ৰকাশন পৰিষদ, ২০২০
  • খনসানাই ভাইথাই বিদাং, বৰো ভাষালৈ উপেন ৰাভা হাকাচামৰ নিৰ্বাচিত প্ৰবন্ধৰ অনুবাদ, অনুবাদঃ মান্না সিং ব্ৰহ্ম আৰু মাধৱীলতা ৰামছিয়াৰী

বঁটা আৰু সন্মান সম্পাদনা কৰক

  • ৰাষ্ট্ৰীয় লোকভাষা সন্মান, ২০০৩
  • National Readership Award, 2011
  • প্ৰফুল্ল বৰা সোৱৰণী বঁটা, ২০১২
  • অসম প্ৰকাশন পৰিষদ বঁটা, ২০১২
  • নৃগোষ্ঠীয় সাধক সন্মান,২০১৮
  • ঐক্য সমন্বয় বঁটা (ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰথমটি বঁটা), ২০১৮
  • কৃষ্ণ চন্দ্ৰ গান্ধী স্মাৰক বঁটা, ২০১৯
  • ডঃ স্বৰ্ণলতা বৰুৱা বঁটা, ২০১১
  • যজ্ঞৰাম তালুকদাৰ স্মাৰক বঁটা, ২০২০
  • শ্ৰীমন্ত শঙ্কৰদেৱ গৱেষণা বঁটা, ২০২০
  • বীৰ ৰাঘৱ মৰাণ বঁটা, ২০২১

তথ্যসূত্ৰ সম্পাদনা কৰক