ৰাভা জনগোষ্ঠী

(ৰাভাৰ পৰা পুনঃনিৰ্দেশিত)

ৰাভা জনগোষ্ঠী অসমৰ ভৈয়ামৰ জনজাতিসমূহৰ ভিতৰত অন্যতম। অসমৰ গোৱালপাৰা, কামৰূপ আৰু দৰং জিলাত মূলতঃ এওঁলোকৰ বসতি। আনহাতে পশ্চিমবংগৰ জলপাইগুৰি অঞ্চলটো এখেতসকলে কিছু পৰিমাণে বাস কৰে। ৰাভাসকল অসমৰ পঞ্চম বৃহত্তম তপশিলি ভুক্ত উপজাতি। এই ৰাজ্যত দুই লাখ সাতসত্তৰ হাজাৰ ৰাভালোকে বসবাস কৰে। ৰাভা সকলক মূলতঃ ৯ টা ভাগত বিভক্ত কৰা হয় । ১। কচা ২। ৰংদাঙি ৩। পাতি ৪। দাহোৰি ৫। মায়তুৰি ৬। ততলা ৭। বিতলিয়া ৮। চুঙা ৯। হানা আনহাতে,কিছু কিছু ঠাইত হালোৱা আৰু মদাহী নামেৰেও দুটা ভাগ দেখা পোৱা যায়।

ৰাভা জনগোষ্ঠী
উল্লেখযোগ্য জন-অধ্যুষিত অঞ্চলসমূহ
অসম, পশ্চিমবংগ, ভাৰত:
  
ভাষাসমূহ

ৰাভা ভাষা

ধৰ্ম

হিন্দু ধৰ্ম, খ্ৰীষ্টান ধৰ্ম

পশ্চিমবঙ্গৰ জলপাইগুৰিৰ এটা অঞ্চলৰ বসবাস কৰা এজন ৰাভা লোক

[1] ৰাভা সম্প্ৰদায়ত লোকসকল বৃহত্তৰ ইন্দো-মংগোলীয় গোষ্ঠীৰ অন্তৰ্ভুক্ত।

ভাষাসম্পাদনা কৰক

ৰাভা জনজাতিৰ মানুহসকলে ৰাভা ভাষাত কথা কয়। বড়ো, গাৰো, কাছাৰী ইত্যাদি জনগোষ্ঠীৰ মানুহৰ লগত এওঁলোকৰ নৃতাত্বিক যোগাযোগ আছে।[2]

জীৱিকাসম্পাদনা কৰক

কোৱা হয় যে, ৰাভা সম্প্ৰদায়ৰ মানুহৰ লগত প্ৰকৃতি আৰু জঙ্ঘলৰ এক নিবিৰ সম্পৰ্ক আছে। পূৰ্বতে তেখেতসকলে ঝুম খেতি কৰিছিল। ঊনবিংশ শতাব্দীৰ ষষ্ঠ দশকত, ভাৰতত ইংৰাজ শাসকসলকে জলপাইগুড়ি, ডুয়াৰ্চ আৰু অসমৰ জঙ্গলবোৰক "সংৰক্ষিত বনাঞ্চল" বুলি ঘোষণা কৰাৰ লগে লগে ৰাভাসকলৰ এই জীৱন ধাৰাৰ পৰিবৰ্তন হয়। বৰ্তমান, ৰাভা সম্প্ৰদায়ৰ লোকসকল চাকৰী, ব্যৱসায় বাণিজ্য ইত্যাদি বিভিন্ন জীৱিকাৰে নিযুক্ত হৈ আছে। এইসকলৰ সৰহসংখ্যক মানুহেই বনকৰ্মী অথবা কৃষক।[3]

 
পশ্চিমবংগত ৰাভা মহিলাসকলে পৰম্পৰগত সাজেৰে নৃত্য কৰা দৃশ্য

ধৰ্মাচৰণসম্পাদনা কৰক

ৰাভাসকল প্ৰকৃতিৰ উপাসক। ৰাভাসকলৰ মাজত মূৰ্তি পূজাৰ প্ৰচলন নাই। তেওঁলোকে বৰ্তমান মূল ধৰ্ম পালনৰ লগে লগে হিন্দু ধৰ্মৰো কিছু আচাৰ আচৰণ পালন কৰে। ৰাভাসকলৰ প্ৰধান দেৱতা হ’ল "ঋষি" বা "মহাকাল"। সকলোবোৰ সামাজিক আৰু ধৰ্মীয় অনুষ্ঠানত ইয়াৰ পূজা অতি আৱশ্যক।[4] ইয়াৰ বাদেও ৰাভাসকলৰ আৰু দুই দেৱী হ’ল 'ৰঙ্গতুক' আৰু 'বচেক'। এই দুগৰাকীক ঋষি বা মহাকালৰ কন্যা বুলি ভৱা হয়। 'ৰঙ্গতুক' আৰু 'বসেক' হ’ল পাৰিবাৰিক ধন সম্পত্তিৰ দেৱী। ৰাভাসকল মূলত মাতৃতান্ত্ৰিক সমাজ ব্যৱস্থাৰ অনুগামী, এওঁলোকে পৰিবাৰৰ জ্যেষ্ঠা কন্যা পাৰিবাৰিক সূত্ৰৰে এই দুই দেৱীৰ অধিকাৰী হয়।[5] বৰ্তমান বহু ৰাভালোকে খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিছে।

পৰম্পৰাগত লোকনাট্যসম্পাদনা কৰক

নৃত্য আৰু গীত ৰাভাসকলৰ সমাজৰ এক অবিচ্ছেদ্য অঙ্গ। তেওঁলোকে বিভিন্ন অনুষ্ঠানৰ আৰম্ভ আৰু শেষত নাচ আৰু গান থাকে। কোৱা হয় যে, সকলো ৰাভা মহিলাই নৃত্য আৰু গীতত পাৰদৰ্শী।

 
ভাৰীগান নাট্যৰ এটি দৃশ্য

অসমৰ অন্যতম প্ৰধান জনগোষ্ঠী ৰাভাসকলৰ ভাৰীগান এবিধ লোকনাট্য হিচাপে পৰিচিত। ৰাভা জনগোষ্ঠীৰ বিশেষকৈ কামৰূপ আৰু গোৱালপাৰা অঞ্চলৰ পাতিৰাভাসকলৰ মাজত এই ভাৰীগান অতীজৰে পৰা প্ৰচলিত হৈ আহিছে। এই নাট্যবিধৰ আৰম্ভণি কেতিয়া হৈছিল তাৰ কোনো লিখিত তথ্য নাই। ভাৰীগান বোৰ কাহিনীৰ ৰূপত মানুহৰ মুখে মুখে প্ৰচলিত হৈ আহিছে। “ভাৰী” শব্দৰ অৰ্থ ওজন বা গধুৰ আৰু “গান” মানে হৈছে গীত। সাধাৰণতে সমাজৰ কোনো বিদ্বানলোক বা গুৰুৱে এই নাট্যশৈলীৰ বিষয়ে আভাস দিয়ে বাবে এই নাট্য বিধক পাতিৰাভাসকলে “গুৰুবিদ্যা” বুলিও কয়। এইবিধ নাট্যৰ প্ৰদৰ্শনত প্ৰধানকৈ ঢোল আৰু তাল ব্যৱহাৰ কৰা হয়।[6]


বিবাহ পদ্ধতিসম্পাদনা কৰক

ৰাভা জনগোষ্ঠীৰ বিবাহৰ কাৰ্য অনুসৰি তিনিটা পৰ্ব্বত ভাগ কৰিব পাৰি-

  1. কইনাক সোধ পোচ কৰা,
  2. ভোজ,
  3. আঠ মঙলা। [7]

পদ্ধতিসম্পাদনা কৰক

ৰাভাসকলে অতীজৰে পৰা পৰম্পৰাগত পদ্ধতিৰে বিবাহ কাৰ্য সম্পন্ন কৰে যদিও সাম্প্ৰতিক সময়ত ইয়াৰ পৰিবৰ্তন দেখা যায়।

পৰম্পৰাগতসম্পাদনা কৰক

ৰাভাসকলৰ পৰম্পৰাগত বিবাহৰ মূল পদ্ধতি ৫টা: ভূৰি চিংকায়(কইনা ধৰা)বা থুছি ছেকায়, নৰ(নোক) ধাংকায় (ঘৰ সোমোৱা), জাঙায় ধাংকায়(জোঁৱাই অনা বা সোমোৱা), কায় বিকায়(ছোৱালী টনা) বিবাহ, ক্ৰংছি ভৰি (বিধৱা বিবাহ)। [7]

  1. ভূৰি চিংকায়(কইনা ধৰা) বা খুছি ছেকায়

অভিভাৱকৰ মাজত পৰস্পৰ বুজা - বুজিৰ মাজেদি সামাজিক ৰীতি নীতিৰে বিবাহ কাৰ্য সম্পন্ন হয় আৰু তিনিদিন ধৰি এই বিবাহ কাৰ্য চলে।

  1. নক(নোক) ধাংকায়(ঘৰ সোমোৱা)

ৰাভা জনগোষ্ঠীৰ মায়তাৰি আৰু ৰংদানিসকলৰ মাজত এই পদ্ধতিৰে বিবাহ সম্পন্ন হয়। বয়োখথলীত ডেকা-গাভৰুৱে প্ৰণয়মূলক গীত গাই মনৰ পচন্দৰ দৰা বা কইনাক নিৰ্বাচিত কৰি থোৱা থাকিলে ৰংদানি ফৈদৰ গাভৰুৱে কাপোৰ - কানিলৈ দৰাঘৰত সোমাইহি আৰু কাম কাজ কৰি দি আলসী খপিছিল।

  1. জাঙায় ধাংকায়(জোঁৱাই অনা বা সোমোৱা)

চপনীয়া খতাকে ৰাভাসমাজত জাঙায় ধাংকায় বোলে। এই প্ৰথা দুই ধৰণৰ - (ক)কেতিয়াবা ল'ৰা-ছোৱালীহালৰে মাজত বুজাবুজি হ'লে ল'ৰাই ছোৱালীৰ ঘৰত নিজ ইচ্ছা অনুসৰি চাপি লয়।

(খ)কন্যা সন্তান থকা পৰিয়ালত ল'ৰা এজনক ছোৱালীৰ ঘৰলৈ সজাই পৰাই লৈ আনে।

  1. কায় বিকায়(ছোৱালী টনা)বিবাহ

কোনো ল'ৰাৰ যদি ছোৱালী পছন্দ হয় আৰু ছোৱালীজনীয়ে আহিবলৈ অমান্তি হয় তেতিয়া ছোৱালীজনীকযোৰ জবৰদস্তি লৈ আনি পৰবৰ্তি সময়ত নোক ধাংকায় পদ্ধতিৰে বিবাহ সম্পন্ন কৰে।

  1. ক্ৰংছি ভৰি(বিধৱা বিবাহ)

মৃত স্বামীৰ সম্পত্তিৰ উত্তৰাধিকাৰী এগৰাকী বিধৱা মহিলাই জাংকায় ধাংকায় পদ্ধতিৰে আন এজন পুৰুষৰ লগত বিবাহত সোমোব পাৰে। সেইদৰে পত্নীৰ মৃত্যুৰ পিছতো এজন পুৰুষে আন এগৰাকী পত্নী বিয়া কৰাব পাৰে।

পৰিৱৰ্তনসম্পাদনা কৰক

বৰ্তমান সংস্কাৰ আৰু পৰিবৰ্তনৰ ফলস্বৰূপে ৰাভাসমাজত বিবাহৰ দুবিধ পদ্ধতিৰ প্ৰচলন দেখা যায়:

  1. ৰাভা বিয়া বা কাম্বুং বিয়া-ৰাভা ভাষাৰে মন্ত্ৰ মাতি আৰু কাম্বুং মানৰ ৰাভা ৰিহাৰে গা ঢাকি এই বিয়া অনুষ্ঠিত কৰা হয়। [7]
  2. লেমা বিয়া বা সাজা বিয়া-হিন্দু বিধি অনুসাৰে দৰাক সজাই - পৰাই আনি কইনাৰ ঘৰত এই বিবাহ কাৰ্য সম্পন্ন কৰা হয়।


উৎসৱসম্পাদনা কৰক

কেঁচাইখাতিবা লাঙামৰাসম্পাদনা কৰক

কেঁচাইখাতি বা লাঙামৰা ৰাভাসকলৰ‌‌ বসন্তকালীন পৰিৱেশত পালন কৰা এটা প্ৰধান অনুষ্ঠান। এই অনুষ্ঠানটোৰ উপাস্য দেৱতা হৈছে বুঢ়ালাঙা আৰু দেৱী হৈছে কেঁচাইখাতি বা মহামায়া। ৰাভাসকলে এই অনুষ্ঠান থানত পালন কৰে। এই অনুষ্ঠানটোৰ উপলক্ষ্যত ৰাভাসকলে ঘৰ-দুৱাৰ, আলি-পদূলি, চাফ-চিকুণ কৰি উপবাসত ব্ৰত পালনৰ মাজেদি দেওধনী নচুৱাই গাঁৱৰ পৰা অপায়-অমংগল দূৰ কৰাৰ বিশ্বাসত কলপটুৱাৰে নিৰ্মিত এটা ডিঙাত তুলি কেঁচা ভোগ এভাগ শোভাযাত্ৰা কৰি নদীত উটুৱাই দিয়ে। শোভাযাত্ৰাৰ সময়ত জাতীয় বাদ্য বজোৱাৰ উপৰি সংকীৰ্তন কৰা হয়। এই পূজাৰ বিশেষত্ব এ‌য়ে যে ইয়াত আই ন-ভনী আৰু অন্যান্য অপদেৱতাক দেওধনী নচুৱাই গাঁৱৰ পৰা মাতি বা খেদি নিওঁতে নিওঁতাসকলে গাঁৱৰ মানুহৰ ঘৰৰ বাহিৰত য'তে যি পায় মহতিয়াই লৈ যায়। সেইদিনা গৃহস্থই ঘৰৰ ভিতৰতে সোমাই থাকে। পূজাৰীসকলে পূজাৰ শেষত পিছলৈ উভতি নোহোৱাকৈ ঘৰত সোমায়। এই পূজাত বিভিন্ন দেৱ+দেৱীক বিভিন্ন বলি বিধানেৰে মদ-ভাত খাই গীত-নৃত্যৰে দিনটো অতিবাহিত কৰে।[8]

মাৰংগা বা হাছিসম্পাদনা কৰক

এই পূজা গাঁৱত মাৰি মৰক, কটা-মৰা,অপমৃত্যু বা মহামাৰি আদি হ'লে এইবোৰৰ পৰা হাত সাৰিবলৈ পালন কৰা হয়। এই পূজা প্ৰতিবছৰে চ'ত‌‌ মাহতেই কোনোবা মংগল বা শনিবাৰে আবেলি হাছি পূজা অনুষ্ঠিত কৰে। এই পূজা অনুষ্ঠিত কৰিলে ‌পাৰ হৈ যোৱা‌ বছৰটোৰ সকলো‌ অপবাদ, অপৰাধ, অপকৰ্ম মৰিষণ হয় বুলি ৰাভাসকলৰ‌ বিশ্বাস। পূজাৰ প্ৰধান উপচাৰসমূহ হৈছে পুৰণি তিতালাওৰ খোলা,উই পৰুৱাৰ শুকান বাহ, নকৈ বৈ উলিওৱা দীঘল নলাযুক্ত বিচনী আদি। এই সামগ্ৰীসমূহ এজোপা প্ৰকাণ্ড গছৰ গুৰিত বাঁহৰ কেইটামান খুঁটি পুতি তাৰ ওপৰত থৈ এটা বেদীত মদ বাকী, পিঠাগুৰি চটিয়াই আৰাধনা গীত স্তুত কৰি দেৱতাক পূজে। এই অনুষ্ঠানত নাবালক ল'ৰা-ছোৱালী, তিৰোতাসকলে অংশগ্ৰহণৰ‌ পৰা বিৰত থাকে।[8]

হানাঘোঁৰা বা জাৰীঘোঁৰাসম্পাদনা কৰক

বহাগৰ প্ৰথম দিনৰে পৰা সাদিনলৈকে ৰাভাসকলে হানাঘো‌ঁৰা নচুৱাই। তেওঁলোকে এই লোকনুষ্ঠানটোৰ আৱিৰ্ভাৱ সতীৰ বিৰহত দগ্ধ মহাদেউৰ তাণ্ডৱ নৃত্যৰ সৈতে জড়িত বুলি বিশ্বাস কৰে। এই হানাঘো‌ঁৰাটো বাহঁৰ পৰা সাজি লোৱা হয়। এই হানাঘোঁৰাটো সাজি উলিওৱাৰ পাছত এখন ৰাজহুৱা স্থানত বিহুৰ প্ৰথম দিনা বেদীত শিৱ পূজা আগবঢ়ায়। এই পূজাত কুকুৰাৰ কণী দুটাত সেন্দূৰৰ ফো‌ঁট দি 'বুঢ়ালাঙা' ৰ নামত হানাঘোঁৰাৰ শিঙত লগায় দিয়ে। হানাঘোঁৰা ফুৰাওঁতে বিভিন্ন ধৰণৰ গীত-নৃত্য পৰিৱেশন কৰে। সাত বিহুৰ দিনাহে হানাঘোঁৰাৰ সামৰণি মাৰে।[8]

বিচুৱা,বহুৰাঙী বা বগেজৰীসম্পাদনা কৰক

অন্যান্য জনগোষ্ঠীৰ দৰে ৰাভাসকলেও গৰু গা-ধুৱাই, বাঁহী চোতাল সাৰি-মছি পুৰণি বছৰক বিদায় দিয়ে। ৰাভাসকলে ব'হাগৰ প্ৰথম দিনটোত পূৰ্ব পুৰুষসকলক স্মৰণ কৰি পূজা-পাতল,মদ-ভাত, নতুন‌ সাজপাৰ আদি অৰ্পণ কৰে।

জাগাৰ বা‌ কালীসম্পাদনা কৰক

চ'ত-ব'হাগ বা জেঠ মাহত দেওধনী নচুৱাই ৰাভাসকলে জাগাৰ পূজা পালন কৰে। এই পূজাৰ প্ৰয়োজনীয় সামগ্ৰী হৈছে কল, চাউল, চেনি আদি। এই পূজাত বলি-বিধানো থাকে। তেওঁলোকে দেওধনী ৰ পৰা ভূত-ভৱিষ্যতৰ বাতৰিলৈ।

লগতে চাওকসম্পাদনা কৰক

তথ্যসংগ্ৰহসম্পাদনা কৰক

  1. "Assam-Data Highlights: THE SCHEDULED TRIBES, Census of India 2001, Census of India 2001" (PDF). http://censusindia.gov.in/Tables_Published/SCST/dh_st_assam.pdf. 
  2. Mitra, A. (1953), West Bengal: District Handbooks: Jalpaiguri, Govt. of West Bengal, p. cxxxviii
  3. Raha, M.K. (1989), "Matriliny to Patriliny: A Study of the Rabha Society", Delhi, Gyan Publishing House.
  4. Karlsson, B.G. (2000), "Contested Belonging: An Indigenous People's Struggle for Forest and Identity in Sub-Himalayan Bengal", Routledge, p.162
  5. Raha, M.K. (1989), "Matriliny to Patriliny: A Study of the Rabha Society", Delhi, Gyan Publishing House.p. 112
  6. লোক-বৈভৱ,আকাশবাণী গুৱাহাটী।
  7. 7.0 7.1 7.2 কোঞৰ, চন্দিকা দত্ত আৰু স্বপ্না চেতিয়া গগৈ(সম্পাদনা). পৃষ্ঠা. ১৫৬. 
  8. 8.0 8.1 8.2 লেখাৰু জিতু কুমাৰ. পৃষ্ঠা. ৭৩.