উমেশ বৈশ্য (ইংৰাজী: Umesh Baishya, জন্ম: ৩ অক্টোবৰ,১৯৩৯- মৃত্যু: ১ আগষ্ট,১৯৯৮) হৈছে এগৰাকী অসমীয়া শিল্পী,শিক্ষাবিদ, সাহিত্যিক।[1]

উমেশ বৈশ্য
আন নাম শিল্পীপ্ৰাণ
জন্ম ৩ অক্টোবৰ,১৯৩৯ চন
নলবাৰী জিলাৰ বালিলেচা গাঁও
মূল অসম, ভাৰত
মৃত্যু ১ আগষ্ট, ১৯৯৮ চন, গুৱাহাটী
সংগীতৰ প্ৰকাৰ শাস্ত্ৰীয়-সংগীত
পেচা কণ্ঠশিল্পী, কবি, গীতিকাৰ, সুৰকাৰ
পিতৃ-মাতৃ বন্তিৰাম বৈশ্য, পৱিত্ৰপ্ৰিয়া বৈশ্য

জন্ম পৰিচয় সম্পাদনা কৰক

উমেশ বৈশ্যৰ জন্ম হৈছিল ১৯৩৯ চনৰ ৩ অক্টোবৰত নলবাৰী জিলাৰ বালিলেচা গাঁৱত। তেওঁৰ পিতৃ স্বৰ্গীয় বন্তিৰাম বৈশ্য আৰু মাতৃ স্বৰ্গীয়া পৱিত্ৰপ্ৰিয়া বৈশ্য। পিতৃ-মাতৃৰ তেওঁ জ্যেষ্ঠ সন্তান।[1]

শিক্ষা জীৱন সম্পাদনা কৰক

উমেশ বৈশ্যই বালিলেছা মজলীয়া স্কুলৰ পৰা বৃত্তিসহ এম.ভি. পাছ কৰে আৰু পুৰস্কাৰ হিচাবে ৰূপৰ মুদ্ৰা আৰু নগদ ধন লাভ কৰে। সপ্তম শ্ৰেণীতেই মাৰ্ঘেৰিটাত সদৌ অসম ভিত্তিত হোৱা ৰচনা প্ৰতিযোগিতাত দ্বিতীয় স্থান লাভ কৰে। ১৯৫৮ চনত নলবাৰী গৰ্ডন হাইস্কুলৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰে আৰু ১৯৫৯ চনত সেই স্কুলৰ পৰা মেট্ৰিকত উত্তীৰ্ণ হয়। ১৯৬২ চনত নলবাৰী কলেজৰ পৰা আই.এছ চি উত্তীৰ্ণ হৈ সেই কলেজতে বি.এ. শ্ৰেণীত নামভৰ্তি কৰে। ১৯৬৩-৬৪ চনত নলবাৰী মহাবিদ্যালয়ৰ ‘মহাবিদ্যালয় সপ্তাহ’ৰ কবিতা প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰা বৈশ্যই ১৯৬৪ চনত বি.এ. পাছ কৰি ১৯৬৭ চনত গুৱাহাটী বিশ্ববিদ্যালয় ৰ পৰা অসমীয়াত এম.এ. ডিগ্ৰী লাভ কৰে আৰু ১৯৮৫ চনত বি.টি. উত্তীৰ্ণ হয়।[1]

কৰ্মজীৱন সম্পাদনা কৰক

ছাত্ৰাৱস্থাৰ পৰাই বিভিন্ন স্কুলত শিক্ষকতা কৰা বৈশ্যই ১৯৬৬ চনত গুৱাহাটীৰ বাণীকান্ত সোঁৱৰণী বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত যোগদান কৰে আৰু ১৯৯২ চনত সেই বিদ্যালয়ৰে বিষয় শিক্ষক হিচাপে নিযুক্ত হয়। ১৯৯৩ চনত তেওঁ উপাধ্যক্ষ পদত নিযুক্ত হয় আৰু ১৯৯৫ চনৰ ১ এপ্ৰিলৰ পৰা অধ্যক্ষৰূপে কাৰ্য্যনিৰ্বাহ কৰে।[1]

গুৱাহাটীৰ বাণীকান্ত সোঁৱৰণী বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিদ্যালয় সংগীতটো তেখেতে ৰচনা আৰু সুৰ কৰিছিল।[1]

সাহিত্যৰাজি সম্পাদনা কৰক

  1. মিলন (কাব্য ১৯৮১)
  2. অশান্ত জন্মভূমি (১৯৭৯)
  3. তই যুক্তি যুদ্ধ কৰ (১৯৮০)
  4. ৰচনা মালিকা (১৯৭৭)
  5. প্ৰগতিৰ গান (২০১০)
  6. সুৰ বিচাৰি বাৰ বছৰ (প্ৰবন্ধ সংকলন ২০১৫)

১৯৫২ চনত ষষ্ঠ শ্ৰেণীত থাকোঁতেই পদ্মশ্ৰী অতুলচন্দ্ৰ হাজৰিকা সম্পাদিত শিশু আলোচনী "দীপক"ত প্ৰকাশিত "ৰাতিপুৱা" শীৰ্ষক কবিতাটিৰ জৰিয়তে উমেশ বৈশ্যই সাহিত্য জগতত প্ৰৱেশ কৰে।

ড° লক্ষহীৰা দাসে তেখেতৰ ১৯৮২ চনত প্ৰকাশিত "কবিতাৰ ৰূপৰেখা"[2]শীৰ্ষক গ্ৰন্থখনত উমেশ বৈশ্যৰ "তই যুক্তি যুদ্ধ কৰ" পুথিখনৰ কবিতা এটিৰ তলৰ শাৰীকেইটাৰ উদ্ধৃতি দিছে:

"হেৰ হেৰ হেৰ অসমীয়া
তোৰ দেশ ৰক্ষাৰ নামত
আজি চলিছে যিখন ৰণ
তাত নাই আবেগৰ স্থান
ৰণত নিপুণ শত্ৰু সেনানী
যুক্তিৰ হানিছে বাণ
তোক কৰিছে প্ৰত্যাহ্বান।"

অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বীৰেণ বৰকটকীয়ে ১৯৮১ চনৰ তিনিচুকীয়া অধিবেশনৰ নাহেন্দ্ৰ পাদুন সম্পাদিত "অসম সাহিত্য সভা পত্ৰিকা"ত [3] উমেশ বৈশ্য ৰ "মিলন" কাব্য খনক অম্বিকাগিৰী ৰায়চৌধুৰী ৰ "তুমি" কাব্য ৰ সৈতে তুলনা কৰিছে।

পদ্মভূষণ বেণুধৰ শৰ্মাই তেখেতৰ "মৰমৰ কাৰেং" [4] পুথিখনত উমেশ বৈশ্য ৰ সাহিত্যনুৰাগৰ বিষয়ে খুউব সুন্দৰকৈ উল্লেখ কৰিছে।

উমেশ বৈশ্যই ১৯৭৮ চনত "বৰ্তমান শিক্ষা পদ্ধতিৰ আমুল পৰিবৰ্তনৰ উপায়" শীৰ্ষক এলানি কৰ্মপদ্ধতি প্ৰস্তুত কৰি সেই সময়ৰ প্ৰখ্যাত জনতা পাৰ্টীৰ নেতা ভাৰতৰত্ন জয়প্ৰকাশ নাৰায়ণৰ অনুমোদন বিচাৰি তেওঁক পাটনাত লগ কৰিবলৈ তথা ভাৰতৰ বিভিন্ন প্ৰদেশৰ শিক্ষা পদ্ধতিৰ বুজ ল'বলৈ বন্ধুদ্বয় মাণিক চন্দ্ৰ দত্ত আৰু ৰমানাথ গোস্বামী ৰ লগত সেই বছৰৰে ১১ অক্টোবৰৰ পৰা এমাহ কাল ভাৰত ভ্ৰমণ কৰে। [5]

এই প্ৰবন্ধটো প্ৰকাশৰ পিছত হোৱা চৰ্চা সম্পৰ্কে তেওঁ নিজৰ ডায়েৰীত এইদৰে উল্লেখ কৰিছে:

"বৰ্তমান শিক্ষা পদ্ধতিৰ আমুল পৰিবৰ্তনৰ উপায়" এই প্ৰবন্ধটি ১-৮-৭৮ ইং তাৰিখে ছপা হৈ ওলোৱাৰ লগে লগে বন্ধুমহল, শিক্ষাবিদ, সাহিত্যিক, ৰাজনৈতিক নেতা আদি ভিন ভিন দিশৰ চিন্তাশীল সকলৰ মাজত ই এক আলোড়নৰ সৃষ্টি কৰিলে। মই থিক এনেকুৱা এটা পৰিবেশ এই লেখাই সম্ভৱ বুলি ভবা নাছিলো। পিছে যি কোনো কাৰণেই নহওক, ই সকলোৰে সমাদৰ লাভ কৰিলে। দেশৰ তথাকথিত কৰ্ণধাৰ সকলৰ লগত ব্যক্তিগত ভাৱে আলোচনা কৰিলোঁ। প্ৰাক্তন মুখ্যমন্ত্ৰী শৰৎ সিংহ, বৰ্তমান শিক্ষামন্ত্ৰী লক্ষ্যধৰ চৌধুৰী, N.C.E.R.T ৰ ভাৰপ্ৰাপ্ত বিষয়াসকলৰ লগত বিশেষভাৱে আলোচনা কৰিলোঁ। সকলোতে মাত্ৰ এটাই কথা--"দেশত অস্থিৰ বাতাবৰণে বিৰাজ কৰিছে। দেশত কোনো Leader নাই। গতিকে যিকোনো সৎ কাৰ্যই বৰ্তমান মূৰ্তিমন্ত হোৱা টান। তথাপি চেষ্টা কৰক। আপোনাৰ চিন্তাই শিক্ষা সমাজত এক পৰিবৰ্তন‌ আনিব পাৰে।"

উমেশ বৈশ্যৰ ১৯৯০ চনত ৰচিত "ভূপেন হাজৰিকাৰ সাংস্কৃতিক জীৱন--এটি পৰ্যালোচনা" শীৰ্ষক প্ৰবন্ধটো তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই ইংলেণ্ড ৰ পৰা প্ৰকাশিত "লুইতৰ পৰা টেমচলৈ" আলোচনী খনে ২০১১ চনত প্ৰকাশ কৰে। [6]

১৯৭০ চনত স্থাপিত বৃহত্তৰ বিৰুবাৰী ৰঙালী বিহু সমিতিৰ বড়ো মণিপুৰী নেপালী বঙালী শীৰ্ষক উদ্বোধনী গীতটোৰ ৰচনা আৰু সুৰ উমেশ বৈশ্য ই কৰিছিল। [7]

তেখেতে ১৯৮০ চনত নিজৰ তত্ত্বাৱধানত "সুৱাগী" নামেৰে এখন দুমহীয়া আলোচনীও প্ৰকাশ কৰে।[8]

মৃত্যু সম্পাদনা কৰক

১৯৯৮ চনৰ ১ আগষ্টত ৫৯ বছৰ বয়সত উমেশ বৈশ্যৰ বিয়োগ ঘটে।[1]

অসমৰ অগ্ৰণী প্ৰকাশণ গোষ্ঠী "বাণী প্ৰকাশ" এ ২০১৮ চনত বৈশ্যৰ স্মৃতিচাৰণ আৰু মূল্যায়ন সম্পৰ্কীয় ৪০০ পৃষ্ঠাৰ "শিল্পীপ্ৰাণ উমেশ বৈশ্য" শীৰ্ষক এখনি গ্ৰন্থ প্ৰকাশ কৰে।

তথ্যউৎস সম্পাদনা কৰক

  1. 1.0 1.1 1.2 1.3 1.4 1.5 ড° শেখৰ জ্যোতি বৈশ্য,নীলোৎপল শৰ্মা (নৱেম্বৰ, ২০১৫). সুৰ বিচাৰি বাৰ বছৰ. লুকুমণি চৌধুৰী,বাণী প্ৰকাশ. ISBN 978-93-8249596-3. 
  2. ড° লক্ষহীৰা দাস (এপ্ৰিল-১৯৮২), কবিতাৰ ৰূপৰেখা, বীণা লাইব্ৰেৰী-গুৱাহাটী/কোকৰাঝাৰ।
  3. নাহেন্দ্ৰ পাদুন ( ১৯৮১, প্ৰথম সংখ্যা), অসম সাহিত্য সভা পত্ৰিকা।
  4. বেণুধৰ শৰ্মা (জুন--১৯৮০, ২ য় প্ৰকাশ), মৰমৰ কাৰেং, অসম জ্যোতি, সুৱাগপুৰ, ৰিহাবাৰী, গুৱাহাটী--৮
  5. ড° শেখৰ জ্যোতি বৈশ্য (২০১৮), শিল্পীপ্ৰাণ উমেশ বৈশ্য (ৰমানাথ গোস্বামী ৰ প্ৰবন্ধ), বাণী প্ৰকাশ, পানবজাৰ, গুৱাহাটী--১
  6. ডা: কৰুণা সাগৰ দাস (২০১১, দ্বাদশ বছৰ/ দ্বাদশ সংখ্যা), লুইতৰ পৰা টেমচলৈ, অৰুন্ধতি দাস, বেষ্ট মিডলেণ্ডচ, ইংলেণ্ড।
  7. অভিজিৎ তালুকদাৰ (২০১৯), ৰঙিলী (বৃহত্তৰ বিৰুবাৰী ৰঙালী বিহু উদযাপন সমিতিৰ সোণালী জয়ন্তী বৰ্ষৰ মুখপত্ৰ), গুৱাহাটী--১৬
  8. ৰমেন বৈশ্য (১৯৮০/ প্ৰথম বছৰ-প্ৰথম সংখ্যা), সুৱাগী, জীৱনজোতি সংগীতাশ্ৰম, বিৰুবাৰী জনো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী--১৬