এপ্ৰিল ফুল দিৱস

১ এপ্ৰিলৰ বাৰ্ষিক উদযাপন

এপ্ৰিল ফুল দিৱস বহু দেশত ১ এপ্ৰিলৰ দিনা পালন কৰা হয়। সকলো মুৰ্খৰ দিন (All Fools' Day) বুলিও অভিহিত কৰা এই দিনটো ৰাষ্ট্ৰীয় বন্ধৰ দিন নহয়। এই দিনটোত মানুহবোৰে উৰাবাতৰি প্ৰচাৰ কৰি আৰু নিৰ্দোষ ধেমালিৰে ইজনে সিজনক মুৰ্খ সজাৰ প্ৰয়াস কৰে।

এপ্ৰিল ফুল দিৱস
এপ্ৰিল ফুল দিৱস
নতুন মেট্ৰ' ব্যৱস্থাক লৈ ২০০১ চনত ডেনমাৰ্কৰ ক'পেনহেগেনত এটা "এপ্ৰিল ফুল" উৰাবাতৰি
অন্য নাম সকলো মুৰ্খৰ দিন
প্ৰকাৰ সাংস্কৃতিক, পশ্চিমীয়া
মহত্ব নিৰ্দোষ ধেমালি
তাৰিখ ১ এপ্ৰিল
আচাৰ হাস্যৰস

ইটালী, ফ্ৰান্স আৰু বেলজিয়ামত শিশু আৰু বয়স্কসকলে পৰম্পৰাগতভাৱে ইজনে সিজনৰ পিঠিত কাগজৰ ফুল লগাই দিয়ে আৰু স্থানীয় ভাষাত "এপ্ৰিল মাছ!" বুলি চিঞৰে (pesce d'aprile!, poisson d'avril! আৰু aprilvis! ক্ৰমে ইটালীয়ান, ফ্ৰেঞ্চ আৰু ডাট্‌চ ভাষাত)। তেনেকুৱা মাছৰ প্ৰতিচ্ছবি ১৯শ শতিকাৰ শেষৰফালৰ আৰু ২০শ শতিকাৰ প্ৰথমভাগৰ বহু ফ্ৰেঞ্চ এপ্ৰিল ফুল দিৱস প'ষ্টকাৰ্ডত ছপা হৈছিল।

১ এপ্ৰিল আৰু মুৰ্খতাক সংযোগ কৰা প্ৰথম উদাহৰণ পোৱা যায় জিয়'ফ্ৰী চ'চাৰকেণ্টাৰবাৰী টে'ল্‌ছত (১৯৩২)। বহু লেখকে বিশ্বাস কৰে যে পোপ গ্ৰেগৰী XIIIৰ দ্বাৰা ১৬ শ শতিকাত ১ জানুৱাৰীক গ্ৰেগৰিয়ান কেলেণ্ডাৰমতে নৱবৰ্ষৰ দিনৰূপে প্ৰতিষ্ঠা কৰা হোৱা বাবেই এই উৎসৱটোৰ সৃষ্টি হ'ল।[1]

ইতিহাস সম্পাদনা কৰক

 
লণ্ডনত "সিংহক গা ধুওৱা" এটা টিকট

এপ্ৰিল ফুল দিৱসৰ কিছুমান পুৰণি ৰূপ হৈছে ২৫ মাৰ্চত পালন কৰা ৰোমান উৎসৱ "হিলাৰিয়া" (Hilaria),[2] আৰু ২৮ ডিচেম্বৰত পালন কৰা মধ্যযুগীয় "মুৰ্খৰ ভোজ" (Feast of Fools)।[3] পিছৰ দিনটো এতিয়াও স্পেনীয় ভাষা কোৱা দেশবোৰত ধেমালি-ধুমুলাৰে পালন কৰা হয়।

চ'চাৰৰ "কেণ্টাৰবাৰী টে'ল্‌ছ"ত (১৯৩২) "Nun's Priest's Tale" নামৰ সাধুটোৰ কাল Syn March bigan thritty dayes and two বুলি কোৱা হৈছে।[4] আধুনিক পণ্ডিতসকলে বিশ্বাস কৰে যে পাণ্ডুলিপিটোৰপৰা নকল কৰোঁতে কিছু ত্ৰুটি হৈছিল আৰু প্ৰকৃততে চ'চাৰে Syn March was gon বুলিহে লিখিছিল।[5] গতিকে মূল সাধুটোত এপ্ৰিলৰ পিছত ৩২ সংখ্যক দিন অৰ্থাৎ ২ মে' বুজোৱা হৈছিল।[6] ১৩৮১ চনৰ এই দিনটোতে ইংলেণ্ডৰ ৰজা ৰিচাৰ্ড দ্বিতীয় আৰু ব'হেমিয়াৰ এন্নিৰ বিবাহ সম্পন্ন হৈছিল। পঢ়ুৱৈয়ে শাৰীটো পঢ়ি ভুলতে দিনটো "৩২ মাৰ্চ" অৰ্থাৎ ১ এপ্ৰিল বুলি ধৰি ল'লে।[7]

১৫০৮ চনত ফ্ৰেঞ্চ কবি ইলয় ডি'আমেৰ্ভালে poisson d’avril (এপ্ৰিল ফুল, বা চিধাচিধি "এপ্ৰিল মাছ")ৰ কথা লিখিছিল যাক এই দিৱসটোৰ সম্ভৱপৰ উল্লেখ বুলি ভবা হয়।[8] ১৫৩৯ চনত ফ্লেমিছ কবি এডুৱাৰ্ড ডি ডিনে এজন ব্যক্তিৰ কথা লিখিছিল যি নিজৰ লগুৱাবোৰক ১ এপ্ৰিলৰ দিনা আচহুৱা কাম কিছুমানত পঠিয়াইছিল।[6] ১৬৮৬ চনত ব্ৰিটেইনত প্ৰথমবাৰৰ বাবে জন অ'ব্ৰেই এই দিৱসটোৰ কথা "Fooles holy day" বুলি উল্লেখ কৰে।[6] ১৬৯৮ চনৰ ১ এপ্ৰিলত বহু মানুহক লণ্ডন টাৱাৰলৈ "সিংহক গা ধুওৱা চাবলৈ" আমন্ত্ৰণ কৰি ঠগা হৈছিল।[6]

মধ্যযুগত ১৮শ শতিকাৰ শেষৰ ভাগলৈকে বহু ইউৰোপীয়ান নগৰত ২৫ মাৰ্চত (Feast of the Annunciation) নৱবৰ্ষৰ দিনৰূপে পালন কৰা হৈছিল।[9] ফ্ৰান্সৰ কোনো কোনো অঞ্চলত নতুন বছৰৰ উৎসৱ ১ এপ্ৰিলত শেষ হোৱাকৈ সপ্তাহজুৰি পালন কৰা হৈছিল।[2][3] বহু লেখকে কয় যে ১ জানুৱাৰীত নৱবৰ্ষৰ দিন পালন কৰাসকলে আন দিনত পালন কৰাসকলক উপলুঙা কৰা বাবে এপ্ৰিল ফুলৰ উৎপত্তি হ'ল।[2] ১৬শ শতিকাৰ মাজভাগত ফ্ৰান্সত ১ জানুৱাৰীৰ দিনটো বহুলভাৱে নতুন বছৰ হিছাপে পালন কৰা হৈছিল[6] আৰু ১৫৬৪ চনত এডিক্ট অৱ ৰ'জিলন (Edict of Roussillon)ৰদ্বাৰা ইয়াক আনুষ্ঠানিকভাৱে স্বীকৃতি দিয়ে।

১৯৫০ চনত লোককথাৰ গৱেষক ল'না আৰু পিটাৰ অ'পীয়ে আৱিষ্কাৰ কৰে যে সংযুক্ত ৰাজ্য আৰু ইয়াৰপৰা সাংস্কৃতিক পৰম্পৰা উৎপত্তি হোৱা দেশবোৰত দিনৰ মাজভাগলৈকেহে ধেমালি কৰা হৈছিল।[10] কিন্তু এই প্ৰথাটো পিছলৈ নোহোৱা হৈ পৰে।

বিশ্বজুৰি আন ধেমালিৰ (Pranks) দিনসমূহ সম্পাদনা কৰক

ইৰাণৰ লোকসকলে পাৰ্ছিয়ান নৱবৰ্ষৰ (Nowruz, now মানে নতুন আৰু ruz মানে দিন) ১৩ নং দিনত ইজনে সিজনৰ লগত নিৰ্দোষ ধেমালি কৰে। এই দিনটো ১ বা ২ এপ্ৰিলত পৰে। খ্ৰীষ্টপূৰ্ব ৫৩৬তো[11] উদ্‌যাপন কৰাৰ প্ৰমাণ পোৱা এই দিনটোক Sizdah Bedar বুলি কোৱা হয় আৰু ই বিশ্বত এতিয়াও প্ৰচলিত ধেমালিৰ পৰম্পৰাৰ আটাইতকৈ পুৰণি পৰম্পৰা। সেইবাবে বহুতে বিশ্বাস কৰে যে এপ্ৰিল ফুল দিৱসৰ উৎপত্তি এই পৰম্পৰাৰ পৰাই হৈছে।[12]

ফ্ৰান্স, ৰ'মাণ্ডী আৰু ফ্ৰেঞ্চ ভাষা কোৱা কানাডা অঞ্চলত ১ এপ্ৰিলৰ দিনা poisson d'avril ("April's fish") পালন কৰা হয় য'ত ধৰা নপৰাকৈ ভুক্তভোগীৰ পিঠিত কাগজৰ মাছ লগাই দিয়া হয়। এই দিনটো আন দেশ যেনে ইটালীতো পালন কৰা হয় য'ত Pesce d'aprile ("April's fish") শব্দটোৱে এই দিনটোত কৰা যিকোনো কাৰচাজি বা ধেমালিক বুজায়। বেলজিয়ামৰ কোনো কোনো অঞ্চলতো এই প্ৰথা প্ৰচলিত। ফ্লেমিছ পৰম্পৰামতে এই দিনটোত শিশুসকলে তেওঁলোকৰ মাক-দেউতাক বা শিক্ষকক তলা মাৰি ঘৰত সোমাৱাত বাধা দিয়ে আৰু সেইদিনা সন্ধ্যা বা পিছদিনা শিশুবোৰক উপহাৰ দিয়াৰ শপত খালেহে ঘৰত সোমাবলৈ দিয়ে।

কোৰিয়াৰ জ'ছিয়ন ৰাজবংশৰ শাসনকালত বছৰৰ বৰফ পৰা প্ৰথম দিনটোত ৰাজপৰিয়ালৰ লোক আৰু বিষয়াসকলক মিছা মাতি ইজনে সিজনক মুৰ্খ সাজিবলৈ অনুমতি দিয়া হৈছিল। তেওঁলোকে বাচনত বৰফ ভৰাই নান অজুহাতেৰে ধেমালিৰ ভুক্তভোগীৰ ওচৰলৈ পঠিয়াই দিছিল। বৰফ লাভ কৰা লোকসকলক এই খেলত পৰাস্ত হোৱা বুলি গণ্য কৰা হৈছিল আৰু তেওঁ পঠিওৱাজনৰ এটা আশা পূৰণ কৰিব লাগিছিল।

পোলেণ্ডprima aprilis (লেটিন ভাষাত "April 1") দিনটো কৌতুক, ধেমালি, সাধাৰণ লোক বা মিডিয়াই উলিওৱা উৰাবাতৰিৰে পূৰ্ণ হৈ থাকে। গহীন কাম-কাজ এই দিনটোত পৰিহাৰ কৰা হয়। এই বিশ্বাস ইমানেই তীব্ৰ যে ৰোমান ৰজা লিঅ'প'ল্ড প্ৰথমৰ লগত ‍১ এপ্ৰিলত স্বাক্ষৰিত তুৰ্কীৰ বিপক্ষে গোটবন্ধনৰ তাৰিখটো পিছুৱাই ৩১ মাৰ্চ কৰি দিয়া হৈছিল।

স্কটলেণ্ডত এপ্ৰিল ফুল দিৱসক পৰম্পৰাগতভাৱে Hunt-the-Gowk Day বুলি কোৱা হৈছিল ("gowk" হৈছে কুলি বা মুৰ্খ মানুহ বুজোৱা স্কট শব্দ) যদিও ইয়াৰ ব্যৱহাৰ কমি আহিছে। সাধাৰণতে সহায় খুজি পঠিওৱা বুলি বন্ধ চিঠি এখন দি আহিবলৈ কাৰোবাক অনুৰোধ কৰা হয়। প্ৰকৃততে চিঠিখনত লিখা থাকে- "Dinna laugh, dinna smile. Hunt the gowk another mile"। পাওঁতাজনে চিঠিখন পঢ়ি কয় যে তেওঁ সহায় কৰিব কিন্তু তাৰ বাবে দূতজনে আন এজন মানুহৰ ওচৰলৈ যাব লাগিব। সেইবুলি তেওঁক একে কথাৰে আন এখন চিঠি দি পঠিওৱা হয় আৰু তাৰ ফলাফলে একে হয়।[10]

ডেনমাৰ্কত এ মে'ৰ দিনটো "Maj-kat", বা "May-cat" (মে' মেকুৰী) বুলি কোৱা হয় আৰু ধেমালিৰ দিন হিছাপে গণ্য কৰা হয়। চুইডেনতো ১ মে'ৰ দিনটো ধেমালিৰ অন্য দিন হিছাপে পালন কৰা হয়। চুইডেনত কাৰোবাক মুৰ্খ সজাৰ পিছত সাজোঁতাজনে ১ এপ্ৰিলৰ দিনা এইবুলি কয়- "april april din dumma sill, jag kan lura dig vart jag vill" (এপ্ৰিল, এপ্ৰিল, হে মুৰ্খ হেৰিং, ম‍ই তোমাক যেতিয়াই তেতিয়াই মুৰ্খ সাজিব পাৰোঁ)। ১ মে'ৰ ধেমালিত এইবুলি কোৱা হয়- "maj maj måne, jag kan lura dig till Skåne" (মে' মে' জোনবাই, ম‍ই তোমাক মুৰ্খ সাজি স্কুৱানালৈ পঠিয়াব পৰোঁ)। ডেনীছ আৰু চুইডিছসকলে এপ্ৰিল ফুলৰ দিনো (ডেনীছত "aprilsnar") পালন কৰে। ১ মে'ৰ দিনা ধেমালিৰ প্ৰাবল্য কম। বেছিভাগ চুইডিছ বাতৰি কাকতে একেটা মিছা বাতৰিকে ১ এপ্ৰিলৰ দিনা প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰে।

স্পেইন আৰু ইবেৰ'-আমেৰিকাত একেধৰণৰ দিন হৈছে ২৮ ডিচেম্বৰ, যাক খ্ৰীষ্টিয়ান নিয়মমতে "পবিত্ৰ নিৰ্দোষীৰ দিন"ৰ দিন হিছাপে উদ্‌যাপন কৰা হয়। খ্ৰীষ্টিয়ান উৎসৱটো এটা ধৰ্মীয় বন্ধৰ দিন, কিন্তু পিছলৈ প্ৰতিবছৰে এই দিনত ধেমালিৰ পৰম্পৰা সোমাই পৰিল। ইবেৰ'-আমেৰিকাৰ কিছুমান অঞ্চলত কোনোবাই এজনৰ লগত ধেমালি কৰাৰ পিছত কৰোঁতাজনে এইবুলি চিঞৰি উঠে: "Inocente palomita que te dejaste engañar" ("সৰু নিৰ্দোষী কপৌ, তুমি নিজকে মুৰ্খ সাজিলা")। মেসিক'ত এনেকুৱা বাক্যটো হৈছে "Inocente Para Siempre!" যাৰ অৰ্থ "চিৰদিন নিৰ্দোষী!"। স্পেইনত সাধাৰণতে মাথোঁ "Inocente!" বুলি কোৱা হয় (স্পেনীয় ভাষাত যাৰ অৰ্থ "নিৰ্দোষী!", বা "হোজা!")। স্পেনীয় দ্বীপ মিন'ৰ্কাত "Dia d'enganyar" ("মুৰ্খ সজাৰ দিন") ১ এপ্ৰিলৰ দিনা পালন কৰা হয় কাৰণ ১৮শ শতিকাত মিন'ৰ্কাত ব্ৰিটিছৰ শাসন আছিল।[13]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. History Channel - Secret Access to the Vatican - Academic documentary on the Roman Pontiff - http://www.youtube.com/watch?v=DCGoyuo8_Wo
  2. 2.0 2.1 2.2 April Fools' Day, Encyclopædia Britannica
  3. 3.0 3.1 Santino, Jack (1972). All around the year: holidays and celebrations in American life. পৃষ্ঠা. 97. 
  4. The Canterbury Tales, "The Nun's Priest's Tale" - "Chaucer in the Twenty-First Century", University of Maine at Machias, September 21, 2007
  5. Carol Poster, Richard J. Utz, Disputatio: an international transdisciplinary journal of the late middle ages, late 18th century, Volume 2, pp. 16-17 (1997).
  6. 6.0 6.1 6.2 6.3 6.4 Boese, Alex (2008) "April Fools Day - Origin " Museum of Hoaxes
  7. চ'চাৰৰ আন এটা কথাৰ ভুল বুজাবুজিৰ বাবে উদ্ভৱ হোৱা আন এটা দিন ভেলেণ্টাইন দিৱসৰ সৈতে তুলনা কৰক।
  8. Eloy d'Amerval, Le Livre de la Deablerie, Librairie Droz, p. 70. (1991). "De maint homme et de mainte fame, poisson d'Apvril vien tost a moy."
  9. Groves, Marsha, Manners and Customs in the Middle Ages, p. 27, 2005.
  10. 10.0 10.1 Opie, Iona & Peter (1967). The Lore and Language of Schoolchildren. প্ৰকাশক Oxford: OUP. পৃষ্ঠা. 246–247. ISBN 0-19-282059-1. 
  11. "Sizdah Bedar & Purim". blogspot. http://sizdahbedarpurim.blogspot.ca/2012_02_01_archive.html। আহৰণ কৰা হৈছে: 1 February 2012. 
  12. "The History of April Fools' Day". Life123. Archived from the original on 1 May 2011. http://www.life123.com/holidays/more-holidays/april-holidays/the-history-of-april-fools-day.shtml। আহৰণ কৰা হৈছে: March 31, 2011. 
  13. "Avui és el Dia d'Enganyar a Menorca [Today is Fooling Day on Minorca]". VilaWeb. April 1, 2003. http://www.vilaweb.cat/noticia/670807/20030401/noticia.html। আহৰণ কৰা হৈছে: May 24, 2012. 

বহিঃ সংযোগ সম্পাদনা কৰক