এলজিবিটি

লেচবিয়ান, গে', উভকামী আৰু ৰূপান্তৰিত লিংগ

এলজিবিটি (LGBT) হ'ল এলজিবিটি সমাজৰ আৰু পৰা অহা এটা সংক্ষিপ্ত শব্দ (acronym) যি সংখ্যালঘু ৰোমাণ্টিক অভিমুখিতা,যৌন অভিমুখিতা (লেছবিয়ান, গে' ,বাইচেক্সুৱেল) আৰু পৃথক লিংগ পৰিচয় (ট্ৰান্সজেণ্ডাৰ)ক প্ৰতিনিধিত্ব কৰে। শব্দটো ইংৰাজী ভাষাৰ পৰা বিংশ শতিকাত অহা। ভিন্ন সময়ত ভিন্ন সংখ্যালঘু সমাজে নিজৰ শব্দসমূহ যোগদান কৰি এলজিবিটি শব্দটো ভিন্ন প্ৰকাৰত ক্ৰমবিকাশ কৰি আহিছে। ১৯৯০ৰ দশকৰ পৰা এই সংক্ষিপ্ত শব্দটো পূৰ্বৰ "গে' কমিউনিটি" (Gay Community)-ৰ সংজ্ঞাবাচক নাম হিচাপে ব্যৱহৃত হৈ আহিছে। যি গে' সকলক উপস্থাপন কৰিছিল। কিন্তু পৰৱৰ্তী কালত ইয়াক বাইচেক্সুৱেল আৰু লেছবিয়ান সকলে পৰ্যাপ্ত বুলি অনুভৱ নকৰি এলজিবি (LGB) বুলি কৰি তোলে। সময়ত ইয়াৰ লগত ট্ৰান্সজেণ্ডাৰ সংযোগ কৰি এলজিবিটি কৰি তোলা হয় যি বৰ্তমান সময়ত ভিন্ন দেশত ভিন্ন ক্ৰমত এলজিবিটি বা জিএলবিটি বুলি ব্যৱহাৰ হৈ আহিছে।[1]

ইস্তানবোলৰ এলজিবিটি গৌৰৱ যাত্ৰা

বিগত কিছু বছৰত অন্যান্য সমাজ সমূহেও এলজিবিটি সমাজৰ সৈতে যোগদান কৰি নামটো আৰু অধিক দীঘলীয়া কৰা দেখা গৈছে। যিদৰে কুইয়াৰ সকলে এলজিবিটিকিউ (LGBTQ), ইণ্টাৰচেক্স সকলে এলজিবিটিআই (LGBTI) আৰু এচেক্সুৱেল সকলে এলজিবিটিএ (LGBTA) হিচাপে দাবী কৰি আহিছে।[2] অন্যহাতে ট্ৰেন্সজেণ্ডাৰ উপৰিও ট্ৰান্সচেক্সুৱেল সকলে এলজিবিটি+ (LGBT+) বুলি দাবী কৰি আহিছে। এনেবোৰ কাৰণতে বৰ্তমান এলজিবিটি শব্দটোৱে কেৱল লেছবিয়ান, গে', বাইচেক্সুৱেল আৰু ট্ৰান্সজেণ্ডাৰ সলনি সকলোকে সামৰি ব্যৱহাৰ কৰা হৈছে। যদিও বহুতো ট্ৰান্সচেক্সুৱেল লোককে ধৰি অন্য সমাজ সমূহে গে', বাইচেক্সুৱেল আৰু লেছবিয়ান সকলক পৃথক অনুভৱ কৰিছে।[3] যিহেতু গে', বাইচেক্সুৱেল আৰু লেছবিয়ান সকল অন্য ট্ৰান্সসমাজ সমূহৰদৰে পৃথক লিংগৰ দৰে অনুভৱ নকৰে আৰু নিজৰ মাত্ৰ একে লিংগৰ লগত প্ৰেম আৰু আকৰ্ষণ হে অনুভৱ কৰে।[4] কিন্তু বৰ্তমান সময়ত এলজিবিটি শব্দটোৱে প্ৰচাৰ মাধ্যমত ব্যৱহাৰ কৰা হৈছে।

পৃথকঅভিমুখী আৰু লিংগ সংখ্যালঘু (Sexual and Gender Minorities)

সম্পাদনা কৰক

পৃথকঅভিমুখী আৰু লিংগ সংখ্যালঘু (Sexual and Gender Minorities), বা SGM [5] হল Sexual and Gender Minorities ৰ সংক্ষিপ্ত শব্দ যি শৈক্ষিক , ৰাজনৈতিক আৰু চিকিৎসা বিজ্ঞানত বিশেষ স্থান লাভ কৰিছে। ৰাষ্ট্ৰীয় স্বাস্হ্য প্ৰতিষ্ঠান (National Institutes of Health);[6] স্বাস্থ্যসেৱা, মেডিকেয়াৰ আৰু মেডিকেইড সেৱা কেন্দ্ৰ (the Centers for Medicare & Medicaid Services);[7] আৰু ইউ.চি.এল.এ উইলিয়ামচ প্ৰতিষ্ঠানে (UCLA Williams Institute) এই শব্দটো গ্ৰহণ কৰিছে যি পৃথকঅভিমুখী আৰু লিংগ সংখ্যালঘু (Sexual and Gender Minorities) আইন আৰু নীতি অধ্যয়ন কৰে।[8] ডিউক বিশ্ববিদ্যালয় (Duke University) আৰু কেলিফৰ্ণিয়া চানফ্ৰানচিস্ক বিশ্ববিদ্যালয়ে ( University of California San Francisco) চেক্সুৱেল আৰু লিংগ সংখ্যালঘু সকলৰ বাবে স্বাস্থ্য কাৰ্যক্ৰম।[9][10] এখন ৰাষ্ট্ৰীয় স্বাস্হ্য প্ৰতিষ্ঠানৰ (National Institutes of Health) পত্ৰই পৃথকঅভিমুখী আৰু লিংগ সংখ্যালঘু (Sexual and Gender Minorities)ক ব্যবহাৰৰ উপদেশ দিছে কাৰণ হয়তো কিছু লোকে এলজিবিটি ভিতৰত নপৰিবও পাৰে। [11] হোৱাইত হাউচৰ ব্যৱস্থাপনা আৰু বাজেট কাৰ্যালয়ৰ এখন প্ৰকাশনত পৃথকঅভিমুখী আৰু লিংগ সংখ্যালঘু (Sexual and Gender Minorities) ৰ ব্যৱহাৰ অধিক সুবিধাজনক (বিশেষকৈ এলজিবিটিত অন্তৰ্গত নোহোৱা ব্যক্তিসকলৰ বাবে) বুলি প্ৰকাশ কৰিছে [12] তদুপৰি সংযুক্ত ৰাজ্যই এলজিবিটিকিউ+ ৰ সলনি পৃথকঅভিমুখী আৰু লিংগ সংখ্যালঘু (Sexual and Gender Minorities) ৰ ব্যৱহাৰ কৰিলে উত্তৰগোলকৰ বাহিৰৰ স্থানীয় লোকে অধিক বুজি পোৱাত সুবিধা হব বুলি উল্লেখ কৰিছিল[13], যিদৰে নেপালৰ সংবিধানে GSM ক সুৰক্ষিত শ্ৰেণী হিচাপে চিনাক্ত কৰিছে।[14]

কিছুলোকে বৰ্তমান থকা নামৰ সলনি এটা সাধাৰণ নামৰ সন্ধান কৰিছিল।[15] বহুত লোকে কুইয়াৰ নামটো ব্যৱহাৰৰ বাবে প্ৰস্তাৱ জনাইছিল। যি চেক্সুৱেল আৰু লিংগ সংখ্যালঘু লোক (sexual and gender minority) লোকক সামৰি আৰু বিপৰীতকামী (Heterosexual) তথা নন বাইনেৰী (Non binary) লোকক এৰি। কিন্তু এই নামটোৱে সঁহাৰি লাভ নকৰে।[16][17]কুইয়াৰ শব্দটো আগৰ দিনৰ পুৰণিকলীয়া বুঢ়া লোকসকলে ঋণাত্মক ভাবে ব্যৱহাৰ কৰা শব্দ আছিল বাবে ইয়াক এলজীবিটিৰ দৰে গ্ৰহণ কৰা নহয়।[18][19]কিন্তু বহু নতুন প্ৰজন্মৰ লোকে এই শব্দটো ৰাজনৈতিক ভাবে অধিক সবল বুলি জানে সেয়ে ব্যৱহাৰ কৰে।[20][21]

 
এলজিবিটি গৌৰৱযাত্ৰা

১৯ শতিকাত পশ্চিমীয়া দেশ সমূহৰ চিকিৎসা বিজ্ঞানত Homosexual শব্দৰ ব্যৱহাৰ হব ধৰিছিল। ১৯২০ চনত জাৰ্মানীত Frauen lesbische Berlins (অসমীয়া ভাষাত বাৰ্লিনৰ লেছবিয়ান মহিলা) নামৰ কিতাপ খনত Homosexual শব্দৰ ব্যৱহাৰৰ পাছত শব্দটো অধিক জনপ্ৰিয় হৈ পৰিছিল।[22] ১৯৫০ দশকত পশ্চিমত হ'ম'ফাইল (Homophile) নামৰ শব্দ ব্যৱহাৰ কৰি homosexual শব্দক নাকচ কৰিছিল যি কেৱল যৌনতাত সীমিত আছিল আৰু এই শব্দই একে লিংগৰ প্ৰেমক উপস্থাপন কৰিছিল। হ'ম'ফাইল (Homophile) শব্দটো সেই সময়ত ইউৰোপ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰচলন হৈছিল।[23][24] যদিও স্পেইন আদি দেশত homosexual শব্দটো ব্যৱহৃত হৈছিল কিন্তু আমেৰিকা যুক্তৰাষ্ট্ৰত ক্ৰমাৎ গে' শব্দটো অত্যধিক ৰূপত ব্যৱহাৰ হবা ধৰিছিল। ক্ৰমাৎ অধিক যুৱকে নিজকে গে' বুলি আত্মপ্ৰকাশ কৰাৰ ফলত শব্দটো জনপ্ৰিয় হৈ পৰিল। নতুনকৈ বহুতো গে' বাৰ আদি খুলিব ধৰে। আনহাতে লেছবিয়ান আৰু ট্ৰান্স সমাজেও পৃথকে পৃথকে নিজক আত্মপ্ৰকাশ কৰি আহিছিল। কিন্তু ১৯৬৯ৰ ষ্টনৱালৰ বিপ্লৱ সৰ্বপ্ৰথম এলজিবিটি আন্দোলন হিচাপে পৰিগণিত হয়। তাই পাছত ক্ৰমাৎ এলজিবিটি সমাজ লগ হৈ আগবাঢ়ি আহিল।[25] উল্লেখযোগ্য যে "গে' কমিউনিটি" শব্দটো সম্প্ৰদায়ৰ বহুতক যথাযথভাৱে প্ৰতিনিধিত্ব কৰা নাছিল।[26]

 
অসমগুৱাহাটীত অনুষ্ঠিত ২০২০ৰ এলজিবিটি গৌৰৱ যাত্ৰা

"এলজিবিটি" শব্দটো মূলতঃ পৃথক মানৱ প্ৰেম যৌন অভিমুখিতা আৰু পৃথক লিংগ পৰিচয় থকা ব্যক্তি সকলক সাঙুৰি ব্যৱহৃত হয়। সাধাৰণভাৱে অকামিতা (Asexual), সমকামিতা (Homosexual), উভকামিতা (Bisexual) আৰু ৰূপান্তৰকামিতা (Transgender) থকা যিকোনো ব্যক্তিক বুজাবলৈ এই শব্দ ব্যৱহাৰ কৰা হয়।[26][27] এই ধৰণৰ অন্তৰ্ভুক্ত হিচাপে আদ্যক্ষৰটোৰ এটি জনপ্ৰিয় পাঠান্তৰত ইংৰাজী "কিউ" (Q) অক্ষৰটো যুক্ত কৰা হয় যৌন প্ৰবৃত্তিৰ স্থলত কুইয়াৰ বা প্ৰশ্নৰত যৌনতা আৰু লিংগ বুজাবলৈ (অৰ্থাৎ, "এলজিবিটিকিউ" বা "জিএলজিবিটিকিউ"), ১৯৯৬ চনৰ পৰা নথিভুক্ত হয়।[28]

সংজ্ঞাবাচক নাম হিচাপে এই শব্দটো মূলধাৰাত পৰিণত হয়। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু অন্য কেইখনমান ইউৰোপৰ দেশৰ অধিকাংশ যৌনতা আৰু লিংগ পৰিচয়-ভিত্তিক সামাজিক কেন্দ্ৰ আৰু গণমাধ্যম দ্বাৰা এই শব্দ গৃহীতও হয়।[29][30]

 
এলজিবিটি প্ৰতীক

কিছু ট্ৰান্সজেণ্ডাৰ আৰু ট্ৰান্সভেষ্ট ব্যক্তিৰ মতে তেওঁলোক গে',লেছবিয়ান আদিৰ সৈতে একেখন সমাজত থকা উচিত নহয় কাৰণ তেওঁলোকৰ একে লিংগৰ প্ৰেম নহয় বৰঞ্চ তেওঁলোকৰ নিজৰ লিংগৰহে অনিশ্চয়তা আছে।[31] [32] আনহাতে এলজিবি (লেছবিয়ান,গে',বাইচেক্সুৱেল) সকলৰ মুখ্য লক্ষ হল একে লিংগৰ প্ৰেম , [[একে লিংগৰ বিবাহ]] আৰু একে লিংগৰ যৌন সম্পৰ্ক কিন্তু ট্ৰান্স , ইণ্টাৰচেক্স , হিজিৰা সকলৰ লক্ষ এলজিবি (লেছবিয়ান,গে',বাইচেক্সুৱেল) সকলতকৈ বেলেগ। [33] [34])।[35] এই সমূহ কাৰণত গে' আৰু লেছবিয়ান সকলক এলজিবিটিতকৈ পৃথক এখন সমাজলৈ নিবৰ বাবে দাবী চলিছে যাৰ ফলত গে' এণ্ড লেছবিয়ান চেপাৰেটিজম বা গে' আৰু লেছবিয়ানৰ এলজিবিটিৰ পৰা পৃথকীকৰণ দাবী তুলি আহিছে।[36] [37] [36][38] অন্যহাতে ইণ্টাৰচেক্স ব্যক্তি সকলে এটা অংশই নিজক এলজিবিটিৰ অংশ হিচাপে মানি লব নোখোজে। আকৌ কিছু লোকে ৰামধেনু শব্দটোৱে সকলোকে সামৰি লব খুজিছে যদিও এই শব্দটো ইমান জনপ্ৰিয় হৈ উঠা নাই। অন্যহাতেদি পৃথকীকৰণৰ দাবী কৰি অহা সকলৰ হাতটো যথেষ্ট মানি লবলগীয়া যুক্তি আছে। [37][39][40]

  1. Swain, Keith W. ( June 21, 2007 ). "Gay Pride Needs New Direction" (in English) . Denver Post . Retrieved July 5, 2008
  2. Challenging lesbian norms : intersex, transgender, intersectional, and queer perspectives. প্ৰকাশক Binghamton, NY: Harrington Park Press. ISBN 1-56023-645-0. 
  3. Bloodsworth-Lugo, Mary K.. In-between bodies : sexual difference, race, and sexuality. প্ৰকাশক Albany: State University of New York Press. ISBN 0-7914-7221-3. 
  4. Mohr, Richard D.. Gays/justice : a study of ethics, society, and law. প্ৰকাশক New York: Columbia University Press. ISBN 0-231-06735-6. 
  5. Besanvalle, James (2018-07-20). "Five alternative terms you can use instead of LGBT". Gay Star News. Retrieved 2021-01-20.
  6. "Sexual & Gender Minority Research Office". National Institutes of Health. Retrieved 2020-11-23.
  7. Sexual and Gender Minority Clearinghouse". Centers for Medicare & Medicaid Services. Retrieved 2020-11-23
  8. Park, Andrew (July 2016). "A Development Agenda for Sexual and Gender Minorities". Williams Institute. Retrieved 2020-11-23.
  9. Duke Sexual and Gender Minority Health Program". Duke University. Retrieved 2021-06-13.
  10. Center for Sexual & Gender Minority Health". University of California San Francisco. Retrieved 2021-06-13
  11. Strategic Plan to Advance Research on the Health and Well-being of Sexual and Gender Minorities , National Institutes of Health,
  12. Updates on Terminology of Sexual Orientation and Gender Identity Survey Measures" (PDF). Federal Committee on Statistical Methodology, under the auspices of the Office of Management and Budget. August 2020.
  13. Gender and Strategic Communications in Conflict and Stabilisation Contexts (PDF), HM Government, January 2020
  14. http://www.lawcommission.gov.np/en/archives/981
  15. Atkins, Dawn (1998). Looking Queer: Body Image and Identity in Lesbian, Bisexual, Gay, and Transgender Communities. Haworth Press. ISBN 978-0-7890-0463-5
  16. Atkins, Dawn (1998). Looking Queer: Body Image and Identity in Lesbian, Bisexual, Gay, and Transgender Communities. Haworth Press. ISBN 978-0-7890-0463-5
  17. Beyer, Dana; Director, ContributorExecutive; Maryl, Gender Rights (12 November 2015). "Gay Transphobia, 2015 Style". HuffPost.
  18. Atkins, Dawn (1998). Looking Queer: Body Image and Identity in Lesbian, Bisexual, Gay, and Transgender Communities. Haworth Press. ISBN 978-0-7890-0463-5
  19. Beyer, Dana; Director, ContributorExecutive; Maryl, Gender Rights (12 November 2015). "Gay Transphobia, 2015 Style". HuffPost.
  20. Beyer, Dana; Director, ContributorExecutive; Maryl, Gender Rights (12 November 2015). "Gay Transphobia, 2015 Style". HuffPost.
  21. Halpin, Mikki (2004). It's Your World—If You Don't Like It, Change It: Activism for Teenagers. Simon and Schuster. ISBN 978-0-689-87448-2.
  22. Tamagne, Florence (2006). A history of homosexuality in Europe. Berlin, London, Paris 1919-1939 (in English) (1st edition).
  23. Herrero-Brasas, Juan A.. La sociedad gay : una invisible minoría. প্ৰকাশক Madrid: Foca Ediciones y Distribuciones. ISBN 9788495440150. 
  24. Minton, Henry L.. Departing from deviance : a history of homosexual rights and emancipatory science in America. প্ৰকাশক Chicago: University of Chicago Press. ISBN 0226530434. 
  25. Acronyms, initialisms & abbreviations dictionary, Volume 1, Part 1 Gale Research Co., 1985, ISBN 978-0-8103-0683-7. Factsheet five, Issues 32-36, Mike Gunderloy, 1989
  26. 26.0 26.1 26.2 Swain, Keith W. (21 June 2007). "Gay Pride Needs New Direction". Denver Post. http://www.denverpost.com/ci_6198394?source=rss। আহৰণ কৰা হৈছে: 2008-07-05. 
  27. 27.0 27.1 Shankle, Michael D. (2006). The Handbook of Lesbian, Gay, Bisexual, and Transgender Public Health: A Practitioner's Guide To Service. Haworth Press. ISBN 978-1-56023-496-8. https://books.google.com/books?id=pUUyLSKD5voC. 
  28. The Santa Cruz County in-queery, Volume 9, Santa Cruz Lesbian, Gay, Bisexual & Transgendered Community Center, 1996
  29. The 2008 Community Center Survey Report: Assessing the Capacity and Programs of Lesbian, Gay, Bisexual, and Transgender Community Centers Archived 2009-05-04 at the Wayback Machine August 29, 2008, Terry Stone, CenterLink (formerly The National Association of Lesbian, Gay, Bisexual and Transgender Community Centers).Report link[সংযোগবিহীন উৎস]
  30. National Lesbian & Gay Journalists Association: Stylebook Supplement on LGBT Terminology, NLGJA 2008. Stylebook Supplement
  31. Alexander, Jonathan. Bisexuality and transgenderism : interSEXions of the others. প্ৰকাশক Binghamton, NY: Harrington Park Press. ISBN 1-56023-287-0. 
  32. 32.0 32.1 Finnegan, Dana G.; McNally, Emily B. (2002). Counseling Lesbian, Gay, Bisexual, and Transgender Substance Abusers: Dual Identities. Haworth Press. ISBN 978-1-56023-925-3. https://archive.org/details/counselinglesbia2002finn. 
  33. Alexander, Jonathan. Bisexuality and transgenderism : interSEXions of the others. প্ৰকাশক Binghamton, NY: Harrington Park Press. ISBN 1-56023-287-0. 
  34. William L. Maurice, Marjorie A. Bowman, Sexual medicine in primary care, Mosby Year Book, 1999, ISBN 978-0-8151-2797-0
  35. 35.0 35.1 Aragon, Angela Pattatuchi (2006). Challenging Lesbian Norms: Intersex, Transgender, Intersectional, and Queer Perspectives. Haworth Press. ISBN 978-1-56023-645-0. https://books.google.com/books?id=usruybRjfMUC। আহৰণ কৰা হৈছে: 2008-07-05. 
  36. 36.0 36.1 36.2 Bloodsworth-Lugo, Mary K. (2007). In-Between Bodies: Sexual Difference, Race, and Sexuality. SUNY Press. ISBN 978-0-7914-7221-7. https://books.google.com/books?id=Ph74JKY_5dwC. 
  37. 37.0 37.1 37.2 Wilcox, Melissa M. (2003). Coming Out in Christianity: Religion, Identity, and Community. Indiana University Press. ISBN 978-0-253-21619-9. https://books.google.com/books?id=yjdhpMnHEIMC. 
  38. 38.0 38.1 Mohr, Richard D. (1988). Gays/Justice: A Study of Ethics, Society, and Law. Columbia University Press. ISBN 978-0-231-06735-5. https://books.google.com/books?id=dfUw8Zl0kPEC। আহৰণ কৰা হৈছে: 2008-07-05. 
  39. 39.0 39.1 Halpin, Mikki (2004). It's Your World—If You Don't Like It, Change It: Activism for Teenagers. Simon and Schuster. ISBN 978-0-689-87448-2. https://books.google.com/books?id=Ud3Zzo2-VMsC. 
  40. Alexander, Jonathan. Bisexuality and transgenderism : interSEXions of the others. প্ৰকাশক Binghamton, NY: Harrington Park Press. ISBN 1-56023-287-0. 
  41. 41.0 41.1 Alexander, Jonathan; Yescavage, Karen (2004). Bisexuality and Transgenderism: InterSEXions of The Others. Haworth Press. ISBN 978-1-56023-287-2. https://books.google.com/books?id=2SOe4igsrbgC. 

লগতে চাওক

সম্পাদনা কৰক

বহিঃসংযোগ

সম্পাদনা কৰক