ঔম বিৰলা
ঔম বিৰলা (ইংৰাজী: Om Birla,জন্ম ২৩ নৱেম্বৰ,১৯৬২) এজন ভাৰতীয় ৰাজনীতিবিদ আৰু বৰ্তমান ১৭তম লোকসভাৰ অধ্যক্ষ। ভাৰতীয় জনতা পাৰ্টিৰ সদস্য ঔম বিৰলায়ে ১৬তম আৰু ১৭তম লোকসভালৈ[1][2] ৰাজস্থানৰ কোটা-বুন্দী লোকসভা সমষ্টিৰ পৰা নিৰ্বাচিত হৈছিল। তেওঁ কোটা দক্ষিণ বিধানসভা সমষ্টিৰ পৰা ৰাজস্থান বিধানসভালৈ তিনিবাৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল। ২০১৯ চনৰ ১৯ জুন তাৰিখে তেওঁ ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাৰ সমৰ্থিত প্ৰাৰ্থী হিচাপে ১৭তম লোকসভাৰ অধ্যক্ষ হিচাপে নিযুক্তি লাভ কৰে।
ঔম বিৰলা | |
---|---|
১৭তম লোকসভাৰ অধ্যক্ষ | |
পদাধিকাৰ | |
কাৰ্যভাৰ গ্ৰহণ ১৯ জুন ২০১৯ | |
পূৰ্বসূৰী | সুমিত্ৰা মহাজন |
লোকসভাৰ সাংসদ | |
পদাধিকাৰ | |
কাৰ্যভাৰ গ্ৰহণ ২০১৪ | |
পূৰ্বসূৰী | ইজয়াৰাজ সিং |
সমষ্টি | কোটা লোকসভা সমষ্টি |
ব্যক্তিগত তথ্য | |
জন্ম | ২৩ নৱেম্বৰ, ১৯৬২ (৬২ বছৰ) কোটা, ৰাজস্থান, ভাৰত |
ৰাজনৈতিক দল | ভাৰতীয় জনতা পাৰ্টি |
দাম্পত্যসঙ্গী | ড॰ অমিতা বিৰলা |
বাসস্থান | কোটা, ৰাজস্থান |
পেচা | ৰাজনীতিবিদ |
প্ৰাৰম্ভিক জীৱন
সম্পাদনা কৰক১৯৬২ চনৰ ২৩ নৱেম্বৰ তাৰিখে ৰাজস্থানৰ কোটা চহৰত ঔম বিৰলাৰ জন্ম হৈছিল। তেওঁৰ পিতৃ শ্ৰীকৃষ্ণ বিৰলা আৰু শকুন্তলা দেৱী। তেওঁ কোটা চৰকাৰী বাণিজ্য মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল। তাৰপিছত তেওঁ মহৰ্ষি দয়ানন্দ সৰস্বতী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল।
ৰাজনৈতিক জীৱন
সম্পাদনা কৰক২০০৩ চনত ঔম বিৰলায়ে দক্ষিণ কোটা বিধানসভা সমষ্টিৰ পৰা ৰাজস্থান বিধানসভালৈ প্ৰথমবাৰৰ বাবে নিৰ্বাচিত হৈছিল। এই নিৰ্বাচনত তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ শান্তি ধাৰীৱালক ১০,১০১ ভোটৰ ব্যৱধানত পৰাস্ত কৰিছিল। ২০০৮ চনৰ বিধানসভা নিৰ্বাচনত তেওঁ কংগ্ৰেছৰ ৰাম কিচন বৰ্মাক ২৪,৩০০ ভোটৰ ব্যৱধানত আকৌ এবাৰ ৰাজস্থান বিধানসভালৈ নিৰ্বাচিত হৈছিল। ২০১৩ চনৰ বিধানসভা নিৰ্বাচনত তেওঁ তৃতীয়বাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত হৈছিল। ২০০৩ চনৰ পৰা ২০০৮ চনলৈ তেওঁ ৰাজস্থান চৰকাৰৰ সংসদীয় সচিব আছিল।
তেওঁ ১৬তম আৰু ১৭তম লোকসভা নিৰ্বাচনত কোটা সমষ্টিৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী হিচাপে জয় লাভ কৰিছিল। সাংসদ হিচাপে তেওঁ শক্তি বিভাগৰ সংসদীয় কমিটি[3] আৰু সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ৰ উপদেষ্টা কমিটিৰ সদস্য আছিল। তেওঁ ২০১৯ চনৰ ১৯ জুন তাৰিখে তেওঁ ১৭তম লোকসভাৰ অধ্যক্ষ হিচাপে নিযুক্তি লাভ কৰিছিল।
পদাধিকাৰ
সম্পাদনা কৰকতথ্য উৎস
সম্পাদনা কৰক- ↑ 16th Lok Sabha
- ↑ "Lok Sabha". 164.100.47.132. http://164.100.47.132/LssNew/Members/Biography.aspx?mpsno=4716। আহৰণ কৰা হৈছে: 2015-08-29.
- ↑ "Message Page". 164.100.47.134. Archived from the original on 2016-03-04. https://web.archive.org/web/20160304223858/http://164.100.47.134/committee/commitee_main.aspx। আহৰণ কৰা হৈছে: 2015-08-29.
- ↑ "BJYM : Bharatiya Janata Yuva Morcha : भाजयुमो : भारतीय जनता युवा मोर्चा | BJYM : Bharatiya Janata Yuva Morcha is youth wing of Bharatiya Janata Party one of the leading Political Party in India, भाजयुमो : भारतीय जनता युवा मोर्चा". www.bjym.org. http://www.bjym.org/। আহৰণ কৰা হৈছে: 2015-08-29.