কঠ
কঠ (ইংৰাজী: Kath) তৃণজাতীয় বস্তুৰে সজা আৰু বহিবলৈ ব্যৱহাৰ কৰা এখন আসন৷ কীৰ্তনঘৰ বা নামঘৰ আদিত ভকতসকলে বহি নাম গাবলৈ কঠ ব্যৱহাৰ কৰে৷ কোনো কোনো ঠাইত শুবলৈয়ো কঠ প্ৰস্তুত কৰি লোৱা হৈছিল৷[1]
কঠৰ সৃষ্টি
সম্পাদনা কৰককথা গুৰুচৰিত মতে আগতে ভকতসকলে ’চলাপীৰা’ [2]নামে কাঠেৰে নিৰ্মিত এক আসনত বহিহে নাম-কীৰ্তন কৰিছিল৷ পিছত এদিন মাধৱদেৱে কল ঠহুৰাৰে এখন আসন সাজি ধুই-পখালি গুৰুজনাক উপহাৰ দি কৈছিল; “বাপ, আতে বহি হৰিকথা চৰ্চা যাব’’৷ শংকৰদেৱে আনন্দিত মনে তাৰ কি নাম দিছে সোধাত মাধবদেৱে “কট’’ বুলি কৈছিল৷ শংকৰদেৱে সেইখন হাতত লৈ বহি “আতে বহি হৰিগুণ শ্ৰৱণ কীৰ্তন কৰিব দেহৰ কটমট বাসনা দূৰ হৈব ভকতৰ’’ বুলি গ্ৰহণ কৰিছিল৷ তাৰপিছত ভকত শ্ৰীৰাম আতাই ৰঘুবন আনি গাঁথি দি দি অনুৰূপ আসন তৈয়াৰ কৰিলে৷ তেতিয়াৰ পৰাই হৰিনাম শ্ৰৱণ কীৰ্তন কৰাৰ বেলিকা কঠত বহা নিয়ম হ’ল৷[2] কঠৰ ওপৰত ভকতে পদ্মাসন বা সুখাসনত বহি নামকীৰ্তন কৰে৷ এনেদৰে বহিলে দেহৰ জঠৰতা দূৰ হয়, মনৰ সংযম বৃদ্ধি কৰে৷[3] ’কঠ বন’ নামৰ এবিধ বিশেষ বনৰ পৰা কঠ সজা হয় যদিও এইবোৰৰ অভাৱত বৰ্তমান ধৰ্মীয় কাম-কাজত প্লাষ্টিকৰ কঠ ব্যৱহাৰ কৰা দেখ যায়৷ অৱশ্যে সত্ৰ, নামঘৰ আদিত ভকতীয়া আসন হিচাপে কঠ এতিয়াও অপৰিহাৰ্য৷