কমলাদেৱী চট্টোপাধ্যায়


কমলাদেৱী চট্টোপাধ্যায় (ইংৰাজী: Kamaladevi Chattopadhyay ; ৩ এপ্ৰিল ১৯০৩ – ২৯ অক্টোবৰ ১৯৮৮) এগৰাকী ভাৰতীয় সমাজ সংস্কাৰক, লেখক আৰু স্বাধীনতা কৰ্মী আছিল। ভাৰতৰ স্বাধীনতা আন্দোলনলৈ আগবঢ়োৱা অৱদানৰ বাবে; স্বাধীন ভাৰতত দেশীয় হস্তশিল্প, হস্ততাঁত, আৰু থিয়েটাৰ নৱজাগৰণৰ চালিকা শক্তি হোৱাৰ বাবে আৰু ভাৰতীয় মহিলাসকলৰ আৰ্থ-সামাজিক মান উন্নীত কৰাৰ ক্ষেত্ৰত পথপ্ৰদৰ্শকৰ ভূমিকাৰ বাবে তেওঁক আটাইকতকৈ বেছি স্মৰণ কৰা হয়। তেওঁ নিৰ্বাচনত অৱতীৰ্ণ হোৱা প্ৰথম ভাৰতীয় মহিলা, যদিও তেওঁ মাদ্ৰাছ সমষ্টিৰ পাৰ নিৰ্বাচন খেলি পৰাস্ত হৈছিল।

কমলাদেৱী চট্টোপাধ্যায়
জন্ম ০৩ এপ্ৰিল, ১৯০৩
মাংগালোৰ, মাদ্ৰাছ প্ৰছিডেন্সি, ব্ৰিটিছ ভাৰত (বৰ্তমান কৰ্ণাটকত)
মৃত্যু ২৯ অক্টোবৰ, ১৯৮৮ (৮৫ বছৰ)
বোম্বে, মহাৰাষ্ট্ৰ, ভাৰত
শিক্ষানুষ্ঠান কুইন মেৰী কলেজ (চেন্নাই), বেডফোৰ্ড কলেজ (লণ্ডন)
দাম্পত্যসঙ্গী কৃষ্ণ ৰাও (বি. ১৯১৭১৯)
হৰিনাথ চট্টোপাধ্যায় (বি. ১৯২৩৫৫)
সন্তান ৰামকৃষ্ণ চট্টোপাদধ্যায়
বঁটা, সন্মান, পুৰস্কাৰ আদি ৰমন মেগছেছে বঁটা (১৯৬৬)
পদ্মভূষণ (১৯৫৫)
পদ্মবিভূষণ (১৯৮৭)

তেওঁৰ দৃষ্টিভংগীৰ বাবেই আজি ভাৰতত ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়, সংগীত নাটক একাডেমী, চেণ্ট্ৰেল কটেজ ইণ্ডাষ্ট্ৰীজ এম্প’ৰিয়াম, ক্ৰাফ্টছ কাউন্সিল অফ ইণ্ডিয়া আদি কেইবাটাও সাংস্কৃতিক অনুষ্ঠান গঢ় লৈ উঠিছে। ভাৰতীয় জনসাধাৰণৰ সামাজিক আৰু অৰ্থনৈতিক উত্থানত হস্তশিল্প আৰু সমবায় তৃণমূল পৰ্যায়ৰ আন্দোলনে যি উল্লেখযোগ্য ভূমিকা পালন কৰিছে, সেই ক্ষেত্ৰতো কমলাদেৱীৰ গুৰুত্ব আছে। এই উদ্দেশ্য সাধনত তেওঁ স্বাধীনতাৰ আগতে আৰু পিছতো কিছুমান শক্তিকেন্দ্ৰৰ পৰা প্ৰবল বিৰোধৰ সন্মুখীন হৈছিল।

১৯৭৪ চনত তেওঁ ভাৰতৰ সংগীত নাটক একাডেমীয়ে প্ৰদান কৰা সৰ্বোচ্চ সন্মান সংগীত নাটক একাডেমী ফেল'শ্বিপ লাভ কৰে।[1] ভাৰত চৰকাৰে দ্বাৰা ক্ৰমে ১৯৫৫ আৰু ১৯৮৭ চনত তেওঁক পদ্মভূষণ আৰু পদ্মবিভূষণ বঁটা প্ৰদান কৰে। হস্ততাঁত খণ্ডৰ কামৰ বাবে হাতকৰ্ঘা মা নামেৰে পৰিচিত।[1]

প্ৰাৰম্ভিক জীৱন

সম্পাদনা কৰক

১৯০৩ চনৰ ৩ এপ্ৰিলত মাংগালোৰত কমলাদেৱীয়ে জন্মগ্ৰহণ কৰে। তেওঁ পিতৃ-মাতৃৰ চতুৰ্থ আৰু কনিষ্ঠ কন্যা। তেওঁৰ পিতৃৰ নাম আছিল অনন্ত্যয়া ধাৰেশ্বৰ আৰু মাতৃৰ নাম গিৰিজাবাই। কমলদেৱী আছিল এগৰাকী ব্যতিক্ৰমী ছাত্ৰী আৰু সৰুৰে পৰাই দৃঢ়প্ৰতিজ্ঞ আৰু সাহসী আছিল। তেওঁৰ পিতৃ-মাতৃৰ মহাদেৱ গোবিন্দ ৰানাডে, গোপাল কৃষ্ণ গোখলেকে ধৰি বহু বিশিষ্ট স্বাধীনতা সংগ্ৰামী আৰু বুদ্ধিজীৱী আৰু ৰামবাই ৰানাডে আৰু এনি বেছাণ্টৰ দৰে মহিলা নেত্ৰীৰ সৈতে বন্ধুত্ব আছিল; যাৰ বাবে যুৱতী কমলাদেৱীক স্বদেশী জাতীয়তাবাদী আন্দোলনৰ প্ৰতি উৎসাহী কৰি তুলিছিল।[2]

বৈবাহিক জীৱন

সম্পাদনা কৰক

১৯১৭ চনত ১৪ বছৰ বয়সত কমলাদেৱী চট্টোপাধ্যায়ৰ বিবাহ হয় যদিও বিয়াৰ দুবছৰ পিছত বিধৱা হয়।[2] তাৰ পিছত চেন্নাইৰ কুইন মেৰী কলেজত পঢ়া-শুনা আৰম্ভ কৰে। তাতে কমলাদেৱীয়ে সৰোজিনী নাইডুৰ কনিষ্ঠ ভগ্নী তথা ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ নেত্ৰী সুহাসিনী চেটাৰ্জীক লগ পায়। সুহাসিনী কমলাদেৱীৰ সহপাঠী আছিল, যিয়ে পিছত কমলাদেৱীক তেওঁৰ প্ৰতিভাৱান ভাতৃ হৰিন্দ্ৰনাথ চট্টোপাধ্যায়ৰ লগত চিনাকি কৰাই দিয়ে। হৰিন্দ্ৰনাথ আছিল এজন কবি-নাট্যকাৰ-অভিনেতা। অৱশেষত কমলাদেৱীৰ বয়স বিশ বছৰ হলত, হৰিন্দ্ৰনাথ চেটাৰ্জীৰ সৈতে বিবাহপাশত আবদ্ধ হয়। অৱশ্যে তেওঁলোক বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। পিছৰ বছৰত তেওঁলোকৰ একমাত্ৰ পুত্ৰ ৰামৰ জন্ম হয়।[3] বিয়াৰ কিছুদিন পিছতে হৰিন্দ্ৰনাথে লণ্ডনলৈ যায় আৰু কেইমাহমান পিছত কমলদেৱীয়েও তেওঁক সংগ দিয়ে। তাত তেওঁ লণ্ডন বিশ্ববিদ্যালয়ৰ বেডফোৰ্ড কলেজত নামভৰ্তি কৰে আৰু সমাজবিজ্ঞানত ডিপ্লোমা লাভ কৰে।[4]

স্বাধীনতা আন্দোলনৰ আহ্বান

সম্পাদনা কৰক

লণ্ডনত থকাৰ সময়তে কমলাদেৱীয়ে ১৯২৩ চনত মহাত্মা গান্ধীৰ অসহযোগ আন্দোলনৰ বিষয়ে জানিব পাৰি লগে লগে ভাৰতলৈ উভতি আহি দেশ সেৱাৰ বাবে প্ৰতিষ্ঠা হোৱা সংগঠন সেৱা দলত যোগদান কৰে।

১৯২৬ চনত সৰ্বভাৰতীয় মহিলা সন্মিলন (AIWC)ৰ প্ৰতিষ্ঠাপক মাৰ্গাৰেট ই কেচিনছক লগ পাই মাদ্ৰাছ প্ৰাদেশিক বিধানসভাত অংশগ্ৰহণৰ বাবে অনুপ্ৰাণিত হয়। নিৰ্বাচনত তেওঁ মাথো ৫৫টা ভোটৰ ব্যৱধানত পৰাস্ত হয়।

তথ্যসূত্ৰ

সম্পাদনা কৰক