কমলানন্দ ভট্টাচাৰ্য্য

অসমৰ নাট্যকাৰ তথা অভিনেতা

কমলানন্দ ভট্টাচাৰ্য্য (২ জুন, ১৮৯৪- ৪ জানুৱাৰী, ১৯৫১) অসমৰ এগৰাকী নাট্যকাৰ, অভিনেতা, কবি, গীতিকাৰ আৰু শিক্ষাবিদ।[1] ১৮৯৪ চনত নগাঁৱত তেখেতে জন্মগ্ৰহণ কৰে। পিতৃৰ নাম মহদানন্দ ভট্টাচাৰ্য্য আৰু মাতৃৰ নাম ৰত্নেশ্বৰী দেৱী। নগাঁও, গুৱাহাটী আৰু কলিকতাত শিক্ষা সমাপণ কৰি তেখেতে শিক্ষক হিচাপে কাম কৰিবলৈ লয়। সাত বছৰ কাম কৰাৰ পাছত তেখেতে ভাৰতৰ স্বাধীনতা আন্দোলনত জঁপিয়াই পৰে আৰু অতি কমেও ৫ বাৰকৈ কাৰাবাস খাটে। নগাঁও নাট্য মন্দিৰৰ লগত আজীৱন সম্পৰ্ক ৰক্ষা কৰিছিল। তেখেতৰ ৰচিত উল্লেখযোগ্য কেইখন মান নাটক - মৰাণ জীয়ৰী ,অৱসান, নগা কোঁৱৰ, চিত্ৰাঙ্গদা, যুগল মিলন, বব্ৰুবাহন,খৰিভাৰীৰ ৰাজ্যলাভ আদি । ইয়াৰে দুখনমান অপ্ৰকাশিত অৱস্থাতে থাকিল। জেলত থাকোঁতে লিখা বহু গান আৰু নাটক আন্দোলনৰ সময়ত ঘৰত তালাচী চলোঁতে নষ্ট হয়। "বাউলী" পুথিখনৰ বাবেই তেখেতক "বাউলী কবি" বুলি অভিহিত কৰা হয়। " বিয়াল্লিছৰ ছহীদ" তেখেতৰ আন এখন গীতৰ পুথি । বিলত তিৰেবিৰাই পদুমৰ পাহি ঐ.....,কিয় ৰৈ ৰৈ কেতেকী বিনাৱ অমাতৰ মাত ...., ভাঙিব লাগিব শিল অ'অভাগা সহিব লাগিব কিল ....তেখেতৰ গীত সমূহৰ ভিতৰত কেইটামান জনপ্ৰিয় গীত । ১৯৫১ চনত তেখেতে মৃত্যুবৰণ কৰে। ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত পুলিছ মিলিটেৰীৰ অত্যাচাৰত তেখেতৰ বহু লিখিত তথ্য নষ্ট হৈ যায় । ৰৈ যোৱা বাকীখিনি তথ্যৰে তেখেতৰ মৃত্যুৰ বহুপাছত তেখেতৰ সুযোগ্য পুত্ৰ বিখ্যাত সঙ্গীতজ্ঞ সঙ্গীত গুৰু তবলাবাদক বিবেকানন্দ ভট্টাচাৰ্য্যৰ প্ৰত্যক্ষ তৎপৰতা ও সহায়ত বৃহত্তৰ পাঞ্জাবাৰী সাহিত্য সভা , গুৱাহাটীয়ে প্ৰকাশ কৰি উলিয়ায় "কমলানন্দ ভট্টাচাৰ্য্য ৰচনা সমগ্ৰ" । এই পুথিত তেখেতৰ নাটক, কবিতা ,গীত বহুখিনি সন্নিবিষ্ট কৰা হৈছে ।

কমলানন্দ ভট্টাচাৰ্য্য
জন্ম ০২ জুন, ১৮৯৪ (১৩০ বছৰ)
নগাঁও
মৃত্যু ০৪ জানুৱাৰী, ১৯৫১ (৫৬ বছৰ)
নিজা বাসগৃহ । নগাঁও, আমোলাপট্টি।
ৰাষ্ট্ৰীয়তা জন্মসূত্ৰে ভাৰতীয়
জনা যায় নগা কোঁৱৰ
বাউলী কবি
চিত্ৰাঙ্গদা

১৮৯৪ চনৰ ২ জুনত নগাঁৱৰ আমোলাপট্টিত কমলানন্দ ভট্টাচাৰ্য্যৰ জন্ম হৈছিল। পৰিয়ালৰ চাৰিজন ল'ৰা আৰু তিনিজনী ছোৱালীৰ ভিতৰত তেখেত জ্যেষ্ঠ আছিল। ১৯০৯ চনত তেখেতৰ ১৫ বছৰ বয়সতে পিতৃবিয়োগ হয়। ১৯১১ চনত তেখেতে মেট্ৰিক পৰীক্ষাত ঊত্তীৰ্ণ হৈ ১৯১৪ চনত কটন কলেজৰ পৰা এফ, এ সম্পূৰ্ণ কৰে। ইয়াৰ পাছত তেখেত কলিকতালৈ বি এ পঢ়িবলৈ যায়। কিন্তু ধনৰ অভাৱত পঢ়া সম্পূৰ্ণ কৰিব নোৱাৰি নগাঁৱলৈ ঘূৰি আহে আৰু নগাঁও গভৰ্মেণ্ট হাইস্কুলত শিক্ষকতাত যোগদান কৰে। চাকৰিৰ সুমুৱাৰ কিছুদিন পাছতেই যোৰহাটৰ প্ৰখ্যাত চাহ খেতিয়ক সোমেশ্বৰ শৰ্ম্মাৰ নাতিনিয়েকৰ লগত তেখেতৰ বিয়া হয়।

কৰ্মজীৱন আৰু স্বাধীনতা সংগ্ৰাম

সম্পাদনা কৰক

সাত বছৰ চাকৰি কৰাৰ পাছত ১৯২১ চনত তেখেতে চাকৰিৰ পৰা পদত্যাগ কৰি অসহযোগ আন্দোলনত জঁপিয়াই পৰে। আন্দোলনত সোমাই চৰকাৰী চাকৰি ত্যাগ কৰা তেখেতেই নগাঁৱৰ প্ৰথম ব্যক্তি।[2]

এই সময়তে তেখেতৰ এজন ভায়েকে কটন কলেজত আই এছ চিৰ বাছনি পৰীক্ষা দিছিল আৰু দুজনে ইংৰাজী স্কুলত পঢ়িছিল। আটাইকেইজনক তেখেতে পঢ়াশালিৰ পৰা আঁতৰাই আনি আন্দোলত যোগ দিয়ালে। ডাঙৰ ভায়েক কেশবানন্দ ভট্টাচাৰ্য্যৰ সৈতে তেখেতে দুবাৰ জেল খাটে। জেলৰ পৰা ওলাই তেখেতে বাণিজ্যত হাত দিয়ে আৰু সৰু ভায়েক দুজনক পুনৰ স্কুলত সুমুৱাই দিয়ে। ব্যৱসায় ভাল নচলাত ঘৰতে পঢ়ি পি এল পাছ কৰে আৰু নগাঁৱত ওকালতি আৰম্ভ কৰে। ইয়াৰ পাছতো তেখেতে ছিলেট, তেজপুৰ আদি ঠাইত কাৰাবাস খাটিছিল। ১৯৪২ চনৰ আগষ্টত তেখেতে নগাঁও জিলা কংগ্ৰেছ কমিটিৰ সম্পাদকৰ ভাৰ লৈছিল। ভাৰতে স্বাধীনতা লাভৰ পাছত চৰকাৰে তেখেতক প্ৰচাৰ বিভাগক এটা চাকৰি দিছিল যদিও কিছুদিন পাছত সেই বিভাগ বন্ধ হয়।

সাংস্কৃতিক অৱদান

সম্পাদনা কৰক

কম বয়সৰ পৰাই কমলানন্দ ভট্টাচাৰ্য্যই নগাঁও নাট্য মন্দিৰৰ বাবে ইংৰাজী আৰু বঙালী নাটক অনুবাদ কৰিছিল। তাৰ পাছত তেখেতে নিজে নাটক আৰু গীত লিখিবলৈ লয়। অভিনয়ৰ ক্ষেত্ৰতো তেখেত আগভাগ লৈছিল। সাংস্কৃতিক কাম-কাজত ব্যস্ত থাকোঁতে কবি ৰত্নকান্ত বৰকাকতিৰ লগত তেখেতৰ বন্ধুত্ব গঢ়ি উঠে আৰু সেই সূত্ৰেই অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ অধিবেশনত ভট্টাচাৰ্য্যই নিজৰ দলৰ সৈতে সংগীত পৰিবেশন কৰিছিল। তেখেতে দুশৰো অধিক গীত ৰচনা কৰিছিল।[2] ১৯২৭ চনত ভায়েক কেশবানন্দৰ মৃত্যুৰ পাছত স্মৃতি ৰক্ষাৰ্থে তেখেতে গীতৰ সংকলন "বাউলী" প্ৰকাশ কৰে। ইয়াৰ পাছত তেখেতে "নগা কোঁৱৰ" (১৯৩৬), "অৱসান" (১৯৩৬), "চিত্ৰাঙ্গদা" (১৯৫৬), "সাবিত্ৰী" (১৯৫৬), "খৰিভাৰীৰ ৰাজ্যলাভ", "মৰাণ জীয়ৰী", "সৈৰিন্ধ্ৰী", , আদি নাটক লেখে।[3] HMV কোম্পানীৰ আগ্ৰহত তেখেতে "বব্ৰুবাহন" নাটক লিখি নগাঁৱৰে কেইগৰাকীমান শিল্পীৰ সৈতে কলিকতাত ৰেকৰ্ড কৰে। ছিলেট্‌ জেলত আবদ্ধ থাকোঁতে তেখেতে "যুগল মিলন" নামৰ এখন নাট আৰু ভালেখিনি গান ৰচনা কৰিছিল। ১৯৪৩ চনত তেজপুৰ জেলত থাকোঁতে তেখেতে "বিয়াল্লিছৰ ছহীদ" আৰু "নাৱৰীয়াৰ সুৰ" বুলি গানৰ কিতাপ লিখে।[3]

"বাউলী" পুথিৰ অবিস্মৰণীয় গীতসমূহৰ বাবে কমলানন্দ ভট্টাচাৰ্য্যক "বাউলী কবি" বুলি অভিহিত কৰা হয়। পুত্ৰ বিবেকানন্দ ভট্টাচাৰ্য্যৰ প্ৰচেষ্টাত তেখেতৰ ৰচনাৱলী প্ৰকাশ হোৱাৰ লগতে দুটা শ্ৰব্য সঁফুৰা মুক্তি পায়।[4] শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰই ২০০৬ চনৰ পৰা নিয়মীয়াকৈ ভট্টাচাৰ্য্যৰ গীতৰ কৰ্মশালা অনুষ্ঠিত কৰি আহিছে।

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. Datta, Amaresh (Ed.) (1987). "Encyclopaedia of Indian Literature: A-Devo, Volume 1". Sahitya Akademi. পৃষ্ঠাসমূহ: 485. https://books.google.co.in/books?id=ObFCT5_taSgC&pg=PA485&lpg=PA485&dq=kamalananda+bhattacharya&source=bl&ots=mXD2-ByXu1&sig=ACfU3U3t8lvml2E8ldYnUMU4DMqAQFkBcg&hl=en&sa=X&ved=2ahUKEwiX-MC8-aTgAhXRdn0KHT1UBUE4ChDoATACegQIAxAB#v=onepage&q=kamalananda%20bhattacharya&f=false। আহৰণ কৰা হৈছে: 5 February 2019. 
  2. 2.0 2.1 Chakravarty, Chinmay (3 Januwary, 2009). "Kamalanand Bhattacharyya's 57th death anniversary". Assam Times. https://assamtimes.org/node/2429। আহৰণ কৰা হৈছে: 5 February 2019. 
  3. 3.0 3.1 লেখক পৰিচিতি- নগা কোঁৱৰ. প্ৰকাশক শ্বিলং: চপলা সাহিত্য সদন. ১৯৫৫. পৃষ্ঠা. ২২০-২২৩. 
  4. Chinmay Chakravarty (3 জানুৱাৰী 2009). "Kamalananda Bhattacharyya's 57th Death Anniversary". Assam Times. https://www.assamtimes.org/node/2429। আহৰণ কৰা হৈছে: 16 মে' 2019.