কমলাকান্ত ভট্টাচাৰ্য্য

কমলাকান্ত ভট্টাচাৰ্য্য (ইংৰাজী: Kamalakanta Bhattacharya; ১৮৫৩-১৯৩৬) অসমীয়া সাহিত্যৰ অৰুণোদয় যুগৰ অন্যতম এগৰাকী কবি অৰু প্ৰবন্ধকাৰ। ১৮৫৩ চনৰ ডিচেম্বৰত শোণিতপুৰ জিলাৰ বিশ্বনাথ চাৰিআলিৰ ওচৰৰ গড়েহাগি গাঁৱত তেখেতে জন্মলাভ কৰিছিল। তেখেতক 'অগ্নিকবি' বুলি অভিহিত কৰা হয়।[1] ৰাজনৈতিক ভাৱাদৰ্শৰ দিশৰ পৰা তেখেত ঘোৰ জাতীয়তাবাদী আছিল। তেখেতে ১৮৭১ চনত বঙালী ভাষাক অসমৰ চৰকাৰী ভাষা সজোৱাৰ প্ৰতিবাদ কৰিছিল। ১৮৮৬ চনত কলিকতাত অনুষ্ঠিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ বাৰ্ষিক অধিবেশনত তেখেতে অসমৰ হৈ অংশ লৈছিল। ১৯২৯ চনত তেখেত অসম সাহিত্য সভাৰ সাধাৰণ সম্পাদকৰূপে নিৰ্বাচিত হৈছিল। ১৯২৯ চনত অসম সাহিত্য সভাৰ যোৰহাট অধিবেশনত তেখেতে সভাপতিত্ব কৰিছিল।[2][3] তেখেতে মহিলাৰ শিক্ষাৰ হকে মাত মতাৰ লগতে ১৯০৫-০৬ চনত স্বদেশী আন্দোলনত ভাগ লৈছিল।[4]

কমলাকান্ত ভট্টাচাৰ্য্য

কমলাকান্ত ভট্টাচাৰ্য্য
জন্ম ১৮৫৫/৫৬ চন
বিশ্বনাথ চাৰিআলি, অসম
মৃত্যু ১৪ ডিচেম্বৰ, ১৯৩৬ চন
গুৱাহাটী
ছদ্মনাম অগ্নিকবি
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
উল্লেখনীয় কৰ্মৰাজি চিন্তানল,চিন্তাতৰংগিনী

জন্ম আৰু বংশ পৰিচয়

সম্পাদনা কৰক

কমলাকান্ত ভট্টাচাৰ্য্যৰ জন্ম হয় শোণিতপুৰ জিলাৰ অন্তৰ্গত বিশ্বনাথ চাৰিআলিৰ ওচৰৰ গড়েহাগি গাঁৱত। তেখেতৰ জন্মৰ চনটো কোনোৱে কয় ১৮৫২, কোনোৱে ১৮৫৩ বুলি কয়। তেখেতে নিজে আত্মজীৱনীত লিখিছে, “ মোৰ জন্ম পত্ৰিকাখন হেৰাল, এই নিমিত্তে মোৰ বয়স এতিয়া ১৯২৬ ইংৰাজী চন পৰ্যন্ত কিমান ক’ব নোৱাৰোঁ। সম্ভৱতঃ ১৮৫৫ কি ৫৬ খৃষ্টাব্দত মোৰ জন্ম হৈছিল। ” তেখেতৰ পিতৃৰ নাম বাণেশ্বৰ ভট্টাচাৰ্য্য। বাণেশ্বৰ ভট্টাচাৰ্য্য পুলিচৰ ডাৰোগা আছিল। তেখেতসকলৰ পূৰ্বপুৰুষৰ বিষয়ে কমলাকান্ত ভট্টাচাৰ্য্যই লিখিছে, “দেউতাই কোৱা শুনিছো কনৌজৰ পৰা বাৰভূঞাৰ লগত অসমলৈ অহা ছয় ঘৰ ব্ৰাহ্মণ আৰু ছয় ঘৰ কায়স্থৰ ভিতৰত আমাৰ পূৰ্বপুৰুষ ৰবিদেৱো আছিল। তেখেতৰ চাৰিটা পুত্ৰ হয়, চতুৰ, মিচিৰ, কংসাৰি আৰু সুনন্দ। ইয়াৰ পৰা আৰু পাহৰিলো। ঠাল-ঠেঙুলি বাঢ়ি অনেক ঘৰ ব্ৰাহ্মণ হ’ল। কোনোৱে নিজ বেদ এৰি যজুৰ্বেদ ল’লে। গোবিন্দ নামেৰে এজন নৱদ্বীপৰ শান্তিপুৰত গৈ বৰ বিদগ্ধ পণ্ডিত হৈ আহে। তেখেত বংগদেশত বহুদিন থকাৰ কাৰণে আৰু আমি বৈদিক শ্ৰেণীৰ ব্ৰাহ্মণ গতিকে চক্ৰৱৰ্ত্তী উপাধি পাই আহিছিল; তেওঁৰ নাম গোবিন্দ চক্ৰৱৰ্ত্তী হয়। এৱেঁই বিশ্বনাথ দেৱালয়ৰ বৰঠাকুৰ হয়। অসম ৰজা জয়ধ্বজ সিংহৰ দিনত আমাৰ ভট্টাচাৰ্য্যদেউ বিশ্বনাথলৈ আহে। ”[5]

শিক্ষা আৰু ল’ৰালি কাল

সম্পাদনা কৰক

কমলাকান্ত ভট্টাচাৰ্য্যই নিজৰ ল’ৰা কালৰ বিষয়ে লখিছে, “মোক দেউতাই তেজপুৰৰ পৰা শিশু শিক্ষা কিতাপ এখন নি দিছিল। সেই দিনত বঙ্গলা ভাষা শিক্ষাহে আছিল। তেতিয়াৰ দিনত বঙ্গলা শিশু শিক্ষাখন এতিয়াৰ দৰে নহয়। সেই শিশু শিক্ষাখনত ‘অ’ ফলাৰে পৰা ধৰি ‘ক্ষ’ লৈকে যি আছে, ঙ্ক ঙ্খকে ধৰি সকলোবিলাক যুক্ত অক্ষৰো আছে আৰু শুভঙ্কৰীৰ অঙ্ক এক দুইৰ পৰা আৰম্ভ কৰি তেৰেজ, হৰণ, ভগন, ত্ৰৈৰাশিক পৰ্যন্ত সুপিয়েই আছে, খনাৰ বচনো আছে। ইয়াৰ বাহিৰেও চাণক্য শ্লোক, দাতাকৰ্ণ আখ্যানৰ পয়াৰ আদি অনেক কথা আছে। নিতাই ঠাকুৰে এই কিতাপ মোক পঢ়াব নোৱাৰি ঘনে ঘনে ধপাত খবলৈ বুলি ভিতৰলৈ যায়। এই কথা আয়ে তত ধৰিছিল। এসময়ত দেউতা ঘৰলৈ আহোঁতে নিতাই ঠাকুৰে মোক পঢ়াব নোৱাৰা কথা আয়ে ক’লে, পিছে দেউতাই আমাৰ সদায় কাম কৰা পূজাৰী বাণেশ্বৰ ঠাকুৰক মতাই আনি মোক পঢ়াবলৈ অনুৰদধ কৰিলে পিছে তেৱেঁই আহি ঘৰতে পঢ়াব ধৰিলে। এনেতে দেউতাই তেজপুৰত স্কুল ডিপুটী ইনস্পেক্তৰক লগ পাই আমাৰ ঘৰতে পঢ়াশালি পতা মঞ্জুৰ কৰালে আৰু বাণেশ্বৰ ঠাকুৰে চৰকাৰৰ পৰা মাহিলি ৫ টকাকৈ পোৱা ঠিক কৰা হ’ল। বাণেশ্বৰ ঠাকুৰৰ আনন্দৰ সীমা নাই। এবাৰ দেউতাই আহি গাৱঁৰ মানুহক সেই পঢ়াশালিত ল’ৰা পঢ়োৱাবলৈ কৈ দিলে। তেতিয়াৰে পৰা ঘাঁহি গাওঁ আনকি পানী গাৱঁৰ পৰাও ল’ৰাই আহি লাহে লাহে এই পঢ়াশালিত পঢ়িব ধৰিলে। পঢ়াশালিখন পোনতে আমাৰ চ’ৰা ঘৰতে পতা হয়। চ’ৰা ঘৰটিও ডাঙৰ। তাতোকৈও বলি কটা ঘৰটি ডাঙৰ। বলিকটা ঘৰৰে সৈতে লগালগিকৈ মূৰতে গোসাঁনী ঘৰটি, তাত সদায় শালগ্ৰাম পূজা আৰু মাজে মাজে শান্তি কৰম আৰু কেতিয়াবা কেতিয়াবা শ্যাম্য পূজাও পতা হয়। দুৰ্গাপূজাৰ সময়ত কেবা ঠাইৰ কেবা খেলৰ মানুহে আহি গোসাঁনীৰ আগত ৰাতি ভাওনা পাতে আৰু দিনত ঢুলীয়া খুলীয়াই ৰং ধেমালি পাতে দেখি বলিকটা ঘৰটি বৰ ডাঙৰ। দুৰ্গা পূজাৰ সময়ত বিহু পতাও মই দেখিছোঁ। গোসাঁনীৰ আগত যিমান অবাইচ মাত মতা হয় তিমান বোলে গোসাঁনী সন্তুষ্ট হয় এই বিশ্বাস আছিল। ছাত্ৰৰ সংখ্যা যেতিয়া বৰ বেছি হৈ উঠিল তেতিয়া বলিকটা ঘৰত পঢ়াশালি পতা হয়। আগেয়ে প্ৰাথমিক শিক্ষাৰ পঢ়াশালি এইফালে নাছিল – এইখনেই প্ৰথম। বাণেশ্বৰ শৰ্মা পণ্ডিতে অতি উত্সাহেৰে আমাক পঢ়াবলৈ ধৰিলে। মই ছয়মাহ মানৰ ভিতৰতে শিশু শিক্ষা কিতাপখন পঢ়ি শেষ কৰিলো – আৰু চাণক্য শ্লোকবিলাক প্ৰায় মিখস্থ হৈ পৰিল। ” তেখেতে আৰু লিখিছে, “ মই এবছৰৰ ভিতৰতে আখৰো গঢ় লগায় লিখিব পাৰিলোঁ আৰু মহাভাৰত আৰু কীৰ্তিবাসৰ ৰামায়ণ এই দুখন আৰু এখন কালীকৈবল্যদায়িনী এই তিনিখন কিতাপ দেউতাই মোক তেজপুৰৰ পৰা কিনি আনি দিছিল। তাক মই উৰাই ঘূৰাই পঢ়িছিলো। এসময়ত ডেপুটি ইনস্পেক্তৰ বঙ্গালী বাবুজনে আমাৰ মহলালৈ আহি মোক বৰ প্ৰশংসা কৰিলে। পঢ়াশালিখন মাজ মাজ ঠাইৰ এটি নামঘৰলৈ নি পতাৰ কাৰণে চিলাবন্ধাৰ ৰাইজে খাটিছিল। আমাৰ বলিকটা ঘৰৰ বেৰ নাই, বতাহ বৰষুণ হ’লে পঢ়াৰ বৰ অসুবিধা হয়, এই কাৰণে চৈয়নিচুকৰ নামঘৰলৈ পঢ়াশালি উঠাই নিয়া হয়। সেই ঠাই আমাৰ ঘৰৰ পৰা প্ৰায় আধা মাইল মান হ’ব। তাত গৈ পঢ়িছিলোঁ। ‘অৰুণোদই’ কাকতখন শিৱসাগৰ পৰা মিছনেৰিয়ে পঢ়াশালিলৈ এনেয়ে পঠায়। মই তাক পঢ়িছিলোঁ। আনন্দৰাম ঢেকিয়াল ফুকনৰ বিয়াত গোৱা নাম ছপা হৈ ওলাইছিল – ‘অলনি দলনি পকা দলিয়নি, যাওঁতে, আমাৰ আমাৰ হাত ভৰি ভাগে; তেও নপতিয়ায় আমাৰে চাকোদেউ, তেও বোলে গাভৰুক লাগে’ – এই নামটি মই ৰিঙিয়াই ৰিঙিয়াই গাই ফুৰো, গাৱঁৰ বুঢ়ী, গাভৰু আৰু জীয়ৰী বোৱাৰী সকলোৱে মোক বেৰি লৈ, কোনোৱে কোলাত লৈ হাঁহে, একো একোজনী বুঢ়ী নিজে নিজে কন্যা হৈ মোৰে সৈতে বিয়া পাতে। মই খঙতে জলি উঠি এছাৰি এডাল লৈ সিহঁতক খেদি ফুৰো। ”

প্ৰাথমিক শিক্ষা শেষ কৰি কমলাকান্ত ভট্টাচাৰ্য্য তেজপুৰ হাইস্কুলত ভৰ্তি হয়। কিছুদিন তেজপুৰ হাইস্কুলত পঢ়ি, গুৱাহাটীলৈ গৈ তাৰ কলেজিয়েট হাইস্কুলত ভৰ্তি হয়। গুৱাহাটীৰ থকা সময়ৰ বিষয়ে তেখেতে লিখিছে, “গুৱাহাটীৰ স্কুলত পঢ়োঁতে মই এজন প্ৰচণ্ড ল’ৰা আছিলোঁ। মোৰ চোকা বুদ্ধি দেখা পাই মাষ্টৰসকলে বৰকৈ শলাগিছিল। মোক কোনো কোনো শিক্ষকে ‘ফিলোচফাৰ’ বুলি মাতিছিল। গুৱাহাটীৰ হাইস্কুলত পঢ়োঁতে ৰঙ্গলাল বন্দ্যোপাধ্যায়ৰ ‘স্বাধীনতা কে বাঁচিতে চায়ৰে, দায়ত্ব শৃঙ্খল বলে কে পড়িবে পায়ৰে’ এই কবিতাই আৰু হেমচন্দ্ৰ বন্দ্যোপাধ্যায়ৰ কবিতাবিলাকে মোৰ, দুৰ্গাকান্ত বৰুৱাৰ, ভোলানাথ বৰুৱা আৰু গোবিন্দ মিশ্ৰৰ মন এনে তপত কৰি তুলিছিল যে স্বদেশৰ কল্যাণ সাধিবলৈ প্ৰতিজ্ঞা কৰিবলৈ হপত খাই মাৰ বান্ধিছিলোঁহক। আগৰণুৱা (Champion) আছিলোঁ মই। ” ১৮৭১ কি ১৮৭২ চনত অসম বঙ্গদেশৰ অধীন হয়। তেতিয়া সেই বঙ্গ আৰু অসমৰ লেফটেনেণ্ট গৱৰ্ণৰ ছাৰ জৰ্্জ কেম্বেল অসমত অসমীয়া ভাষা পৰিবৰ্তে বঙালীভাষা চলোৱাৰ কাৰোবাৰ কিবা আপত্তি আছে নাকি জানিবলৈ গেজেত যোগে মতামত বিছাৰিছিল। কমলাকান্ত ভট্টাচাৰ্য্যই এই বিষয়ত ঘূৰ আপত্তি কৰিছিল আৰু অসমত অসমীয়া ভাষা প্ৰচলনৰ বাবে ব্যাপক আন্দোলন গঢ়ি তুলিছিল। হাইস্কুলত পঢ়ি থকা সময়তে তেখেতৰ পিতৃৰ মৃত্যু ঘটাত সংসাৰৰ মহাভাৰ তেখেতৰ ওপৰত পৰাত দশম মান শ্ৰেণীত তেখেতে পঢ়া সামৰণি মাৰে।

কৰ্মজীৱন

সম্পাদনা কৰক

পঢ়া শেষ কৰি কমলাকান্ত ভট্টাচাৰ্য্যই চাহ বাগিচাৰ কেৰাণীৰ কামত সোমায়। তেখেতে হাতীৰ ব্যৱসায় আৰু সৰিয়হ ব্যৱসায়তো মনোযোগ দিছিল। ১৮৮৫ চনত কলিকতাত জাতীয় কংগ্ৰেছৰ মহাসভা অনুষ্ঠিত হৈছিল। তেখেতে এই মহাসভাত অসমৰ প্ৰতিনিধিৰূপে যোগদান কৰিছিল। কমলাকান্ত ভট্টাচাৰ্য্যই অসমীয়া সংবাদ জগতলৈ উল্লেখনীয় বৰঙনি আগবঢ়াইছে। ভট্টাচাৰ্য্য ‘আসাম বান্ধৱ’ আৰু ‘টাইমচ অৱ আসাম’ কাকত দুখনৰ অন্যতম উদ্যোক্তা আছিল। ১৯২৪ ৰ পৰা তেখেত কলকতাত থাকি, ১৯২৫ চনত কুমাৰ দেব মুখোপাধ্যায়ৰ লগ লাগি তেখেতে ‘আসাম হিতৈষী’ পষেকীয়া আলোচনী প্ৰকাশ কৰে। এই আলোচনীৰ তেখেত এবছৰ সহযোগী সম্পাদক আছিল। তেখেতে ইংৰাজী-অসমীয়া সংবাদপত্ৰ্ ‘আসাম বন্তি’ৰ অসমীয়া ভাগৰ সম্পাদনা কৰিছিল। পদ্মনাথ গোহাঞিবৰুৱাও এই অসমীয়া ভাগৰে আন এগৰাকী সম্পাদক আছিল। কমলাকান্ত ভট্টাচাৰ্য্যৰ প্ৰথম ৰচনা অৰুণোদইত প্ৰকাশ পোৱা বুলি জনা যায়। ‘টাইমচ অৱ আসাম’, ‘এডভোকেট অৱ আসাম’, ‘জোনাকী’, ‘Bengalee’(বেংগলী)‘বন্দে মাতৰম’, ‘আসাম বান্ধৱ’, ‘বাঁহী’, ‘চেতনা’ আদিত তেখেতে ইংৰাজী আৰু অসমীয়াত এলানি চিন্তাগধুৰ প্ৰ্ৱন্ধ ৰচনা কৰিছিল।

কমলাকান্ত ভট্টাচাৰ্য্য ১৯৩৬ চনৰ ১৪ ডিচেম্বৰত গুৱাহাটীৰ নিজা বাসভৱন ‘পূৰ্ণ কুটিৰ’ত পৰলোকপ্ৰাপ্তি হয়।

সাহিত্যচৰ্চা

সম্পাদনা কৰক

কমলাকান্ত ভট্টাছাৰ্য্য সৰু কালৰ পৰা সাহিত্য চৰ্চাত ব্ৰতী হৈছিল। সৰুতে তেখেতে বঙলা ভাষাতে লিখিছিল (সেই সময়ত স্কুলত বঙলা ভাষা চলিছিল)- “নিৰাশয় আশা বাড়ে বিপদে অভয়, ভাৰত পাৰত উঠ এইতো সময়। ” তেখেতৰ কবিতা পুথি ‘চিন্তানল’ ৰ প্ৰথমছোৱা ১৮৯০ত প্ৰকাশ হয়। এই কবিতা পুথিৰ শেষছোৱা ১৯৯২ চনত প্ৰকাশ হয়। তেখেতৰ আন এখন কবিতা পুথি ‘চিন্তাতৰঙ্গ’ ৰ প্ৰথম খণ্ড ১৯৩৩ চনত প্ৰকাশ হয়। তেখেতৰ প্ৰকাশিত মূল্যৱান প্ৰবন্ধসমূহৰ ভিতৰত হ’ল – আসামৰ উন্নতি, ৰত্নেশ্বৰ বৰুৱা হাকিম, গুতিদিয়েক চিন্তাৰ ঢৌ, ব্ৰহ্মাৰ মুখে তন্ত্ৰৰ ব্যাখ্যা, তন্ত্ৰৰ ব্যাখ্যাৰ পৰসশিষ্ট, অষ্টবক্ৰৰ আত্মজীৱনী আদি। তেখেতৰ গ্ৰন্থ ‘কঃ পন্থা’ ১৯১৯ চনত প্ৰকাশিত।

১৯২৯ চনৰ ৩০ মাৰ্চ যোৰহাটত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ একাদশ অধিবেশনৰ কমলাকান্ত ভট্টাচাৰ্য্য সভাপতি আছিল। তেখেতে সভাপতিৰ আসনৰ পৰা কৈছিল, “কোনটো জাতি কিমান উন্নত তাৰ একমাত্ৰ সাক্ষী সেই জাতিৰ সাহিত্য। ”


 “বুৰঞ্জী লিখক জাতীয় গৌৰৱ
 কিবা চিন পাবা অসম দেশৰ;
 যত কবিকুল জাতি পদ্মিফল
 লভিলে জনম ফলে কি পাপৰ।
 হায়! হায়! হায়! বুকু ফাটি যায়
 যি জুয়ে পুৰছে হৃদয় সদায়।
 উহ! পাহৰণি কোনে বা দেখাব
 গিলিলি বহুতো অসম গৌৰৱ,
 কোনে উলিয়াব কোনে বা দেখাব
 জন্মিছেনে এনে মহা অনুভৱ?
 ঠিক অসমীয়া মানুহ নহয়
 অসম শ্মশান নোহে কোনে কয়?”
 ... ...... ......
 “ই অসভ্য দেশ মনুষ্যত্ব লেশ
 নাই একেবাৰে ভাৰত মাজে,
 উলংগ দেশৰ কাম কি ধোবাৰ
 নোশোভে লোকক কাপোৰ সাজে। ”

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. "culture". Sonitpur.gov.in. Archived from the original on 2013-08-22. https://web.archive.org/web/20130822073644/http://sonitpur.gov.in/culture.htm। আহৰণ কৰা হৈছে: 2013-05-15. 
  2. ১৯১৭ চনৰ পৰা অসম সাহিত্য সভাৰ সভাপতিসকলৰ তালিকা Archived 2013-01-29 at the Wayback Machine অসম সাহিত্য সভাৰ ৱেবছাইট, আহৰণ: ১৮ নৱেম্বৰ, ২০১২।
  3. "Asam Sahitya Sabha is the foremost and the most popular organization of Assam". Vedanti.com. Archived from the original on 2013-09-26. https://web.archive.org/web/20130926194342/http://www.vedanti.com/News/assam_sahitya_sabha_is_the_forem.htm। আহৰণ কৰা হৈছে: 2013-05-16. 
  4. Brahmo Samaj and North-East India - Dipankar Banerjee - Google Books. Books.google.co.in. 2006. ISBN 9788179751763. https://books.google.com/?id=GE2o4QQV7UgC&lpg=PA52&dq=Kamalakanta%20Bhattacharya%20(Assam)&pg=PA52#v=onepage&q=Kamalakanta%20Bhattacharya%20(Assam)&f=false। আহৰণ কৰা হৈছে: 2013-05-15. 
  5. কমলাকান্ত ভট্টাচাৰ্য্যৰ আত্মজীৱনী