কল্যাণী দাস (ইংৰাজী: Kalyani Das) (১৯০৭–১৯৮৩)হৈছে এগৰাকী ভাৰতীয় বিপ্লৱী আৰু পশ্চিম বংগৰ জাতীয়তাবাদী।[1][2]

কল্যাণী দাস
স্থানীয় নাম কল্যাণী দাস
জন্ম ২৮ মে', ১৯০৭
কৃষ্ণনগৰ, বেংগল প্ৰেচিডেন্সী, ব্ৰিটিছ ভাৰত
মৃত্যু ১৬ ফেব্ৰুৱাৰী, ১৯৮৩ (৭৫ বছৰ)
হৃষীকেশ, উত্তৰ প্ৰদেশ, ভাৰত
সংস্থা যুগান্তৰ আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ
ৰাজনৈতিক আন্দোলন ভাৰতৰ স্বাধীনতা আন্দোলন
আত্মীয়-স্বজন বীণা দাস (ভগ্নী)
বেণী মাধব দাস (পিতৃ)

পৰিয়াল সম্পাদনা কৰক

কল্যাণী দাস হৈছে ব্ৰাহ্ম সমাজৰ পৰিচিত শিক্ষক বেণী মাধব দাস আৰু সমাজ-কৰ্মী সৰলা দেৱীৰ ছোৱালী। তেওঁৰ ভনীয়েক বীণা দাসো এগৰাকী স্বাধীনতা যুঁজাৰু আছিল।

শিক্ষা সম্পাদনা কৰক

কল্যাণী দাসে কুট্টাকৰ ৰভেনশ্ব' কলেজিয়েট স্কুলত শিক্ষাগ্ৰহণ কৰিছিল। ১৯২৮ চনত কলা শাখাত স্নাতক ডিগ্ৰী গ্ৰহণ কৰে।

ভাৰতৰ স্বাধীনতা আন্দোলনত অংশগ্ৰহণ সম্পাদনা কৰক

কল্যাণী দাস ছাত্ৰী সংঘৰ এগৰাকী সদস্য আছিল। এইটো হৈছে কলকাতাৰ নাৰীৰ বাবে এটা অৰ্ধ-বিপ্লৱী সংগঠন। বেংগল চৰকাৰৰ বিৰুদ্ধে কল্যাণী দাসে ১৯৩০ চনত ছাত্ৰীসকলৰ প্ৰতিবাদত গুৰি ধৰিছিল। ১৯৩২ চনত চৰকাৰ-বিৰোধী কম-কাজৰ বাবে তেওঁক কৰায়ত্ত কৰা হৈছিল। একে সময়তে তেওঁৰ সহপাঠী, স্বাধীনতা সংগ্ৰামী কমলা দাস গুপ্তাকো কৰায়ত্ত কৰিছিল।[2]

মৃত্যু সম্পাদনা কৰক

১৯৮৩ চনৰ ১৬ ফেব্ৰুৱাৰীত কল্যাণী দাসৰ মৃত্যু হয়।

সাহিত্যৰাজি সম্পাদনা কৰক

কল্যাণী দাসে সম্পাদনা কৰা বেংগল স্পিকছ নামৰ গ্ৰন্থখন ১৯৪৪ চনত প্ৰকাশ হৈছিল আৰু কল্যাণীয়ে গ্ৰন্থখন ভনীয়েক বীণালৈ উচৰ্গিত কৰিছিল।[3]

তথ্যউৎস সম্পাদনা কৰক

  1. Tri Loknath Chatterjee (2004). জেলে ত্ৰিশ বছৰ, পাক ভাৰতেৰ স্বাধীনতা সংগ্ৰাম. প্ৰকাশক Dhaka: ধ্ৰুপদ সাহিত্যাঙ্গণ. পৃষ্ঠা. 220. ISBN 984-8457-00-3. 
  2. 2.0 2.1 Kamala Das Gupta (January 2015). স্বাধীনতা সংগ্ৰামে বাংলাৰ নাৰী, অগ্নিযুগ গ্ৰন্থমালা ৯. প্ৰকাশক Kolkata: ৰ‍্যাডিক্যাল ইম্প্ৰেশন. পৃষ্ঠা. 125–130. ISBN 978-81-85459-82-0. 
  3. Sengupta, Subodh; Basu, Anjali (2016). Sansad Bangali Charitavidhan (Bengali). 1. প্ৰকাশক Kolkata: Sahitya Sansad. ISBN 978-81-7955-135-6.