কল্লোল (চলচ্চিত্ৰ)

অসমীয়া কথাছবি (১৯৭৯)

কল্লোল (ইংৰাজী: Kallol) অতুল বৰদলৈ পৰিচালিত এখন ক'লা-বগা অসমীয়া ছবি। সঙ্গীত পৰিচালনা ৰুদ্ৰ বৰুৱাৰ। ছবিখনে ১৯৭৯ত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অসমীয়া ছবিৰ ৰজত কমল বঁটা লাভ কৰিছিল।[1] ইয়োৰপৰি ছবিখন ১৯৭৮-৭৯ৰ ভাৰতীয় পেনোৰামালৈও নিৰ্বাচিত হৈছিল৷ [2]

কল্লোল
Bishnu Khargharia in Kallol.jpg
কল্লোলৰ এটা দৃশ্যত বিষ্ণু খাৰঘৰীয়া
পৰিচালক অতুল বৰদলৈ
ৰচনা অতুল বৰদলৈ
অভিনয়ত চন্দ্ৰ নাৰায়ণ বৰুৱা
বিষ্ণু খাৰঘৰীয়া
বীণা শইকীয়া
চিত্ৰগ্ৰহণকাৰী নলীন দুৱৰা
সংগীত পৰিচালক ৰুদ্ৰ বৰুৱা
প্ৰযোজনা
কোম্পানী
গতি চিত্ৰ
মুক্তি
১৯৭৮
দৈৰ্ঘ্য
৯৪ মিনিট
দেশ ভাৰত ভাৰত
ভাষা অসমীয়া

কাহিনীসম্পাদনা কৰক

কল্লোল এখন বিদ্ৰোহাত্মক, প্ৰতীকধৰ্মী চলচ্চিত্ৰ, য’ত সামন্তবাদী সমাজ এখনৰ শ্ৰেণীদ্বন্দ্বৰ বিষয়ে চিত্ৰায়িত কৰা হৈছে। ইয়াত সামন্তপ্ৰভু হ’ল এজন জমিদাৰ, যাৰ নাম অনঙ্গপ্ৰসাদ চৌধুৰী (বৰুৱা)।স্থানীয় মাছমৰীয়াবোৰ হ’ল সামন্তদাস। সিহঁতে মাছ মাৰে, গুৰুভাগটো পায় জমিদাৰে। জমিদাৰ চৌধুৰী ক্ৰোধান্বিত হয়, যেতিয়া মাছমৰীয়াবোৰে এটা বৃহৎ আকাৰৰ মাছ ধৰাত ব্যৰ্থ হয়। অথচ জমিদাৰক উপেক্ষা কৰি চলা বিদ্ৰোহী যুৱক মণিয়ে সেই মাছটো ধৰিবলৈ সক্ষম হয়। অৱশেষত জমিদাৰৰ বিৰুদ্ধে মাছমৰীয়াবোৰে বিদ্ৰোহ কৰে আৰু সেই বিদ্ৰোহৰ নেতৃত্ব দিয়ে মণিয়ে।[1]

অভিনয়সম্পাদনা কৰক

গীতসম্পাদনা কৰক

ছবিখনৰ সঙ্গীত পৰিচালনা আৰু গীত ৰচনা কৰিছিল ৰুদ্ৰ বৰুৱাই। কণ্ঠদান নমিতা ভট্টাচাৰ্যৰ।[4]

গীতৰ শীৰ্ষ
নং শিৰোনামগীতিকাৰকন্ঠশিল্পী দৈৰ্ঘ্য
1. "দোলাৰে ভিতৰত বহিব নোৱাৰি কাঁইট পৰা আছে তাত, হীৰা-মুকুতাৰে সজালে পৰালে দেহা যে নপৰে শাঁত"  ৰুদ্ৰ বৰুৱানমিতা ভট্টাচাৰ্য  

বঁটা আৰু সন্মানসম্পাদনা কৰক

কল্লোল ছবিখনে ১৯৭৯ৰ ২৭তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অসমীয়া ছবিৰ 'ৰজত কমল' বঁটা লাভ কৰিছিল।[5]

তথ্য উৎসসম্পাদনা কৰক

  1. 1.0 1.1 1.2 "Kallol". https://indiancine.ma/TBO/info। আহৰণ কৰা হৈছে: 6 February 2020. 
  2. http://dff.nic.in/images/Documents/143_IPCatalogue1978-79.pdf
  3. "Kallol (1978), IMDB". https://www.imdb.com/title/tt0156667/। আহৰণ কৰা হৈছে: 6 February 2020. 
  4. Babul Das (1985). অসমীয়া বোলছবিৰ গীতৰ সংকলন. Bani Mandir, Dibrugarh. পৃষ্ঠা. 240. 
  5. "Assames Movie List". http://www.boxofficeassam.com/movie/aparajeyo-oporajeyo/। আহৰণ কৰা হৈছে: 5 February 2020.