নলিন দুৱৰা

চলচ্চিত্ৰ পৰিচালক, কেমেৰামেন
(নলীন দুৱৰাৰ পৰা পুনঃনিৰ্দেশিত)

নলিন দুৱৰা (ইংৰাজী: Nalin Duwara) অসমীয়া কথাছবিৰ এগৰাকী পৰিচালক আৰু চিত্ৰগ্ৰহণকাৰী বা চিনেমেটোগ্ৰাফাৰ আছিল। তেওঁৰ জন্ম ১৯২৮ চনৰ ২২ জুনত তেতিয়াৰ ব্ৰিটিছ শাসিত অসমৰ শিৱসাগৰ জিলাত (বৰ্তমানৰ গোলাঘাট জিলা) হয়। তেওঁৰ মাকৰ নাম আছিল মনোৰমা দুৱৰা। দেউতাক সৰ্বানন্দ দুৱৰা অভয়জান আৰু শাওতলী বাগিছাৰ স্বত্বাধিকাৰ আছিল। গোলাঘাট বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা তেওঁ প্ৰবেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ শ্বিলঙৰ চেইণ্ট এন্থনিজ্ এণ্ড চেইণ্ট এডমণ্ডছ্ কলেজত উচ্চশিক্ষা গ্ৰহণ কৰে।[1]

নলিন দুৱৰা
জন্ম ২২ জুন ১৯২৮
গোলাঘাট, অসম
ৰাষ্ট্ৰীয়তা ভাৰত ভাৰত
পেচা চলচ্চিত্ৰ পৰিচালক, কেমেৰামেন

১৯৪৭ত দুৱৰাই মুম্বাইৰ আব্দুল্লা ফজলভাই ইঞ্চটিটিউট অৱ চেইণ্ট জেভিয়াৰ্ছৰ পৰা মোচন পিকচাৰ্চ ফটোগ্ৰাফীৰ দুবছৰীয়া পাঠ্যক্ৰমত ভৰ্তি হয়। ডিপ্লোমা লোৱাৰ পিছত তেওঁ কলকাতাৰ ইন্দ্ৰলোক ষ্টুডিঅ' আৰু ইন্দ্ৰপুৰী ষ্টুডিঅ'ত সহকাৰী কেমেৰামেন হিচাপে কামত সোমায়। এইখিনি সময়তে তেওঁ প্ৰখ্যাত পৰিচালক হৃষিকেশ মুখাৰ্জী, বিমল ৰয় আদি পৰিচালকৰ সান্নিধ্য পাবলৈ সক্ষম হৈছিল।[1]

চলচ্চিত্ৰপঞ্জীসম্পাদনা কৰক

পৰিচালনাসম্পাদনা কৰক

চিত্ৰগ্ৰহণসম্পাদনা কৰক

তথ্য উংসসম্পাদনা কৰক

  1. 1.0 1.1 "Nolin Duwora". http://www.boxofficeassam.com/celebrity/nolin-duwora-nalin-duwara/। আহৰণ কৰা হৈছে: 25 April 2020. 
  2. Arunlochan Das (2013). 100 Asomiya Chalachchitror kahini Aru Geet. Sashi-Sishu Prakashan, Guwahati.