কাইথেলী অংক হৈছে প্ৰাচীন কায়স্থসকলে ভাষাৰ সুষমা যুক্ত কৰি সৃষ্টি কৰা পাটীগণিতীয় কিছুমান সাঁথৰ, আৰু সংখ্যা বা তেনে বিষয়-বস্তু প্ৰকাশৰ কিছুমান শাব্দিক কৌশল। নামনি অসমৰ কামৰূপত ওঠৰ শতিকাত কায়স্থ কুলৰ লোকসকলৰ মাজত সংখ্যাজড়িত সাঁথৰ কিছুমানৰ প্ৰচলন আছিল। কায়স্থ বা কাইথসকলৰ মাজত প্ৰচলিত আছিল বাবে এই অংকসমূহক “কাইথেলী অংক’’ নামে জনা যায়। কাইথেলী অংকক সাঁথৰৰ সৈতে তুলনা কৰিব পাৰি। সাঁথৰ ভেদ কৰিবলৈ যিধৰণৰ একাগ্ৰ চিন্তাৰ প্ৰয়োজন হয়, কাইথেলী অংক চৰ্চা কৰিবলৈয়ো তেনে তীক্ষ্ণ বুদ্ধিৰ দৰকাৰ। ধেমালিৰ মাজেৰে প্ৰশ্ন সোধাৰ চলেৰে কৰা এনে অংকবোৰে চৰ্চাকাৰীক হাঁহিৰ খোৰাক যোগোৱাৰ লগতে ই জ্ঞানবৰ্ধনতো সহায় কৰে। কিছুমানে কাইথেলী অংকক “কৌতুক অংক’’ও বুলিব খোজে।[1]

কাইথেলী অংকৰ এক নমুনা

ইতিহাস সম্পাদনা কৰক

আজিৰ পৰা প্ৰায় ৫০০ বছৰ পূৰ্বে যোগাযোগ ব্যৱস্থা অতি অনুন্নত আছিল বাবে অসমৰ বা কামৰূপৰ লগত বহিৰ্বিশ্বৰ যোগাযোগ কম আছিল। ফলত, চিকিৎসা আৰু স্থানীয় আন আন সমস্যা সমাধানৰ বাবে স্থানীয় লোকে নিজাকৈ কিছু পদ্ধতি আৱিষ্কাৰ কৰি লৈছিল। এনে কাৰ্যত ৰজা-মহাৰজাসকলৰো কোনো কোনোৱে উৎসাহিত কৰিছিল। বিভিন্ন বিষয়ৰ সংস্কৃত শাস্ত্ৰ অসমীয়া ভাষালৈ অনুবাদ কৰা হৈছিল। কিছুমান মৌলিক ৰচনাও হৈছিল। গণিতক বিষয় হিচাপে লৈ চূড়ামণি কায়স্থই ৰচনা কৰা “জ্যোতিষ চূড়ামণি’’, বকুল কায়স্থই ৰচনা কৰা “কিতাবৎ মঞ্জৰী’’ আদি তেনে মৌলিক পুথি। “কিতাবৎ মঞ্জৰী’’ত জৰীপ, গণিত আৰু হিচাপ লেখা পদ্ধতিৰ কথা লিখা আছে। এই কিতাপখনত ৰাজভঁৰালত কিভাৱে বিভিন্ন ভাগত বস্তুবোৰ ভগাই ৰাখিব লাগে আৰু কিদৰে বিভিন্ন শিতানবোৰৰ হিচাপ ৰাখিব লাগে সেইবিষয়ে লিখা আছে। বকুল কায়স্থ আছিল সেইসময়ৰ কামৰূপৰ সৰ্বশ্ৰেষ্ঠ গণিতজ্ঞ।[2] দৰং ৰাজবংশাৱলীৰ মতে এই বকুল কায়স্থকে মহাৰাজ নৰনাৰায়ণে ভাৰতৰ মহিলা গণিতজ্ঞ লীলাৱতীৰ গণিতৰ পুথি অনুবাদ কৰিবলৈ দিছিল।

শুনিয়ো শ্ৰীধৰ তুমি মোৰ বাক্য ধৰা
জ্যৌতিষক ভাঙ্গি তুমি সাধ্যখণ্ড কৰা।
বকুল কায়স্থ তুমি ভাঙ্গা লীলাৱতী
অল্পতে বুজয় যেন কায়স্থে সম্প্ৰতি।[3]

মোগল শাসন ব্যৱস্থাৰ প্ৰভাৱত এসময়ত কোঁচ ৰাজ্যত মাটিৰ জোখ-মাখৰ এক নতুন পদ্ধতি আৰম্ভ হয়। এই পদ্ধতিৰ সৃষ্টিকৰ্তা আছিল আকবৰৰ মন্ত্ৰী আবুল ফজল। মোগলৰ এই জোখ-মাখৰ পদ্ধতি উজনিৰ আহোম সাম্ৰাজ্য আৰু নামনিৰ কোঁচ ৰাজ্যত প্ৰচলিত হৈছিল। ইয়াৰ বাবে এক শ্ৰেণীৰ আমোলাৰো সৃষ্টি হৈছিল। ক্ৰমে কায়স্থসকলে এই কামত পাৰ্গত হৈ পৰে আৰু ৰজাৰ আমোলত পাটোৱাৰী, চৌধুৰী, তালুকদাৰ, মজুমদাৰ আদি পদৰ সৃষ্টি হ’ল। নামনি অসমত মোগলৰ জোখ-মাখৰ পদ্ধতি শিকি তাত নিজৰ গৱেষণা আৰু উদ্ভাৱনা যোগ কৰি এবিধ নতুন গণিতৰ জন্ম দিয়ে। ইয়েই কালক্ৰমত কাইথেলী অংক নামে জনাজাত হয়। পিছলৈ ইংৰাজসকলৰ আগমনৰ পাছৰ পৰা এই অংক লোপ পাবলৈ ধৰে কিন্তু দণ্ডীৰাম দত্ত নামৰ এগৰাকী কায়স্থ লোকে সুদীৰ্ঘ ৪৬ বছৰ ধৰি লুপ্তপ্ৰায় এই অংকবোৰ গাঁৱে গাঁৱে ঘূৰি সংগ্ৰহ কৰি “কৌতুক আৰু কাইথেলী অংক’’ নামেৰে এখনি পুথি তৈয়াৰ কৰে।[4]

সঁজুলি সম্পাদনা কৰক

কাইথেলী অংক কৰিবলৈ বিশেষ কিছুমান সঁজুলিৰ প্ৰয়োজন হৈছিল। সেই সঁজুলিসমূহ আছিল:- কাঠৰ ফলি, মাটিৰ লডা, হেমশিল (ভূটানৰ পৰা অনা বগা মাটি, ড’লমাইট), কলম (খাগৰিৰ কলম, ময়ূৰৰ পাখি, হাঁহৰ পাখি, ঢেঁকীয়াৰ ঠাৰি আদি), চিঞাহি (সাঁচি মহী, নকল কৰা চিঞাহি, গোপনীয় চিঞাহি আদি তেৰ বিধ বিভিন্ন চিঞাহি), লিখিবলৈ কলপাত, নাগেশ্বৰ পাত, চাউল আদিকে ধৰি সাতপ্ৰকাৰৰ বস্তু উল্লেখ দণ্ডীৰাম দত্তৰ কিতাপখনত উল্লেখ আছে। মাটিৰ লডাক পেঞ্চিল কৰিবলৈ বাঁহৰ সৰু সৰু চুঙাত মাটি ভৰাই জুইত পুৰি লৈছিল।[4]

বিষয়বস্তু সম্পাদনা কৰক

কাইথেলী অংক পদ্ধতিৰ দ্বাৰা মাটিৰ হিচাপৰ নিয়ম, মাটিৰ পিয়ল, বজাৰৰ দৰৰ জমা-খৰচৰ হিচাপ, কাঁহ-তাম-পিতলৰ দাম, ওজন, ভঁৰালৰ শস্যাদিৰ পৰিমাণ গণনা, ঘৰ-দুৱাৰ সজাৰ জোখ-মাখ, বাঁহ-বেত আদিৰ পৰিমাণ, ঘৰৰ ভেটি তোলাৰ সকলো নিয়ম, সূতা কটা আৰু কাপোৰ বোৱাৰ সকলো নিয়ম, প্ৰজাৰ কৰ-কাটল, ৰাজ-ভঁৰালৰ আয়-ব্যয়, জ্যোতিষ সম্পৰ্কীয় গণনা, মাটি কটাৰ জোখ-মাখ, আমদানি-ৰপ্তানিৰ হিচাপ, বছৰ-মাহ- দিনৰ হিচাপ, গাঁৱৰ জনসংখ্যা গণনা আদি[5] সহজে কৰাৰ উপায় উলিওৱা হৈছিল।

কৌশল সম্পাদনা কৰক

কাইথেলী অংক কৰিবলৈ সংখ্যাৰ ঠাইত শব্দ প্ৰয়োগ কৰা হৈছিল আৰু পৌৰাণিক শাস্ত্ৰৰ বিভিন্ন চৰিত্ৰ আৰু বিষয়ো এই অংকত উপাদান হিচাপে প্ৰয়োগ কৰা হৈছিল। তাৰ কেইটামান নমুনা হ’ল;

১=শশী, চন্দ্ৰ, নিশাপতি, মহী
২= নেত্ৰ, ভুজ, কৰ, পাখা
৩= ৰাম, অগ্নি, গুণ
৪= বেদ, যুগ, চক্ৰ
৫= বাণ, শৰ, ইন্দ্ৰিয়, আত্মা,
৬= ৰস, ঋতু, বিত,
৭= সমুদ্ৰ, মুনি, অশ্বম স্বৰ,
৮= বসু, নাগ, গজ, মঙ্গল,
৯= গ্ৰহ, ৰন্ধ্ৰ।
১০= দিক, লোকপাল, কৰ্ম আদি।[5]

কাইথেলী অংকৰ নমুনা সম্পাদনা কৰক

কাইথেলী অংকসমূহক সাঁথৰৰ সমপৰ্যায়ৰ বা কেতিয়াবা ইবোৰক কৌতুক অংক বুলিবও পাৰি। ইবোৰৰ দ্বাৰা চৰ্চাকাৰীৰ চিন্তাশক্তিৰ বিকাশ হয়। ইবোৰ প্ৰয়োগ কৰিবলৈয়ো গভীৰ শব্দজ্ঞান আৰু বিচক্ষণতাৰ প্ৰয়োজন হয়। কেইটিমান কাইথেলী অংকৰ নমুনা দিয়া হ’ল:

(১) এক বুঢ়াৰ নটা তিৰী
নটা নটা হল ছলি।
নটা নটা দিলাক কল
ছলি কলে কিমান হ’ল।[1]

(২) এক মূৰ দুই জিহ্বা কালকুট খায়।
খৰতৰ বেগে চলে দূৰকো নাযায়।[1]

(৩) ইন্দ্ৰৰ অমৰাৱতী বনে পাৰিজাত আছে
নিতে দশলক্ষ পুষ্প ফুটি থাকে গাছে।
শতেক বৎসৰে কোনে কৰিবে কওনা।
একৈক পুষ্পৰ মূল্য লক্ষ কোটি সোণা।[1]

কাইথেলী অংকৰ দ্বাৰা বিভিন্ন ব্যাধিত আক্ৰান্তক সকাহ দিয়াৰ বিষয়েও বিধান দিয়া আছে।

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. 1.0 1.1 1.2 1.3 "কৌতুক আৰু কাইথেলী অংক:দণ্ডীৰাম দত্তৰ অৱদান". Archived from the original on 1 November 2022. https://web.archive.org/web/20221101150436/https://xahitya.org/%E0%A6%95%E0%A7%8C%E0%A6%A4%E0%A7%81%E0%A6%95-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A6%95%E0%A6%BE%E0%A6%87%E0%A6%A5%E0%A7%87%E0%A6%B2%E0%A7%80-%E0%A6%85%E0%A6%99%E0%A7%8D%E0%A6%95-%E0%A6%A6%E0%A6%A3/। আহৰণ কৰা হৈছে: 1 November 2022. 
  2. বৰুৱা, কনকলাল (২০২০). প্ৰাচীন কামৰূপৰ ইতিহাস. Powershift with Bhabani Books. পৃষ্ঠা. ৩০৩. ISBN 978-93-87494-38-1. 
  3. দৈৱজ্ঞ, সূৰ্য্যখড়ি (২০০২). দৰং ৰাজবংশাৱলী. লয়াৰ্ছ বুক ষ্টল. পৃষ্ঠা. ১১৬. ISBN 81-7331-036-X. 
  4. 4.0 4.1 "কাইথেলী অংকৰ প্ৰেৰণা". Archived from the original on 2 November 2022. https://web.archive.org/web/20221102174019/https://janambhumi.in/VFZSak0wMXFaejA9/%E0%A6%95%E0%A6%BE%E0%A6%87%E0%A6%A5%E0%A7%87%E0%A6%B2%E0%A7%80-%E0%A6%85%E0%A6%82%E0%A6%95%E0%A7%B0-%E0%A6%AA%E0%A7%8D%E0%A6%B0%E0%A7%87%E0%A7%B0%E0%A6%A3%E0%A6%BE.html। আহৰণ কৰা হৈছে: 2 November 2022. 
  5. 5.0 5.1 "অসমৰ লোকগণিত কাইথেলী অংক". https://www.anyayug.com/p/kaitheli-anko-article-february-2022.html। আহৰণ কৰা হৈছে: 2 November 2022.