কানাডাৰ খিলঞ্জীয়া লোকসকলৰ আবাসিক স্কুল ব্যৱস্থা

উত্তৰ আমেৰিকাখিলঞ্জীয়া লোকসকলক স্থানীয় ইণ্ডিয়ান (native Indian) বুলিও কোৱা হয়। ইয়াৰে স্থানীয় ইণ্ডিয়ান সন্তানৰ আবাসিক স্কুল ব্যৱস্থাবোৰৰ 'বোৰ্ডিং স্কুল'ৰ অন্তৰ্জাল আছিল। এই বোৰ্ডিং স্কুলৰ অন্তৰ্জালটোৱে কানাডা চৰকাৰৰ 'স্থানীয় ইণ্ডিয়ান বা খিলঞ্জীয়া' বিভাগটোৰ পৰা অৰ্থসাহায্য পাইছিল আৰু খ্ৰীষ্টান গীৰ্জাৰ দ্বাৰা পৰিচালিত হৈছিল। এই স্কুল ব্যৱস্থাটো খিলঞ্জীয়া সন্তান সকলৰ ভিতৰৰ পৰা স্থানীয় খিলঞ্জীয়াৰ ভাষা, সংস্কৃতি আৰু প্ৰভাৱসমূহ বিলোপ কৰি ইউৰোপীয়ান ভাষা, সংস্কৃতি আৰু প্ৰভাৱৰ অন্তৰ্ভুক্ত কৰি ভৱিষ্যতে এটা প্ৰভাৱশালী ইউৰোপীয়ান-কেনেডিয়ান সংস্কৃতি গঢ়িবৰ বাবে আৰু শিশুৰ ভিতৰৰ পৰা খিলঞ্জীয়াৰ স্বভাৱ নোহোৱা কৰিবৰ বাবে গঢ়া হৈছিল।[1] সম্পূৰ্ণ স্কুল ব্যৱস্থাতো এশ বছৰতকৈয়ো অধিক সময় চলাই থকা হৈছিল আৰু প্ৰায় ৩০ শতাংশ (প্ৰায় এক লাখ পঞ্চাচ হাজাৰ) খিলঞ্জীয়া ল'ৰা-ছোৱালীক কানাডা দেশৰ আবাসিক স্কুলবোৰলৈ জোৰ কৰি প্ৰেৰণ কৰা হৈছিল। স্কুল সম্বন্ধীয় মৃত্যুৰ সংখ্যা কিমান, তাৰ গণণা বুৰঞ্জীৰ পাতত অসম্পূৰ্ণ হৈ ৰোৱাৰ বাবে বৰ্ত্তমান জনাটো সম্ভৱ হৈ নুঠিল। তথাপিও অনুমান কৰি পোৱা মতে ৩২০০ ৰ পৰা ৩০,০০০টা শিশুৰ মৃত্যু হ'ল।[2]

প্ৰভিডেন্স মিছন ইণ্ডিয়া ৰেচিডেঞ্চ স্কুলৰ কৰ্মকৰ্তা আৰু ছাত্ৰ-ছাত্ৰী
কেমলুপ চহৰৰ খিলঞ্জীয়া ইণ্ডিয়ান সকলৰ সন্তানৰ আবাসিক স্কুল, ১৯৩০

আবাসিক স্কুল ব্যৱস্থাই খিলঞ্জীয়া শিশুসকলৰ অপূৰণীয় ক্ষতিসাধন কৰিছিল। বিশেষকৈ এই শিশুসকলক পৰিয়ালৰ পৰা বলপূৰ্বক আঁতৰাই নি, নিজৰ কলা-কৃষ্টি আৰু ভাষাৰ পৰা বিছিন্ন কৰি আৰু শাৰীৰিক আৰু মানসিক শোষণ (abuse)-ৰ ভুক্তভোগী কৰি এই ব্যৱস্থাই প্ৰজন্মগত অভিঘাত (generational trauma)-ৰ সৃষ্টি কৰে। ২০২১ চনৰ ২৭ মে'ত কানাডাৰ ব্ৰিটিছ কলম্বিয়াৰ কেমলুপ নামৰ চহৰখনত কৰ্মকৰ্তাসকলে ইণ্ডিয়ান ৰেছিডেন্সিয়েল স্কুলৰ মাটিত বহুতো চিহ্নহীন কবৰস্থানৰ লগতে ২১৫ টি 'স্থানীয় ইণ্ডিয়ান' শিশুৰ অৱশেষ পোৱাৰ কথা ঘোষণা কৰিলে। এই ৰেছিডেন্সিয়েল স্কুলৰ মাটিত ৩ বছৰীয়া শিশুলৈকে পোৱা গৈছে। এই স্কুলখন ১৮৯০ আৰু ১৯৭৮ ভিতৰত কেথলিক গীৰ্জা আৰু কানাডা চৰকাৰে পৰিচালনা কৰিছিল।[3][4] ২০২১ চনৰ ২৪ জুনত চাচকাটোৱান প্ৰদেশৰ প্ৰাক্তন আৱাসীক বিদ্যালয়ৰ পথাৰত খিলঞ্জীয়া শিশুসকলৰ ৭৫১টা মৰাশৰ অৱশেষ পুনৰবাৰ পোৱা বুলি খিলঞ্জীয়া লোকসকলে জানিবলৈ দিয়ে।[5]

ইতিহাস সম্পাদনা কৰক

 
১৭৭৭ চনত কানাডাত ইউৰোপীয় বণিকে খিলঞ্জীয়া লোকৰ সৈতে ৰোম (Fur) ৰ বেপাৰ কৰাৰ সময়ত

কানাডাৰ খিলঞ্জীয়া লোকসকলক আত্মসাৎ কৰা (assimilate)-ৰ চেষ্টাৰ কাৰণ আছিল ইউৰোপীয়ান বিশ্ববীক্ষা (European worldviews) আৰু কলা-সংস্কৃতিক কেন্দ্ৰ কৰি গঢ়ি উঠা ৰাজসিক উপনিবেশবাদ (imperial colonialism)।[6]:47–50 কানাডাৰ ‘Truth and Reconciliation Commission of Canada's (TRC)’ প্ৰতিবেদন অনুসৰি এই প্ৰক্ৰিয়াৰ মূলতে আছিল উপনিবেশকাৰীৰ বৰ্ণবৈষম্যমূলক আৰু সাংস্কৃতিক উৎকৃষ্টতা (racial and cultural superiority)। ইউৰোপৰ পৰা আহি কানাডাত থিতাপি লোৱা এই লোকসকলে ধাৰণা কৰি লৈছিল যে তেওঁলোকে খিলঞ্জীয়া লোকসকলৰ মাজলৈ আধুনিক সভ্যতা কঢ়িয়াই আনিছে আৰু তেওঁলোকৰ এই প্ৰচেষ্টাৰ অবিহনে খিলঞ্জীয়া লোকসকল সভ্য হৈ নুঠে।[6]:50

খিলঞ্জীয়া লোকৰ জীন যোৱাৰ এই চেষ্টা আৰম্ভ হৈছিল সোতৰশ দশকত কানাডাৰ নিউ ফ্ৰান্সত ফৰাচী মিছনেৰীসকলৰ আগমণৰ লগে লগে৷[7] নিজৰ সন্তান-সন্ততিক পৰিয়ালৰ আঁতৰ কৰিব নোখোজা খিলঞ্জীয়া অধিবাসীসকলে মিছনেৰীৰ এই প্ৰচেষ্টাত বাধা প্ৰদান কৰিছিল৷[8] সেইসময়ত কেইবাটাও দলে প্ৰতিষ্ঠা কৰা দিনতীয়া আৰু আবাসিক স্কুলসমূহ ১৬৯০ ৰ ভিতৰত বন্ধ হৈছিল৷ সেইসময়ৰ ৰাজনৈতিক অস্থিৰতাও এই বিফলতাৰ অন্য এক কাৰণ৷ [9]

বিচ্ছিন্নতা আৰু আত্মসাৎ সম্পাদনা কৰক

আৱাসিক বিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰীসকলৰ ঋণাত্মক অভিজ্ঞতা হৈছিল আৰু ছাত্ৰ-ছাত্ৰীসকলক পৰিয়ালৰ আপোনজনৰ পৰা বিচ্ছিন্ন কৰি ৰখা হৈছিল আৰু তেওঁলোকৰ সংস্কৃতিক অৱজ্ঞা বা তুচ্ছজ্ঞান কৰা হৈছিল। ঘৰ আৰু অভিভাৱকৰ পৰা আঁতৰাই আনি কিছুমান ভাই-ভনীৰ পৰা পৃথক কৰা হৈছিল, কিয়নো স্কুলবোৰ লিংগ অনুসৰি পৃথক কৰা হৈছিল। কিছুমান ক্ষেত্ৰত তেওঁলোকৰ প্ৰথম ভাষা কোৱাটো নিষেধ কৰা হৈছিল, আনকি পিতৃ-মাতৃৰ ঘৰলৈ লিখা চিঠিতো। শিশুসকলক আত্মসাৎ কৰাৰ প্ৰয়াস আৰম্ভ হৈছিল স্কুলত উপস্থিত হোৱাৰ লগে লগে ।পৰম্পৰাগত ভাৱে পুৰুষসকলেও চুলি ডীঘলকৈ ৰখাৰ নিয়ম।কিন্তু স্কুলসমূহত তেওঁলোকৰ চুলি কাটি দিয়া হৈছিল (ল’ৰাৰ ক্ষেত্ৰত), আৰু তেওঁলোকৰ পৰম্পৰাগত কাপোৰ খুলি নতুন ইউনিফৰ্ম দিয়া হৈছিল। বহু ক্ষেত্ৰত তেওঁলোকক নতুন নামো দিয়া হৈছিল। খ্ৰীষ্টান মিছনেৰী কৰ্মচাৰীসকলে খ্ৰীষ্টান পদ্ধতিৰ ওপৰত বহু সময় আৰু মনোযোগ খৰচ কৰিছিল, একে সময়তে তেওঁলোকে খিলঞ্জীয়াৰ আধ্যাত্মিক পৰম্পৰাক সমালোচনা বা বদনাম কৰিছিল। [10]

 
ৰোমান কেথলিক ইণ্ডিয়ান ৰেচিডেন্সিয়েল স্কুল, ফ'ৰ্ট ৰিজ'লিউচন, NWT(১৪১১২৯৫৭৩৯২)ত অধ্যয়নৰ সময়

আৱাসিক বিদ্যালয়ত জীৱন সম্পাদনা কৰক

১৯৫০ চনৰ শেষৰ ফালে আৱাসিক বিদ্যালয়সমূহ আধা দিনৰ ব্যৱস্থাৰে চলিছিল, য’ত ছাত্ৰ-ছাত্ৰীসকলে আধা দিন শ্ৰেণীকোঠাত আৰু আনটো দিন কৰ্মক্ষেত্ৰত কটায়। ইয়াৰ আঁৰৰ তত্ত্ব আছিল যে ছাত্ৰ-ছাত্ৰীসকলে এনে দক্ষতা শিকিব যাৰ ফলত তেওঁলোকে প্ৰাপ্তবয়স্ক হৈ জীৱিকা উপাৰ্জন কৰিব পাৰিব। কিন্তু বাস্তৱতা আছিল যে কামৰ সম্পৰ্ক আছিল ছাত্ৰ-ছাত্ৰীক বৃত্তিমূলক প্ৰশিক্ষণ দিয়াতকৈ বিদ্যালয়খন সস্তাতে চলোৱাৰ লগত। লিংগ অনুসৰি কামবোৰ পৃথক কৰা হৈছিল। ছোৱালীবোৰে গৃহ পৰিচালনা (ৰন্ধা-বঢ়া, চাফাই, কাপোৰ ধোৱা, চিলাই)ৰ দায়িত্ব লয়, আনহাতে ল’ৰাবোৰে কাঠমিস্ত্ৰী, নিৰ্মাণ, সাধাৰণ ৰক্ষণাবেক্ষণ আৰু কৃষি শ্ৰমৰ কামত জড়িত আছিল। আৱাসিক বিদ্যালয় ব্যৱস্থাত পুঁজিৰ ব্যৱস্থা আছিল এক জৰুৰী চিন্তাৰ বিষয়। ১৮৯০ চনৰ পৰা ১৯৫০ চনলৈকে চৰকাৰে ব্যৱস্থাটোৰ বোজা গীৰ্জাসমূহৰ ওপৰত আৰু ছাত্ৰ-ছাত্ৰীৰ ওপৰত স্থানান্তৰিত কৰিবলৈ অহৰহ চেষ্টা কৰিছিল, যাৰ শ্ৰমে বিদ্যালয়সমূহলৈ আৰ্থিক অৰিহণা যোগাইছিল। ১৯৪০ চনৰ ভিতৰত বহুতৰে বাবে স্পষ্ট হৈ পৰিছিল যে আধাদিনৰ ব্যৱস্থাই আৱাসিক ছাত্ৰ-ছাত্ৰীসকলক পৰ্যাপ্ত শিক্ষা আৰু প্ৰশিক্ষণ প্ৰদান কৰাত ব্যৰ্থ হৈছে। কিন্তু ১৯৫০ চনৰ শেষৰ ফালেহে আধা দিনৰ ব্যৱস্থাটো নাইকিয়া কৰা নহ’ল, তেতিয়াহে শক্তিশালী অৰ্থনীতিৰ বাবে অধিক ধন উপলব্ধ হ’ল।[11]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. "The Residential School System". http://indigenousfoundations.arts.ubc.ca/the_residential_school_system/। আহৰণ কৰা হৈছে: 2 June 2021. 
  2. https://www.cbc.ca/news/politics/residential-schools-findings-point-to-cultural-genocide-commission-chair-says-1.3093580
  3. "‘Horrible History’: Mass Grave of Indigenous Children Reported in Canada". The New York Times. https://www.nytimes.com/2021/05/28/world/canada/kamloops-mass-grave-residential-schools.html। আহৰণ কৰা হৈছে: 2 June 2021. 
  4. https://www.cbc.ca/news/canada/british-columbia/tk-eml%C3%BAps-te-secw%C3%A9pemc-215-children-former-kamloops-indian-residential-school-1.6043778
  5. https://www.nytimes.com/2021/06/24/world/canada/indigenous-children-graves-saskatchewan-canada.html
  6. 6.0 6.1 "Honouring the Truth, Reconciling for the Future: Summary of the Final Report of the Truth and Reconciliation Commission of Canada". Truth and Reconciliation Commission of CanadaNational Centre for Truth and Reconciliation. May 31, 2015. http://www.trc.ca/assets/pdf/Honouring_the_Truth_Reconciling_for_the_Future_July_23_2015.pdf। আহৰণ কৰা হৈছে: 30 May 2021. 
  7. Gourdeau, Claire. "Population – Religious Congregations". Canadian Museum of HistoryVirtual Museum of New France. Archived from the original on July 8, 2016. https://web.archive.org/web/20160708131814/http://www.historymuseum.ca/virtual-museum-of-new-france/population/religious-congregations/। আহৰণ কৰা হৈছে: July 1, 2016. 
  8. White, Jerry P.; Peters, Julie (2009). "A Short History of Aboriginal Education in Canada". In White, Jerry P.; Peters, Julie; Beavon, Dan et al.. Aboriginal Education: Current Crisis and Future Alternatives. Thompson Educational Pub.. পৃষ্ঠা. 13–14. ISBN 978-1-55077-185-5. Archived from the original on October 3, 2016. http://apr.thompsonbooks.com/vols/AbEduc_Ch2.pdf. 
  9. Carney, Robert (1995). "Aboriginal Residential Schools Before Confederation: The Early Experience". Historical Studies খণ্ড 61: 13–40. Archived from the original on August 14, 2016. https://web.archive.org/web/20160814020414/http://www.cchahistory.ca/journal/CCHA1995/Carney.pdf। আহৰণ কৰা হৈছে: June 29, 2016. 
  10. https://www.thecanadianencyclopedia.ca/en/article/residential-schools
  11. https://www.thecanadianencyclopedia.ca/en/article/residential-schools