অসমনগাঁও জিলাৰ প্ৰসিদ্ধ কপিলী নৈৰ উত্তৰ-দক্ষিণ দুয়োপাৰ জুৰি কামপুৰ অঞ্চল অৱস্থিত। নগাঁও চহৰৰ পৰা ৩০ কিঃমিঃ দক্ষিণে কামপুৰ নগৰ অৱস্থিত। কামপুৰ এখন উন্নত ঠাই। ১৯৯৬ চনৰ ৩ ডিচেম্বৰ তাৰিখে অসম চৰকাৰৰ গেজেট জাননীত কামপুৰ টাউন কমিটি গঠনৰ সিদ্ধান্ত প্ৰকাশ পায়। অতীতৰ পৰাই কামপুৰ কাৰ্বি-আংলং জিলাৰ দুৱাৰ স্বৰূপ হৈ আছে। কামপুৰ পৰা ২০ কিঃমিঃ দক্ষিণেই কাৰ্বি-আংলং জিলাৰ সীমা। ইংৰাজী ১৯৬০-৬৫ চনৰ ভিতৰত কপিলী নৈৰ ওপৰেৰে দিয়া পকী দলঙে পাহাৰীয়া জিলা খনৰ সৈতে যোগাযোগৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিছে। কামপুৰ চক্ৰৰ মাটি-কালি ১৪৩’১৭ বৰ্গমাইল। কামপুৰ মৌজাত ১৩৫ খন গাঁও আছে।[1] এসময়ত কামপুৰ চাৰ্কোল অসমৰ ভিতৰতে সৰ্ববৃহৎ চাৰ্কোল আছিল আৰু ই লামডিং পৰ্যন্ত সামৰি লৈছিল। ২০১১ চনৰ লোক-পিয়ল অনুসৰি কামপুৰ জনসংখ্যাৰ ৯৪,৮৪৪ জন পুৰুষ আৰু ৯০,২৪৩ জন মহিলা, তথা সৰ্বমুঠ ১৮৫,০৮৭ জন জনসংখ্যা আছে।[2]

কামপুৰ
—  নগৰ  —
স্থানাঙ্ক 26°12′N 92°38′E / 26.20°N 92.63°E / 26.20; 92.63
দেশ  ভাৰত
ৰাজ্য অসম
জিলা নগাঁও জিলা
জনসংখ্যা 1,85,087 (2011)
সময় অঞ্চল ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০)
ক'ড
  • পিনক'ড • ৭৮২৪২৬
    ফোন • +৯১৩৬৭২-২৬৬xxx
    • যান-বাহনৰ নম্বৰ • AS-02

কামপুৰ নামৰ উৎপত্তি সম্পাদনা কৰক

কামপুৰ নামটোৰ উৎপত্তি সম্পৰ্কত কেইবাটাও জনশ্ৰুতি আছে। যেনে-

  1. প্ৰত্নতত্ববিদ ৰাজমোহন নাথ (The Background of Assamese Culture); ভাষাতাত্বিক ডক্টৰ বাণিকান্ত কাকতী (কলিতা জাতিৰ ইতিবৃত্ত), শ্ৰী প্ৰমোদ বৰা (শ্ৰীশ্ৰী ৰত্নাৱলী থানৰ ইতিবৃত্ত) আদি গৱেষক সকলে ১০৯০-১১১৫ খৃঃ ত ৰাজত্ব কৰা মহাৰাজ ধৰ্মপাল দেৱে কপিলী উপত্যকাৰ বৰ্তমানৰ কামপুৰতে ৰাজধানী পাতি ৰাজ্য শাসন কৰিছিল বুলি মত প্ৰকাশ কৰিছে। ইতিহাসবিদ কনকলাল বৰুৱায়ো তেখেতৰ Early history of Kamrupa গ্ৰন্থত প্ৰাকবৈদিক আৰ্য মূলীয় বৰাহী (ভৌমপাল) ৰজাসকলে কপিলী উপত্যকাত ৰাজত্ব কৰাৰ কথা উল্লেখ কৰিছে। ভৌম পাল বৰাহী বংশৰ ৰজা মহামানিক্যদেৱে কামপুৰৰ বুন্দুৰা-বুটিকুৰা গাঁও অঞ্চলত ৰাজত্ব কৰিছিল (ইয়াত প্ৰাচীন স্থাপত্য ভাস্কৰ্যৰ অৱশেষ প্ৰত্নতত্ব বিভাগে সংৰক্ষণ কৰিছে) বুলি গৱেষক প্ৰমোদ বৰাই একাধিক প্ৰৱন্ধত উল্লেখ কৰিছে। ভুঞাসকলৰ আদি চৰিত্ৰ পুথিত উল্লেখ থকা মতে, সগৰ ভূঞাৰ বংশৰ শ্যামন্ত ভুঞাই কামপুৰত ৰাজধানী পাতি কমতাপুৰৰ কৰতলীয়া ক্ষুদ্ৰ ৰাজ্য এখন স্থাপন কৰিছিল। [3]
  2. ডিমাচা কছাৰী ভাষাত ‘খাম’ মানে ‘কোনো ঠাই অধিকাৰ কৰা’, ‘বহা’ বুজায়। ‘পুৰ’ মানে শাৰী শাৰীকৈ গাঁও পাতি বসতি স্থাপন কৰা বুজায়। পুৰ মূলত সংস্কৃত শব্দহে। গতিকে খাম+পুৰ > কামপুৰ হ’ব পাৰে। উল্লেখযোগ্য যে পূৰ্বে কামপুৰ কছাৰী পাৰ নামেৰেহে জনাজাত আছিল। খামপুৰ > কামপুৰ শব্দই কছাৰী সকলে কপিলী নৈৰ পাৰত বসতি স্থাপনৰ ইংগিত দিয়ে।[4]
  3. আন এক কিংবদন্তি মতে, মহাভাৰতৰ যুগত এই অঞ্চলতেই দ্বিতীয় পাণ্ডৱ ভীমৰ লগত হিড়িম্বদাৰ আৰু অৰ্জুনৰ লগত প্ৰমীলা সুন্দৰীৰ কামনা পূৰ্ণ হৈছিল বাবেই এই অঞ্চলৰ নাম কামপুৰ নামে প্ৰখ্যাত হৈছিল।[5]

পৰিবহন সম্পাদনা কৰক

ৰেলপথ সম্পাদনা কৰক

কামপুৰ অঞ্চলৰ মাজ মজিয়াতে স্থাপন হৈছে ৰেল আস্থান, যি গুৱাহাটী ৰেল আস্থানৰ পৰা প্ৰায় ২ ঘন্টাৰ দূৰত্ব আৰু কিলোমিটাৰ হিচাপে ১১৫ । নাম কামপুৰ ৰেলোৱে ষ্টেচন (ষ্টেচন ক'ড-KWM) । এই কামপুৰ ৰেল আস্থানত অসমৰ মাজেৰে যোৱা প্ৰায় কেইখন ৰেল ৰখোৱা হয় । মূলতঃ [[ৰঙিয়া ডিব্ৰুগড়]](১৫৯২৮), বি.জি. এক্সপ্ৰেছ (১৫৬৬৬), গুৱাহাটী ইন্টাৰচিটি (১৫৬০৬), ইন্টাৰচিটি এক্সপ্ৰেছ (১৫৬০৪), ব্ৰহ্মপুত্ৰ মেইল (১৪০৫৫), ইন্টাৰচিটি এক্সপ্ৰেছ (১৫৭১৮), লামডিং কামাখ্যা যাত্ৰীবাহী (৫৫৬০২), লামডিং-আলিপুৰযোৱাৰ এক্সপ্ৰেছ (১৫৪৭০) আদি । [6]

বিমানপথ সম্পাদনা কৰক

ইয়াৰ নিকটবৰ্তী বিমান বন্দৰ হৈছে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আৰু তেজপুৰ বিমানবন্দৰ


চিকিৎসালয় সম্পাদনা কৰক

  • কামপুৰ ৩০ খন বিছনাযুক্ত চিকিৎসালয়
  • কামপুৰ পুৰণা চিকিৎসালয়

উল্লেখযোগ্য শিক্ষা প্ৰতিষ্ঠান সম্পাদনা কৰক

কামপুৰৰ ধৰ্মীয় অনুষ্ঠান সম্পাদনা কৰক

  • নিজ কামপুৰ বুঢ়া নামঘৰ
  • শ্ৰী শ্ৰী মাধৱ থান
  • কামপুৰ কেন্দ্ৰীয় নামঘৰ
  • ৰতনাৱলী থান
  • ছেন্ডিকেট শিৱ মন্দিৰ
  • পুজাবাৰী মন্দিৰ
  • ৰেল গেট শিৱ মন্দিৰ

লগতে চাওক সম্পাদনা কৰক

তথ্য সূত্ৰ সম্পাদনা কৰক

  1. চেনছান ইণ্ডিয়া ডট গভ ডট ইন
  2. জনসংখ্যা বিচাৰক
  3. (শ্ৰীশ্ৰী ৰত্নাৱলী থানৰ ইতিবৃত্ত)
  4. কামপুৰৰ ইতিবৃত্ত - প্ৰমোদ বৰা
  5. কামপুৰৰ ইতিবৃত্ত - প্ৰমোদ বৰা
  6. । ই-ৰেল ডট ইন