কামৰূপ পীঠ হৈছে প্ৰাচীন কামৰূপ ৰাজ্যৰ পীঠ বা ভৌগোলিক বিভাজন। কামৰূপ ৰাজ্যক চাৰিখন পীঠত ভাগ কৰা হৈছিল। এই পীঠসমূহৰ বিভাজন বিভিন্ন উৎসত সামঞ্জস্যপূৰ্ণ নহয় কিন্তু সকলো উৎসতে চাৰিখন পীঠৰ উল্লেখ পোৱা যায়।[1] এই পীঠসমূহৰ বিষয়ে সমসাময়িক কালৰ কোনো কামৰূপ শিলালিপিত উল্লেখ কৰা হোৱা নাই। ইয়াতকৈ বহু পিছত অৰ্থাৎ মধ্যযুগীয় গ্ৰন্থসমূহত হে এইসমূহৰ উল্লেখ পোৱা যায়। সেয়ে কিছুমান পণ্ডিতৰ মতে কামৰূপ ৰাজ্যৰ এই বিভাজনবোৰ পৰৱৰ্তী সময়ত মধ্যযুগৰ গ্ৰন্থকাৰ সকলৰ নিজা সৃষ্টি।[2] ষোড়শ-সপ্তদশ শতিকাৰ যোগিনী তন্ত্ৰত কামৰূপ পীঠৰ কথা উল্লেখ কৰা হৈছে আৰু ইয়াত প্ৰাচীন কামৰূপ ৰাজ্যৰ সীমাও নিৰ্ধাৰণ কৰা হৈছে।[3]

পীঠসমূহ সম্পাদনা কৰক

কামৰূপ ৰাজ্যক মুঠ চাৰিখন পীঠত ভাগ কৰা হৈছিল। যদিও কিছুমান উৎসত মাত্ৰ তিনিখন পীঠৰ উল্লেখ আছে।[4]

এই চাৰিখন পীঠ হৈছে:

  • ৰত্নপীঠ: কৰতোৱা নদীৰ পৰা সোণকোষ নদীলৈকে আৰু বৰ্তমানৰ পশ্চিম অসমৰ গোৱালপাৰা অঞ্চল,
  • কামপীঠ: সোণকোষ নদীৰ পৰা ৰূপহী নদীলৈ আৰু বৰ্তমানৰ নামনি অসমৰ কামৰূপ অঞ্চল,
  • স্বৰ্ণপীঠ: ৰূপহী নদীৰ পৰা ভৈৰৱী নদীলৈকে বৰ্তমান মধ্য অসম অঞ্চল, আৰু
  • সৌমাৰপীঠ: ভৈৰৱী নদীৰ পৰা দিকৰাই নদীলৈ আৰু বৰ্তমানৰ উজনি অসমৰ পূব অঞ্চল।[5][6]

আনহাতে কামৰূপৰ বুৰঞ্জীৰ অনুসৰি কামৰূপ ৰাজ্যৰ বিভাজন বা পীঠ সমূহ হৈছে:

  • ৰত্নপীঠ: মৌৰং ৰাজ্যৰ পৰা সোণকোষ নদীলৈ,
  • কামপীঠ: সোণকোষ নদীৰ পৰা দুইমুনিচিলালৈ,
  • ভদ্ৰপীঠ: কলং নদীৰ পৰা কৈলাস নদীলৈ, আৰু
  • সৌমাৰপীঠ: দুইমুনিচিলাৰ পৰা দিক্কৰবাসিনীলৈ[7]

বুৰঞ্জীবিদ ডি চি চিৰকাৰে কামৰূপ পীঠৰ তিনিটা পৃথক সংস্কৰণ প্ৰদান কৰিছে। সেইকেইটা ৰ ভিতৰত প্ৰথমটো হৈছে কৰতোৱা নদীৰ পৰা সোণকোষ নদীলৈ কামপীঠ, সোণকোষৰ পৰা ৰূপহী নদীলৈ ৰত্নপীঠ, ৰূপহীৰ পৰা ভৰলী নদীলৈ সোৱৰ্ণপীঠ, আৰু শদিয়া ওচৰৰ দিবাং নদীৰ পৰা ভৰলীনদীলৈ সৌমাৰপীঠ। দ্বিতীয় সংস্কৰণ অনুসৰি কৰতোৱা নদীৰ পৰা মানস নদীলৈ ৰত্নপীঠ, ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰত মানসৰ পৰা শিলঘাটলৈ কামপীঠ, ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰ তথা কামপীঠৰ দক্ষিণে ভদ্ৰপীঠ আৰু ৰাজ্যৰ পূব দিশত সৌমাৰপীঠ। তৃতীয় তথা অন্তিম সংস্কৰণটো হেম সৰস্বতীৰ 'হৰগৌৰী সংবাদ'ৰ পৰা লোৱা হৈছে। ইয়াৰ মতে কৰতোৱাৰ পৰা সোণকোষলৈ ৰত্নপীঠ, সোণকোষৰ পৰা কপিলী নদীলৈ কামপীঠ, ৰূপিকাৰ পৰা ভৈৰৱী নদীলৈ সোৱৰ্ণপীঠ আৰু ভৈৰৱীৰ পৰা দিবাং নদীলৈ সৌমাৰপীঠ।[8]

তথ্য উৎস সম্পাদনা কৰক

  1. "There are some conflicting accounts of the theoretical divisions of Assam" (Sircar 1990, পৃষ্ঠা 68)
  2. "These theoretical divisions are not known from the early epigraphic records and may have been fabricated in the late medieval period." (Sircar 1990, পৃষ্ঠা 68)
  3. Journal of the Assam Research Society - Volumes 13-15 - Page 90,1959 Yoginl-tantra divides Kamarupa into four pithas or region (Ratna pitha, Swarna pitha, Kama pitha, and Saumara pitha)
  4. "The Vrahadguvakastantra divides Kamarupa into three divisions-" (Shastri 1985, পৃষ্ঠা 99–100)
  5. (Shastri 1985, পৃষ্ঠা 100)
  6. Kakati, Banikanta (1967). The mother goddess Kamakhya. পৃষ্ঠা. 7. 
  7. (Bhuyan 1930, পৃষ্ঠা 1)
  8. (Sircar 1990, পৃষ্ঠা 68)

গ্ৰন্থৰাজি সম্পাদনা কৰক

  • Gait, Edward A (1906), A History of Assam, প্ৰকাশক Calcutta, ISBN 9780404168193, https://books.google.com/books?id=w-6kr1IyHJkC 
  • Bhuyan, S. K. (1930). Bhuyan, S. K.. ed (as ভাষাত). Kamrupar Buranji. প্ৰকাশক Assam: Department of Historical and Antiquarian Studies. 
  • Shastri, Biswanarayan (1985). "Tantra: A Neglected Source for Materials for History of Assam". Journal of the Assam Research Society খণ্ড 28: 94–104. 
  • Sircar, D C (1990), "Pragjyotisha-Kamarupa", in Barpujari, H K, The Comprehensive History of Assam, I, প্ৰকাশক Guwahati: Publication Board, Assam, pp. 59–78