কালৰাত্ৰি হৈছে নৱদুৰ্গাৰ অন্যতম তথা দেৱী দুৰ্গাৰ সপ্তম ৰূপ। দেৱী দুৰ্গা বিষয়ক প্ৰাচীনতম সাহিত্য মাৰ্কণ্ডেয় পুৰাণৰ দুৰ্গা সপ্তসতী অধ্যায়ত (৮১-৯৩) কালৰাত্ৰিৰ প্ৰথমবাৰৰ বাবে উল্লেখ পোৱা যায়। তেওঁক দেৱীৰ কালী, চামুণ্ডা আদি সংহাৰী ৰূপসমূহৰ অন্যতম হিচাপে গণ্য কৰা হয়।[1] কালী আৰু কালৰাত্ৰিক ভিন্ন হিচাপে গণ্য কৰা হয় যদিও কোনো কোনো ক্ষেত্ৰত দুয়োকে একেগৰাকী দেৱী হিচাপেও অভিহিত কৰা হয়।[2][3]

কালৰাত্ৰি
শুভ আৰু সাহসৰ অধিষ্ঠাত্ৰী দেৱী
Kalratri Sanghasri 2010 Arnab Dutta.JPG
কালৰাত্ৰিৰ প্ৰতিমা
সম্পৰ্ক পাৰ্বতীৰ অৱতাৰ
গ্ৰহ শনি
মন্ত্ৰ एकवेणी जपाकर्णपूरा नग्ना खरास्थिता

​ लंंबोष्टी कर्णिकाकर्णी तैलाभ्यक्तशरीरिणी। ​ वामपादोल्लसल्लोहलताकंठकभूषणा ​

वर्धनमूर्धध्वजा कृष्णा कालरात्रिर्भयंकरी॥
অস্ত্ৰ বজ্ৰ, খড়্গ
অভয় আৰু বৰদামুদ্ৰা
সঙ্গী শিৱ
আসন/বাহন গদৰ্ভ, সিংহ বা বাঘ

পৌৰাণিক সাহিত্যত উল্লেখসম্পাদনা কৰক

মহাভাৰতসম্পাদনা কৰক

খ্ৰীষ্টপূৰ্ব ৩১৩৭-৩০৬৭-ৰ সময়ছোৱাত ৰচিত হিন্দু ধৰ্মৰ মহাকাব্য মহাভাৰতৰ সৌপ্তিকা পৰ্বত দেৱী কালৰাত্ৰিৰ উল্লেখ পোৱা যায়। এই আখ্যানমতে পাণ্ডৱ আৰু কৌৰৱসকলৰ যুদ্ধত দ্ৰোণাচাৰ্যক চল কৰি বধ কৰা হয়। তেওঁৰ পুত্ৰ অশ্বত্থামাই ইয়াৰ পোতক তুলিবৰ বাবে যুদ্ধৰ নীতি ভংগ কৰি কুৰু শিবিৰত নিদ্ৰিত হৈ থকা বিজয়ী পাণ্ডৱসকল বুলি ভুল কৰি তেওঁলোকৰ পুত্ৰ পাঁ‌চোজনৰ শিৰশ্ছেদ কৰে। এই হত্যাকাণ্ডৰ ঠাইতে এডোখৰ ৰক্তবৰ্ণৰ বস্ত্ৰ পৰিধান কৰি ৰঙা পৰা চকুৰে খড়্গহস্ত বিকট ৰূপত কালৰাত্ৰিৰ আৱিৰ্ভাৱ হয়। কালৰাত্ৰিৰ এই বৰ্ণনাই যুদ্ধৰ বীভিষিকাময় নগ্ন স্বৰূপটোকে মূৰ্তমান ৰূপত প্ৰতিফলিত কৰে বুলি কোৱা হয়।[4]

মাৰ্কণ্ডেয় পুৰাণসম্পাদনা কৰক

দুৰ্গা সপ্তসতীৰ প্ৰথম অধ্যায়ৰ ৭৫ সংখ্যক শ্লোকত সকলো পুৰাণতে বৰ্ণিত কালৰাত্ৰিৰ সংহাৰী ৰূপৰ উল্লেখ পোৱা যায়।[5]

স্কন্দ পুৰাণসম্পাদনা কৰক

স্কন্দ পুৰাণৰ আখ্যান অনুসৰি মহাদেৱে পাৰ্বতীক দুৰ্গমাসুৰক বধ কৰি দেৱতাসকলক পৰিত্ৰাণ দিবলৈ অনুৰোধ কৰে। এই কথাত সন্মৰি জনাই পাৰ্বতীয়ে এই কাৰ্যৰ বাবে কালৰাত্ৰিক প্ৰেৰণ কৰে। [1]

দেৱী ভাগৱত পুৰাণসম্পাদনা কৰক

দেৱী পাৰ্বতীৰ দেহৰ পৰা দেৱী অম্বিকা (কৌশিকি বা চণ্ডিকা) নিৰ্গত হোৱাৰ পিছত পাৰ্বতীৰ দেহ ক'লা মেঘৰ দৰে কৃষ্ণবৰ্ণ হৈ পৰে। সেয়ে পাৰ্বতীয়ে কালিকা আৰু কালৰাত্ৰি নাম পায়। তেওঁক দ্বিভূজা ৰূপত এখন হাতেৰে খড়্গ আৰু আনহাতে লাওখোলাৰ পাত্ৰ ধাৰণ কৰা অৱস্থাত বৰ্ণনা কৰা হয়। তেওঁ অসুৰৰাজ শুম্ভৰ নিধন কৰে।

বৰাহ পুৰাণসম্পাদনা কৰক

বৰাহ পুৰাণত দেৱী কালৰাত্ৰিক বুজাবলৈ ৰৌদ্ৰী নামটো ব্যৱহাৰ কৰা হৈছে। ৯০-৯৬ সংখ্যক অধ্যায়ত ৰৌদ্ৰী অৰ্থাৎ কালৰাত্ৰিয়ে ৰূৰু নামৰ অসুৰ বধ কৰাৰ বৰ্ণনা পোৱা যায়।

বিষ্ণুধৰ্মোত্তৰ পুৰাণসম্পাদনা কৰক

বিষ্ণুপুৰাণৰ পৰিশিষ্ট হিচাপে পৰিগণিত বিষ্ণুধৰ্মোত্তৰ পুৰাণৰ তৃতীয় খণ্ডৰ ৪৮ সংখ্যক অধ্যায়ত কালৰাত্ৰিৰ উল্লেখ পোৱা যায়। ইয়াত তেওঁক মৃত্যুৰ দেৱতা যমৰ সহধৰ্মিণী দুমূৰ্ধনা হিচাপে বৰ্ণোৱা হৈছে।

লক্ষ্মী সহস্ৰনামা স্ত্ৰোতম আৰু ব্ৰহ্মাণ্ড পুৰাণৰ ললিতা সহস্ৰনামা স্ত্ৰোতমতো দেৱী কালৰাত্ৰিৰ উল্লেখ আছে।[6]

মন্দিৰসম্পাদনা কৰক

বাৰাণসী, বিহাৰৰ নয়াগাঁ‌ও, মিৰ্জাপুৰ, পঞ্জাৱৰ পাটিয়ালা আৰু চংৰুৰত দেৱী কালৰাত্ৰিৰ মন্দিৰ আছে।[7]

তথ্য সংগ্ৰহসম্পাদনা কৰক