কুকি জনগোষ্ঠী

(কুকিৰ পৰা পুনঃনিৰ্দেশিত)

কুকি জনগোষ্ঠী (ইংৰাজী: Kuki Tribe) হৈছে উত্তৰ-পূব ভাৰতৰ মণিপুৰ, নাগালেণ্ড, অসম, মেঘালয়, ত্ৰিপুৰা আৰু মিজোৰামৰ লগতে চুবুৰীয়া দেশ বাংলাদেশ আৰু ম্যানমাৰৰ এটা জনগোষ্ঠী। এওঁলোক চীনা-তিব্বতীয় ভাষা পৰিয়ালৰ মান-তিব্বতীয় শাখাৰ এটা জনগোষ্ঠী।।[2]। ভাৰত, বাংলাদেশ আৰু ম্যানমাৰৰ ভিতৰত থকা কেইবাটাও পাহাৰীয়া জনগোষ্ঠীৰ ভিতৰত কুকিসকল অন্যতম। উত্তৰ-পূব ভাৰতত অৰুণাচল প্ৰদেশৰ বাহিৰে সকলো ৰাজ্যতে তেওঁলোকৰ উপস্থিতি পৰিলক্ষিত হয়।

কুকি জনগোষ্ঠী
কুকি জনগোষ্ঠীৰ এজনী তিৰোতা
উল্লেখযোগ্য জন-অধ্যুষিত অঞ্চলসমূহ
 ভাৰত Not stated
          

উত্তৰ-পূব ভাৰত (মূলতঃ মণিপুৰ, মিজোৰাম, অসম আৰু নাগালেণ্ড

 ম্যানমাৰ
           চিন ৰাজ্য
 বাংলাদেশ
          

চট্টগ্ৰাম পাহাৰীয়া অঞ্চলৰ অংশবিশেষ

ভাষাসমূহ

চিন-কুকি-মিজো ভাষা

ধৰ্ম

প্ৰধানকৈ খ্ৰীষ্টান (বেপ্টিষ্ট); ঐতিহাসিকভাৱে জীৱ-জন্তুবাদ, ইহুদী ধৰ্ম (ব্নেই মেনাচে) আৰু ইছলাম[1]

পৰম্পৰাগতভাৱে কুকি লোকসকলে বসবাস কৰা অঞ্চলটোৰ আনুমানিক সম্প্ৰসাৰণ।

ভাৰতৰ কুকি জনগোষ্ঠীৰ প্ৰায় পঞ্চাশটা জনগোষ্ঠীক অনুসূচিত জনগোষ্ঠী হিচাপে স্বীকৃতি দিয়া হৈছে, সেই বিশেষ কুকি জনগোষ্ঠীয়ে কোৱা উপভাষাৰ লগতে তেওঁলোকৰ উৎপত্তিস্থল অঞ্চলৰ ওপৰত ভিত্তি কৰি।

ম্যানমাৰৰ চিন জনগোষ্ঠী আৰু মিজোৰামৰ মিজো জনগোষ্ঠী কুকিসকলৰ আত্মীয় জনগোষ্ঠী। সামূহিকভাৱে তেওঁলোকক জো-জনগোষ্ঠী বুলি কোৱা হয়।

লগতে চাওক সম্পাদনা কৰক

তথ্য সূত্ৰ সম্পাদনা কৰক

  1. Syed Ayan Mojib (2023-07-28). "Who are Kukis & Meiteis, the warring tribes in Manipur". The Statesman. Archived from the original on 2023-07-28. http://archive.today/ajwHd. 
  2. LaPollo, Randy J. (ed.). Sino-Tibetan languages. Routledge. ISBN 9781135797171.

বাহ্যিক সংযোগ সম্পাদনা কৰক