কুটুম চৰাই
কুটুম চৰাই (ইংৰাজী: Watercock, বৈজ্ঞানিক নাম: Gallicrex cinerea) 'Rallidae' পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ জলচৰ চৰাইৰ প্ৰজাতি। ই সমগ্ৰ দক্ষিণ-পূব এছিয়াতে বহুলভাৱে বিস্তৃত হৈ আছে।
কুটুম চৰাই (Watercock) | |
---|---|
গুৰহাঁও, হাৰিয়ানাৰ ওচৰৰ বাচাই জলাহ অঞ্চলত এটা মতা কুটুম চৰাই | |
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Aves |
বৰ্গ: | Gruiformes |
পৰিয়াল: | Rallidae |
গণ: | Gallicrex Blyth, 1852 |
প্ৰজাতি: | G. cinerea |
বৈজ্ঞানিক নাম | |
Gallicrex cinerea (Gmelin, 1789) |
বিৱৰণ
সম্পাদনা কৰকপূৰ্ণবয়স্ক মতা কুটুম চৰাইৰ দেহৰ দৈৰ্ঘ্য প্ৰায় ৪৩ চে:মি: আৰু ওজন প্ৰায় ৪৭৬-৬৫০ গ্ৰাম হোৱা দেখা যায়। ইয়াৰ দেহৰ বৰণ ক'লা-মটিয়া আৰু ঠেংদুখন ৰঙা, ঠোঁট ক'লাবৰণীয়া। পোৱালি কুটুম চৰাইৰ ৰং বগা-চানেকীয়া আৰু ঠোঁট হালধীয়া তথা ঠেংদুখন সেউজীয়া। মাইকী কুটুম চৰাইৰ আকাৰ মতাটোতকৈ সৰু। ইয়াৰ দেহ প্ৰায় ৩৬ চে:মি: দীঘল আৰু ২৯৮-৪৩৪ গ্ৰাম ওজনৰ হোৱা দেখা যায়।
বিতৰণ
সম্পাদনা কৰককুটুম চৰায়ে সাধাৰণতে দক্ষিণ এছিয়াৰ ভাৰত, পাকিস্তান, শ্ৰীলংকা, চীন, জাপান,ফিলিপাইনছ আৰু ইণ্ডোনেছিয়াত প্ৰজনন কৰে বুলি জনা যায়। ই এই অঞ্চলসমূহৰ স্থানীয় চৰাই আৰু সমগ্ৰ বছৰ তাতে অতিবাহিত কৰে।
আচৰণ
সম্পাদনা কৰককুটুম চৰাই সাধাৰণতে মানুহৰ সমাগমৰ পৰা আঁতৰি থাকে, ইহঁতক কাচিৎহে মুকলি অঞ্চলত দেখা পোৱা যায়। ৰাতিপুৱা আৰু গধূলি সময়ত ইহঁতে ডাঙৰকৈ মতা শুনা যায়।
খাদ্য
সম্পাদনা কৰককুটুম চৰায়ে পোক-পতংগ, সৰু মাছ, গুটি আদি খাই জীয়াই থাকে। ই ঠোঁটেৰে অগভীৰ পানী বা বোকাময় অঞ্চলত খাদ্য বিচাৰি ফুৰে।
প্ৰজনন
সম্পাদনা কৰকই সাধাৰণতে বিল বা কোনো জলাশয়ৰ পাৰৰ শুকান ঠাইত বাহ সাজে। এবাৰত কুটুম চৰায়ে ৩-৬টাকৈ কণী পাৰে।
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ BirdLife International (2012). "Gallicrex cinerea". IUCN Red List of Threatened Species. Version 2012.1. International Union for Conservation of Nature. http://www.iucnredlist.org/apps/redlist/details/106002926। আহৰণ কৰা হৈছে: 16 July 2012.
- Birds of India by Grimmett, Inskipp and Inskipp, ISBN 0-691-04910-6