ৰজা কুশধ্বজ( তেওঁ কুশদ্ভোজন নামেও পৰিচিত), অছিল ৰজা জনকৰ অনুজ ভাতৃ। কুশধ্বজৰ দুগৰাকী কন্যাসন্তান আছিল ক্ৰমে মাণ্ডৱী আৰু শ্ৰুতকীৰ্তি। তেওঁলোক দুগৰাকীৰ যথাক্ৰমে অযোধ্যাৰ ৰজা দশৰথৰ পুত্ৰ আৰু ৰামৰ অনুজ ভৰত আৰু শত্ৰুঘ্নৰে বিবাহ সম্পন্ন হয়।[1][2]

কুশধ্বজ
তথ্য
দাম্পত্যসঙ্গী চন্দ্ৰভাগা
সন্তান মাণ্ডৱী
শ্ৰুতকীৰ্তি (কন্যাদ্বয়)

পৰিচয়সম্পাদনা কৰক

ৰজা কুশধ্বজৰ ৰাজধানী আছিল বৰ্তমান নেপালৰ সপ্তৰী জিলাৰ ৰাজবিৰাজ অঞ্চলৰ সমীপত। এই চহৰত বৰ্তমান এটা সহস্ৰ বছৰ প্ৰাচীন ঐতিহাসিক মন্দিৰ তথা ৰাজদেৱী মন্দিৰৰ অৱস্থানৰ সন্ধান পোৱা গৈছে। মন্দিৰত একাধিক হিন্দু দেৱ-দেৱীৰ মূৰ্তি আছে। মন্দিৰৰ সৈতে সংযুক্ত ছিন্নমস্তা মন্দিৰটি স্থানীয় মৈথিলী ভাষী লোকসকলৰ মাজত জনপ্ৰিয় আৰু মুখ্য ৰূপত পূজনীয়। ৰাজবিৰাজৰ আশেপাশে ৰাজকন্যা মাণ্ডৱী আৰু শ্ৰুতকীৰ্তিৰো একাধিক মূৰ্তি আৰু মন্দিৰ আছে।

সঙ্কাশ্য ৰাজ্যৰ ৰজাই মিথিলাৰ ৰজা জনকৰ সৈতে যুদ্ধৰ আহ্বান কৰে আৰু ৰজা জনকে সেই যুদ্ধত জয় লাভ কৰে। তেওঁ এই বিজিত অঞ্চল নিজ অনুজ কুশধ্বজক দান কৰে।[3] স্থানীয় লোকসকলৰ মত আৰু প্ৰাচীন নথি অনুযায়ী ৰজা কুশধ্বজ তেওঁৰ সমগ্ৰ ৰাজত্বৰ বিভিন্ন বিষয়ৰ ভাৰ তেওঁৰ মন্ত্ৰীবৰ্গৰ ওপৰত অৰ্পণ কৰে আৰু মৃত্যুৰ প্ৰাকমুহূৰ্তলৈকে ৰাজদায়িত্ব পালন কৰে।

দুই কন্যাৰ বিবাহসম্পাদনা কৰক

সীতাস্বয়ম্বৰ সভাত অযোধ্যাৰ ৰাজকুমাৰ ৰাম শৰ্তানুৰূপ হৰধনু তুলি তেওঁৰ গুণ আৰু সামৰ্থ্য প্ৰদৰ্শনত সীতায়ে তেওঁক স্বামীৰূপে গ্ৰহণ কৰে। বিবাহৰ পূৰ্বেই কিছু দিন অতিবাহিত হোৱাৰ পিছত ৰজা দশৰথে ৰজা জনকক তেওঁৰ তিনিপুত্ৰৰ সৈতে জনক আৰু তেওঁৰ অনুজৰ তিনি ৰাজকন্যাৰ বিবাহৰ প্ৰস্তাৱ দিয়ে। ৰাণী চন্দ্ৰভাগাৰ অনুমতি আৰু ৰাজকন্যাৰ সম্মতিত ৰজা কুশধ্বজে মাণ্ডৱী আৰু শ্ৰুতকীৰ্তিৰ বিবাহ যথাক্ৰমে ভৰত আৰু শত্ৰুঘ্নৰ সৈতে সম্পন্ন কৰে।

লগতে চাওকসম্পাদনা কৰক

তথ্যসূত্ৰসম্পাদনা কৰক