কুশল কোঁৱৰ শৰ্মা এগৰাকী ভাৰতীয় পশু চিকিৎসক আৰু হাতী বিশেষজ্ঞ। বন্যপ্ৰাণীৰ চিকিৎসা আৰু এছীয় হাতীৰ সংৰক্ষণলৈ তেওঁ বিশেষ ভূমিকা গ্ৰহণ কৰিছে। তেওঁ “হাতী ডাক্তৰ” নামেৰে জনপ্ৰিয়ভাৱে পৰিচিত আৰু "এছিয়াৰ হস্তীমানৱ" উপাধিৰে বিভূষিত। ডাঃ শৰ্মাই বৰ্তমানলৈ প্ৰায় ৭ হাজাৰৰো অধিক হাতীৰ চিকিৎসাৰ লগতে প্ৰায় ২০০ৰো অধিক বনৰীয়া হাতীক বশ কৰিছে।[1] ৩২ বছৰৰ পৰা ডাঃ শৰ্মাই এটাও সাপ্তাহিক ছুটী নোলোৱাকৈ প্ৰতিবছৰে ৭০০টা হাতী, বন্য আৰু উদণ্ড ষাঁড়ৰ চিকিৎসা কৰে।[1] শৰ্মাই সমগ্ৰ উত্তৰ-পূবত ৰিমৰ্ট ট্ৰেংকুলাইজড ইনজেকশ্যনৰ কৌশল উদ্ভাৱন কৰিছিল। তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ভাৰত চৰকাৰে তেওঁক ২০২০ চনত দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে।[2]

কুশল কোঁৱৰ শৰ্মা
জন্ম ১ মাৰ্চ, ১৯৬১ (৬৩ বছৰ)
বৰমা, কামৰূপ জিলা (বৰ্তমান বাক্সা জিলা)
ৰাষ্ট্ৰীয়তা ভাৰতীয়
শিক্ষা পশু চিকিৎসাৰ স্নাতক, স্নাতকোত্তৰ আৰু পি.এইছ.ডি.
পেচা পশু চিকিৎসক, অধ্যাপক, হাতী বিশেষজ্ঞ
জনা যায় হাতী ডাক্তৰ
বঁটা, সন্মান, পুৰস্কাৰ আদি পদ্মশ্ৰী, ২০২০
ৱেবছাইট
elephantdoctor.in

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা সম্পাদনা কৰক

১৯৬১ চনৰ ১ মাৰ্চ তাৰিখে কামৰূপ জিলাৰ বৰমাত (বৰ্তমান বাক্সা জিলা) কুশল কোঁৱৰ শৰ্মাৰ জন্ম হয়।[3] বিদ্যালয়ত পঢ়ি থাকোঁতে তেওঁ ৰাষ্ট্ৰীয় জলপানি লাভ কৰিছিল। বৰমাৰ পৈতৃক ঘৰত তেওঁলোকৰ 'লক্ষ্মী' নামেৰে এজনী বৃদ্ধা হাতী আছিল।[4] শিশু কুশল কোঁৱৰ শৰ্মায়ে হাতীজনীৰ লগত সময় কটাই ভাল পাইছিল। দুৰ্ভাগ্যবশত হাতীজনী গধুৰ বস্তু কঢ়িয়াই থাকোঁতে আঘাতপ্ৰাপ্ত হয়। পিতৃ আন চহৰত বদলি হোৱাৰ বাবে কুশল কুঁৱৰে পিছলৈ আইতাকৰ পৰা গম পালে যে উপযুক্ত চিকিৎসাৰ অভাৱত আঘাতপ্ৰাপ্ত হাতীজনীৰ মৃত্যু হয়। এই ঘটনায়ে তেওঁক এগৰাকী পশু চিকিৎসক তথা হস্তী বিশেষজ্ঞ হবলৈ প্ৰেৰিত কৰিছিল। তেওঁ ১৯৮৪ চনত গুৱাহাটীৰ খানাপাৰাস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত পশু চিকিৎসা মহাবিদ্যালয়ৰ পৰা সোণৰ পদকৰ সৈতে পশু চিকিৎসাৰ স্নাতক ডিগ্ৰী লাভ কৰে। তাৰপিছত তেওঁ ১৯৮৭ চনত পশু শৈল চিকিৎসা আৰু ৰেডিঅ'লজি বিষয়ত স্নাতকোত্তৰ আৰু ১৯৯৪ চনত একে বিষয়তে চাকৰি কৰি থকা অৱস্থাত পি.এইছ.ডি. ডিগ্ৰী লাভ কৰে।[3]

কৰ্মজীৱন সম্পাদনা কৰক

স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ ১৯৮৭ চনত অসম কৃষি বিশ্ববিদ্যালয়ত সহকাৰী অধ্যাপক হিচাপে যোগদান কৰে। ২০০৬ চনত তেওঁ পশু শৈল চিকিৎসা আৰু ৰেডিঅ'লজি বিষয়ৰ অধ্যাপক পদত অধিষ্ঠিত হয়। ২০১২ চনৰ পৰা তেওঁ এই বিভাগৰ মুৰব্বীৰ পদত কাৰ্যনিৰ্বাহ কৰি আহিছে।[3]

ডাঃ শৰ্মাই বৰ্তমানলৈ প্ৰায় ৭ হাজাৰৰো অধিক হাতীৰ চিকিৎসাৰ লগতে প্ৰায় ২০০ৰো অধিক বনৰীয়া হাতীক বশ কৰিছে। ৩২ বছৰৰ পৰা ডাঃ শৰ্মাই এটাও সাপ্তাহিক ছুটী নোলোৱাকৈ প্ৰতিবছৰে ৭০০টা হাতী, বন্য আৰু উদণ্ড ষাঁড়ৰ চিকিৎসা কৰে। শৰ্মাই সমগ্ৰ উত্তৰ-পূবত ৰিমৰ্ট ট্ৰেংকুলাইজড ইনজেকশ্যনৰ কৌশল উদ্ভাৱন কৰিছিল।[5] ডাঃ শৰ্মা "এছিয়াৰ হস্তীমানৱ" হিচাপে বহুলভাৱে স্বীকৃতি প্ৰাপ্ত আৰু তেওঁ বন্যপ্ৰাণীৰ স্বাস্থ্য যত্ন, ব্যৱস্থাপনা আৰু সংৰক্ষণৰ ওপৰত কৰা কামৰ বাবে বিশ্বব্যাপী ভাৱে জনাযায়। এই ক্ষেত্ৰত তেওঁ প্ৰদান কৰা সেৱাই বিশ্বব্যাপী সহস্ৰাধিক বনৰীয়া জীৱ-জন্তুৰ জীৱন ৰক্ষা কৰিছে। তেওঁৰ নিৰালস্য প্ৰচেষ্টাৰ ফলত ভাৰতত বনৰীয়া জন্তুৰ স্বাস্থ্যযত্ন আৰু সংৰক্ষণৰ প্ৰতি দৃষ্টিকোণত এক উল্লেখযোগ্য পৰিৱৰ্তন হৈছে, বিশেষকৈ এছিয়ান হাতী আৰু এশিঙীয়া গঁড় সংৰক্ষণত তেওঁৰ ভূমিকা অতুলনীয়।[6]

ডাঃ শৰ্মায়ে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বৈজ্ঞানিক আলোচনীত ১৫০ৰো অধিক গৱেষণা পত্ৰ লিখিছে। তদুপৰি তেওঁ ৭খন গ্ৰন্থৰ লেখক আৰু ৬খন গ্ৰন্থৰ সহ-লেখক। বৰ্তমানলৈ তেওঁৰ তত্ত্বাৱধানত পশু চিকিৎসা বিজ্ঞানত পি.এইচ.ডি আৰু এম.ভি.এছ.চি.ত ৪৫জন শিক্ষাৰ্থীয়ে ডিগ্ৰী লাভ কৰিছে। তেওঁ বিভিন্ন ইংৰাজী বা স্থানীয় আলোচনীত ১০০ৰো অধিক জনপ্ৰিয় লেখা প্ৰকাশ কৰিছে।[3]

বঁটা আৰু সন্মান সম্পাদনা কৰক

ডাঃ কুশল কোঁৱৰ শৰ্মায়ে তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে বহুতো ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় বঁটা আৰু সন্মান লাভ কৰিছে। ১৯৮৪ চনত তেওঁ অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা সোণৰ পদক লাভ কৰি পশু চিকিৎসাৰ স্নাতক ডিগ্ৰী লাভ কৰিছিল।[3] ১৯৯৭ চনত তেওঁ ভাৰতীয় পশু চিকিৎসা সংস্থাৰ পৰা সন্মানীয় ড॰ এছ.জে. এঞ্জেল' স্বৰ্ণ পদক লাভ কৰিছিল। ২০১২ চনত তেওঁক অসমৰ মুখ্যমন্ত্ৰীয়ে জনবসতিপূৰ্ণ অঞ্চলত মুক্ত বিচৰণ কৰা গঁড়ৰ উদ্ধাৰৰ বাবে 'উৎকৃষ্টতাৰ বঁটা' প্ৰদান কৰিছিল। ২০১২ চনত তেওঁ ইণ্ডিয়ান ছ'চাইটি ফৰ ভেটেনেৰী চাৰ্জাৰী আৰু ২০২০ চনত ইণ্ডিয়ান ছ'চাইটি অফ এনিমেল প্ৰডাক্টচন এণ্ড মেনেজমেণ্টৰ সন্মানীয় সভ্য নিৰ্বাচিত হয়। ডাঃ শৰ্মায়ে এছিয়ান হাতী সংৰক্ষণ, স্বাস্থ্য আৰু কল্যাণৰ প্ৰতি আগবঢ়োৱা অৱদানৰ বাবে ২০১৪ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নৰ্থ কেৰলীনা ষ্টেট বিশ্ববিদ্যালয়ৰ পৰা স্বীকৃতিৰ প্ৰমাণপত্ৰ লাভ কৰে কৰিছে।[3][4] ২০১৮ চনত অসমৰ ৰাজ্যপাল প্ৰফেছৰ জগদীশ মুখীয়ে তেওঁক 'উৎকৃষ্টতা বঁটা' প্ৰদান কৰিছিল আৰু "এলিফণ্ট মেন অৱ এছিয়া" উপাধিৰে সন্মানিত কৰিছিল। পশু চিকিৎসাৰ ক্ষেত্ৰখনলৈ তেওঁৰ অৱদানক সন্মান জনোৱাবাবে ভাৰত চৰকাৰে তেওঁক ২০২০ চনত পদ্মশ্ৰী প্ৰদান কৰে।[7]

তথ্য উৎস সম্পাদনা কৰক

  1. 1.0 1.1 "Assam veterinarian Dr Kushal Konwar Sarma conferred Padma Shri" (en ভাষাত). nenow.in. https://nenow.in/north-east-news/assam/assam-veterinarian-dr-kushal-konwar-sarma-conferred-padma-shri.html/amp। আহৰণ কৰা হৈছে: 18 November 2020. 
  2. "Assam’s ‘elephant doctor’ awarded Padma Shri: ‘This land belongs to the elephants’" (en ভাষাত). The Indian Express. https://indianexpress.com/article/north-east-india/assam/assams-elephant-doctor-wins-padma-shri-6235332/। আহৰণ কৰা হৈছে: 25 January 2020. 
  3. 3.0 3.1 3.2 3.3 3.4 3.5 "Tribute to the Elephant Man of Asia Dr. Kushal Konwar Sarma" (en ভাষাত). sentinelassam.com. https://www.sentinelassam.com/guwahati-city/tribute-to-the-elephant-man-of-asia-dr-kushal-konwar-sarma-495315। আহৰণ কৰা হৈছে: 19 November 2020. 
  4. 4.0 4.1 "Tribute K.K. Sarma" (en ভাষাত). elephantdoctor.in. https://elephantdoctor.in/about-2/। আহৰণ কৰা হৈছে: 19 November 2020. 
  5. "Finally, Assam’s ‘Elephant Doctor’ gets his dues" (en ভাষাত). The New Indian Express. https://www.newindianexpress.com/nation/2020/jan/26/finally-assams-elephant-doctor-gets-his-dues-2094821.html#:~:text=Widely%20known%20in%20the%20wildlife,the%20College%20of%20Veterinary%20Science.। আহৰণ কৰা হৈছে: 26 January 2020. 
  6. "অসমৰ কুশল কোঁৱৰ শৰ্মা, ইন্দিৰা পি পি বৰা, ৰবি কুমাৰ আৰ, যোগেন্দ্ৰ নাথ ফুকন আৰু লীল বাহাদুৰ ছেত্ৰীলৈ পদ্মশ্ৰী" (as ভাষাত). https://assam.nenow.in/5-from-assam-selected-for-padma-shri-award-including-veterinarian-dr-kushal-konwar-sarma/। আহৰণ কৰা হৈছে: 19 November 2020. 
  7. "Padma Awards List 2020" (en ভাষাত). Padma Awards, Government of India. https://padmaawards.gov.in/PDFS/2020AwardeesList.pdf। আহৰণ কৰা হৈছে: 4 September 2020.