কুশ (সংস্কৃত: कुश) [1] আৰু তেওঁৰ যমজ ভাতৃ লৱ, ৰাম আৰু সীতাৰ সন্তান আছিল। [2] তেওঁলোকৰ কাহিনী হিন্দু মহাকাব্য, ৰামায়ণ আৰু ইয়াৰ অন্যান্য সংস্কৰণত বৰ্ণনা কৰা হৈছে। কোৱা হয় যে তেওঁলোকৰ মাতৃৰ দৰে লৱ বগা-সোণালী বৰণৰ আছিল, আনহাতে কুশ তেওঁলোকৰ দেউতাকৰ দৰে ক'লা বৰণৰ আছিল।

কুশ

ৰাম আৰু সীতাৰ পুত্ৰ কুশ
দেৱনাগৰী कुश
সঙ্গী কুমুদৱতী
সহোদৰ লৱ
সন্তান অতিথি (পুত্ৰ), কনকামালিকা (কন্যা)
হিন্দু পাঠ্য ৰামায়ণ আৰু ইয়াৰ বিভিন্ন সংস্কৰণ

হিন্দু শাস্ত্ৰ অনুসৰি কুশই কাশ্মীৰ, সিন্ধু নদী আৰু হিন্দু কুশৰ বিস্তীৰ্ণ অঞ্চলত শাসন কৰিছিল।[3] অৱশ্যে স্থানীয় সমল অনুসৰি কাচুৰ, পাশ্তুন প্ৰব্ৰজনকাৰীৰ দ্বাৰা ১৫২৫ চনত প্ৰতিষ্ঠা হৈছিল।[4][5][6]

জন্ম আৰু শৈশৱ সম্পাদনা কৰক

 
গুৰু বাল্মিকীয়ে লৱ-কুশ ক অস্ত্ৰবিদ্যাৰ শিক্ষা দিছে।
 
গুৰু বাল্মীকি লৱ-কুশৰ সমুখত ৰামায়ণ পাঠ কৰিছে

ৰামায়ণৰ প্ৰথম অধ্যায় বালকাণ্ডত বৰ্ণিত আছে যে বাল্মীকিয়ে দুুই ভাই লব-কুশক ৰামায়ণ বৰ্ণনা কৰিছে। তেওঁলোকৰ জন্ম আৰু শৈশৱৰ কথা বৰ্ণিত আছে শেষ অধ্যায় উত্তৰকাণ্ডত, কিন্তু কোনো কোনোৰ মতে উত্তৰকাণ্ডৰ এই বৰ্ণনা সমূহ বাল্মীকিৰ নিজ মুুখ নিঃসৃত নহয়।[7][8] কিংবদন্তি অনুযায়ী, ৰাজ্যত সীতাৰ সতীত্বক লৈ নানান নেতিবাচক আৰু ইতিবাচক কথা শুনিবলৈ পোৱাত সীতাই স্বেচ্ছায় ৰাজ্যৰ পৰা নিৰ্বাসিত হয়। নিৰ্বাসিত হোৱাৰ পিছত তেওঁ তমসা নদীৰ তীৰৰ মহৰ্ষি বাল্মীকিৰ আশ্ৰমত শান্তিৰে দিন অতিবাহিত কৰে। [9] লৱ আৰু কুশ এই আশ্ৰমতেই জন্মগ্ৰহণ কৰে আৰু মহৰ্ষি বাল্মীকিৰ অভিভাবকত্বত অস্ত্ৰবিদ্যাত পাৰদৰ্শী হৈ উঠে। তেওঁলোকে ইয়াত ৰামৰ সম্পৰ্কেও অৱগত হয়।

অশ্বমেধ যজ্ঞ সম্পাদনা কৰক

ৰামৰ অশ্বমেধ যজ্ঞত বাল্মিকীয়ে লৱ-কুশ আৰু সীতা সহ ছদ্মবেশে অংশগ্ৰহণ কৰিছিল। সমগ্ৰ অংশগ্ৰহণকাৰিৰ সন্মুখত লৱ-কুশই ৰামায়ণ পাঠ কৰিছিল। দুই ভায়ে যেতিয়া সীতাৰ নিৰ্বাসনৰ কথা পাঠ কৰে তেতিয়া ৰাম শোকত ব্যাকুল হৈ পৰে। বাল্মিকীয়ে সেই সময়তে সীতাক যজ্ঞৰ ওচৰলৈ লৈ আনে। শোকগ্ৰস্ত সীতা অপ্ৰস্তুত হৈ বসুমতী ক ফাট্ মেলিবলৈ ধ্যান কৰে আৰু ভূ-গৰ্ভত অদৃশ্য হৈ পৰে। ইয়াৰ পিছতে ৰামে লৱ-কুশ তেওঁৰে সন্তান বুলি জ্ঞাত হয়।

কোনো কোনো গ্ৰন্থত উল্লেখ থকা অনুসৰি অশ্বমেধ যজ্ঞৰ উৎসৰ্গিত ঘোঁৰাটো লক্ষ্মণ আৰু সৈন্য সহ লৱ-কুশৰ বন্দী হয়। ৰামে যেতিয়া লৱ-কুশৰ বিৰুদ্ধে যুঁজ দিবলৈ আহে তেতিয়াই সীতাৰ দ্বাৰা তেওঁলোকৰ পৰিচয় হয়।

 
ৰামৰ অশ্বমেধ যজ্ঞত লৱ-কুশৰামায়ণ পাঠ।

পৰৱৰ্তী ইতিহাস সম্পাদনা কৰক

পিতা ৰামৰ পিছত লৱ-কুশ ৰজা হয় আৰু লৱপুৰী তথা কসুৰ নগৰী প্ৰতিষ্ঠা কৰে। এই লাহোৰ বা লবপুৰীয়ে হ'ল বৰ্তমান পাকিস্তানৰ লাহোৰ অঞ্চল। কোশল ৰাজ্যৰ ৰজা ৰামে তেওঁৰ পুত্ৰ লৱক শ্ৰাবস্তী আৰু কুশক কুশৱতী নগৰত প্ৰতিষ্ঠিত কৰে।[10] পৰৱৰ্তী সময়ত কুশই নাগকন্যা কুমুদৱতীক বিয়া কৰাই। তেওঁ লোকৰ অতিথি নামৰ এজন পুত্ৰ আৰু কনকামালিকা নামেৰে এগৰাকী কন্যা সন্তান জন্ম হয়।

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. "Lohana History". http://www.lcuk.org.uk/history.htm। আহৰণ কৰা হৈছে: 14 November 2010. 
  2. Chandra Mauli Mani (2009). Memorable Characters from the Rāmāyaṇa and the Mahābhārata. Northern Book Centre. পৃষ্ঠা. 77–. ISBN 978-81-7211-257-8. https://books.google.com/books?id=0xludqcKE4IC&pg=PA77. 
  3. Nadiem, Ihsan N (2005). Kasur ancient name. ISBN 9789695034347. https://books.google.com/books?id=pyFuAAAAMAAJ. 
  4. Chopra, Gulshan Lall (1940) (en ভাষাত). Chiefs and Families of Note in the Punjab. Government Printing. https://books.google.com/books?id=EZifwYm8MT0C&q=kasur+arabic+punjab. 
  5. Sikand, Yoginder (2011-07-19) (en ভাষাত). Beyond The Border: An Indian in Pakistan. Penguin UK. ISBN 9789352141326. https://books.google.com/books?id=xoJICgAAQBAJ&q=kasur+arabic&pg=PT77. 
  6. Nadiem, Ihsan H. (2005) (en ভাষাত). Punjab: land, history, people. al-Faisal Nashran. ISBN 9789695032831. https://books.google.com/books?id=pyFuAAAAMAAJ&q=kasur+pashtun. 
  7. "Uttara Kanda of Ramayana was edited during 5th century BCE - Puranas" (en-US ভাষাত). BooksFact - Ancient Knowledge & Wisdom. 2020-04-26. https://www.booksfact.com/puranas/uttara-kanda-ramayana-edited-5th-century-bce.html। আহৰণ কৰা হৈছে: 2020-07-07. 
  8. Rao, T. S. Sha ma; Litent (2014-01-01) (en ভাষাত). Lava Kusha. Litent. https://books.google.com/books?id=TRnDAgAAQBAJ&q=Lava+kusha#v=snippet. 
  9. Vishvanath Limaye (1984). Historic Rama of Valmiki. Gyan Ganga Prakashan. 
  10. Nadiem, Ihsan N (2005). Punjab: land, history, people. Al-Faisal Nashran. পৃষ্ঠা. 111. ISBN 9789695034347. https://books.google.com/books?id=pyFuAAAAMAAJ&q=Kasur+Kusha&dq=Kasur+Kusha। আহৰণ কৰা হৈছে: 2009-05-29.