কেতেকী (ইংৰাজী: Indian Cuckoo, বৈজ্ঞানিক নাম: Cuculus micropterus) কুকুলিফৰমছ (Cuculiformes) বৰ্গৰ অন্তৰ্ভুক্ত কুলিজাতীয় এবিধ চৰাইৰ প্ৰজাতি। ই অকলশৰীয়াকৈ থকা লাজকুৰীয়া (solitary and shy ) বিধৰ চৰাই। এই চৰাইবিধ এছিয়াপাকিস্তান, ভাৰত, শ্ৰীলংকা, ইণ্ডোনেছিয়া তথা চীন আৰু ৰাছিয়ালৈকে পোৱা যায়।

কেতেকী (Indian Cuckoo)
কেৰালাৰ কন্নুৰ (Kannur) ত কেতেকী চৰাইৰ এটা পোৱালী”
সংৰক্ষণ স্থিতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Aves
বৰ্গ: Cuculiformes
পৰিয়াল: Cuculidae
গণ: Cuculus
প্ৰজাতি: C. micropterus
বৈজ্ঞানিক নাম
Cuculus micropterus
Gould, 1837[2]

বিৱৰণ সম্পাদনা কৰক

কেতেকীৰ দেহ মজলীয়া আকাৰৰ। মতা আৰু মাইকী চৰাই দেখিবলৈ সাধাৰণতে একে হয়। দেহৰ ওপৰৰ অংশ মুগা বৰণীয়া, তললৈ ডাঠ ক’লা। নেজত গাঢ় মুগা বৰণ আৰু আগটো বগা বৰণৰ হোৱা দেখা যায়। কেতেকী পোৱালিৰ মূৰৰ ওপৰ অংশ আৰু ডিঙি বগা বৰণৰ হয়। চকুৰ মণি মুগা বা হালধীয়া ৰঙৰ হোৱা দেখা যায়।[3]

কেতেকী চৰায়ে প্ৰজননৰ সময়ত ইটোৱে সিটোক মাতি থকা প্ৰায়ে শুনা যায়[3]

কেতেকী চৰাইৰ প্ৰধান খাদ্য হ’ল নোমাল বিছা বা পলু, পোক-পতংগ আৰু ফল-মূল।[3] ইহঁতে সাধাৰণতে গছৰ ওপৰৰ স্তৰত (upper canopy) খাদ্য খায়।[4]

বিতৰণ সম্পাদনা কৰক

কেতেকী চৰাই সমগ্ৰ এছিয়াত বহুলভাৱে বিস্তৃত। ইঁহতে সাধাৰণতে পৰ্ণপাতী আৰু চিৰসেউজীয়া বনাঞ্চলত বসবাস কৰে।[3]

আচৰণ সম্পাদনা কৰক

কেতেকীয়ে আনৰ বাহত কণী পাৰে। ই সাধাৰণতে কাউৰী আৰু Drongo ৰ বাহত কণী পাৰে বুলি জনা যায়। এই চৰাই বিধৰ প্ৰজননৰ সময় স্থানভেদে বেলেগ বেলেগ হোৱা দেখা যায়। উদাহৰণ স্বৰূপে ই চীনত মে-জুলাই, ভাৰতবৰ্ষত মাৰ্চ-আগষ্ট, ম্যনমাৰত জানুৱাৰী-জুন মাহত প্ৰজনন কৰে বুলি জনা যায়।[3]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. BirdLife International (2012). "Cuculus micropterus". IUCN Red List of Threatened Species. Version 2012.1. International Union for Conservation of Nature. http://www.iucnredlist.org/apps/redlist/details/106001204। আহৰণ কৰা হৈছে: 16 July 2012. 
  2. Gould, John (1837) Proceedings of the Zoological Society of London p. 137 (Himalayas)
  3. 3.0 3.1 3.2 3.3 3.4 Payne, RB (2005). The Cuckoos.. Oxford University Press.. পৃষ্ঠা. 25, 101, 492–494. 
  4. Narayan,Goutam; Rosalind,Lima (1991). "Hovering: an unrecorded behaviour in the Indian Cuckoo Cuculus micropterus.". J. Bombay Nat. Hist. Soc. খণ্ড 88 (3): 454. 

অন্যান্য উৎস সম্পাদনা কৰক

  • Sankar,K (1993) The Indian Cuckoo (Cuculus micropterus micropterus Gould) in Sariska Tiger Reserve, Rajasthan. J. Bombay Nat. Hist. Soc. 90(3):512
  • Hewetson, C. E. (1956) Observations on the bird life of Madhya Pradesh. J. Bombay nat. Hist. Soc. 53(4):627

বহিঃসংযোগ সম্পাদনা কৰক