কেশৰবাই কেৰকৰ

ভাৰতীয় কণ্ঠশিল্পী

কেশৰবাই কেৰকাৰ (ইংৰাজী: Kesarbai Kerkar; ১৩ জুলাই ১৯৯২ – ১৬ চেপ্তেম্বৰ ১৯৭৭) ‘জয়পুৰ-আত্ৰৌলী ঘৰানা’ৰ এগৰাকী হিন্দুস্থানী শাস্ত্ৰীয় সঙ্গীত কণ্ঠশিল্পী আছিল।[1] এই ঘৰানাৰ প্ৰৱৰ্তক ওস্তাদ আল্লাদিয়া খানক (১৮৫৫-১৯৪৬) ষোল্ল বছৰ বয়সত তেওঁ গুৰু হিচাপে গ্ৰহণ কৰে। কুৰি শতিকাৰ চতুৰ্থ, পঞ্চম দশকলৈ তেওঁ খয়ালৰ অন্যতম প্ৰখ্যাত কণ্ঠশিল্পী ৰূপে পৰিগণিত হয়।[2][3][4]

কেশৰবাই কেৰকাৰ

কেৰকাৰে সঙ্গীত নাটক একাডেমী বঁটা গ্ৰহণ কৰিছে, মাৰ্চ ১৯৫৩
প্ৰাথমিক তথ্য
জন্মৰ নাম কেশৰবাই কেৰকাৰ Kesarbai Kerkar
জন্ম ১৩ জুলাই, ১৮৯২
মূল Keri, Goa
মৃত্যু ১৬ ছেপ্টেম্বৰ, ১৯৭৭ (৮৫ বছৰ)
সংগীতৰ প্ৰকাৰ হিন্দুস্থানী শাস্ত্ৰীয় সঙ্গীতখয়াল
পেচা কণ্ঠশিল্পী
কাৰ্যকাল ১৯৩০-১৯৬৪

সঙ্গীত জগতলৈ আগবঢ়োৱা অবিস্মৰণীয় অৱদানৰ বাবে ১৯৫৩ চনত তেওঁ সঙ্গীত নাটক একাডেমী বঁটা আৰু ১৯৬৯ চনত ভাৰত চৰকাৰৰ তৃতীয় শ্ৰেষ্ঠ অসামৰিক সন্মান পদ্ম বিভূষণেৰে সন্মানিত কৰা হয়।[5]

জীৱনী সম্পাদনা কৰক

প্ৰাৰম্ভিক জীৱন আৰু প্ৰশিক্ষণ সম্পাদনা কৰক

এখন সৰু গাঁও কেৰীত, সেই সময়ৰ পৰ্টুগীজ উপনিবেশ উত্তৰ গোৱাৰ পোণ্ডাৰ এটা পৰিয়ালত তেওঁৰ জন্ম হয়। আঠ বছৰ বয়সত কেৰকাৰে কোহলাপুললৈ আহে আৰু আব্দুল কৰিম খানৰ অধীনত আঠমাহ অধ্যয়ন কৰে। গোৱালৈ উভতি আহি লামগাঁৱত তেওঁ কণ্ঠশিল্পী ৰামকৃষ্ণবুৱা ৱেজৰ (১৮৭১-১৯৪৫) ওচৰত প্ৰশিক্ষণ লয়।[2][6]

সেই সময়চোৱাত ব্ৰিটিছ ৰাজৰ অধীনত থকা বোম্বেৰ ব্যৱসায় আৰু বাণিজ্য কেন্দ্ৰ হিচাপে দ্ৰুত গতিত বিকাশ হৈছিল। দেশীয় ৰাজ্যসমূহৰ ৰাজন্যবৰ্গৰ পৃষ্ঠপোষকতাৰ অভাৱত উত্তৰ ভাৰত আৰু মধ্য ভাৰতৰ বহুতো সঙ্গীতজ্ঞ এই চহৰখনলৈ ধাৱমান হৈছিল। কেৰকাৰেও ষোল্ল বছৰ বয়সত মাক আৰু খুৰাকৰ সৈতে বোম্বেলৈ আহে। এজন স্থানীয় চহকী ব্যৱসায়ী ভিট্টলদাস দ্বাৰাকাদাসে তেওঁক চিতাৰ বাদক, পাটিয়ালা ষ্টেটৰ দৰবাৰী সঙ্গীতজ্ঞ বৰ্কত উল্লা খানৰ অধীনত প্ৰশিক্ষণ লোৱাৰ সুবিধা কৰি দিয়ে। সঙ্গীতজ্ঞগৰাকীয়ে বোম্বেলৈ যাতায়ত কৰি থকাৰ সুবিধাতে দুবছৰ ধৰি এৰা-ধৰাকৈ তেওঁক সঙ্গীতৰ প্ৰশিক্ষণ দিয়ে। বৰ্কত খানে যেতিয়া মহীশুৰ ষ্টেটৰ দৰবাৰী সজ্ঞীতজ্ঞ হিচাপে যোগদান কৰে, তেতিয়া তেওঁ ভাস্কৰবুৱা বখালেৰ (১৮৬৯-১৯২২) আৰু ৰামকৃষ্ণবুৱা ৱেজৰ ওচৰত প্ৰশিক্ষণ লয়।[7]

সৰ্বশেষত তেওঁ জয়পুৰ-আত্ৰৌলি ঘৰানাৰ প্ৰৱৰ্তক ওস্তাদ আল্লাদিয়া খানৰ ওচৰত প্ৰশিক্ষণ লয়। যদিও পেচাদাৰী গায়কী ১৯৩০ চনত আৰম্ভ কৰিছিল, খানৰ ওচৰত তেওঁৰ শিক্ষা খানৰ মৃত্যুৰ সময়লৈকে নিৰবিচ্ছিন্নভাবে চলি আছিল।[6][7]

কৰ্মজীৱন সম্পাদনা কৰক

সঙ্গীত জগতত কেৰকাৰে বহুল খ্যাতি লাভ কৰে। তেওঁ নিয়মীয়াকৈ অভিজাত শ্ৰোতাৰ সন্মুখত সঙ্গীত পৰিবেশন কৰিছিল। তেওঁ কামৰ ক্ষেত্ৰত বৈশিষ্ট্যপূৰ্ণ আছিল। তেওঁ সেইসময়ৰ খয়াল গায়নৰ এগৰাকী অতি নিপুন শিল্পী আছিল যদিও তেওঁ মাত্ৰ কেইখনমানহে এইচ এম ভিৰ ৭৮ আৰ.পি.এম.ৰ ৰেকৰ্ডত গীত গাইছিল আৰু খুব কমেই পাতল শাস্ত্ৰীয় সঙ্গীতত কণ্ঠদান কৰিছিল। মেহফিল বা ব্যক্তিগত অনুষ্ঠানৰ পৰা আঁতৰি আহি এগৰাকী ৰাজহুৱা কণ্ঠশিল্পী হিচাপে মগুবাই কুৰ্দিকৰ (কিশোৰী আমোনকাৰৰ মাতৃ), হীৰাবাই বৰোডেকৰ আৰু গংগুবাঈ হেংগলৰ সৈতে তেওঁ নিজকে প্ৰতিষ্ঠা কৰিছিল আৰু ভৱিষ্যতৰ কণ্ঠশিল্পীসকলৰ বাবে বাট মুকলি কৰি দিছিল।[2]

তথ্য উৎস সম্পাদনা কৰক

  1. Babanarāva Haḷadaṇakara (1 January 2001). Aesthetics of Agra and Jaipur Traditions. Popular Prakashan. পৃষ্ঠা. 33–. ISBN 978-81-7154-685-5. https://books.google.com/books?id=ktS00KztX3YC&pg=PA33. 
  2. 2.0 2.1 2.2 Bruno Nettl; Alison Arnold (2000). The Garland Encyclopedia of World Music: South Asia : the Indian subcontinent. Taylor & Francis. পৃষ্ঠা. 413–. ISBN 978-0-8240-4946-1. https://books.google.com/books?id=ZOlNv8MAXIEC&pg=PA413. 
  3. Vinayak Purohit (1988). Arts of Transitional India Twentieth Century. Popular Prakashan. পৃষ্ঠা. 908. ISBN 978-0-86132-138-4. https://books.google.com/books?id=ae1Zrmz6ETwC&pg=PA864. 
  4. Surashri Kesarbai Kerkar Archived 2021-05-11 at the Wayback Machine. Retrieved on 2009-12-27
  5. "Padma Awards". Ministry of Home Affairs, Government of India. 2015. Archived from the original on 15 October 2015. https://web.archive.org/web/20151015193758/http://mha.nic.in/sites/upload_files/mha/files/LST-PDAWD-2013.pdf। আহৰণ কৰা হৈছে: 21 July 2015. 
  6. 6.0 6.1 J. Clement Vaz (1997). Profiles of Eminent Goans, Past and Present. Concept Publishing Company. পৃষ্ঠা. 78–79. ISBN 978-81-7022-619-2. https://books.google.com/books?id=7DJLxYBYA-YC&pg=PA78. 
  7. 7.0 7.1 "Kesarbai Kerkar". Underscore Records. http://www.underscorerecords.com/artistes/detail/66/Kesarbai_Kerkar। আহৰণ কৰা হৈছে: 2014-09-13. 

বাহ্যিক সংযোগ সম্পাদনা কৰক