পদ্মবিভূষণ
পদ্মবিভূষণ (ইংৰাজী: Padma Vibhushan, হিন্দী: पद्म विभूषण) ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সম্মান। পদ্মবিভূষণ প্ৰাপকে ভাৰতৰ ৰাষ্ট্ৰপতিৰ পৰা এটা পদক আৰু এখন মানপত্ৰ প্ৰদান কৰে। পদ্মবিভূষণ পদ্ম সন্মানসমূহৰ ভিতৰত এই সন্মান শীৰ্ষ স্থানীয়। ১৯৫৪ চনৰ ২ জানুৱাৰীত এই সম্মান প্ৰবৰ্তিত হয়। মৰ্যাদাক্ৰম অনুসৰি, পদ্মবিভূষণ সন্মানৰ স্থান ভাৰতৰত্নৰ পাছত আৰু পদ্মভূষণৰ আগত। চৰকাৰী সেৱা সহ যিকোনো ক্ষেত্ৰত জাতিৰ প্ৰতি বিশেষ আৰু ব্যতিক্ৰমী অবদানেৰ স্বীকৃতিস্বৰূপে এই সম্মান প্ৰদান কৰা হয়। সতেন্দ্ৰ নাথ বসু, নন্দ লাল বসু, জাকিৰ হুচেইন, বলচাহেব গংগাধৰ খেৰ, জিগমে দৰ্জি ৱাঙচুক, ভি. কে. কৃষ্ণ মেনন - এই সকল ব্যক্তিয়ে ১৯৫৪ চনত প্ৰথমবাৰৰ বাবে পদ্মবিভূষণ সন্মান লাভ কৰে।
পদ্মবিভূষণ | ||
বঁটাৰ তথ্য | ||
---|---|---|
প্ৰকাৰ | অসামৰিক | |
শ্ৰেণী | জাতীয় | |
প্ৰথমবাৰ প্ৰদান | ১৯৫৪ | |
অন্তিমবাৰ প্ৰদান | ২০২৩ | |
মুঠ প্ৰদানৰ সংখ্যা | ৩২৫ | |
প্ৰদানকৰ্তা | ভাৰত চৰকাৰ | |
পূৰ্বৰ নাম | প্ৰথম বৰ্গ | |
প্ৰথম প্ৰাপক | সতেন্দ্ৰ নাথ বসু, নন্দ লাল বসু, জাকিৰ হুচেইন, বলচাহেব গংগাধৰ খেৰ, জিগমে দৰ্জি ৱাঙচুক, ভি. কে. কৃষ্ণ মেনন | |
বঁটাৰ মৰ্যদা | ||
ভাৰতৰত্ন ← পদ্মবিভূষণ → পদ্মভূষণ |
ইতিহাস
সম্পাদনা কৰক১৯৫৪ চনৰ ২ জানুৱাৰীত এই সম্মান প্ৰবৰ্তিত হয়। প্ৰকৃততে তিন-বৰ্গৰ "পদ্মবিভূষণ" সম্মানৰ "প্ৰথম বৰ্গ" ৰূপে এই সম্মান প্ৰবৰ্তিত কৰা হৈছিল। যদিও ১৯৫৫ চনত এই সম্মানৰ ধৰণ পৰিৱৰ্তন কৰা হয় আৰু প্ৰকৃত পৰিকল্পনাৰ আকাৰে এই সম্মান প্ৰদান কৰাৰ কথা উল্লেখ পোৱা নাযায়। ১৯৭৭ চনৰ পৰা ১৯৮০ চন আৰু ১৯৯২ চনৰ পৰা ১৯৯৮ চনলৈকে এই সম্মান প্ৰদান কৰা হোৱা নাছিল।
২০১১ চনৰ শেষলৈকে, কেৱল ২৮৮জন ব্যক্তিলৈহে এই সন্মান আগবঢ়োৱা হৈছে[1][2]।
পদকৰ বিৱৰণ
সম্পাদনা কৰকপ্ৰথম পদক (১৯৫৪-১৯৫৫)
সম্পাদনা কৰকপ্ৰথম পদকটো আছিল এটা গোলাকাৰ স্বৰ্ণপদক। ইয়াৰ ব্যাস আছিল ১-৩/৮ ইঞ্চি। মাজত এপাহ পদুমফুল, ওপৰত "পদ্মবিভূষণ" কথাষাৰৰ তলত এটা পুষ্পবৃত্ত চিত্ৰিত আছিল। আনটো ফালে ৰাষ্ট্ৰীয় প্ৰতীকটো অংকন কৰা থাকে। তাৰ ওপৰত "দেশ সেৱা" কথাষাৰ আৰু তলত এপাহ পদুমফুল চিত্ৰিত আছিল। তেতিয়া এই নক্সাটো কোনো প্ৰাপকৰ সম্মানপদকৰ ক্ষেত্ৰত ব্যবহৃত হৈছিল নে নাই তাৰ কোনো লিখিত উল্লেখ পোৱা নাযায়।
দ্বিতীয় পদক (১৯৫৫-১৯৫৭)
সম্পাদনা কৰক১৯৫৫ চনত পদকৰ নক্সাটো "প্ৰধানত গোলাকাৰ"লৈ পৰিৱৰ্তন কৰা হয়। ট'নড ব্ৰঞ্জ (Toned bronze)ৰ দ্বাৰা নিৰ্মিত পদকটোৰ ব্যাস ১-৩/১৬ ইঞ্চি। এই পদকত বিভিন্ন জ্যামিতিক আকাৰ সংযোগ কৰা হয়। পদকৰ মাজত সোণৰ বগা পাত চৰোৱা, চাৰিটা পাহিৰ সৈতে এপাহ পদুম ফুলৰ প্ৰতীক খোদিত কৰা হয়। ফুল পাহৰ ওপৰত আৰু তলত "পদ্মবিভূষণ" কথাষাৰ ৰূপালী গ্লিল্টি (silver-gilt)ৰে খোদিত কৰা হয়।
বৰ্তমানৰ পদক (১৯৫৭-বৰ্তমান লৈকে)
সম্পাদনা কৰক১৯৫৭ চনত পদকৰ নক্সা একে ৰাখি ইয়াৰ নিৰ্মাণত ট'নড ব্ৰঞ্জ (Toned bronze)ৰ সলনি বাৰ্ণিছড ব্ৰঞ্জ (Burnished bronze) ব্যৱহাৰ কৰিবলৈ লোৱা হয়।
পদ্মবিভূষণ বঁটা বিজয়ীৰ তালিকা
সম্পাদনা কৰকএইটো এটা অনূদিত বা অনুবাদ চলি থকা প্ৰবন্ধ। ইয়াৰ তাৎপৰ্য্য কেইবাটাও হ'ব পাৰে। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
ওপৰত দিয়াৰ দৰে বিভিন্ন কাৰণত অনুবাদ প্ৰবন্ধ এটা দেখাত আপচু বা চুটি দেখা যাব পাৰে। লগতে প্ৰবন্ধত সম্পূৰ্ণ তথ্য নাথাকিবও পাৰে। আধৰুৱা তথ্য ক্ষতিকাৰক হ'ব পাৰে। সেয়ে এনে প্ৰবন্ধ পঢ়োঁতে পঢ়ুৱৈক নিজৰ বিবেক ব্যৱহাৰ কৰি প্ৰয়োজন হ'লে আমাৰ ৱিকিপিডিয়াতে ক্ষান্ত নাথাকি মূল প্ৰবন্ধটোও বিচাৰি পঢ়ি ল'বলৈ অনুৰোধ কৰা হ'ল। লগতে অনুবাদকসকলকো সাবধান হ'বলৈ অনুৰোধ কৰা হ'ল। |
Note: * denotes awardees in the category of Foreigners/ NRIs/ PIOs/Posthumous.[2][3]
- Maharashtra State appearing above up to 1960 should be read as erstwhile Bombay State, consisting of present day Maharashtra and Gujarat.
আৰু চাওক
সম্পাদনা কৰকতথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ "Padma Vibhushan Awardees". Ministry of Communications and Information Technology. http://india.gov.in/myindia/padmavibhushan_awards_list1.php। আহৰণ কৰা হৈছে: 2009-06-28.
- ↑ 2.0 2.1 "This Year's Padma Awards announced" (Press release). Ministry of Home Affairs. 25 January 2010. http://www.pib.nic.in/release/release.asp?relid=57307। আহৰণ কৰা হৈছে: 25 January 2010.
- ↑ "Padma Awards Announced (2012)". Press and Information Bureau, Government of India. http://www.pib.nic.in/newsite/erelease.aspx?relid=79881। আহৰণ কৰা হৈছে: 25 January 2012.
বাহ্যিক সংযোগ
সম্পাদনা কৰকৱিকিমিডিয়া কমন্সত পদ্মবিভূষণ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- "This Year's Padma Awards announced". Ministry of Home Affairs. 25 January 2010. http://www.pib.nic.in/release/release.asp?relid=57307.
- "Padma Awards". Ministry of Communications and Information Technology. http://india.gov.in/myindia/padma_awards.php.
- "Padma Awards Directory (1954-2007)" (PDF). Ministry of Home Affairs. 2007-05-30. Archived from the original on 2009-04-10. https://web.archive.org/web/20090410024701/http://www.mha.nic.in/pdfs/PadmaAwards1954-2007.pdf। আহৰণ কৰা হৈছে: 2012-03-08.
- "Padma Awards Announced (2012)". Press and Information Bureau, Government of India. http://www.pib.nic.in/newsite/erelease.aspx?relid=79881। আহৰণ কৰা হৈছে: 25 January 2012.