১৬ ছেপ্টেম্বৰ
তাৰিখ
ছেপ্টেম্বৰ | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ৬ | ৭ |
৮ | ৯ | ১০ | ১১ | ১২ | ১৩ | ১৪ |
১৫ | ১৬ | ১৭ | ১৮ | ১৯ | ২০ | ২১ |
২২ | ২৩ | ২৪ | ২৫ | ২৬ | ২৭ | ২৮ |
২৯ | ৩০ | |||||
২০২৪ |
১৬ ছেপ্টেম্বৰ (ইংৰাজী: 16 September) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৫৯তম (অধিবৰ্ষত ২৬০তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১০৬টা দিন বাকী থাকে।
ঘটনাৱলী
সম্পাদনা কৰক- ১৬১৬ - ব্ৰিটিছ ৰাষ্ট্ৰদূত টমাছ ৰো ভাৰতৰ চুৰাটত উপস্থিত হৈছিল। ইংলেণ্ডৰ ৰজা জেমছৰ দূত হিচাপে মোগল সম্ৰাট জাহাংগীৰৰ ৰাজত্ব কালত তেওঁ ভাৰতত কাৰ্যনিৰ্বাহ কৰে।
- ১৮২১ - মেক্সিক'ৱে স্বাধীনতা লাভ কৰে।
- ১৯৪০ - আমেৰিকাত ২১-৩৫ বছৰীয়া পুৰুষসকলক সৈন্য-বাহিনীত যোগদান কৰাটো বাধ্যতামূলক কৰা হয়।
- ১৯৫৩ - বিশ্বৰ প্ৰথমখন চিনেমা স্কোপ ছবি দা ৰোব আমেৰিকাৰ ৰক্সি থিয়েটাৰত প্ৰদৰ্শিত হয়।
- ১৯৭৫ - পাপুৱা-নিউগিনিয়ে স্বাধীনতা লাভ কৰে।
- ১৯৭৮ - ইৰাণৰ টাবাছত (Tabas earthquake) ৭.৭ প্ৰাবল্যৰ ভূমিকম্প হৈছিল। প্ৰায় ২৫০০০ লোকৰ মৃত্যু হৈছিল।
জন্ম
সম্পাদনা কৰক- ১৮৫৮ - ব'নাৰ ল' (Bonar Law), ব্ৰিটিছ প্ৰধানমন্ত্ৰী।
- ১৮৫৯ - ইউৱান শ্বিকাই (Yuan Shikai), টাইৱান বা ৰিপাব্লিক অৱ চাইনাৰ ৰাষ্ট্ৰপতি আছিল।
- ১৯২৩ - লি কুৱান ইঅ' (Lee Kuan Yew), চিংগাপুৰৰ প্ৰথম প্ৰধান মন্ত্ৰী, আধুনিক চিংগাপুৰৰ প্ৰতিষ্ঠাপক পিতৃ পুৰুষ।
- ১৯৩১ - ই চি জৰ্জ সুদৰ্শন, ভাৰতীয়-আমেৰিকান তাত্ত্বিক পদাৰ্থ বিজ্ঞানী আৰু টেক্সাছ বিশ্ববিদ্যালয়ৰ অধ্যাপক।
- ১৯৪৫ - পি চিদাম্বৰম, ভাৰতীয় ৰাজনীতিবিদ আৰু প্ৰাক্তন এটৰ্ণী।
মৃত্যু
সম্পাদনা কৰক- ১৭৩৬ - গেব্ৰিয়েল ডেনিয়েল ফাৰেনহাইট, জাৰ্মান পদাৰ্থ-বিজ্ঞানী, ফাৰেনহাইট স্কেল আৰু থাৰম'মিটাৰৰ আৱিষ্কাৰক।
- ১৮২৪ - লুই অষ্টাদশ (Louis XVIII), ফ্ৰান্সৰ ৰজা আছিল।
- ১৯৩২ - ৰোনাল্ড ৰছ, মেলেৰিয়া ৰোগৰ বীজাণু আৱিষ্কাৰ কৰা ভাৰতজাত ন'বেল জয়ী চিকিৎসা-বিজ্ঞানী।
- ১৯৫৭ - ষী বাইশ্বী বা কী বাইশ্বী (Qi Baishi), চীনা চিত্ৰশিল্পী।
- ১৯৭৭ - কেশৰবাই কেৰকাৰ, হিন্দুস্থানী শাস্ত্ৰীয় সঙ্গীত কণ্ঠশিল্পী।
- ২০০৫ - গৰ্ডন গ'ল্ড (Gordon Gould), আমেৰিকান পদাৰ্থ বিজ্ঞানী, লেজাৰ আৱিষ্কাৰ কৰোঁতা।
- ২০২০ - কপিলা বাৎসায়ন, ভাৰতীয় নৃত্য শিল্পী, অধ্যাপিকা আৰু সাহিত্যিক।
দিৱস
সম্পাদনা কৰক- মেক্সিকোৰ স্বাধীনতা দিৱস।
- পাপুৱা-নিউগিনিৰ স্বাধীনতা দিৱস।
- আন্তঃৰাষ্ট্ৰীয় অ'জ'ন স্তৰ সংৰক্ষণ দিৱস।
বাহ্যিক সংযোগ
সম্পাদনা কৰকৱিকিমিডিয়া কমন্সত ১৬ ছেপ্টেম্বৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- বিবিচি: এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা Archived 2008-03-07 at the Wayback Machine