কেশৱ চন্দ্ৰ গগৈ (ইংৰাজী: Kesab Chandra Gogoi, ১৯২৫ – ১৯৯৮) অসমৰ এজন প্ৰাক্তন মুখ্যমন্ত্ৰী। ১৯৮২ চনৰ ১৩ জানুৱাৰীৰ পৰা সেই বছৰৰে ১৯ মাৰ্চলৈকে মুখ্যমন্ত্ৰীৰ পদত তেওঁ আছিল। তেওঁ ডিব্ৰুগড় সমষ্টিৰপৰা অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল।

কেশৱ চন্দ্ৰ গগৈ
অসমৰ মুখ্যমন্ত্ৰী[1]
কাৰ্যকাল
১৩ জানুৱাৰী, ১৯৮২ – ১৯ মাৰ্চ, ১৯৮২[1]
পূৰ্বসূৰী চৈয়দা আনোৱাৰা টাইমূৰ
উত্তৰসূৰী হিতেশ্বৰ শইকীয়া[1]
বিধায়ক (ডিব্ৰুগড় সমষ্টি)
ব্যক্তিগত তথ্য
জন্ম ২৯ আগষ্ট, ১৯২৫
লংকা গাঁও, শিৱসাগৰ জিলা
মৃত্যু ৫ আগষ্ট, ১৯৯৮ (৭২ বছৰ)
শিক্ষানুষ্ঠান বাণাৰসী হিন্দু বিশ্ববিদ্যালয়
জীৱিকা অধিবক্তা
পিতৃ ভোগৰাম গগৈ

চমু পৰিচয় সম্পাদনা কৰক

১৯২৫ চনৰ ২৯ ছেপ্তেম্বৰত শিৱসাগৰ জিলাৰ লংকা গাঁৱত কেশৱ চন্দ্ৰ গগৈৰ জন্ম হয়।[2] তেওঁৰ পিতৃৰ নাম আছিল ভোগৰাম গগৈ। তেওঁ ১৯৪৬ চনত স্নাতক ডিগ্ৰী লাভ কৰে। তেওঁ বাণাৰসী হিন্দু বিশ্ববিদ্যালয়ৰ পৰা আইন পৰীক্ষাত উত্তীৰ্ণ হয়।[2] তাৰ পিছত তেওঁ শিৱসাগৰ কাছাৰীত ওকালতি আৰম্ভ কৰে। কেশৱ চন্দ্ৰ গগৈ নানা সামাজিক অনুষ্ঠানত ঘনিষ্ঠভাৱে জড়িত আছিল। তেওঁ তিনিচুকীয়া আইন কলেজৰ প্ৰতিষ্ঠাপক অধ্যক্ষ, ডিব্ৰুগড় উকীল সন্থাৰ সভাপতি, অসম উচ্চ ন্যায়ালয়ৰ প্ৰবীণ অধিবক্তা আৰু অসম ৰাজহ ব’ৰ্ডৰ এগৰাকী সদস্য। তেওঁ কিছুদিন ধৰি ডিব্ৰুগড় আইন কলেজত অধ্যাপনা কৰিছিল।[2]

১৯৪২ চনত কেশৱ চন্দ্ৰ গগৈয়ে ভাৰত ত্যাগ আন্দোলনত অংশ গ্ৰহণ কৰিছিল। সেয়ে তেওঁক বাণাৰসী হিন্দু বিশ্ববিদ্যালয়ৰ পৰা বহিষ্কাৰ কৰা হৈছিল।

ৰাজনৈতিক জীৱন সম্পাদনা কৰক

১৯৭৮ চনত জনতা দলৰ প্ৰাৰ্থী হিচাপে ডিব্ৰুগড় সমষ্টিৰ পৰা অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল। সেইবাৰ গোলাপ বৰবৰাৰ মন্ত্ৰীসভাৰ বিত্তমন্ত্ৰী আছিল। ১৯৮০ চনত তেওঁ চৈয়দা আনোৱাৰা টাইমূৰৰ মন্ত্ৰীসভাৰো মন্ত্ৰী আছিল।[2]

মুখ্যমন্ত্ৰী পদত সম্পাদনা কৰক

১৯৮২ চনৰ ১৩ জানুৱাৰীত কিছুদিনৰ বাবে কেশৱ চন্দ্ৰ গগৈ অসমৰ মুখ্যমন্ত্ৰীৰ পদ গ্ৰহণ কৰে।[1] ইয়াৰ আগতে অসমত ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন হৈ আছিল। তেওঁ মন্ত্ৰীসভা গঠন কৰাৰ লগে লগে অসমত ৰাষ্ট্ৰপতি শাসনৰ অন্ত পৰে। সেই চনৰে ১৯ মাৰ্চত তেওঁৰ মন্ত্ৰীসভা সন্মুখীন হৈ পদত্যাগ কৰে।[2] ইয়াৰ পিছত অসমত পুনৰ ৰাষ্ট্ৰপতি শাসনৰ প্ৰৱৰ্তন হয়।

মৃত্যু সম্পাদনা কৰক

১৯৯৮ চনৰ ৩ আগষ্টত কেশৱ চন্দ্ৰ গগৈৰ মৃত্যু হয়।[3]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. 1.0 1.1 1.2 1.3 "Assam Legislative Assembly - Chief Ministers since 1937". Assam Legislative Assembly, Dispur, Guwahati. http://assamassembly.nic.in/cm-list.html। আহৰণ কৰা হৈছে: December 20, 2012. 
  2. 2.0 2.1 2.2 2.3 2.4 সমীন কলিতা (ছেপ্তেম্বৰ, ২০০৭). "কেশৱ চন্দ্ৰ গগৈ". অসমৰ মুখ্যমন্ত্ৰীসকল, পঞ্চম প্ৰকাশ. ৰাজেন্দ্ৰ মোহন শৰ্মা, চন্দ্ৰ প্ৰকাশ. পৃষ্ঠা. ৮৯, ৯০ পৃষ্ঠা. 
  3. http://www.hindu.com/revents/04/19980499.htm