গোলাপ বৰবৰা
গোলাপ বৰবৰা (ইংৰাজী: Golap Borbora, জন্ম: ১৯২৫ – মৃত্যু: ২০০৬) অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী।[1] ১৯৭৮ চনত তেওঁৰ নেতৃত্বত গঠিত হোৱা চৰকাৰখনেই প্ৰথমখন কংগ্ৰেছ বিৰোধী চৰকাৰ।[5][6]
অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰা Golap Borbora অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী | |
---|---|
মুখ্যমন্ত্ৰী[1] | |
কাৰ্যকাল ১২ মাৰ্চ, ১৯৭৮ – ৪ ছেপ্টেম্বৰ, ১৯৭৯[1] | |
নেতা | জনতা দল |
পূৰ্বসূৰী | শৰৎ চন্দ্ৰ সিংহ |
উত্তৰসূৰী | যোগেন্দ্ৰনাথ হাজৰিকা[1] |
বিধায়কতিনিচুকীয়া সমষ্টি[2] | |
কাৰ্যকাল ১৯৭৮ – ১৯৮৩ | |
পূৰ্বসূৰী | পৰমানন্দ গগৈ[3] |
উত্তৰসূৰী | ৰাজেন্দ্ৰ নাথ ফুকন[4] |
ব্যক্তিগত তথ্য | |
জন্ম | ২৯ আগষ্ট, ১৯২৫ (৯৯ বছৰ) গোলাঘাট জিলা |
মৃত্যু | ১৯ মাৰ্চ, ২০০৬ গুৱাহাটী |
ৰাজনৈতিক দল | জনতা দল |
জীৱিকা | ৰাজনীতি |
জন্ম আৰু বংশ পৰিচয়
সম্পাদনা কৰক১৯২৫ চনৰ ২৯ আগষ্টত গোলাঘাটত গোলাপ বৰবৰাই জন্ম গ্ৰহণ কৰে।[5] তেওঁৰ পিতৃৰ নাম আছিল কমল বৰবৰা। তেওঁ ডিগবৈৰ অসম অইল কোম্পানীৰ কৰ্মচাৰী আছিল। গোলাপ বৰবৰা পিতৃ-মাতৃৰ প্ৰথম সন্তান আছিল।[7]
শিক্ষা
সম্পাদনা কৰকগোলাপ বৰবৰাই সৰু কালৰ শিক্ষা তিনিচুকীয়াৰ পৰা লাভ কৰিছিল।[6] ১৯৪৪ চনত তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ দ্বাৰা পৰিচালিত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ পৰা আই. এছ. ছি. পৰীক্ষা পাছ কৰে।[7] কলিকতাত থকা সময়ছোৱাত তেওঁ সমাজবাদী আন্দোলনৰ পৰা আকৃষ্ট কলেজীয়া জীৱন সিমানতে সামৰণি মাৰে আৰু ১৯৪৭ চনত অসমলৈ ঘূৰি আহে।[5]
ৰাজনৈতিক জীৱন
সম্পাদনা কৰকসেই সময়ত অসমত কংগ্ৰেছ দলৰ মাজত কংগ্ৰেছ ছচিয়েলিষ্ট নামৰ গোট আছিল। কলিকতাৰ পৰা ঘূৰি আহি তেওঁ সেই দলৰ সদস্য হিচাপে অন্তৰ্ভূক্ত হয়।[7] দেশ স্বাধীন হোৱাৰ পিছত কংগ্ৰেছ ছচিয়েলিষ্ট দলে কংগ্ৰেছ ত্যাগ কৰি এটা নতুন দল গঠন কৰে। এই দলটোৱে গণতন্ত্ৰ তথা সমাজবাদৰ ভেটিত কংগ্ৰেছৰ জাতীয় বিকল্প গঢ়িবলৈ চেষ্টা কৰে। ১৯৫২ চনৰ সাধাৰণ নিৰ্বাচনৰ পিছত গোলাপ বৰবৰা ছচিয়েলিষ্ট পাৰ্টীৰ, ডিব্ৰুগড় জিলা শাখাৰ সম্পাদক হয়। ১৯৬৫ চনত এবছৰৰ বাবে তেওঁ দলৰ সৰ্বভাৰতীয় সাধাৰণ সম্পাদক আছিল।[7]
১৯৬৮ চনত গোলাপ বৰবৰা ৰাজ্যসভালৈ বিৰোধী দলৰ সদস্য হিচাপে প্ৰথম নিৰ্বাচিত হৈছিল। ১৯৭৪ চনলৈকে তেওঁ ৰাজ্যসভাৰ সদস্য আছিল।[5] উত্তৰ-পূব সীমান্ত ৰেলৰ শ্ৰমিক ইউনিয়নৰ তেওঁ কেইবাবছৰ ধৰি বিষয়ববীয়া আছিল।[5][7]
১৯৭৪ চনৰ শেষৰফালে লোকনায়ক জয়প্ৰকাশৰ নেতৃত্বত দেশজুৰি আন্দোলন আৰম্ভ হৈছিল। গোলাপ বৰবৰাই এই আন্দোলনত সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল। ১৯৭৫ চনৰ ২৫ জুনত জৰুৰী অৱস্থা ঘোষণা কৰি জয়প্ৰকাশ, মোৰাৰজী দেশাইৰ লগতে তেওঁকো গ্ৰেপ্তাৰ কৰি বহুদিন জেলত ৰখা হ’ল।[6]
জেলৰ পৰা ওলাই গোলাপ বৰবৰাক নৱগঠিত জনতা দলৰ সভাপতি পদ গ্ৰহণ কৰে।[6] ১৯৭৮ চনৰ অসম বিধান সভা নিৰ্বাচনত এই দলটোৱে সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰে।[7]
মুখ্যমন্ত্ৰী পদত
সম্পাদনা কৰক১৯৭৮ চনৰ মাৰ্চত অসম বিধানসভাৰ নিৰ্বাচনত জনতা পাৰ্টিয়ে ৫৩ খন আসন লাভ কৰে। এইদৰে তেওঁৰ দলটো বিধান সভাৰ বৃহত্তম দল হিচাপে গণ্য হয়।[7] ১৯৭৮ চনৰ ১২ মাৰ্চত গোলাপ বৰবৰাই মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰে।[1][5] সেই বাৰেই প্ৰথমবাৰৰ বাবে কংগ্ৰেছ বিৰোধী দল এটাই চৰকাৰ গঠন কৰে।
জনহিতকৰ কাম
সম্পাদনা কৰকমুখ্যমন্ত্ৰী পদ গ্ৰহণ কৰি গোলাপ বৰবৰাই ভালেমান জনহিতকৰ কাম কৰে। যেনে-খেতিয়কৰ দহ বিঘালৈকে মাটিৰ খাজনা মাফ কৰি দিয়া, দশম শ্ৰেণীলৈকে ছাত্ৰ-ছাত্ৰীৰ মাচুল মাফ, ব্ৰহ্মপুত্ৰৰ ওপৰত দ্বিতীয়খন দলঙৰ আধাৰশিলা স্থাপন, জাগীৰোড আৰু কাছাৰত কাগজ কল প্ৰতিষ্ঠা, বনস্পতি কাৰখানা, বিজুলী জনসিঞ্চনৰ বাবে কেইবাটাও নতুন আঁচনি উল্লেখযোগ্য।[7]
মৃত্যু
সম্পাদনা কৰক২০০৬ চনৰ ১৯ মাৰ্চত গুৱাহাটীত ৮৩ বছৰ বয়সত গোলাপ বৰবৰাৰ মৃত্যু হয়।[8]
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ 1.0 1.1 1.2 1.3 1.4 "Assam Legislative Assembly - Chief Ministers since 1937". Assam Legislative Assembly, Dispur, Guwahati. http://assamassembly.nic.in/cm-list.html। আহৰণ কৰা হৈছে: December 20, 2012.
- ↑ "Assam Legislative Assembly - MLA 1978-83". Assam Legislative Assembly, Dispur, Guwahati. http://assamassembly.gov.in/mla-1978-83.html। আহৰণ কৰা হৈছে: December 20, 2012.
- ↑ "Assam Legislative Assembly - MLA 1972-78". Assam Legislative Assembly, Dispur, Guwahati. http://assamassembly.gov.in/mla-1972-78.html। আহৰণ কৰা হৈছে: December 20, 2012.
- ↑ "Assam Legislative Assembly - MLA 1983-85". Assam Legislative Assembly, Dispur, Guwahati. http://assamassembly.gov.in/mla-1983-85.html। আহৰণ কৰা হৈছে: December 20, 2012.
- ↑ 5.0 5.1 5.2 5.3 5.4 5.5 "Former Assam CM Golap Borbora is no more". nenanews.com. North East News Agency. North East News Agency. Archived from the original on February 6, 2012. https://web.archive.org/web/20120206233634/http://www.nenanews.com/ANE%20April%201-15,06/oh1.htm। আহৰণ কৰা হৈছে: February 02, 2013.
- ↑ 6.0 6.1 6.2 6.3 "ABOUT GOLAP BORBORA". in.com. In.com India. Archived from the original on March 4, 2016. https://web.archive.org/web/20160304190713/http://www.in.com/golap-borbora/profile-107697.html। আহৰণ কৰা হৈছে: February 02, 2013.
- ↑ 7.0 7.1 7.2 7.3 7.4 7.5 7.6 7.7 সমীন কলিতা (ছেপ্টেম্বৰ, ২০০৭). অসমৰ মুখ্যমন্ত্ৰীসকল, পঞ্চম প্ৰকাশ. ৰাজেন্দ্ৰ মোহন শৰ্মা, চন্দ্ৰ প্ৰকাশ পাণবজাৰ. পৃষ্ঠা. ৮১, ৮২, ৮৩.
- ↑ "Golap Borbora passes away". The Telegraph. The Telegraph. Monday, March 20, 2006. http://www.telegraphindia.com/1060320/asp/frontpage/index.asp। আহৰণ কৰা হৈছে: February 02, 2013.
বাহ্যিক সংযোগ
সম্পাদনা কৰক- Former Assam CM Golap Borbora is no more Archived 2012-02-06 at the Wayback Machine North East News Agency, April 1 - 15, 2006