৫ আগষ্ট
তাৰিখ
আগষ্ট | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ৬ | |
৭ | ৮ | ৯ | ১০ | ১১ | ১২ | ১৩ |
১৪ | ১৫ | ১৬ | ১৭ | ১৮ | ১৯ | ২০ |
২১ | ২২ | ২৩ | ২৪ | ২৫ | ২৬ | ২৭ |
২৮ | ২৯ | ৩০ | ৩১ | |||
২০২২ |
৫ আগষ্ট (ইংৰাজী: 5 August) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২১৭তম (অধিবৰ্ষত ২১৮তম) দিন। বছৰ শেষ হ'বলৈ ১৪৮ দিন বাকী থাকে। এইদিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
ঘটনাৱলীসম্পাদনা কৰক
- ১৬৬৯ - আলাবৈৰ ৰণত (শৰাইঘাটৰ যুদ্ধ) ১০,০০০ আহোম সেনাই প্ৰাণ দিছিল।
- ১৭৭৫ - মহাৰজা নন্দকুমাৰক ভুৱা অভিযোগত ইংৰাজে কলিকতাত ফাঁচি দিছিল। মহাৰজা নন্দকুমাৰ এজন ইংৰাজৰ দেৱান আছিল আৰু ইংৰাজে ফাঁচি দিয়া প্ৰথম ভাৰতীয় আছিল।
- ১৯৯১ - ন্যায়াধীশ লীলা চেঠ হিমাচল প্ৰদেশৰ উচ্চ ন্যায়ালয়ৰ মুখ্য় ন্যায়াধীশ ৰূপে অধিষ্ঠিত হৈ যিকোনো ৰাজ্য়িক উচ্চ ন্যায়ালয়ৰ প্ৰথম মহিলা মুখ্য় ন্যায়াধীশ হিচাপে পৰিগণিত হয়।
- ২০১২ - চনত হোৱা প্ৰথম ৰাউণ্ডৰ বিশ্বৰ তৃতীয়খন মহিলাৰ অলিম্পিকৰ মুষ্টিযুদ্ধ খেলত মেৰী কমে পোলেণ্ডৰ কেৰলিনা মিচেলচ্জাক (Karolina Michalczuk)-ক ১৯-১৪ -ত পৰাস্ত কৰে।
জন্মসম্পাদনা কৰক
- ১৮৫০ - ফৰাচী লেখক দ্য মোপাছাঁৰ জন্ম হৈছিল।
- ১৯১৫ - প্ৰসিদ্ধ কবি শিৱমংগল সিং সুমনৰ জন্ম হয়।
- ১৯৩০ - প্ৰখ্যাত আমেৰিকাৰ মহাকাশচাৰী নীল আৰ্মষ্ট্ৰংৰ জন্ম হৈছিল। তেওঁ চন্দ্ৰত খোজ কঢ়া প্ৰথম মানৱ আছিল। (মৃত্যু: ২৫ আগষ্ট, ২০১২)
- ১৯৭৪ - বলিউদৰ অভিনেত্ৰী কাজল দেৱগনৰ জন্ম হৈছিল।
মৃত্যুসম্পাদনা কৰক
- ১৭৯২ - গ্ৰেট ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ফেড্ৰিক নৰ্থ বা লৰ্ড নৰ্থৰ মৃত্যু হৈছিল।
- ১৯৫০ - গোপীনাথ বৰদলৈৰ (জন্ম:৬ জুন ১৮৯০) মৃত্যু হৈছিল। তেখেতে আছিল স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সক্ৰিয় কৰ্মী।
- ১৯৬২ - মেৰিলিন মন্ৰ'ৰ মৃত্যু হৈছিল (জন্ম:১ জুন ১৯২৬)। তেখেত এগৰাকী প্ৰখ্যাত আমেৰিকান অভিনেত্ৰী, গায়িকা আৰু মডেল আছিল।
- ১৯৯৮ - অসমৰ এজন প্ৰাক্তন মুখ্যমন্ত্ৰী কেশৱ চন্দ্ৰ গগৈৰ মৃত্যু হৈছিল (জন্ম: ২৯ আগষ্ট, ১৯২৫)।
- ২০০০ - ভাৰতৰ এজন প্ৰখ্যাত ক্ৰিকেটাৰ লালা অমৰনাথৰ মৃত্যু হৈছিল।
- ২০১৪ - ভাৰতৰ এজন কাৰ্টুননিষ্ট বা কমিক্ছ শিল্পী প্ৰাণ কুমাৰ শৰ্মাৰ মৃত্যু হয়৷ চাচা চৌধৰী নামৰ কমিক্ছ চৰিত্ৰটো বিখ্য়াত সৃষ্টি আছিল।
দিৱসসম্পাদনা কৰক
- কৰ্মচাৰী দিৱস। (অসম)
- বিশ্ব স্বাস্থ্য সংস্থা(WHO) আৰু ৰাষ্ট্ৰসংঘৰ শিশুৰ নিধিৰ (UNICEF)ৰ বিশ্ব মাতৃদুগ্ধ পান সপ্তাহৰ পঞ্চম দিন। (১ আগষ্টৰ পৰা ৭ আগষ্টলৈ)
তথ্যসূত্ৰসম্পাদনা কৰক
বাহ্যিক সংযোগসম্পাদনা কৰক
ৱিকিমিডিয়া কমন্সত ৫ আগষ্ট সম্পৰ্কীয় মিডিয়া ফাইল আছে। |