কে. ডি. যাদৱ

অলিম্পিক মল্লযোদ্ধা

খাচাবা দাদাচাহেব যাদৱ (চমুকৈ কে. ডি. যাদৱ; ইংৰাজী: Khashaba Dadasaheb Jadhav; ১৫ জানুৱাৰী ১৯২৬ – ১৪ আগষ্ট ১৯৮৪) আছিল এগৰাকী ভাৰতীয় খেলুৱৈ। তেওঁ এজন মল্লযোদ্ধা হিচাপে সৰ্বাধিক পৰিচিত যিয়ে ১৯৫২ চনত হেলচিঙ্কীত অনুষ্ঠিত গ্ৰীষ্মকালীন অলিম্পিকত ব্ৰঞ্জৰ পদক জয় কৰিছিল। তেওঁ স্বাধীন ভাৰতৰ প্ৰথম খেলুৱৈ আছিল যিয়ে অলিম্পিকত ব্যক্তিগত ক্ৰীড়াত পদক লাভ কৰিছিল।[5][6]

কে. ডি. যাদৱ
ব্যক্তিগত তথ্যাৱলী
সম্পূৰ্ণ নাম খাচাবা দাদাচাহেব যাদৱ[1]
উপনাম পকেট ডায়নামো[2]
কে. ডি.
ৰাষ্ট্ৰীয়তা ভাৰতীয়
জন্ম ১৫ জানুৱাৰী, ১৯২৬[3]
গোলেশ্বৰ (চাটাৰা জিলা, বোম্বা প্ৰেচিডেন্সি, ব্ৰিটিছ ভাৰত)
মৃত্যু ১৪ আগষ্ট, ১৯৮৪ (৫৮ বছৰ)[4]
কাৰাড, মহাৰাষ্ট্ৰ, ভাৰত
উচ্চতা 1.67 মিটাৰ (U=ft}})
ওজন ৫৪ কেজি (১২০ পাউণ্ড)
ক্ৰীড়া
দেশ ভাৰত
ক্ৰীড়া মল্লযোদ্ধ
শিতান ফ্ৰীষ্টাইল
প্ৰশিক্ষক ৰিচ গাৰ্ডেনাৰ

ঔপনিবেশিক ভাৰতৰ অধীনত ১৯০০ চনত এথলেটিকছত দুটা ৰূপৰ পদক অৰ্জন কৰা নৰ্মান প্ৰিচাৰ্ডৰ পাছত, কে. ডি. যাদৱ আছিল স্বাধীন ভাৰতৰ প্ৰথম ব্যক্তিগত ক্ৰীড়াৰ খেলুৱৈ যিয়ে অলিম্পিকত পদক জয় কৰিছিল।[7] যাদৱৰ আগৰ বছৰবোৰত ভাৰতে কেৱল দলীয় ক্ৰীড়া ফিল্ড হকীতহে পদক লাভ কৰিছিল। তেওঁ একমাত্ৰ ভাৰতীয় অলিম্পিক পদক বিজয়ী যিয়ে কেতিয়াও পদ্ম বঁটা লাভ কৰা নাছিল। যাদৱ অত্যন্ত দ্ৰুতবেগী আছিল, যাৰ ফলত তেওঁ তেওঁৰ সমসাময়িক আন মল্লযোদ্ধাসকলৰ পৃথক হৈ পৰিছিল। ইংৰাজ প্ৰশিক্ষক ৰিছ গাৰ্ডেনাৰে তেওঁৰ এই বিশেষত্বটো দেখিছিল আৰু ১৯৪৮ চনৰ অলিম্পিক খেলৰ আগতে তেওঁক প্ৰশিক্ষণ দিছিল।

মহাৰাষ্ট্ৰ ৰাজ্যৰ চাটাৰা জিলাৰ কাৰাদ টালুকৰ গোলেশ্বৰ নামৰ এখন গাঁৱত জন্মগ্ৰহণ কৰা কে. ডি. যাদৱ এজন প্ৰখ্যাত মল্লযোদ্ধা দাদাচাহেব যাদৱৰ পাঁচজন পুত্ৰৰ ভিতৰত কনিষ্ঠতম আছিল। তেওঁ ১৯৪০-১৯৪৭ চনৰ ভিতৰত চাটাৰা জিলাৰ কাৰাড তালুকাৰ তিলক উচ্চ বিদ্যালয়ত স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল। তেওঁ এনে এক ঘৰত ডাঙৰ-দীঘল হৈছিল য'ত মল্লযোদ্ধক অতি গুৰুত্ব দিয়া হৈছিল।[8] তেওঁ ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ কৰি বিপ্লৱীসকলক আশ্ৰয় আৰু লুকাই থকা ঠাই প্ৰদান কৰে, ব্ৰিটিছসকলৰ বিৰুদ্ধে পত্ৰ প্ৰচাৰ কৰাটো আন্দোলনত তেওঁৰ কিছু অৱদান আছিল।[8] ১৯৪৭ চনৰ ১৫ আগষ্টত স্বাধীনতা দিৱসৰ দিনা অলিম্পিকত ভাৰতৰ জাতীয় পতাকা উত্তোলন কৰাৰ সংকল্প লৈছিল।

মল্লযোদ্ধৰ কেৰিয়াৰ

সম্পাদনা কৰক

কে. ডি. যাদৱৰ দেউতাক দাদাচাহেব এজন মল্লযোদ্ধ প্ৰশিক্ষক আছিল আৰু তেওঁ পাঁচ বছৰ বয়সতে যাদৱক মল্লযুদ্ধ খেলিবলৈ দিছিল। মহাবিদ্যালয়ত তেওঁৰ মল্লযোদ্ধৰ পৰামৰ্শদাতা আছিল বাবুৰাও বালাৱডে আৰু বেলাপুৰী গুৰুজী।

১৯৪৮ গ্ৰীষ্মকালীন অলিম্পিক

সম্পাদনা কৰক

যাদৱৰ ডাঙৰ প্ৰতিযোগিতাৰ প্ৰথম অনুভৱ আছিল ১৯৪৮ চনৰ লণ্ডন অলিম্পিক; তেওঁৰ এই যাত্ৰাটোৰ পুঁজি যোগান ধৰিছিল কোলহাপুৰৰ মহাৰাজৰ দ্বাৰা।[9] লণ্ডনত থকা সময়ছোৱাত তেওঁক আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন লাইটৱেইট বিশ্ব চেম্পিয়ন ৰিছ গাৰ্ডেনাৰে প্ৰশিক্ষণ দিছিল। যদিও মেটত কৰা মল্লযুদ্ধৰ সৈতে যাদৱ অপৰিচিত আছিল, তথাপিও এই প্ৰশিক্ষণৰ সহায়তে যাদৱে ফ্লাইৱেইট শাখাত ষষ্ঠ স্থান লাভ কৰাবলৈ সক্ষম হৈছিল।[10] তেওঁ বাউটৰ প্ৰথম কেইমিনিটমানতে অষ্ট্ৰেলিয়াৰ মল্লযোদ্ধা বাৰ্ট হেৰিছক পৰাস্ত কৰি দৰ্শকসকলক হতবাক কৰিছিল।[8] তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিলি জেৰ্নিগানক পৰাস্ত কৰে, কিন্তু ইৰানৰ মনচুৰ ৰায়চিৰ হাতত পৰাজিত হৈ খেলৰ পৰা বাহিৰ হয়।

ফলাফল প্ৰতিদ্বন্দ্বী নম্বৰ তাৰিখ ইভেণ্ট স্থান টোকা
জয়   বাৰ্ট হেৰিছ ৩–০ ২৯ জুলাই ১৯৪৮ ১৯৪৮ গ্ৰীষ্মকালীন অলিম্পিক পুৰুষৰ ফ্লাইৱেইট, ফ্ৰীষ্টাইল   লণ্ডন ৰেংক ২T
জয়   বিলি জেৰ্নিগান ৩–০ ৩০ জুলাই ১৯৪৮ ১৯৪৮ গ্ৰীষ্মকালীন অলিম্পিক পুৰুষৰ ফ্লাইৱেইট, ফ্ৰীষ্টাইল   লণ্ডন ৰেংক ৩
পৰাজয়   মনচুৰ ৰায়চি টেকনিকেল ফল; ৫:৩১ ৩০ জুলাই ১৯৪৮ ১৯৪৮ গ্ৰীষ্মকালীন অলিম্পিক পুৰুষৰ ফ্লাইৱেইট, ফ্ৰীষ্টাইল   লণ্ডন ৰেংক ৬ (বাহিৰ)

লণ্ডন অলিম্পিকৰ পৰৱৰ্তী চাৰি বছৰত যাদৱে হেলচিঙ্কী অলিম্পিকৰ বাবে আৰু অধিক কঠিন প্ৰশিক্ষণ লৈছিল য'ত তেওঁ ওজন বৃদ্ধি কৰিছিল আৰু ১২৫ পাউণ্ড বেণ্টামৱেইট শ্ৰেণীত অংশগ্ৰহণ কৰিছিল য'ত ২৪খন দেশৰ মল্লযোদ্ধাই অংশগ্ৰহণ কৰিছিল।[11]

১৯৫২ গ্ৰীষ্মকালীন অলিম্পিক

সম্পাদনা কৰক

১৯৫২ গ্ৰীষ্মকালীন হেলচিঙ্কী অলিম্পিকৰ মাৰাথন বাউটৰ পাছত, তেওঁক ছ'ভিয়েট সংঘৰ ৰছিদ মাম্মাদবেয়ভৰ সৈতে যুঁজিবলৈ কোৱা হৈছিল। নিয়ম অনুসৰি বাউটৰ মাজত কমেও ৩০ মিনিটৰ জিৰণি দিয়াৰ প্ৰয়োজন আছিল যদিও কিন্তু তাত কোনো ভাৰতীয় বিষয়া উপস্থিত নথকাৰ বাবে এই বিষয়টো উত্থাপন কৰা নহ'ল। ভাগৰুৱা যাদৱে প্ৰদৰ্শন কৰাত ব্যৰ্থ হয় আৰু ফলত মাম্মাদবেয়ভে সহজে ফাইনেলত উপনীত হোৱাৰ সুযোগ লাভ কৰে। কানাডা, মেক্সিকো আৰু জাৰ্মানীৰ মল্লযোদ্ধাসকলক পৰাস্ত কৰি ১৯৫২ চনৰ ২৩ জুলাইত ব্ৰঞ্জৰ পদক লাভ কৰে আৰু ইয়াৰ দ্বাৰাই যাদৱে স্বাধীন ভাৰতৰ প্ৰথম ব্যক্তিগত ক্ৰীড়াত পদক বিজয়ী হৈ পৰে।[4] যাদৱৰ সহকৰ্মী কৃষ্ণৰাও মাংগেভ আন এজন মল্লযোদ্ধাও একেটা অলিম্পিকত আন এটা শ্ৰেণীত অংশগ্ৰহণ কৰিছিল কিন্তু মাত্ৰ এটা পইণ্টৰ ব্যৱধানত ব্ৰঞ্জৰ পদক লাভ কৰিব অক্ষম হয়।

ফলাফল প্ৰতিদ্বন্দ্বী নম্বৰ তাৰিখ ইভেণ্ট স্থান টোকা
জয়   এড্ৰিয়েন পলিকুইন টেকনিকেল ফল; ১৪:২৫ ২০ জুলাই ১৯৫২ ১৯৫২ গ্ৰীষ্মকালীন অলিম্পিক পুৰুষৰ বেণ্টামৱেইট, ফ্ৰীষ্টাইল   হেলচিঙ্কী ৰেংক ১T
জয়   লিওনাৰ্ডো বাচুৰ্টো টেকনিকেল ফল; ৫:২০ ২০ জুলাই ১৯৫২ ১৯৫২ গ্ৰীষ্মকালীন অলিম্পিক পুৰুষৰ বেণ্টামৱেইট, ফ্ৰীষ্টাইল   হেলচিঙ্কী ৰেংক ১T
জয়   ফাৰ্ডিনাণ্ড শ্মিটজ ২-১ ২০ জুলাই ১৯৫২ ১৯৫২ গ্ৰীষ্মকালীন অলিম্পিক পুৰুষৰ বেণ্টামৱেইট, ফ্ৰীষ্টাইল   হেলচিঙ্কী ৰেংক ২T
পৰাজয়   ৰছিদ মাম্মাদবেয়ভ ৩-০ ২০ জুলাই ১৯৫২ ১৯৫২ গ্ৰীষ্মকালীন অলিম্পিক পুৰুষৰ বেণ্টামৱেইট, ফ্ৰীষ্টাইল   হেলচিঙ্কী ৰেংক ১T
পৰাজয়   শোহাচি ইশিই ৩-০ ২০ জুলাই ১৯৫২ ১৯৫২ গ্ৰীষ্মকালীন অলিম্পিক পুৰুষৰ বেণ্টামৱেইট, ফ্ৰীষ্টাইল   হেলচিঙ্কী ৰেংক ৩   ব্ৰঞ্জৰ পদক

যদিও ভাৰতৰ হকী দলে হেলচিঙ্কী অলিম্পিকত স্বৰ্ণ পফক লাভ কৰিছিল, যাদৱ আছিল অলিম্পিকৰ পিছত ঘৰলৈ উভতি অহা ভাৰতৰ দলটোৰ প্ৰাথমিক আকৰ্ষণ। তেওঁক আদৰণি জনোৱাৰ বাবে কাৰাড ৰেল ষ্টেচনত ভিৰ জমা হৈছিল,[3] ১৫১খন গৰুগাড়ী আৰু ঢোলৰ এটা শোভাযাত্ৰাত যাদৱক লৈ প্ৰায় ১০ কিলোমিটাৰ জুৰি গোলেশ্বৰ গাঁৱৰ মাজেৰে পাৰ হৈ গৈছিল।

পৰৱৰ্তী জীৱন আৰু মৃত্যু

সম্পাদনা কৰক

১৯৫৫ চনত তেওঁ আৰক্ষী বাহিনীত উপ-পৰিদৰ্শক হিচাপে যোগদান কৰে য'ত তেওঁ আৰক্ষী বিভাগৰ ভিতৰত অনুষ্ঠিত কেইবাটাও প্ৰতিযোগিতাত বিজয়ী হয় আৰু ক্ৰীড়া প্ৰশিক্ষক হিচাপে ৰাষ্ট্ৰীয় দায়িত্বও পালন কৰে। ২৭ বছৰ আৰক্ষী বিভাগত সেৱা আগবঢ়োৱা আৰু এজন সহকাৰী আৰক্ষী আয়ুক্ত হিচাপে অৱসৰ লোৱা স্বত্বেও, যাদৱে তেওঁৰ জীৱনৰ পাছৰ সময়ত পেঞ্চনৰ বাবে যুঁজ দিব লগা হৈছিল। বহু বছৰ ধৰি তেওঁ ক্ৰীড়া ফেডাৰেচনৰ দ্বাৰা অৱহেলিত আছিল আৰু তেওঁৰ জীৱনৰ অন্তিম পৰ্যায় দৰিদ্ৰতাত কটাব লগা হৈছিল। ১৯৮৪ চনত এক পথ দুৰ্ঘটনাত তেওঁৰ মৃত্যু হয়। তেওঁ মৃত্যু পাছত তেওঁৰ পত্নীয়ে সহায় পাবলৈ সংগ্ৰাম কৰিব লগা হৈছিল।[12]

বঁটা আৰু সন্মান

সম্পাদনা কৰক
  • ১৯৮২ চনত দিল্লীত অনুষ্ঠিত এছিয়ান গেমছত টৰ্চ ৰাণত তেওঁক সন্মানিত কৰা হৈছিল
  • মহাৰাষ্ট্ৰ চৰকাৰে ১৯৯২-১৯৯৩ চনত মৰণোত্তৰভাৱে ছত্ৰপতি বঁটা প্ৰদান কৰে।[8]
  • তেওঁক ২০০১ চনত মৰণোত্তৰভাৱে অৰ্জুন বঁটাৰে সন্মানিত কৰা হয়।[9]
  • ২০১০ চনৰ দিল্লী কমনৱেলথ গেমছৰ বাবে নতুনকৈ নিৰ্মিত মল্লযোদ্ধ স্থানটো তেওঁৰ কৃতিত্বক সন্মান জনোৱাৰ বাবে তেওঁৰ নামেৰে নামাকৰণ কৰা হৈছিল।[13]

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. "Khashaba Jhadav Bio, Stats, and Results". Olympics at Sports-Reference.com. https://www.sports-reference.com/olympics/athletes/jh/khashaba-jhadav-1.html। আহৰণ কৰা হৈছে: 3 March 2019. 
  2. Rozario, Rayan (23 July 2016). "Khashaba Dadasaheb Jadhav: A forgotten hero". https://www.thehindu.com/sport/other-sports/Khashaba-Dadasaheb-Jadhav-A-forgotten-hero/article14504834.ece। আহৰণ কৰা হৈছে: 3 March 2019. 
  3. 3.0 3.1 "Google Translate". translate.google.co.in. https://translate.google.co.in/translate?hl=en&sl=hi&u=http://www.hindiremedy.com/kd-jadhav/&prev=search। আহৰণ কৰা হৈছে: 3 March 2019. 
  4. 4.0 4.1 "Khashaba Jadhav: Forgotten story of India’s first individual Olympic medallist". 31 July 2016. https://indianexpress.com/sports/rio-2016-olympics/a-small-man-in-a-big-world-forgotten-story-of-khashaba-jadhav-2945343/। আহৰণ কৰা হৈছে: 3 March 2019. 
  5. India Ministry of Youth Affairs and Sports (YAS), "Proud Moments of Indian Sports," "Olympics Bronze Medal, Helsinki 1952"[সংযোগবিহীন উৎস]; excerpt, "The victory procession at the Karad railway station was a see-it-to-believe scene. "There were dhols along with a 151 bullock cart procession right from the outskirts of Goleshwar to the Mahadeva temple which is normally a 15 minute walk. It took seven long hours that day ..."; retrieved 2012-7-20.
  6. wrestling medals at the Olympics - From KD Jadhav to Sakshi Malik Olympics.com. Retrieved 6 August 2021
  7. Shariff, Faisal."Khashba Jhadhav, the hero we owe an apology to ...," Rediff.com; retrieved 2012-7-20.
  8. 8.0 8.1 8.2 8.3 Padmabandaru (2 July 2015). "Who is the first olympic medalist in India? He is unknown to many…….". https://firststeptowardschange.wordpress.com/2015/07/02/who-is-the-first-olympic-medalist-in-india-he-is-unknown-to-many/। আহৰণ কৰা হৈছে: 3 March 2019. 
  9. 9.0 9.1 "Olympic Day 2017: KD Jadhav, a forgotten Indian hero - Times of India". The Times India. https://timesofindia.indiatimes.com/sports/more-sports/others/olympic-day-2017-kd-jadhav-a-forgotten-indian-hero/articleshow/59280726.cms। আহৰণ কৰা হৈছে: 3 March 2019. 
  10. "The Story Of KD Jadhav A.K.A 'Pocket Dynamo' Who Won India's First Individual Olympic Medal". www.mensxp.com. http://www.mensxp.com/special-features/today/30965-the-story-of-kd-jadhav-a-k-a-pocket-dynamo-who-won-india-s-first-individual-olympic-medal.html। আহৰণ কৰা হৈছে: 3 March 2019. 
  11. "The forgotten hero of Indian sports - KD Jadhav and his triumph over adversities". www.sportskeeda.com. 22 July 2012. https://www.sportskeeda.com/wrestling/the-forgotten-heroes-of-indian-sports-kd-jadhav। আহৰণ কৰা হৈছে: 3 March 2019. 
  12. "ओलंपिक में देश के लिए पहला मेडल लाने वाले पहलवान को घर गिरवी रखना पड़ा था". https://www.thelallantop.com/bherant/story-of-khashaba-dadasaheb-jadhav-who-won-the-first-individual-medal-at-olympics-in-1952/। আহৰণ কৰা হৈছে: 3 March 2019. 
  13. "CWG wrestling venue re-christened as K. D. Jhadav Stadium," Archived 2010-07-09 at the Wayback Machine The Hindu (India). July 6, 2010; retrieved 2012-7-20.